চুদৈফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
চাওফা চুদৈফা
চাওফা

অসমৰ ৰজা
ৰাজত্ব ১৬৭৭-১৬৭৯
অভিষেক ১৬৭৭
উত্তৰসূৰী চুলিক্‌ফা
সম্পূৰ্ণ নাম
চাওফা চুদৈফা
বাসগৃহ চে-ৰায়-দয়
পিতৃ চুক্ৰং কোঁৱৰ
সমাধিস্থল চে-ৰায়-দয়
ধৰ্ম আহোম ধৰ্ম, হিন্দু ধৰ্ম
আহোম ৰাজবংশ
Ahom insignia plain.svg
চুকাফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯
শ্ৰেণীAhomDregon.JPG

আহোম ৰাজ্য      অসম বুৰঞ্জী

 প্ৰ     

চুদৈফা বা তেজ সিংহ (ইংৰাজী: Sudoiphaa) আহোম ৰাজবংশৰ এজন স্বৰ্গদেউ আছিল আৰু তেওঁ ১৬৭৭-১৬৭৯ চনলৈকে ৰাজ্য শাসন কৰিছিল। চুজিন্‌ফাক ক্ষমতাচ্যুত কৰাৰ পিছত আতন বুঢ়াগোহাঁয়ে চুদৈফাক ৰাজ-সিংহাসনত বহুৱায়। এইজন স্বৰ্গদেউৰ শাসনকালতে আতন বুঢ়াগোহাঁইৰ একচ্ছত্ৰী কাৰ্যকালৰ অন্ত হয় আৰু ৰাজপাটৰ আঁৰৰ আচল কৰ্ত্তৃত্ব হিচাপে গুৱাহাটী তথা নামনি অসমৰ ৰাজ-প্ৰতিনিধি লালুকসোলা বৰফুকনৰ উত্থান ঘটে। ক্ষমতাৰ লোভত লালুকসোলা বৰফুকনে ৰাজদ্ৰোহ আচৰণেৰে গুৱাহাটীৰ দুৰ্গ আৰু আতন বুঢ়াগোহাঁইকে মুখ্য কৰি অন্যান্য সম্ভ্ৰান্ত বিষয়াক বন্দী হিচাপে মোগলৰ হাতত গতাই দিয়ে। পিছলৈ ক্ষমতা পুনৰুদ্ধাৰ আৰু বৰফুকনক বিদেশীৰে মিত্ৰতা কৰি ৰাজদ্ৰোহ আচৰাৰ শাস্তি দিবলৈ কৰা প্ৰচেষ্টাত চুদৈফা উচ্চাকাংক্ষী বিষয়াজনৰ হাতত ক্ষমতাচ্যুত হ'ব লগা হয়।

উত্তৰাধিকাৰ আৰু প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

চুদৈফা আহোম ৰাজবংশৰ পৰ্বতীয়া ফৈদৰ কোঁৱৰ আছিল। তেওঁৰ নাম আছিল খামচেও।[1] তেওঁ আছিল পৰ্বতীয়া ফৈদৰ প্ৰতিষ্ঠাপক চুক্ৰং কোঁৱৰৰ পুত্ৰ আৰু স্বৰ্গদেউ চুহুন্মুঙৰ নাতি।[2] কোঁৱৰ হিচাপে তেওঁৰ জীৱনৰ প্ৰথম কালছোৱা চুদৈফা চৰাইদেউ পৰ্বতৰ কাষত থকা নিজ ঘৰত কৃষিকাৰ্ষত জড়িত আছিল।

সিংহাসনত আৰোহণ[সম্পাদনা কৰক]

১৬৭৭ চনত সেই সময়ৰ স্বৰ্গদেউ চুজিন্‌ফা আৰু আতন বুঢ়াগোহাঁইৰ মাজত বিৰোধ হয়। দুয়োপক্ষৰ মাজত হোৱা অঁৰিয়াঅঁৰিত বুঢ়াগোহাঁই জয়ী হয় আৰু চুজিন্‌ফাক ক্ষমতাচ্যুত কৰি পিছলৈ হত্যা কৰোৱা হয়। ৰাজসভাৰ বিষয়াসকলে বুঢ়াগোহাঁইক ৰাজপাটত বহিবলৈ কয় যদিও কেৱল চুকাফাৰ পোনপটীয়া উত্তৰসূৰী, ৰাজবংশৰ লোকহে ৰজা হ'ব পৰাৰ কথা উনুকিয়াই তেওঁ ৰজা হ'বলৈ অপাৰগ হয়। ইয়াৰোপৰি দেওধাই আৰু বাইলুঙসকলেও ৰাজবংশৰ তেজ গাত নথকা কোনো লোক ৰজা হোৱাৰ বিৰোধিতা কৰে। সেয়ে তেওঁ এজন উপযুক্ত ৰাজকোঁৱৰৰ সন্ধান কৰিবলৈ লয় আৰু খামচেওক পাই তেওঁকে ৰজা পাতিবলৈ বিষয়াসকলৰ সন্মুখত প্ৰস্তাৱ ৰাখে। তেওঁলোকে খামচেও কোঁৱৰক যোগ্য বিবেচনা কৰি এই প্ৰস্তাৱ গ্ৰহণ কৰে। সেইমতে খামচেওক চৰাইদেউৰ নিজ ঘৰৰ পৰা আনি ৰাজবিষয়াসকলে নতুন স্বৰ্গদেউ হিচাপে সন্মান যাচে। চূণপোৰা নগৰত খামচেওৰ শিঙৰিঘৰত উঠা অৰ্থাৎ ৰাজঅভিষেক সম্পন্ন কৰা হয় আৰু আহোম পুৰোহিতে তেওঁক চুদৈফা নাম দিয়াৰ লগতে হিন্দু পুৰোহিতে তেওঁক তেজ সিংহ নাম প্ৰদান কৰে। চৰাইদেউ পৰ্বতৰ কাষত ঘৰ হোৱাৰ বাবে তেওঁক পৰ্বতীয়া ৰজা বুলিও জনা যায়।[3][4] ৰাজপাটত উঠি চুদৈফাই দীৰ্ঘজীৱনৰ বাবে ৰিকখ্ন পালন কৰে আৰু হিন্দু দেৱতা শিৱৰ লগতে আহোম দেৱ-দেৱীসকলৰ প্ৰতি উছৰ্গা আগবঢ়াই।

শাসনকাল[সম্পাদনা কৰক]

আতন বুঢ়াগোহাঁইৰ প্ৰভাৱ বৃদ্ধি[সম্পাদনা কৰক]

