মানৰ অসম আক্ৰমণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

মানৰ অসম আক্ৰমণ (ইংৰাজী ভাষা:Burmese Invasions of Assam) বুলিলে ১৮১৭ চনৰ পৰা ১৮২৬ চনৰ ভিতৰত ব্ৰহ্মদেশৰ (এতিয়াৰ ম্যানমাৰ) সৈন্যই অসমত তিনিবাৰ কৰা আক্ৰমণক বুজায়। ইয়াৰ ফলত ১৮২১ চনৰ পৰা ১৮২৫ চনলৈ আহোম ৰাজ্য বৰ্মদেশৰ তলতীয়া আছিল। অসমীয়া লোকে এই সময়ছোৱাক মানৰ দিন আৰু মণিপুৰীসকলে Chahi-Taret Khuntakpa (ধ্বংসৰ সাত বছৰ) বুলি কয়। এই আক্ৰমণে অসমত আহোম ৰাজ্যৰ ৬০০ বছৰীয়া শাসনৰ ওৰ পেলায়। গণহত্যা আৰু ভয়ত প্ৰব্ৰজনৰ ফলত ৰাজ্যৰ গাঁথনি সোলোক-ধোলোক হৈ পৰে। আগতে অসমত উপনিবেশ পাতিবলৈ বৰকৈ মন নকৰা ব্ৰিটিছসকলৰ লগত মানৰ যুঁজ হয়। প্ৰথম ইংগো-বৰ্মী যুদ্ধৰ পাছত ব্ৰিটিছে অসমৰ লগতে ব্ৰহ্মদেশো সামৰি লয়।

পাৰ্শ্ব ঘটনাৱলী[সম্পাদনা কৰক]

