মাৰ্ক্সবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

মাৰ্ক্সবাদ এক সমাজ-অৰ্থনৈতিক বিশ্লেষণ যিয়ে শ্ৰেণী সম্বন্ধ আৰু সামাজিক দ্বন্দ্বক ইতিহাসৰ এক ভৌতিকতাবাদী বুজনিৰে আৰু সামাজিক পৰিৱৰ্তনৰ এক দ্বন্দ্ববাদী দৃষ্টিৰে অধ্যয়ন কৰে। মাৰ্ক্সবাদৰ আৰম্ভণি কৰিছিল ১৯ শতিকাৰ শেষাৰ্ধৰ জাৰ্মান দাৰ্শনিক কাৰ্ল মাৰ্ক্স আৰু ইংৰাজ দাৰ্শনিক ফ্ৰিড্ৰিখ এংগেল্সে

প্ৰাৰম্ভিক মাৰ্ক্সবাদ[সম্পাদনা কৰক]

মাৰ্ক্সবাদে প্ৰথমে ঐতিহাসিক ভৌতিকতাবাদেৰে পুঞ্জিবাদৰ উত্থান আৰু ব্যৱস্থাগত অৰ্থনৈতিক পৰিৱৰ্তনত শ্ৰেণী সংগ্ৰামৰ ভূমিকাৰ বিশ্লেষণ আৰু আলোচনা কৰিছিল। মাৰ্ক্সবাদৰ মতে পুঞ্জিবাদত শ্ৰেণী সংগ্ৰামৰ উদ্ভৱ হয় সৰ্বহাৰাই কৰা অতিকৈ উত্‌পাদনশীল যান্ত্ৰীকৃত আৰু সামাজিকৃত উত্‌পাদন আৰু সংখ্যালঘু বুৰ্জোৱাই লভা সম্পদৰ ব্যক্তিগত মালিকানা আৰু মুনাফাৰ বিৰোধৰ বাবে। উতপাদনৰ বল আৰু সম্বন্ধৰ বিৰোধৰ বৃদ্ধিৰ বাবে সংকটৰ সৃষ্টি হয়। বুৰ্জোৱাই ভিন ভিন স্তৰৰ চেতনাৰ শ্ৰমিক ব্যৱচ্ছেদক বান্ধি ৰাখিব নোৱাৰে আৰু অৱশেষত সূচনা হয় সামাজিক বিপ্লৱৰ। এই বিপ্লৱৰ ফলত সৃষ্টি হ'ব সমাজবাদী সমাজৰ- সকলোৰেপৰা সামৰ্থ্য অনুসৰি আৰু সকলোলৈ বৰঙণি অনুসৰি। উত্‌পাদনৰ প্ৰযুক্তিৰ বিকাশ সাধন হৈয়ে যাব আৰু মাৰ্ক্সৰ মতে ফল হ'ব এক সাম্যবাদী সমাজ- য'ত থাকিব সম্পদৰ ৰাজহুৱা মালিকানা আৰু উত্‌পাদৰ উভৈনদী-ই হ'ব এক মানৱীয় সমাজ, সকলোৰেপৰা সামৰ্থ্য অনুসৰি, সকলোলৈ প্ৰয়োজন অনুসৰি।

মাৰ্ক্সবাদৰ ভিন্ন ধাৰা[সম্পাদনা কৰক]

মাৰ্ক্সবাদ পাছলৈ ভিন্ন চিন্তাগোষ্ঠীত বিকশিত হ'ল।[1] ভিন্ন মাৰ্ক্সবআদী চিন্তাগোষ্ঠীয়ে শাস্ত্ৰীয় মাৰ্ক্সবাদৰ ভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰে, কিছু বিষয় গৌণ জ্ঞান কৰে অথবা সম্পূৰ্ণ ৰূপে খাৰিজ কৰে। কোনো কোনো চিন্তাগোষ্ঠিত মাৰ্ক্সবাদ আৰু আন সূত্ৰৰ মিশ্ৰণ ঘটিছে। সেই বাবে ভিন্ন চিন্তাগোষ্ঠীৰ মীমাংসা সামঞ্জসয়হীনো হ'ব পাৰে।[2] শেহতীয়াকৈ পিচে এই কথাত গুৰুত্ব আৰোপ কৰা হৈছে যে মাৰ্ক্সবাদত দ্বন্দ্ববাদী ভৌতিকতাবাদ আৰু ইতিহাসবাদ গুৰুত্বপূৰ্ণ, যিয়ে মতৰ ঐক্যসাধনত সহায় কৰিব পাৰে।[3]

প্ৰভাৱ[সম্পাদনা কৰক]

মাৰ্ক্সবাদে বিভিন্ন ৰাজনৈতিক আৰু সামাজিক আন্দোলনক প্ৰভাৱিত কৰইছে, তাৰ উপৰিও ভিন্ন শিক্ষাক্ষেত্ৰত পুৰাতত্ত্ব, নৃতত্ত্ব, [4] গণ মাধ্যম অধ্যয়ন, [5], ৰাজনীতি বিজ্ঞান, নাট্য, বুৰঞ্জী, সমাজবিদ্যা, কলা বুৰঞ্জী আৰু সূত্ৰ, সংস্কৃতিবিদ্যা, শিক্ষাবিদ্যা, অৰ্থনীতি, ভূগোল, সাহিত্য সমালোচনা, সৌন্দৰ্য শাস্ত্ৰ, সমালোচনামূলক মনোবিজ্ঞান আৰু দৰ্শন অধ্যয়নত মাৰ্ক্সবাদ ব্যৱহৃত।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Wolff and Resnick, Richard and Stephen (August 1987). Economics: Marxian versus Neoclassical. The Johns Hopkins University Press. পৃষ্ঠা. 130. ISBN 0-8018-3480-5. "The German Marxists extended the theory to groups and issues Marx had barely touched. Marxian analyses of the legal system, of the social role of women, of foreign trade, of international rivalries among capitalist nations, and the role of parliamentary democracy in the transition to socialism drew animated debates ... Marxian theory (singular) gave way to Marxian theories (plural)." 
  2. O'Hara, Phillip (September 2003). Encyclopedia of Political Economy, Volume 2. Routledge. পৃষ্ঠা. 107. ISBN 0-415-24187-1. "Marxist political economists differ over their definitions of capitalism, socialism and communism. These differences are so fundamental, the arguments among differently persuaded Marxist political economists have sometimes been as intense as their oppositions to political economies that celebrate capitalism." 
  3. Ermak, Gennady (2016). Communism: The Great Misunderstanding. ISBN 1533082898. 
  4. Bridget O'Laughlin (1975) Marxist Approaches in Anthropology Annual Review of Anthropology Vol. 4: pp. 341–70 (October 1975) doi:10.1146/annurev.an.04.100175.002013.
    William Roseberry (1997) Marx and Anthropology Annual Review of Anthropology, Vol. 26: pp. 25–46 (October 1997) doi:10.1146/annurev.anthro.26.1.25
  5. S. L. Becker (1984) "Marxist Approaches to Media Studies: The British Experience", Critical Studies in Mass Communication, 1(1): pp. 66–80.