ৰজা হৈ চুদৈফাই ৰাজনৈতিক সম্পৰ্ক সুদৃঢ় কৰিবলৈ তেওঁৰ সমৰ্থনকাৰী পক্ষৰ পৰিয়ালৰ পৰা একাধিক বিবাহ কৰে। ইয়াৰে মাজত আতন বুঢ়াগোহাইৰ জীয়ৰিক তেওঁ বৰকুঁৱৰী আৰু লালুকসোলা বৰফুকনৰ জীয়ৰিক পৰ্বতীয়া কুৱঁৰী পাতে। তেওঁ মেচা বৰবৰুৱা আৰু ভাতধৰা ফুকনৰ জীয়ৰিৰ লগতে বেতমেলা ফুকনৰ ভনীয়েককো বিয়া কৰায়।[5] চুদৈফাৰ ৰাজ-অভিষেকৰ পিছতেই পূৰ্বৰ ৰজা চুজিনফাক ৰাজপাটৰ পৰা আঁতৰাবলৈ আতন বুঢ়াগোহাঁইক সহায় কৰা গুৱাহাটীৰ সামৰিক বাহিনীৰ সেনানায়কসকল নিজ নিজ পদবীৰ ঠাইলৈ ৰাজধানী এৰি যায়গৈ। অৱশ্যে তেওঁলোকে ভৱিষ্যতে সহায়ক হোৱাকৈ ৫,০০০ লোক বুঢ়াগোহাঁইৰ তাত থৈ যায়।[6] ইফালে চুজিন্‌ফাৰ পুত্ৰ দীঘলা গোঁহাইক শ'ল'গুৰিত ৰাজবিষয়া টেপৰতলিয়া ৰাম ফুকনে কৰায়ত্ত কৰে আৰু চকু কাঢ়ি পেলোৱাৰ ফলস্বৰূপে তেওঁ মৃত্যুবৰণ কৰে।[7] সিংহাসন অধিকাৰ কৰিব পৰা সত্ত্বেও নকৰি ইয়াক চুদৈফাৰ বাবে সুৰক্ষিত কৰি তোলাৰ কাৰণে চুদৈফাই বুঢ়াগোহাঁইৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আৰু দোলা, দলিচা, তৰোৱাল, সোণৰ পাত্ৰ আৰু অলংকাৰ, হাতী-ঘঁৰা, চৰাইদেউ পৰ্বতৰ কাষত মাটি আৰু ডুলুঙত ঘৰ-সম্পত্তিৰে সৈতে ৮ জন লগুৱা উপহাৰ দিয়ে। তেওঁ ঘোষণা কৰে যে চুদৈফাৰ পৰিয়ালৰ ৰাজত্বকাল চলি থকালৈকে বুঢ়াগোহাঁইৰ উত্তৰপুৰুষে উক্ত ভূ-সম্পত্তি উপভোগ কৰিব পাৰিব। বুঢ়াগোহাঁইৰ আইচু অৰ্থাৎ পত্নীকো চুদৈফাই কেৱল ৰজা আৰু সম্ভ্ৰান্ত লোকসকলেহে ব্যৱহাৰ কৰিব পৰা কেঁকোৰা দোলা উপহাৰ দিয়ে।[8][9]

নতুন বিষয়াৰ নিযুক্তি[সম্পাদনা কৰক]

নতুন ৰজাই শাসনভাৰ লোৱাৰ পিছতেই অৱধাৰিতভাৱে আতন বুঢ়াগোহাঁইৰ পৰামৰ্শ মতে বিষয়াসকলৰ পদবীৰো কিছু পৰিৱৰ্তন ঘটে কাৰণ বুঢ়াগোঁহায়ে তেওঁৰ অনুগামীসকলক স্বাভাৱিকতে ক্ষমতাত প্ৰতিষ্ঠিত কৰিব বিচাৰিছিল। প্ৰধান সালসলনিসমূহ আছিল এনেধৰণৰ:- ৰামচৰণক ভাঙি ক'লা পাতৰক বৰপাত্ৰগোঁহাই পদত, লালুক গুইমেলাক ভাঙি জাপাং চেন গোঁহাইক বৰগোঁহাই পদত, কিৰকিৰিয়াক ডেকাফুকন হিচাপে গুৱাহাটীলৈ বদলি কৰি ৰঙাচিলা দুৱৰা ফুকনৰ পুত্ৰ মেচা ৰাজখোৱাক বৰবৰুৱা পদত, আতন বুঢ়াগোহাঁইৰ ককায়েকক নাওবৈচা ফুকন পদত আৰু দিলিহিয়াল দীঘলা ফুকনক ভিতৰুৱাল ফুকন পদত নিযুক্তি। কলঞ্চুৰ পুত্ৰ বেতমালা, ফুলবৰুৱাৰ পুত্ৰ, মিৰি সন্দিকৈৰ পুত্ৰ আৰু ভাতধৰাক গুৱাহাটীত ফুকন হিচাপে নিযুক্তি দিয়া হয়।[10][11]

সম্ভ্ৰান্ত লোকসকলৰ সৈতে সম্পৰ্কত ঘূণ[সম্পাদনা কৰক]

ৰজা আৰু বুঢ়াগোহাঁইৰ মাজত আৰম্ভণিতে সুসম্পৰ্ক বৰ্ত্তি আছিল যদিও এই সম্পৰ্কত কিছু বিঘিণি আহি পৰে। নিয়ম অনুসৰি আহোম ৰাজসভাৰ তিনিজন ঘাই বিষয়া ক্ৰমে বুঢ়াগোহাঁই, বৰগোঁহাই আৰু বৰপাত্ৰগোঁহায়ে নতুন স্বৰ্গদেউ আৰু তেওঁৰ বৰকুঁৱৰীক সাতবাৰ আঁঠু লৈ সেৱা জনাব লাগিছিল। চুদৈফাক সঠিকভাৱে সেৱা জনোৱাৰ পিছত তেওঁলোক বৰকুঁৱৰীৰ ফালে আহোঁতে নিজ পিতৃক সন্মুখত আঁঠু লোৱা চাবলৈ অপাৰগ হৈ বৰকুঁৱৰী নিজ আসনৰ পৰা আঁতৰি যায় আৰু তেওঁলোক আটায়ে সেৱা জনাবলৈ কোনো নথকাত সেই ঠাই এৰে।

স্বৰ্গদেৱে বুঢ়াগোহাঁইক মতাই আনি সুধিলে যে বৰকুঁৱৰীক সেৱা নজনাই ডাঙৰীয়াসকল কিয় ঘূৰি গ'ল? এই কাম কৰি তেওঁলোকে পূৰ্বৰে পৰা চলি অহা নিয়ম উলংঘা কৰিছে। ৰাজবংশৰ হোৱা বাবে তেওঁলোকে চুডৈফাক ৰজা পাতিছে। যদি ডাঙৰীয়াই দেশৰ নিয়ম নামানে তেন্তে তেওঁনো ইয়াত কিয় আছে। তেওঁলোকক আন কোনোবা এজনক নিৰ্বাচন কৰি ল'বলৈ দিয়া হওক আৰু চুদৈফা নিজৰ আগৰ গাৱঁলৈ উলটি যাব। তেতিয়া বুঢ়াগোঁহায়ে উত্তৰ দিলে যে প্ৰথা অনুসৰি বৰকুঁৱৰীৰ আগত সেৱা ল'বলৈ যোৱা হৈছিল। কিন্তু কুঁৱৰীয়ে আসন এৰি গুচি যোৱাৰ বাবে খালী ঠাই এখনত কাকনো সেৱা জনাব। গতিকে আন স্বৰ্গদেৱে আন এদিন সেৱা জনোৱা অনুষ্ঠানটো ৰাখিব লাগে আৰু তেতিয়া তেওঁলোকে এই কাৰ্য পূৰা কৰিব।[12]

