বুৰঞ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

বুৰঞ্জী বা বু -ৰণ -জি (আহোম ভাষা অৰ্থ হৈছে মূৰ্খৰ শিক্ষাৰ ভঁৰাল) হৈছে ইতিহাসৰ একপ্ৰকাৰৰ কালক্ৰমিক লিখিত বিৱৰণ।বুৰঞ্জী (বা বু-ৰন্-জী) শব্দটোৰ মূল টাই-চীন আহোম ভাষা। বু মানে মূৰ্খ, ৰন মানে শিকোৱা আৰু জী মানে ভঁৰাল। অসমৰ বুৰঞ্জীসমূহ প্ৰথমাৱস্থাত আহোম ভাষাত লিখা হৈছিল আৰু এই ৰীতি ১৮৫৮ চনলৈকে অব্যাহত আছিল।[1] পিছলৈ বুৰঞ্জী লিখোঁতে অসমীয়া ভাষাই আহোম ভাষাৰ ঠাই লয়।[2][3]

আৰম্ভণি[সম্পাদনা কৰক]

আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওফা চুকাফাৰ নিৰ্দেশত ১২২৮ চনমানতে অসমত বুৰঞ্জী লিখা ব্যৱস্থাৰ প্ৰৱৰ্ত্তন ঘটে। সেই সময়ত শাসকীয় পক্ষৰ লগতে বাকী লোকসকলেও ঘৰে ঘৰে বুৰঞ্জী লিখি ৰাখিছিল। গতিকে বুৰঞ্জীৰ মূলতঃ দুটা ভাগ দেখা যায়: ৰজাঘৰীয়া বুৰঞ্জী আৰু অন্যান্য পৰিয়ালসমূহে লিখা বুৰঞ্জী।[4] টাই আহোম ভাষাত লিখিত বুৰঞ্জীসমূহক বিষয়বস্তু অনুযায়ী দেও বুৰঞ্জী আৰু ডিন বুৰঞ্জী হিচাপে দুই ভাগত ভগাব পাৰি । 'দেও' শব্দৰ অৰ্থ হ’ল স্বৰ্গীয় আৰু এনে বুৰঞ্জীত সৃষ্টিৰ উৎপত্তি, ইন্দ্ৰ, স্বৰ্গ আদিৰ বিষয়ে উপকথামূলক কাহিনী আছে। আনহাতে 'ডিন' শব্দৰ অৰ্থ হ’ল পৃথিৱী আৰু ইয়াত ম্যুং-ৰি-ম্যুং ৰাম ৰাজ্যত খুন্-লুং আৰু খুনলাইৰ বংশধৰসকল আৰু চুকাফাই প্ৰতিষ্ঠা কৰা ৰাজ্যসমূহৰ বিষয়ে তথ্য-পাতি আছে। বুৰঞ্জীসমূহৰ আকাৰ, বিৱৰণ আদিৰ আধাৰত ইয়াক লাই লিক (ঘাই/ৰাজনীতি বিষয়ক পুথি), লিট (নথি পত্ৰ/পবিত্ৰ গ্ৰন্থ), ৰু-পুত (শিক্ষাৰ উদ্দেশ্যে ৰক্ষিত নথি পত্ৰ), উ-কুত (থোৰতে লিখি ৰখা ঘটনাপঞ্জী) আদি ভাগত ভগোৱা হয়।[5] আহোম সাম্ৰাজ্যৰ পতনৰ পিছত বুৰঞ্জী লিখাৰ প্ৰথাও লাহে লাহে নোহোৱা হয়।

আহোম ৰাজত্বকালত লিখা বুৰঞ্জীসমূহত আহোম ৰাজ্যৰ উপৰিও কাষৰীয়া চুতীয়া ৰাজ্য, কছাৰী ৰাজ্য আৰু ত্ৰিপুৰা ৰাজ্য (চুতীয়া, কছাৰী আৰু ত্ৰিপুৰা বুৰঞ্জী) তথা কূটনৈতিক সম্পৰ্ক থকা মোগল সাম্ৰাজ্যৰ (পাদশ্যাহ বুৰঞ্জী) বিষয়েও বিশদ বিৱৰণ আছে।[5] এই বুৰঞ্জীসমূহ ঘাইকৈ সাঁচিপাতত লিখা হৈছিল।

আহোম প্ৰশাসনত বুৰঞ্জী প্ৰনয়নৰ এটা সুকীয়া বিভাগ আছিল। পোনতে চিৰিং খেলৰ মানুহে বুৰঞ্জী লিখাৰ কাম কৰিছিল। তেওঁলোকক পৰিচালনাৰ ভাৰ বৰচিৰিং বৰুৱা আৰু চিৰিং ফুকন নামৰ দুজন উচ্চপদস্থ বিষয়াক দিয়া হৈছিল। চিৰিং ফুকনেই প্ৰকৃততে বুৰঞ্জী ৰচনা কৰিছিল। পিছলৈ অসমীয়া ভাষাত লিখা বুৰঞ্জীসমূহৰ নকল কৰিবলৈ লেখাৰু নামৰ এটা খেল নিয়োগ কৰা হৈহিল আৰু লেখকৰ বৰুৱা নামৰ এজন বিষয়াই তেওঁলোকৰ পৰিচালনা কৰিছিল।[5] ৰাজেশ্বৰ সিংহৰ শাসনকালত কীৰ্ত্তি চন্দ্ৰ বৰবৰুৱাই নিজৰ বংশ মৰ্যদা সম্পৰ্কে বিসঙ্গতিপূৰ্ণ তথ্য থকা বুলি ৰজাৰ অনুমতি লৈ বহুতো বুৰঞ্জী জ্বলাই নষ্ট কৰে।[6] তেতিয়াই বুৰঞ্জী লিখোৱাৰ দায়িত্ব বৰবৰুৱালৈ হস্তান্তৰিত হয়।[5]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. লীলা গগৈ (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. ৫৬. ISBN 81-7339-079-7. 
  2. Goswami, Golockchandra (1982), Structure of Assamese, Page 11, Western Assamese dialect, the sole medium of all ancient Assamese literature including the buranjis written in the Ahom court
  3. (Goswami 2007, পৃষ্ঠা 436)
  4. (Hartman 1997, পৃষ্ঠা 227)
  5. 5.0 5.1 5.2 5.3 লীলা গগৈ (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. ১১০-১৪৬. ISBN 81-7339-079-7. 
  6. Sarkar, J. N. (1992) The Buranjis: Ahom and Assamese in The Comprehensive History of Assam Vol II (ed H K Barpujari), Publication Board, Assam