সমললৈ যাওক

যোগেশ্বৰ সিংহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বৰ্গদেউ যোগেশ্বৰ সিংহ
চাওফা স্বৰ্গদেউ (আহোম ৰাজ্য)

পূৰ্বসূৰী চন্দ্ৰকান্ত সিংহ
উত্তৰাধিকাৰী পুৰন্দৰ সিংহ
ধৰ্ম হিন্দুধৰ্ম

যোগেশ্বৰ সিংহক ১৮২১ খ্ৰীষ্টাব্দত মানসকলে আহোম ৰাজ্যৰ ৰজা হিচাপে ৰাজসিংহাসনত বহাইছিল। তেওঁ মূলতঃ মানসকলৰ হাতৰ পুতলা আছিল, কাৰণ প্ৰকৃত শাসনক্ষমতা মানসকলৰ হাততেই আছিল। তেওঁৰ শাসনকালত অসমবাসীয়ে মানসকলৰ দমন-নিপীড়নৰ সন্মুখীন হৈছিল, আৰু চন্দ্ৰকান্ত সিংহ আৰু পুৰন্দৰ সিংহই মান আক্ৰমণকাৰীসকলক উৎখাত কৰিবলৈ কৰা প্ৰচেষ্টাৰ সাক্ষী আছিল। ইতিহাসবিধসকলে তেওঁৰ ৰাজাসনচ্যুতিৰ সময়ৰ বিষয়ে একমত নহয়, কিয়নো কিছুমানে দাবী কৰে যে চন্দ্ৰকান্ত সিংহৰ সেনাবাহিনীৰ ওপৰত সম্পূৰ্ণ জয় লাভ কৰাৰ পিছত, ১৮২২ খ্ৰীষ্টাব্দত মানসকলে তেওঁক আসনচ্যুত কৰিছিল; আন কিছুমানে কয় যে তেওঁ ১৮২৫ চনত প্ৰথম ইংগ-বাৰ্মা যুদ্ধৰ সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত মানসকলৰ শাসন শেষ নোহোৱালৈকে নামমাত্ৰ ৰজা হিচাপে ৰৈ আছিল।

বংশ আৰু পৰিয়াল

[সম্পাদনা কৰক]

যোগেশ্বৰ সিংহ টিপাম ৰজা বগা কোঁৱৰৰ জ্যেষ্ঠ পুত্ৰ, যি স্বৰ্গদেউ গদাধৰ সিংহৰ কনিষ্ঠ ভাতৃ চাৰিং ৰাজাৰ বংশধৰ আছিল। বগা কোঁৱৰে টিপাম ৰজাৰ পদবী লাভ কৰিছিল। যোগেশ্বৰৰ বাহিৰেও বগাকোঁৱৰৰ তিনিগৰাকী কন্যা তৰাৱতী আইদেও, সৰুপাহী আইদেও আৰু হেমো আইদেও আৰু তিনিজন পুত্ৰ মন্তন চাৰিং ৰজা, বিহুৰাম ওৰফে বিশ্বনাথ, টিপাম ৰজা আৰু ধনীৰাম গোহাঁই।[1]

পৰিঘটনা

[সম্পাদনা কৰক]

১৮২১ চনত বাগীদাও মানৰ ৰজা হোৱাৰ পিছত, তেওঁ অসমৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ স্থাপন কৰিবলৈ সিদ্ধান্ত লয়। তেওঁ মিংগিমাহা তিলোৱাক অসমৰ পৰা আহোম ৰাজ্যৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ পঠিয়ায়। এই সময়ত, বাগীদাওৰ অসমীয়া ৰাণী হেমা আইদেওৰ ভায়েক পুণ্যধৰ ওৰফে যোগেশ্বৰ সিংহক আহোম ৰজা হিচাপে স্থাপন কৰা হয়। এই নিযুক্তিৰ দ্বৈত উদ্দেশ্য আছিল: বাগীদাওৰ ৰাজদৰবাৰত হেমা আইদেওৰ প্ৰতিপত্তি বৃদ্ধি কৰা আৰু অসমীয়া জনসাধাৰণক সন্তুষ্ট কৰা, যিহেতু তেওঁলোক এজন স্থানীয় ৰজাক পছন্দ কৰিছিল। যদিও, বাস্তৱত, যোগেশ্বৰ সিংহৰ কোনো প্ৰকৃত ক্ষমতা নাছিল; সকলো কাৰ্য্য মান সেনাপতিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছিল।[2]