পিতৃৰ পৰা সেৱা নোলোৱাৰ বাবে কুঁৱৰী হিচাপে অবাঞ্চিত আচৰণ কৰা বুলি স্বৰ্গদেৱে বৰকুঁৱৰীকো ককৰ্থনা কৰে আৰু তেওঁক ৰজা পতা-ভঙা কৰা বিদ্ৰোহীৰ জীয়ৰি আখ্যা দিয়ে। ইয়াৰোপৰি ৰাম ফুকন আৰু বেতমালা ফুকনৰ লগ লাগি বুঢ়াগোঁহায়ে নতুন ৰজাৰ সন্ধান কৰিছে বুলি তেওঁ কৰা সন্দেহৰো উমান দিয়ে। বৰকুঁৱৰীয়ে দেউতাকক এই গোটেই কথাৰ সম্ভেদ দিয়ে আৰু এই কথাত বুঢ়াগোঁহায়ে চূড়ান্তভাৱে লজ্জিত বোধ কৰে।[13] পৰিস্থিতিৰ জটিলতা সমাধান কৰিবলৈ বুঢ়াগোঁহায়ে এটা উপায় উলিয়ায়। বৰকুঁৱৰীয়ে সন্মুখত এখন বঁটাত পৱিত্ৰ ৰত্নাৱলী গ্ৰন্থখন ৰাখে আৰু বুঢ়াগোঁহায়ে তেওঁক নকৰি গ্ৰন্থখনকহে সেৱা কৰিছে বুলি মনতে ভাবি পিতৃৰ সেৱা গ্ৰহণ কৰে। ইয়াৰ পিছত চুদৈফাই বুঢ়াগোহাঁইৰ প্ৰতি ৰখা বেয়া ভাৱ পৰিহাৰ কৰে।[14][15] কিন্তু এই সমস্যা আঁতৰোতেই মেচা বৰবৰুৱাক লৈ আন এক সমস্যাই গা কৰি উঠে। মেচা বৰবৰুৱাৰ ৰাজপৰিয়াৰ ফালৰ একাধিক পত্নী আছিল। তাৰে ভিতৰত পূৰ্বৰ ৰজা চুক্লফা বা ৰামধ্বজ সিংহৰ বিধৱা পৰ্বতীয়া কুঁৱৰীও আছিল। আনহাতে তেওঁৰ নিজা জী অৰ্থাৎ চুদৈফাৰ পৰ্বতীয়া কুঁৱৰী ৰজাৰ প্ৰিয়পাত্ৰ হৈ উঠিছিল। ৰাজপৰিয়ালৰ সৈতে সুসম্পৰ্ক থকাৰ সুবাদতে মেচা বৰবৰুৱাই বুঢ়াগোহাঁইৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰিবলৈ লয়। তেওঁ নিজে কাহিনীও বুঢ়াগোহাঁইৰ ঘৰলৈ নগৈ ডাঙৰীয়াজনৰ সৈতে মেলত বহা আন আন সম্ভ্ৰান্ত লোকসকলক ইতিকিং কৰিবলৈ লয়।[16] এই আচৰণত ক্ষুণ্ণ হৈ বুঢ়াগোঁহায়ে ৰাম ফুকন আৰু দীঘলা ফুকনৰ সৈতে আলোচনা কৰি বৰবৰুৱাক পদৱীৰ পৰা আঁতৰাই চক্ৰপানি তাৰ-শল'গুৰিয়া ৰাজখোৱাক বৰবৰুৱা পাতে। স্বৰ্গদেউক এই বিষয়ে অভিযোগ কৰাত চুদৈফাই টং কৰে যে মেচাৰ পদচ্যুতি আৰু চক্ৰপানিৰ নিযুক্তিৰ কথা তেওঁৰ কান চোৱাব লাগিছিল। কিন্তু নিযুক্তি ইতিমধ্যে হৈ যোৱাৰ বাবে ৰজাই কয় যে গোঁহায়ে মেচাক ভাল নাপায় সেয়ে খেতি-বাতি কৰি খাবৰ বাবে মেচাক গাৱঁলৈ পঠাই দিব লাগে। ইয়াৰ পিছত মেচাক দিহিঙৰ গাৱঁলৈ যাবলৈ আদেশ দিয়া হয়।[17][18]

হত্যাৰ প্ৰচেষ্টা[সম্পাদনা কৰক]

কিছু মতভেদ থকা স্বত্বেও চুদৈফা আৰু বুঢ়াগোহাঁইৰ সম্পৰ্ক মোটামুটি ঠিকেই আছিল। কিন্তু ডাঙৰীয়াজনৰ সৈতে সুসম্পৰ্ক থকা টেপৰতলীয়া ৰাম ফুকন আৰু বেতমালা ভিতৰুৱাল ফুকনে পূৰ্বতে ৰজাই বৰকুঁৱৰীক কৰা ব্যৱহাৰ আৰু অভিযোগৰ কথা ভাল পোৱা নাছিল আৰু তেওঁলোকে ভাবিছিল যে স্বৰ্গদেউ যিকোনো মুহূৰ্ততে তেওঁলোকৰ পতনৰ কাৰণ হৈ উঠিব পাৰে। পিছলৈ বিপদৰ কাৰণ হৈ উঠিব পৰা কোঁৱৰ নিৰ্বাচনৰ কাৰণে তেওঁলোকে বুঢ়াগোহাঁইকে দোষাৰোপ কৰিছিল।[19] এওঁলোক দুজন আৰু বেতমালাৰ পুত্ৰ তথা চুদৈফাৰ ব্যক্তিগত লিগিৰা চিকন তামূলীয়ে গোপনে মন্ত্ৰণা কৰি ৰজাক মাৰিবলৈ পাঙ পাতে। ৰজাৰ এগৰাকী কুঁৱৰী বেতমালাৰ ভানীয়েকেও এই ষড়যন্ত্ৰত ভাগ লৈছিল। অৱশ্যে বুঢ়াগোহাঁইৰ এই ষড়যন্ত্ৰত সমৰ্থন বা হাত আছিল নে নাই সেই সম্পৰ্কে বুৰঞ্জীসমূহ নিমাত।[20]

