চুৰেম্‌ফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰাজেশ্বৰ সিংহৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
চাওফা চুৰেম্‌ফা
চাওফা
আহোম ৰজা
১৭৫১–১৭৬৯
সম্পূৰ্ণ নাম
চাওফা চুৰেম্‌ফা
বাসগৃহ তুংখুঙীয়া ফৈদ, আহোম ৰাজবংশ
মৃত্যু ১৭৬৯
সমাধিস্থল চৰাইদেউ
ধৰ্ম হিন্দু ধৰ্ম
আহোম ৰাজবংশ
Ahom insignia plain.svg
চুকাফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯
শ্ৰেণীAhomDregon.JPG

আহোম ৰাজ্য      অসম বুৰঞ্জী

 প্ৰ     

চুৰেম্‌ফা (ৰাজত্বকাল ১৭৫১–১৭৬৯), বা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আছিল স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ চতুৰ্থ পুত্ৰ আৰু আহোম সাম্ৰাজ্যৰ এজন ৰজা। তেওঁৰ ভ্ৰাতৃ তথা পূৰ্বসূৰী স্বৰ্গদেৱ প্ৰমত্তসিংহৰ দেহাৱসানৰ পিছত প্ৰচলিত নিয়ম-নীতিৰ মাজেৰে চুৰেম্‌ফা ৰাজপাটত উঠে। ৰুদ্ৰসিংহৰ তৃতীয় পুত্ৰ মোহনমালা গোহাঁইৰ মুখমণ্ডলত বৰআইৰ দাগ থকাৰ বাবে আহোম ৰাজ্যৰ নিয়মমতে তেওঁ ৰজা হ'ব নোৱাৰিছিল। ৰাজপাটত বহিয়েই নতুন ৰজাই মোহনমালা গোহাঁ‌ইক নামৰূপীয়া ৰজা পাতি ৰাজধানীৰ পৰা আঁ‌তৰাই পঠায়। ৰাজত্বকালৰ আৰম্ভণিতেই ৰাজধানী স্থানান্তৰক কেন্দ্ৰ কৰি আহোম দেওধাই আৰু হিন্দু পুৰোহিতসকলৰ মাজত মতান্তৰ হয়। দেওধাইসকলে টাইমুঙত নতুন ৰাজধানী পাতিবলৈ পৰামৰ্শ দিয়াৰ বিপৰীতে হিন্দু পুৰোহিতসকলে ৰংপুৰৰ নাম প্ৰস্তাৱ কৰে। চুৰেম্‌ফাই ৰংপুৰক নতুন ৰাজধানীৰূপে নিৰ্বাচিত কৰে। সেয়ে হ'লেও তেওঁ ৰংপুৰৰ লগতে টাইমুঙতো পকী কাৰেং সাজে।

ৰাজত্বকাল[সম্পাদনা কৰক]

কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ প্ৰভাৱ[সম্পাদনা কৰক]

ৰাজেশ্বৰ সিংহক উপযুক্ত শাসক হিচাপে গণ্য কৰা হৈছিল যদিও তেওঁ ৰাজকাৰ্য পৰিচালনাতকৈ ভোগ-বিলাসক প্ৰাধান্য দিছিল। শাসনকাৰ্যৰ সিংহভাগ বকতীয়াল গেন্ধেলাই (পিছলৈ কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা) চোৱাচিতা কৰিছিল। কীৰ্ত্তিচন্দ্ৰৰ সহনশীলতা গুণৰ অভাৱৰ বাবে আন আন সম্ভ্ৰান্ত লোকসকলৰ বাবে তেওঁ অপ্ৰিয়ভাজন হৈ উঠিছিল আৰু তেওঁক হত্যাৰ প্ৰচেষ্টাও চলোৱা হৈছিল। বৰবৰুৱাই নুমলী বৰগোহাঁ‌ইৰ হাতত থকা চকৰীফেঁ‌টী বুৰঞ্জীত তেওঁৰ নিম্ন তথা অনা-আহোম বংশ পৰিচয়ৰ বিষয়ে তথ্য সন্নিৱিষ্ট থকাৰ সম্ভেদ পায়। নিজৰ পদবীৰ প্ৰতি ভৱিষ্যতে আহিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি কীৰ্ত্তিচন্দ্ৰই স্বৰ্গদেউৰ হতুৱাই আদেশ দিয়াই সকলোবোৰ বুৰঞ্জী সংগ্ৰহ কৰি পৰীক্ষা কৰে। এই ঘটনাক্ৰমত বহুকেইখন বুৰঞ্জী নষ্ট কৰা হয়।[1] উক্ত কালছোৱাত সাধাৰণ জনতাই শান্তিৰে বসবাস কৰিছিল যদিও বৰবৰুৱাৰ এনে কাৰ্যই জ্যেষ্ঠ বিষয়াবৰ্গৰ মাজত অসন্তুষ্টি বঢ়াই তোলে আৰু তেওঁলোকে সক্ৰিয়তাৰে কাম কৰিবলৈ অপাৰগ হয়।

ডফলাসকলক দমন[সম্পাদনা কৰক]

১৭৫৮ চনত ডফলাসকলে ঘিলাধাৰীত ভৈয়ামৰ মানুহৰ ওপৰত চলোৱা লুট-পাটৰ কাৰণে আহোমসকলৰ লগত সংঘাত আৰম্ভ হয়। ইয়াৰে শাস্তি স্বৰূপে সীমান্তত দুৰ্গ সজাৰ লগতে ডফলাসকল ভৈয়ামলৈ অহাত নিষেধ কৰা হয়। পিছলৈ কোনো আগ্ৰাসী কাৰ্যকলাপৰ পৰা বিৰত থকাৰ চুক্তিত ডফলাক পাহাৰৰ পাদদেশত থকা লোকসকলৰ পৰা ধান আৰু কড়ি সংগ্ৰহ কৰাৰ অনুমতি দিয়া হয়।