ৰাজপাট দখল

[সম্পাদনা কৰক]

মানসকলে আহোম ৰাজ্যৰ ওপৰত সম্পূৰ্ণ কৰ্তৃত্ব গ্ৰহণ কৰি অসমত মানৰ জয়ৰ খবৰ যথাযথভাৱে অমৰাপুৰালৈ প্ৰেৰণ কৰা হয়। বাগীদাৱে অসমৰ সেনাপতি মিংগীমাহা তিলোৱা বাজুক উত্তৰাধিকাৰৰ লগতে ককাদেউতাক বোদাওপয়াৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা অসমীয়া পত্নী হেমো আইদেওৰ জ্যেষ্ঠ ভাতৃ যোগেশ্বৰক সিংহাসনত বহাবলৈ নিৰ্দেশ জাৰি কৰে। এইদৰে ১৮২১ চনৰ নৱেম্বৰ মাহত মানৰ সেনাপতি মিংগীমাহা তিলোৱা বাজুৱে যোগেশ্বৰক অসমৰ আহোম ৰাজ্যৰ ৰজা হিচাপে নিযুক্তি দিয়ে। যোগেশ্বৰ সিংহৰ নিযুক্তি দ্বৈত উদ্দেশ্যেৰে কৰা হৈছিল; ই মান ৰজাৰ দৰবাৰত অসমীয়া ৰাণী হেমো আইদেও বা হেমো মেপায়াৰ প্ৰতিপত্তি বৃদ্ধি কৰিব, আৰু নিজৰ দেশত এজন থলুৱা শাসক স্থাপন কৰাৰ স্বাভাৱিকতে শলাগ লোৱা অসমীয়া প্ৰজাসকলকো শান্ত কৰিব। বাস্তৱত যোগেশ্বৰ সিংহৰ কোনো সাৰ্বভৌম শক্তিৰ অৱশিষ্ট নাছিল আৰু মান সেনাপতিজন মুঠতে অসমত আছিল।[2]

যোগেশ্বৰ সিংহৰ শাসনকালত, মানসকলে অসমৰ ওপৰত অত্যাচাৰ চলাইছিল। চন্দ্ৰকান্ত সিংহ আৰু পুৰন্দৰ সিংহই মানসকসকলক উৎখাত কৰিবলৈ চেষ্টা কৰিছিল। ইতিহাসবিদসকলৰ মাজত যোগেশ্বৰ সিংহৰ সিংহাসনচ্যুতিৰ তাৰিখ সন্দৰ্ভত মতভেদ আছে; কিছুমানে কয় যে ১৮২২ চনত মানসকলে তেওঁক অপসাৰণ কৰিছিল, আনহাতে কিছুমানে কয় যে ১৮২৫ চনত প্ৰথম ইংৰাজ আৰু মানৰ যুদ্ধৰ সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মানসকলক উৎখাত কৰা পৰ্যন্ত তেওঁ পুতলা ৰজা হিচাপে আছিল।[1]

ইংৰাজৰ অসম দখল

[সম্পাদনা কৰক]