পৰিকল্পনা অনুসৰি চিকন তামূলী ৰাতি দা লৈ ৰজাৰ শোৱাকোঠাত প্ৰৱেশ কৰি চাকিবোৰ নুমুৱাই পেলায় আৰু কুঁৱৰীয়ে কাপোৰ আঁতৰাই দি ৰজাক আঘাত হানিবলৈ সুবিধা কৰি দিয়ে। কিন্তু চাৰিঘাপ মাৰোঁতে ৰজাই সাৰ পাই নিজকে বচাবলৈ হাত দাঙোতে তেওঁৰ বুঢ়া আঙুলি কটা যায়। এই ঘটনাই কাৰেঙত হুৱাদুৱাৰ সৃষ্টি কৰে আৰু পালি-প্ৰহৰীয়াই আক্ৰমণৰ সম্ভেদ পাই ঢপলিয়াই আহোঁতেই দাখন ৰজাৰ গা-ধোৱা ঘৰত পেলাই চিকন তামূলী পলাই যায়।[21][22] এই ঘটনাৰ পিছত বুঢ়াগোহাঁই আৰু ফুকনসকলৰ দ্বাৰা কাৰেঙৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয় আৰু অভিজ্ঞ বৈদ্যৰ হতোৱাই ৰজাৰ চিকিৎসা কৰোৱা হয়। চিকন তামূলী সেই ৰাতিয়েই গুৱাহাটীলৈ পলাই যায়। ক্ৰমাৎ সুস্থ হোৱা ৰজাক বিষয়াসকলে আততায়ীৰ বৰ্ণনা সোধোঁতে তেওঁ দিয়া বৰ্ণনা পূৰ্বৰ বৰবৰুৱা মেচাৰ লিগিৰা যদু তামূলীৰ সৈতে মিল খায়। বেতমালা ফুকনেও ঘটনাৰ আগদিনা যদু তামূলীয়ে তেওঁক বাটত দেখা পাই ফালৰি কাটি যোৱা আৰু সন্ধানহীন হৈ পৰা কাৰেঙৰ মুখ্য দুৱৰীৰ সৈতে তামূলীৰ বন্ধুত্বৰ কথা কৈ এই সন্দেহ বঢ়াই তোলে। বিষয়াসকল এই সিদ্ধান্তত উপনীত হয় যে মেচাই এই ষড়যন্ত্ৰৰ মূল হোতা আৰু সেয়ে তেওঁক ধৰিবলৈ চন্তৰী পঠোৱা হয়। কিন্তু ৰজাৰ আন এগৰাকী কুঁৱৰী, মেচাৰ জীয়ৰিয়ে এই বিষয়ে সাৱধান কৰি পিতৃলৈ সংবাদ পঠিয়ায়। বাতৰি পাই মেচাই মাছমৰীয়া নাও এখনত লুকাই গুৱাহাটীলৈ পলায়ন কৰে। তাতেই তেওঁ পুৰণি বন্ধু লালুকসোলা বৰফুকন আৰু অন্যান্য বিষয়াক লগ পায় আৰু গড়গাঁৱত চলি থকা ঘটনাৰাজিৰ বিষয়ে অৱগত কৰে। ফুকনসকলে মেচাক সম্পূৰ্ণ সুৰক্ষা দিবলৈ আশ্বাস দিয়ে।[23][24] ইফালে চন্তৰীয়ে আহি মেচা দিহিংৰ পৰা গুৱাহাটীলৈ পলাই যোৱাৰ বাতৰি লৈ ঘূৰি আহে আৰু বিষয়াবৰ্গই এই কাৰ্যই মেচাৰ দোষৰেই নিশ্চিতি দিয়া বুলি কয়। মেচাক আনিবলৈ কলীয়া নামৰ এজন কটকীক প্ৰেৰণ কৰা হয় যদিও গুৱাহাটীৰ ফুকনসকলে মেচাক গতাই দিবলৈ মান্তি নহয়। তেওঁলোকে জানিবলৈ দিয়ে যে ভালদৰে অনুসন্ধান কৰিলে প্ৰকৃত দোষীক ৰাজধানীতেই পোৱা যাব। ইয়াৰ পিছত মেচাক নিব নোৱাৰিলে ক্ঠোৰ শাস্তিৰ সন্মুখীন হ'ব বুলি ভয় দেখুৱাই ৰামকষ্ণ নামৰ আন এজন কটকী পঠায়। গুৱাহাটীৰ বিষয়ববীয়া নিজ সিদ্ধান্তত অটল থকাৰ বাবে শাস্তিৰ ভয়ত ৰামকৃষ্ণ তেওঁলোকৰ শৰণাপন্ন হয়।[25][26] গড়গাৱঁত ৰাজবিষয়াসকলে হত্যাৰ প্ৰচেষ্টাত মেচা জড়িত থকাৰ কথাত চুদৈফাক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যদিও তেওঁ কয় যে ৰাজধানীৰ কোনো লোকৰ সহায় অবিহনে ৰাতিৰ নিৰাপত্তাবেষ্টিত কাৰেঙৰ ভিতৰত দিহিংৰ পৰা কোনো লোকে আক্ৰমণ সংঘটিত কৰিব নোৱাৰে। যদু তামূলীক মুখ্য দুৱৰীৰ ঘৰত পাই দুয়োকে আটক কৰা হয়। কঠোৰ শাস্তি বিহাৰ পিছতো তেওঁলোকৰ মুখৰ পৰা কোনো স্বীকাৰোক্তি বা তথ্য উলিয়াব পৰা নাযায়। আক্ৰমণৰ ঘটনাত তেও৬লোক জড়িত হোৱা-নোহোৱাটো ঠাৱৰ কৰিব নোৱাৰি চৰম অনিচ্ছাস্বত্বেও ৰজাই তেওঁলোক দুজনক হত্যা কৰিবৰ বাবে বিষয়াসকলক অনুমতি দিয়ে। যদু তামূলী, তেওঁৰ ভাই-ককাই আৰু মুখ্য দুৱৰীৰ লগতে কৰ্তব্যত গাফিলতি কৰাৰ বাবে আন আন দুৱাৰৰখীয়াৰো শিৰশ্ছেদ কৰা হয়।[27][28][29]

জয়ন্তীয়া ৰাজ্যৰ কটকী[সম্পাদনা কৰক]

সেই সময়ৰ অসম আৰু জয়ন্তীয়া ৰাজ্যৰ সৈতে থকা মিত্ৰসুলভ সম্পৰ্কৰ সুবাদত জয়ন্তীয়া ৰজাই বিজয়ৰাম নামৰ কটকীৰ হাতত চুদৈফালৈ উপঢৌকন পঠায়। কটকীক ৰাজধানীলৈ আদৰ সহকাৰে অনা হয় আৰু চুদৈফায়ো প্ৰতিদান হিচাপে বিজয়ৰামৰ হাতত জয়ন্তীয়া ৰজালৈ উপঢৌকন প্ৰেৰণ কৰে।[30]

মোগল ৰাজকুমাৰ আজমৰ গুৱাহাটী দাবী[সম্পাদনা কৰক]