মিকিৰসকল দমন[সম্পাদনা কৰক]

১৭৬৫ চনৰ জুলাই মাহত মিকিৰসকলৰ বিৰুদ্ধেও অনুৰূপ স্থিতি গ্ৰহণ কৰি চাপানলাৰ লগতে কপিলী আৰু যমুনা নদীৰে পাহাৰলৈ সোমাই মিকিৰসকলক আচম্বিতে ঘেৰি বশ কৰে। পিছত মিকিৰসকলে উপহাৰ আদি দি ক্ষমা বিচাৰে।

কছাৰী ৰাজ্যলৈ কটকী[সম্পাদনা কৰক]

১৭৬৫ চনৰ নৱেম্বৰত ৰাজেশ্বৰ সিংহই কছাৰী ৰজা সন্ধিকাৰীক মাতি পঠিয়াই এজন কটকী প্ৰেৰণ কৰে। সন্ধিকাৰীয়ে কটকীক দেখা কৰিবলৈ অমান্তি হয়। এই কথা শুনি ৰজাই বৰবৰুৱাৰ অধীনত এদল সৈন্য ৰহালৈ প্ৰেৰণ কৰে। ইয়াৰ ফলত কছাৰী ৰজা ৰাজেশ্বৰ সিংহৰ ওচৰলৈ আহিবলৈ মান্তি হ'বলগাত পৰে। তেওঁৰ লগতে মানৰ আক্ৰমণৰ বাবে কছাৰী ৰাজ্যত আশ্ৰয় লৈ থকা মণিপুৰৰ ৰজা জয় সিঙো আহে।

মণিপুৰ অভিযান[সম্পাদনা কৰক]

মণিপুৰৰ ৰজা জয় সিঙ ওৰফে চিং-থাং খ'ম্বাই ৰাজেশ্বৰ সিংহক মানসকলক মণিপুৰৰ পৰা বিতাৰণ কৰাত সহায় কৰিবলৈ ব্যক্তিগতভাৱে অনুৰোধ কৰে। ৰজাই ডা-ডাঙৰীয়াসকলৰ সৈতে আলোচনা কৰি জয় সিঙৰ সহায়ৰ বাবে ১৭৬৫ চনত হৰনাথ সেনাপতি ফুকনৰ অধীনত 'মূল' আৰু 'দেৱাল' পাইকেৰে গঠিত এদল সৈন্য চৰাইদেউৰ দক্ষিণে পাহাৰেদি মনিপুৰলৈ পঠিয়ায়। কিন্তু হাবিৰ গভীৰতাৰ বাবে সৈন্যসকল কঠিন পৰিস্থিতিৰ সন্মুখীন হয়। খাদ্যৰ অভাৱ, সৰ্পদংশন আৰু নগাৰ আক্ৰমণত বহুকেইজন সৈন্যৰ মৃত্যু হোৱাত ৰজাই তেওঁলোকক উলটি আহিবলৈ নিৰেশ দিয়ে। এই বিফল মণিপুৰ অভিযানক লতা-কটা ৰণ নামেৰে জনা যায়। [2]

১৭৬৮ চনৰ নৱেম্বৰত কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ নেতৃত্বত ১০ হাজাৰ সৈন্য ৰহাইদি জয় সিঙৰ লগত প্ৰেৰণ কৰা হয়। মিৰাপ নদীৰ পাৰত আহোম সৈন্যই শিবিৰ স্থাপন কৰে আৰু জয়সিঙে মানসকলে ৰাজপাটত বহুওৱা ৰাজবিদ্ৰোহী চিটচাইক (কেলেম্বা) উৎখাত কৰিবলৈ সৈন্যবাহিনী একগোট কৰে। ৰজা হোৱাৰ পিছত জয়সিঙে ৰাজেশ্বৰ সিংহক বহু উপহাৰ-পাতিৰ লগতে নিজৰ জীয়ৰী কুৰংগনয়নীক ৰজালৈ কুঁ‌ৱৰী হিচাপে পঠিয়ায়। ৰাজকুঁ‌ৱৰীৰ লগত অহা ভালেকেইটা মণিপুৰী পৰিয়ালে যোৰহাটৰ পশ্চিমৰ দিচৈ নৈৰ পাৰৰ মগলৌ-খাটত থিতাপি লয়। কুৰংগনয়নীক বৰকুঁ‌ৱৰী পতাৰ পিছত ৰজাই এই লোকসকলক মনাইমাজি গাঁ‌ৱত স্থাপন কৰে।

মৃত্যু[সম্পাদনা কৰক]

১৭৬৯ চনত বিশ দিন নৰীয়াত পৰাৰ পিছত ৰাজেশ্বৰ সিংহৰ দেহাৱসান ঘটে।

উল্লেখনীয় কাম[সম্পাদনা কৰক]

১৭৫২ চনত ৰাজেশ্বৰ সিংহৰ আদেশত গড়গাঁৱৰ সাতখলপিয়া কাৰেংঘৰ সজোৱা হয়। ইয়াৰ লগতে ৰংপুৰৰ তলাতল ঘৰতো মাটিৰ তলত তিনিটা মহলা যোগ কৰা হয়। যোৰহাটৰ বৰভেটি থান আৰু গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰো তেওঁৰ দিনতে সজোৱা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Gogoi 1968, pp519-520.
  2. Gogoi 1968, p518