১৮২৪ খ্ৰীষ্টাব্দত ইংৰাজ আৰু মানৰ মাজত প্ৰথম যুদ্ধ আৰম্ভ হয়। মানসকলক একেবাৰে পৰাজিত কৰি অসম, কাছাৰ আৰু মণিপুৰৰ পৰা বহিষ্কাৰ কৰা হয়। ১৮২৫ চনৰ ফেব্ৰুৱাৰী মাহত অসমত থকা মান সেনা সম্পূৰ্ণৰূপে পৰাজিত হয়। ব্ৰিটিছে উজনি অসমৰ মানৰ শেষ দুৰ্গ ৰংপুৰ ঘেৰি ধৰিলে। মান সৈন্যসকলে আভাত ডাঙৰ-দীঘল হোৱা চিলনৰ বাসিন্দা ধৰ্মধৰ ব্ৰহ্মচাৰী নামৰ এজন বৌদ্ধ পুৰোহিতক ৰংপুৰ আত্মসমৰ্পণৰ চৰ্তসমূহৰ আলোচনা কৰিবলৈ পঠিয়াইছিল। বিনিময়ত মান সেনাপতিজনে ব্ৰিটিছ সেনাপতি কৰ্ণেল ৰিচাৰ্ডছক অনুৰোধ কৰিলে, যাতে তেওঁলোকক অসমৰ পৰা কোনো নিৰ্যাতন নোহোৱাকৈ আঁতৰি যাবলৈ অনুমতি দিয়ে। ব্ৰিটিছ সেনাপতি কৰ্ণেল ৰিচাৰ্ডছে এই প্ৰস্তাৱত সন্মতি দিছিল যাতে অধিক ৰক্তপাতৰ পৰা হাত সাৰিবলৈ মান সেনাই বাৰ্মালৈ উভতি যাব পাৰে। সেই সময়ত যোগেশ্বৰ সিংহ যোৰহাটত বাস কৰিছিল, আনহাতে চন্দ্ৰকান্ত সিংহ ৰংপুৰত আছিল। এই দুই প্ৰাক্তন ৰজাৰ উপস্থিতিৰ বাবে উত্তেজনাৰ আশংকাত ব্ৰিটিছ সেনাপতিজনে যোগেশ্বৰ সিংহক বৰ্তমানৰ বঙাইগাঁও জিলাৰ যোগীঘোপালৈ নিৰ্বাসিত কৰে, আনহাতে চন্দ্ৰকান্ত সিংহক গুৱাহাটীলৈ পঠিওৱা হয়। ইফালে যুদ্ধৰ অন্যান্য ফ্ৰণ্টত মানসকলে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। মান ৰজা বাগিদাৱে শান্তিৰ বাবে আবেদন কৰে আৰু ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত দুয়োপক্ষই ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰে।[3][4][5]

মৃত্যু আৰু উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

১৮২৫ খ্ৰীষ্টাব্দত পৰিয়ালসহ যোগেশ্বৰ সিংহই ব্ৰিটিছ এস্কৰ্ট যোগীঘোপাত উপস্থিত হয়। তেওঁ অহাৰ কিছু সময়ৰ পাছতে তেওঁ অসুস্থ হৈ মৃত্যুবৰণ কৰে।[1] মানসকলৰ হাতত পুতলা হোৱাৰ বাবে যোগেশ্বৰ সিংহাই তেওঁৰ ৰাজত্বকালত কোনো কৰ্তৃত্ব প্ৰয়োগ কৰিব পৰা নাছিল। মানুহে তেওঁক “মানে পতা ৰাজা” বুলি উল্লেখ কৰে। তেওঁৰ ৰাজত্বকালত মানসকলে অসমীয়াৰ ওপৰত কৰা অত্যাচাৰৰ কৰিছিল, আৰু ৰাইজে সেই দিনবোৰক “মানৰ দিন” বুলি আতংকৰে স্মৰণ কৰিছিল।[6]

পৰিয়াল আৰু বংশধৰ

[সম্পাদনা কৰক]