১৬৭৬ চনৰ মধ্যভাগত শৰাইঘাটৰ যুদ্ধত পৰাজিত হোৱাৰ পিছত অম্বৰৰ ৰজা ৰাম সিং মোগলৰ বাবে গুৱাহাটী পুনৰুদ্ধাৰৰ প্ৰচেষ্টা ব্যৰ্থ হোৱাত দিল্লীলৈ উলটি যায়। সম্ৰাট ঔৰংজেৱে তেওঁৰ পুত্ৰ আজম শ্বাহক (বা চুলতান আজমতাৰা) বংগৰ চুবেদাৰ পাতে আৰু গুৱাহাটী পুনৰুদ্ধাৰ কৰিবলৈ আদেশ দিয়ে। ঢাকা অভিমুখে আহি থাকোঁতে ১,০০,০০০ ঘোঁৰা আৰু ৩০০ হাতীৰে সৈতে আজম শ্বাহ ৰাজমহলত ৰয়। আজম শ্বাহে পূৰ্বতে স্বৰ্গদেউ চুতাম্লা বা জয়ধ্বজসিংহৰ কন্যা তথা লাচিত বৰফুকন আৰু লালুকসোলাৰ ভাগিনী ৰমণী গাভৰু বা নাংচেন গাভৰুক (পিছলৈ ৰহমত বানু বেগম) বিয়া কৰাইছিল। ১৬৭৭ চনৰ ছেপ্টেম্বৰ মাহত আজম শ্বাহে গুৱাহাটীকে ধৰি নামনি অসম মোগলৰ হাতত এৰি দিবলৈ কৈ লালুকসোলা বৰফুকনলৈ কটকী পঠায় আৰু অস্বীকাৰ কৰিলে ভয়াৱহ পৰিণতি হ'ব বুলি সঁকীয়াই দিয়ে। এই বিষয়ে লিখা পত্ৰখনত তেওঁ নিজৰ সামৰিক বাহিনীত অন্তৰ্ভুক্ত হাতী আৰু ঘোঁৰাৰ সংখ্যাৰ কথাও উল্লেখ কৰে।[31] নীতি অনুসৰি এই বাৰ্তাটো বৰফুকনে স্বৰ্গদেউ আৰু বুঢ়াগোহাঁইলৈ প্ৰেৰণ কৰে। আজমতাৰাৰ এই দাবী অস্বীকাৰ কৰি বুঢ়াগোঁহায়ে চোকা ভাষাত উত্তৰ লিখি পঠিয়ায়।[32]

লালুকসোলাৰ বিদেশীৰ সহায় ভিক্ষা[সম্পাদনা কৰক]

ৰজাৰ হত্যাৰ প্ৰচেষ্টাত অভিযুক্ত মেচাক হস্তান্তৰ কৰিবলৈ বৰফুকন আৰু গুৱাহাটীৰ আন আন ফুকনসকলে অস্বীকাৰ কৰাৰ বাবে বুঢ়াগোহাঁই আৰু বৰফুকনৰ মাজৰ সম্পৰ্কত তিক্ততা আহি পৰে। বৰফুকনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ বুঢ়াগোহাঁইৰ অনুগামীসকলে পৰামৰ্শ দিলেও মোগলৰ লগত সম্ভাব্য যুদ্ধৰ কথা চিন্তা কৰি আহোম সাম্ৰাজ্যৰ এনে কঠিন সময়ত কোনো প্ৰতিকূল পৰিস্থিতি সৃষ্টি কৰিব পৰা সিদ্ধান্ত ল'বলৈ তেওঁ অমান্তি হ'ল।[33] আনহাতে গুৱাহাটীত লালুকসোলাৰ এজন ভায়েক মৰঙী দোলাকাষৰীয়া বৰুৱাই বৰফুকনৰ প্ৰতি আতন বুঢ়াগোহাঁই আৰু তেওঁৰ মানুহবিলাকৰ দ্বেষপূৰ্ণ মনোভাৱ তথা বৰফুকনৰ বিপদৰ কথা অৱগত কৰে। এই কথা শুনি বৰফুকনে নিজৰ সুৰক্ষাৰ বাবে ভাতধৰা ফুকন আৰু মৰঙী বৰুৱাৰ সৈতে ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰিবলৈ গোপনে মন্ত্ৰণাত বহে। তেওঁলোকে নিজৰ শক্তি বঢ়াবৰ বাবে মোগলৰ সহায় বিচাৰিবলৈ থিৰাং কৰে।[34] তেওঁ চুতাম্লাৰ ৰাজত্বকালত মোগলৰ লগ হোৱাৰ বাবে পলাই গৈ মোগল ৰাজ্যত থিতাপি লৈ থকা নিজৰ মোমায়েক বাদুলীলৈ কটকী পঠিয়ায়। চিঠিত তেওঁ লিখে যে যদিহে বৰফুকনক অসমৰ ৰজা পতা যায় তেন্তে তেওঁ গুৱাহাটীৰ গড় মোগলক এৰি দিবলৈ ইচ্ছুক। আজম শ্বাহ এই প্ৰস্তাৱত মান্তি হয় আৰু গুৱাহাটী মোগলক গতাই দিলে অতিৰিক্ত চাৰি লাখ টকা দিবলৈকো ৰাজী হয়।[35] এই বুজাবুজিৰ কথা তলতীয়া বিষয়াসকলৰ পৰা গোপনে ৰাখি লালুকসোলাই তেওঁলোকৰ আগত আতন বুঢ়াগোহাঁইৰ স্বৈৰাচাৰিতাৰ বিষয়ে চিন্তিত হোৱা যেন ভাৱ দেখুৱায়।[36]

চিন্তামণি গড়[সম্পাদনা কৰক]

লালুকসোলাই মোগলৰ সৈতে নিজৰ মিত্ৰতাক গোপনে ৰাখিবলৈ চেষ্টা কৰিলেও এয়া কিছুসংখ্যক তলতীয়া বিষয়াই গম পায়। পানীফুকন (নৌ-বাহিনীৰ মুৰব্বী) আৰু মিৰি সন্দিকৈ ফুকনে আতন বুঢ়াগোহাঁইক এই বিষয়ে অভিযোগ দিয়ে। বুঢ়াগোঁহায়ে পৰিস্থিতিৰ গম্ভীৰতালৈ চাই অন্যান্য বিষয়াসকলৰ মাজত উত্তেজনাৰ সৃষ্টি নকৰিবৰ বাবে কৌশলেৰে মন্তব্য কৰে যে বৰফুকন এজন জ্ঞানী লোক। তেওঁনো কিয় এনে কৰিব? চৰে ভুল বাতৰি দিছে নিশ্চয়।[37]' সেয়ে হ'লেও তেওঁ চুদৈফাৰ সৈতে তাৎক্ষণিকভাৱে এখন বৈঠকত বহে আৰু মোগলৰ সম্ভাব্য আক্ৰমণৰ পৰা ৰাজধানী গড়গাওঁ সুৰক্ষিত কৰাৰ বাবে অতিৰিক্ত গড় বন্ধাৰ পৰামৰ্শ দিয়ে।[38] প্ৰস্তাৱিত গড়টোৱে এমূৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ দীঘমূৰীয়া গাওঁ আৰু আনটো মূৰে গাভৰু পৰ্বতৰ কাষৰ মূৰকটা, সৰাগুৰি আৰু তুলসীজান চুৱে। চুদৈফাৰ আদেশমতে ১৬৭৮ চনৰ প্ৰথমভাগতে গড়ৰ কাম সম্পূৰ্ণ হৈ উঠে। ইয়াৰ নাম লাইমাটি গড় ৰখা হয় যদিও ই চিন্তামণিগড় নামেৰে প্ৰখ্যাত হয়।[39][40] এই গড় কিছুসংখ্যক জনবহুল গাৱঁৰ মাজেদি যোৱাৰ বাবে কিছু লোক ক্ষতিগ্ৰস্ত হয় আৰু তেওঁলোকে এই গড় বন্ধাৰ বিৰোধিতা কৰে।

লালুকসোলাৰ দ্বাৰা মোগলৰ হাতত গুৱাহাটী সমৰ্পন[সম্পাদনা কৰক]

ইফালেদি লালুকসোলা আৰু গুৱাহাটীৰ ফুকনসকলে চিন্তামণি গড়ৰ নিৰ্মাণৰ বাতৰি পায় আৰু লালুকসোলাই এই কথাৰে গইনা লৈ বুঢ়াগোহাঁইৰ বিপক্ষে বিষয়াবৰ্গক উচটনি দিয়ে।[41][42] তেওঁলোক সকলোৱে লালুকসোলাক সমৰ্থন কৰি মোগলৰ সৈতে বুজা-পৰা কৰিবলৈ থিৰাং কৰে। আজম শ্বাহে ঔৰংজেৱৰ পৰা অসম আক্ৰমণ কৰিবলৈ অনুমতি লাভ কৰে। তেওঁ ৰঙামাটিৰ ফৌজদাৰ নৱাব মনচুৰ খানক গুৱাহাটীলৈ আগবাঢ়ি গৈ লালুকসোলাৰ পৰা দুৰ্গৰ ভাৰ চমজি ল'বলৈ আদেশ দিয়ে। তেওঁৰ লগত বৰফুকনৰ মোমায়েক বাদুলী ফুকনো আহে।[43]

ইফালে মোগল গুৱাহাটী অধিকাৰ কৰিবলৈ আহি আগিয়াঠুটি পায়হি। পানীফুকন আৰু মিৰি সন্দিকৈ ফুকনে খনিকৰ বৰুৱাৰ হতুৱাই এই কথা আতন বুঢ়াগোহাঁইক জনায়। মোগলসকলে পাহাৰৰ কেনিবা অসমীয়া সৈন্য লুকাই থাকি আক্ৰমণ কৰিব পাৰে বুলি সন্দেহ কৰি তিনিদিনলৈকে গুৱাহাটীত সোমোৱাৰ পৰা বিৰত থাকে। লালুকসোলাই কটকী প্ঠিয়াই তেওঁলোকক আশ্বাস দিয়ে আৰু বিনাদ্বিধাই আগবাঢ়িবলৈ কয়। ১৬৭৯ চনৰ ২৬ ফেব্ৰুৱাৰীত মনচুৰ খান আৰু বাদুলী ফুকনে গুৱাহাটীৰ দুৰ্গ চমজি লয়।[44][45] বুৰঞ্জীত উল্লেখ থকা মতে আজম শ্বাহৰ সহধৰ্মিণী তথা লালুকসোলাৰ ভাগিনীয়েক ৰমণী গাভৰু ওৰফে ৰহমত বানু বেগমে এক পত্ৰৰ যোগে মোগলক গুৱাহাটী এৰি দিয়াৰ দৰে সাংঘাতিক দেশদ্ৰোহিতা নকৰিবলৈ ইংগিত দিছিল।[46] মোগলৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত বৰফুকনৰ মোমায়েক বাদুলী ফুকনেও তেওঁক গুৱাহাটীৰ অভেদ্য দুৰ্গ মোগলৰ হাতত এৰি দি নিজ দেশকেই কৰা বিশ্বাসঘাটকতাৰ বাবে সমালোচনা কৰিছিল।[47]

আতন বৰগোহাঁই আটক[সম্পাদনা কৰক]

গুৱাহাটীৰ পৰা অহাৰ পিছত বৰফুকন নাৱেৰে নগাঁৱৰ কলিয়াবৰলৈ আহে আৰু স্বৰ্গদেৱলৈ মোগলে গুৱাহাটী অধিকাৰ কৰা বুলি বাতৰি পঠায়। কিন্তু চুদৈফা আৰু বুঢ়াগোহাঁয়ে ইতিমধ্যে লালুকসোলাৰ ৰাজদ্ৰোহৰ বাতৰি পায় আৰু চুদৈফাই বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁইক তৎক্ষণাত চিন্তামণি গড়ৰ কাম এৰি সৈন্যবাহিনী লৈ গুৱাহাটীলৈ যাবলৈ আদেশ দিয়ে। লালুকসোলাক নাকী লগোৱা আৰু মোগলক গুৱাহাটীৰ পৰা খেদাই পঠোৱা এই দুই কামৰ কোনটো কৰিব তাকে লৈ দোমোজাত পৰে। পৰিস্থিতিৰ ভালদৰে বুজ ল'বৰ বাবে তেওঁ নদীয়েদি ভটিয়াই আহি বিশ্বনাথ পায়হি।[48]

লালুকসোলাই খবৰ পাই যে ৰাজকীয় সেনা আতন বুঢ়াগোহাঁইৰ নেতৃত্বত আহি বিশ্বনাথত আছেহি। পোনপটীয়া আক্ৰমণত বুঢ়াগোহাঁইক হৰুৱাব নোৱাৰি বুলি জানি বৰফুকনে পত্ৰযোগে তেওঁক নিজে বিশ্বনাথতে থাকি মোগলৰ সৈতে যুঁজ দিবলৈ ফুকনসকলক গুৱাহাটীৰ অসমীয়া বাহিনীৰ সৈতে যোগ দিবৰ বাবে প্ৰেৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। এই কথাৰ প্ৰকৃত উদ্দেশ্য বুজিব নোৱাৰি তিনিজন ফুকনক সৈন্য-সামন্তৰে সৈতে বৰফুকনৰ শিবিৰলৈ পঠিয়ায়। তিনিওজন ফুকনকে নিজৰ শিবিৰত বৰফুকনে আলোচনাত বহাৰ ছলেৰে তেওঁলোকৰ অধীনত থকা সৈন্যবাহিনীৰ ভাৰ আঁতৰায় আৰু বন্দী কৰি কলিয়াবৰৰ চামধৰাৰ এখন গাঁৱত শিৰশ্ছেদ কৰে।[49] এই কথাৰ সম্ভেদ পাই বুঢ়াগোহাঁই কলিয়াবৰলৈ ভটিয়াই যায় আৰু দুইমুনিশিলাত দুয়োপক্ষৰ মাজত তয়াময়া যুঁজ হয়। যুঁজত হাৰি বুঢ়াগোহাঁই নগাপাহাৰৰ ফালে পলায়ন কৰে যদিও ককায়েক নাওবৈচা ফুকনৰ সৈতে তেওঁক বন্দী কৰা হয়। একেদৰে বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁইকো বৰফুকনে বন্দী কৰে। ইয়াৰ পিছত বৰফুকনে কলিয়াবৰতে স্থায়ী বাহৰ পাতে আৰু চুদৈফাক অৱমাননা কৰি নিজস্বভাৱে কাম কৰিবলৈ লয় আৰু ইচ্ছামতে বিষয়া ভঙা-পতা কৰে।[50]