যোগেশ্বৰ সিংহই ডম্বৰুধৰ সিংহ নামৰ এজন পুত্ৰ, আৰু পদ্মৱতী নামৰ এগৰাকী কন্যা সন্তান এৰি থৈ যায়। স্থানীয় বাসিন্দাসকলে ডাম্বৰুধৰ সিংহক বলিয়া ৰজা বা উন্মাদ ৰজা বুলি মাতিছিল। ব্ৰিটিছ চৰকাৰে তেওঁক মাহে মাত্ৰ ৫০ টকা পেঞ্চন প্ৰদান কৰিছিল। পিছলৈ ব্ৰিটিছ চৰকাৰে যোৰহাট জিলাতিতাবৰত অৱস্থিত মৰিয়ানীত ডাম্বৰুধৰৰ পুত্ৰ কৃষ্ণৰাম সিংহক মৌজাদাৰ হিচাপে নিযুক্তি দিয়ে। এই নিযুক্তিৰ বাবেই কৃষ্ণৰাম সিংহ স্থানীয় বাসিন্দাসকলৰ মাজত ৰাজ মৌজাদাৰ নামেৰে পৰিচিত আছিল। কৃষ্ণৰামৰ বংশধৰসকলে হোলোংপাৰত বসবাস কৰিছিল।[7][8] ভগ্নী হেমো আইদেওৰ সৈতে বাৰ্মা (বৰ্তমানৰ ম্যানমাৰ)লৈ যোৱা যোগেশ্বৰ সিংহৰ ভাতৃ বিহুৰাম ওৰফে বিশ্বনাথ মোগাউঙৰ ৰাজ্যপাল আৰু শেষত মান ৰজাৰ মুখ্যমন্ত্ৰী হয়। কনিষ্ঠ ভাতৃ ধনীৰামেও মাকৰ সৈতে মিলি বাৰ্মাত আশ্ৰয় লয়। বিশ্বনাথ আৰু ধনীৰামক মান ৰেকৰ্ডত তাবাংগাচা আৰু মালোমিন নামেৰে জনা গৈছিল। বিশ্বনাথ বা তাবাংগাচাৰ মাউং গ্যি, মাউং মিঠা, মাউং লাট, মাউং গালে আৰু মাউং ছন নামৰ পাঁচজন পুত্ৰ আছিল, এই আটাইকেইজনেই প্ৰাধান্য আৰু ক্ষমতালৈ উন্নীত হৈছিল। তেওঁৰ তিনিগৰাকী কন্যাৰ ভিতৰত মেদায়া মাপায়া মান ৰজা মিণ্ডন মিন (১৮৫৩-৭৮ খ্ৰীষ্টাব্দ)ৰ পত্নী হৈছিল। মালোমিন ওৰফে ধনীৰাম সাধাৰণতে মাতৃ আৰু ভগ্নী হেমো আইদেওৰ সৈতে ৰাজধানীত বাস কৰিছিল। যোগেশ্বৰ সিংহৰ ভগ্নী তৰাৱতী আইদেও আৰু সৰুপাহী আইদেউক ১৮৫০ খ্ৰীষ্টাব্দ আৰু ১৮৫২ খ্ৰীষ্টাব্দৰ পৰা প্ৰতি বছৰে ১২০ টকা পেঞ্চন প্ৰদান কৰা হয়।[9]

আৰু চাওক

[সম্পাদনা কৰক]

প্ৰসংগ পুথি

[সম্পাদনা কৰক]
  • Bhuyan Dr. S.K. Swargadeo Rajeswar Singha first edition 1975 Publication Board of Assam Guwahati
  • Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati
  • Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms first edition 1981 Publication Board of Assam Guwahati
  • Barua Gunaviram Assam Buranji or A History of Assam fourth edition 2008 Publication Board of Assam Guwahati
  • Gait E.A. A History of Assam second edition 1926 Thacker, Spink & Co Calcutta
  • Chaliha Sadananda Guwahati: Buranjir Khala-Bamat or A collection of select articles on the antiquity and history of Guwahati and the surrounding tracts first edition 1991 M/s Student Stores Guwahati

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Bhuyan, Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826), second edition, 1968, Department of Historical and Antiquarian Studies in Assam, Guwahati, p. 213.
  2. 2.0 2.1 Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati page 206
  3. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati page 210
  4. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 329
  5. Gait E.A. A History of Assam 1926 page 288
  6. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 317-329
  7. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati page 214
  8. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 340
  9. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati page 214-215