চুদৈফালৈ লালুকসোলাৰ আশ্বাস[সম্পাদনা কৰক]

আতন বুঢ়াগোহাঁইক বন্দী কৰাৰ পিছত লালুকসোলা নিজৰ সহযোগীসকলৰ সৈতে গড়গাৱঁলৈ আগবাঢ়ে। এই খবৰ পাই চুদৈফাই ৰাজধানী পৰিত্যাগ কৰি চৰাইদেউৰ পুৰণি ঘৰলৈ গুচি যায় আৰু দুলীয়া বৰুৱাৰ হাতত বাতৰি পঠায় যে তেওঁ খেতি কৰি জীৱন নিৰ্বাহ কৰা মানুহ। তেওঁক লৈ গৈ ৰজা পতা হৈছিল যদিও তেওঁ একোকে নাজানে। যদিহে বৰফুকনহঁতে তেওঁৰ হানি কৰিব খুজিছে তেন্তে তাতেই গৈ কৰক। তেওঁলোকেই এই পাপৰ ভাগী হ'ব। চিনাতলীত এই বাতৰি পাই বৰফুকন আৰু গুৱাহাটীৰ বিষয়াসকলে উত্তৰ হিচাপে আশ্বাস পঠায় যে তেওঁলোকে ৰজাৰ কোনো হানি কৰিব বিচৰা নাই। এই উত্তৰ পাই চুদৈফা গড়গাৱঁলৈ উলটি আহিবলৈ আশ্বস্ত হয়।[51][52] ৰাজধানী পাই লালুকসোলাই চুদৈফাক সাক্ষাৎ কৰে আৰু কয় যে প্ৰশাসনীয় দিশত আতন বুঢ়াগোহাঁই আৰু তেওঁৰ সহযোগীসকলৰ অতপালিৰ ফলত জনসাধাৰণ অসন্তুষ্ট হোৱাৰ ফলতেই গুৱাহাটী এৰি দিব লগা হ'ল। বুঢ়াগোহাঁয়ে ৰজাক অমান্য কৰি নিজৰ মতে ক্ষমতা প্ৰয়োগ কৰা বুলিও তেওঁ চুদৈফাক জনায় আৰু তেওঁক মৃত্যুদণ্ড দিবলৈ কয়। কিন্তু জনসাধাৰণৰ মাজত সৃষ্টি হ'ব পৰা অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি অন্য বিষয়ববীয়াসকলে এই কথাত আপত্তি দৰ্শায়। ইতিমধ্যে চুদৈফাৰ হত্যাৰ চেষ্টা কৰা প্ৰকৃত আততায়ী চিকন তামূলী ধৰা পৰে। এই কাৰ্ষত জড়িত থকা কুৱঁৰীৰ সৈতে চিকনক মৃত্যুদণ্ড দিয়া হয়।[53] চুদৈফাৰ অনুমতি লৈ লালুকসোলাই নিজৰ ভ্ৰাতৃ মৰঙীক বৰবৰুৱা, তেওঁৰ পুত্ৰ থক'লাক ডেকাফুকন আৰু দিলিহিয়াল দীঘলা-ফুকনক বুঢ়াগোহাঁই, মেচাক ভিতৰুৱাল ফুকন আৰু ৰামধন তামূলীক নাওবৈচা ফুকন পাতে। লালুকসোলা আৰু তেওঁৰ সহযোগীসকলৰ আনুগত্য প্ৰকাশ তথা সহযোগিতাৰ বাবে চুদৈফাই তেওঁলোকক অলংকাৰ, বস্ত্ৰ আদি মূল্যৱান উপহাৰ দিয়ে। ইয়াৰ পিছত তেওঁলোক নিজ নিজ কাৰ্যভাৰ চম্ভালিবলৈ কলিয়াবৰলৈ উলটি যায়।[54]

যুৱৰাজ আজমলৈ ৰাজদূত প্ৰেৰণ[সম্পাদনা কৰক]

মোগল যুৱৰাজ তথা সেই সময়ৰ বংগৰ চুবেদাৰ আজমলৈ সম্বৰ্ধনা প্ৰেৰণ কৰি ঢাকালৈ এজন ৰাজদূত পঠোৱাৰ বাবে লালুকসোলাই চুদৈফাক পৰামৰ্শ দিয়ে। কিয়নো পূৰ্বৰ স্বৰ্গদেউ চুতাম্লাৰ কন্যা ৰমণী গাভৰুক বিয়া কৰোৱাৰ সূত্ৰে সম্বন্ধত আজম শ্বাহ আছিল অসমৰ ৰজাৰ জোঁৱায়েক। সেইমতে চুদৈফাই ১৬৭৯ চনৰ ৫ জুনত গড়গাৱঁৰ পৰা আজম শ্বাহলৈ এখন প্ৰশস্তি পত্ৰৰ লগতে উপহাৰ প্ৰেৰণ কৰে। কিন্তু লালুকসোলাৰ প্ৰকৃত উদ্দেশ্য আছিল এই ৰাজদূতৰ লগতে পূৰ্বৰ চৰ্ত অনুসৰি অসমৰ ৰজা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ গোপনে বাৰ্তা পঠোৱা আৰু তাৰ বাবে মোগলৰ সামৰিক সহায় বিচৰা।[55]

ক্ষমতা পুনৰুদ্ধাৰৰ চেষ্টা[সম্পাদনা কৰক]

স্বৰ্গদেউ চুদৈফা আৰু লালুকসোলা বৰফুকনৰ মাজৰ সমিলমিল আছিল খন্তেকীয়া। বৰফুকনক তেওঁ গড়গাৱঁৰ পৰা যাবলৈ দিলেও তেওঁক বন্দী কৰি শাসনব্যৱস্থা আগৰ দৰে প্ৰতিষ্ঠা কৰিবলৈ ব্যৱস্থা হাতত লয়। এই কাৰ্যত পূৰ্বতে বৰফুকনক সমৰ্থন কৰা মেচা ভিতৰুৱাল ফুকন আছিল তেওঁৰ সোঁহাত।[56] মেচাৰ ভ্ৰাতৃ কিৰকিৰিয়া ফুকনক লালুকসোলাক কৰায়ত্ত কৰিবৰ বাবে প্ৰস্তাৱ দিয়া হয়। এই কাম অকলে কৰিবলৈ অপাৰগ হৈ তেওঁ ৰাজধানীৰ পৰা সহায় বিচাৰে। সেইমতে গড়গঞা সন্দিকৈ ফুকনৰ পুত্ৰক নেওগ হিচাপে নিযুক্তি দি কিৰকিৰিয়া ফুকনৰ সাহায্যাৰ্থে কলিয়াবৰলৈ পঠোৱা হয়। তথাপিও ফুকনে লালুকসোলাক কৰায়ত্ত কৰাৰ সাহস কৰিব নোৱাৰি ৰজাৰ ওচৰত নিজৰ অপাৰগতা প্ৰকাশ কৰে।[57]

ইফালে গড়গাৱঁত চুদৈফাই বৰফুকনৰ সমৰ্থকসকলক ক্ষমতাচ্যুত কৰিবলৈ লয়। মৰঙী বৰবৰুৱা আৰু ৰামধন নাওবৈচা ফুকনক বন্দী কৰি শিকলিৰে বান্ধি হাতীশালত ৰখা হয়। তেওঁ মন্তব্য কৰে যে লুখুৰাখনৰ[58] চাকৰহঁত সৰ্বেসৰ্বাৰ দৰে হ'ল।[59] ৰজাই দিহিঙীয়া অলুন খঙিয়াক ধৰিবলৈ মানুহ পঠায় যদিও তেওঁ কলিয়াবৰলৈ পলাই সাৰে আৰু বৰফুকনক এই সকলো কথা অৱগত কৰে। এই কথাৰ নিশ্চিতি বিচাৰি লালুকসোলাৰ আন এজন ভায়েক ভাতধৰা ফুকনে চুদৈফাক সমৰ্থন কৰাৰ ভাও ধৰে আৰু ৰাম সৰস্বতী নামৰ এজন কটকীৰ যোগে ৰজালৈ বাতৰি পঠায় যে তেওঁক বৰফুকন পদবী দিলে তেওঁ ককায়েকক বন্দী কৰিব। আচল উদ্দেশ্য বুজিব নোৱাৰি চুদৈফাই এই প্ৰস্তাৱত সন্মতি দিয়ে। ভাতধৰাই এই কথা লালুকসোলাক জনায়।[60][61]

ক্ষমতাচ্যুত আৰু মৃত্যু[সম্পাদনা কৰক]

লালুকসোলা বৰফুকন, গুৱাহাটীৰ ফুকন আৰু ৰাজখোৱাসকল গড়গাৱঁলৈ আহি চকবাৰীত ৰয়হি আৰু কিৰকিৰিয়া ফুকনক বৰফুকনৰ বিৰুদ্ধে ৰজাৰ সহযোগিতা কৰাৰ বাবে বন্দী কৰে। চুদৈফাই পঠোৱা সেনা বৰফুকনৰ সেনাৰ হাতত শোচনীয়ভাৱে পৰাজিত হয়। ৰাজকাৰেঙত আশ্ৰয় লৈ থকা চুদৈফাক বলপূৰ্বকভাৱে ক্ষমতাচ্যুত কৰি তেওঁক গৃহবন্দী হিচাপে ৰখা হয়। মেচা আৰু কিৰকিৰিয়াৰ চকু কাঢ়ি নিকাৰি নামৰ ঠাইলৈ নিrৰ্বাসন দিয়া হয়।[62][63] ১৬৭৯ চনৰ অক্টোবৰত চামগুৰীয়া ফৈদৰ মাত্ৰ ১৪ বছৰীয়া আহোম ৰাজকোঁৱৰ চুলিক্‌ফা বা ৰত্নধ্বজ সিংহক ৰাজপাটত বহোওৱা হয়। নতুন ৰজাই চুদৈফাক বিষপান কৰোৱাই মৃত্যুদণ্ড দিয়ে। তেওঁৰ লগতে দুগৰাকী কুৱঁৰীকো মৃত্যুদণ্ড দিয়া হয়। কথিত আছে যে মৃত্যুৰ পূৰ্বে তেওঁৰ লগত হোৱা অন্যায় আৰু বিশ্বাসঘাটকতাৰ বাবে দেশত আকাল হ'বলৈ চুদৈফাই অভিশাপ দিয়ে।[64]

উল্লেখনীয় কামসমূহ[সম্পাদনা কৰক]

চুদৈফাৰ দিনতে বকা (বকা পথাৰ) নগৰ স্থাপন কৰা হয়। শিলৰ সাঁকো নিৰ্মাণৰ কথাও বুৰঞ্জীত উল্লেখ আছে যদিও কোন ঠাইত সেই বিষয়ে ক'তো পোৱা নাযায়।[65] চুদৈফা দক্ষিণপাট সত্ৰৰ অনুগামী আছিল আৰু তেওঁ এই সত্ৰৰ সত্ৰাধিকাৰ বনমালী গোসাঁইক আধ্যাত্মিক তথা ধৰ্মীয় গুৰু মানিছিল।[66] চুদৈফা এক প্ৰতিকূল সময়ত ৰাজপাটত উঠিছিল যেতিয়া প্ৰকৃততে ক্ষমতা মন্ত্ৰীসকলৰ হাততহে আছিল। সৰ্বোচ্চ ক্ষমতা লাভৰ বাবে সততে তেওঁ সংগ্ৰাম কৰিব লগা হৈছিল আৰু তেওঁৰ দিনতে নামনি অসম আৰু গুৱাহাটী মোগলক সমৰ্পন কৰাৰ বিনিময়ত লালুকসোলা বৰফুকন ক্ষমতাৰ যুঁজখনত জয়ী হৈছিল।

টোকা[সম্পাদনা কৰক]

  1. Gait E.A. A History of Assam 1926 2nd edition Thacker, Spink & Co Calcutta page 163
  2. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 206
  3. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 207
  4. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 129
  5. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 132
  6. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 132-133
  7. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 133
  8. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 133
  9. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 207
  10. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 132
  11. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 207
  12. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 134
  13. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 134-135
  14. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 135
  15. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 209-210
  16. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 135
  17. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 136
  18. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 207-208
  19. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 220
  20. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 136-137
  21. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 137
  22. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 210
  23. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 137-138
  24. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 210-211
  25. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 211
  26. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 138-139
  27. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 211
  28. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati page 9
  29. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 138-139
  30. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 211
  31. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 142
  32. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 143
  33. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 143
  34. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 145
  35. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati page 10
  36. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 145-151
  37. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati page 10
  38. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 212
  39. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati page 10
  40. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 144
  41. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 213
  42. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 148
  43. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 152
  44. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 157
  45. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati page 11
  46. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 154
  47. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 158-159
  48. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 160
  49. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 160-161
  50. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 161
  51. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 165
  52. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati page 12
  53. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 166
  54. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 166
  55. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 166
  56. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 168
  57. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 168-169
  58. লুখুৰাখন হৈছে আহোমসকলৰ এক ফৈদ আৰু লালুকসোলা এই ফৈদৰ লোক
  59. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 216
  60. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 169
  61. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati page 13
  62. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 170
  63. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 216
  64. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 171
  65. Gait E.A. A History of Assam 1926 2nd edition Thacker, Spink & Co Calcutta page 164
  66. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 214

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  • Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms first edition 1981 Publication Board of Assam Guwahati
  • Bhuyan S. K. ATAN BURAGOHAN AND HIS TIMES, first edition 1957 Lawyers Book Stall, Guwahati
  • Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati
  • Gait E.A. A History of Assam second edition 1926 Thacker, Spink & Co Calcutta