১৮শ শতিকাৰ শেহৰফালে অসমআহোম ৰাজ্য উপৰিৰ্যুপৰি বিদ্ৰোহে দুৰ্বল কৰিছিল। উজনি অসমত মোৱামৰীয়া বিদ্ৰোহ আৰু নামনিত দন্দুৱা দ্ৰোহৰ ফলত প্ৰচুৰ জন-ধনৰ হানি হৈছিল। মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে আহোমৰ শাসন বজাই ৰাখিবলৈ অশেষ চেষ্টা কৰি শেষত বিদ্ৰোহ দমন কৰিবলৈ সমৰ্থ হয়। প্ৰশাসন ভালদৰে চলাবলৈ বা নিজৰ প্ৰভাৱ বঢ়াবলৈ তেওঁ নিজৰ আত্মীয়-স্বজনক আহোম ৰাজ্যৰ উচ্চ পদবীত মৰকল কৰিবলৈ ধৰে। ৰজাই পাতি থোৱা গুৱাহাটীৰ শাসক বদন চন্দ্ৰ বৰফুকন পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বৰ্ধিত শক্তিত সংশিত হয়। প্ৰথমে তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ চেষ্টা কৰিলে। সেই সূত্ৰে তেওঁ জীয়ৰী পিজৌ গাভৰুক পূৰ্ণানন্দৰ পুত্ৰ উৰেখানাথ ঢেকিয়াল ফুকনলৈ ঢেৰ যৌতুকৰ সৈতে বিয়া দিয়ে। কিন্তু ইয়াৰ পাছত বদন চন্দ্ৰ‌ই ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি পূৰ্ণানন্দই অসন্তোষ প্ৰকাশ কৰিলে। পূৰ্ণানন্দৰ এনে ব্যৱহাৰত খং কৰি বদন চন্দ্ৰ‌ই ৰাজধানী যোৰহাটৰ কেইজনমনা ষড়যন্ত্ৰকাৰীক উচতনি দি পূৰ্ণানন্দক গোপনে হত্যা কৰিবলৈ পাচিলে। পিছে ষড়যন্ত্ৰ ব্যৰ্থ হ'ল আৰু লোককেইজনৰ শাস্তি হ'ল। ষড়যন্ত্ৰত বৰফুকনৰ হাত থকা বুলিও ফাদিল হ'ল। সেই সময়তে পশ্চিম অসমৰ ৰাইজে বদন চন্দ্ৰ বৰফুকন আৰু তেওঁৰ দুই পুত্ৰ আৰু পিয়লিৰ অত্যাচাৰৰ কথা বুঢ়াগোহাঁইক ক'লেহি। শেহত ১৮১৫ চনত পূৰ্ণানন্দই বদন চন্দ্ৰ বৰফুকনক যোৰহাটলৈ ধৰি আনিবলৈ মহেশ্বৰ পৰ্বতীয়া ফুকনক গুৱাহাটীলৈ পঠিয়ালে। পূৰ্ণানন্দৰ বোৱাৰী পিজৌ গাভৰুৱে দেউতাক বদন চন্দ্ৰলৈ আগতীয়াকৈ বিপদৰ জাননী পঠিয়ালে। খবৰ পাই বদন চন্দ্ৰ বৰফুকন দুই পুত্ৰৰ সৈতে ব্ৰিটিছ শাসিত বংগলৈ পলাই যায়।[1] বুঢ়াগোহাঁইৰ সৈন্যই তেওঁক বংগৰ চিলমাৰিত আটক কৰিলে, কিন্তু স্থানীয় আৰক্ষীৰ সহায়ত তেওঁ আকৌ পলাল। তেওঁ কলিকতালৈ গৈ গৱৰ্ণৰ জেনেৰেল লৰ্ড হেষ্টিংছক বুঢ়াগোহাঁইক উৎখাত কৰিবলৈ সহায় ভিক্ষা কৰে। আন ৰাজ্যৰ ভিতৰুৱা কথাত হস্তক্ষেপ নকৰাৰ নীতি (Non-intervention Policy) সোঁৱৰাই গৱৰ্ণৰ জেনেৰেলে তেওঁৰ অনুৰোধ খাৰিজ কৰে। সেই সময়তে কলিকতালৈ ব্ৰহ্মদেশৰ কটকী এজন আহিছিল; বদনচন্দ্ৰই সেই কটকীজনৰ কাষ চাপি তেওঁৰ আগত তিলকে তাল কৰি অসম দেশৰ দুৰবস্থাৰ কথা জনালে। কটকীয়ে বদনচন্দ্ৰক সহায় কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে, আৰু সৈন্য-সামন্ত যুগুত কৰি দিয়াৰ নিমিত্তে তেওঁক লগতে ব্ৰহ্মদেশলৈ লৈ যায়[2][3]

মানৰ প্ৰথম আক্ৰমণ[সম্পাদনা কৰক]

১৮১৬ চনত বদন চন্দ্ৰ বৰফুকন ব্ৰহ্মদেশৰ ৰজা বদৌপায়াৰ ৰাজসভালৈ যায় আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইক পৰাস্ত কৰিবলৈ সহায় বিচাৰে। ৰজাই মান্তি হয় আৰু ভামোৰ এজন সেনাপতিৰ অধীনত এদল সৈন্য বদন বৰফুকনৰ লগত ১৮১৭ চনৰ জানুৱাৰীত অসমত প্ৰৱেশ কৰে। ১৮১৭ চনৰ ২৭ মাৰ্চত ঘিলাধাৰীত আহোম আৰু মানৰ প্ৰথম যুঁজ লাগে। অসমৰ সৈন্যক দমন গগৈ, হাও বৰা আৰু জামা খানে নেতৃত্ব দিছিল। এসপ্তাহ যুঁজ চলাৰ পাছত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰাকৃতিক কাৰণৰ মৃত্যু হয়।[4] তেতিয়া আহোম বিষয়াসকলৰ মাজত খোৱা-কামোৰা আৰম্ভ হয় আৰু নতুন ৰছদ-পাতি নোপোৱা আহোম সৈন্য‌ই আত্মসমৰ্পণ কৰে। পূৰ্ণানন্দৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁই পদত উঠি স্বৰ্গদেউক পলাই যাবলৈ কয় আৰু ৰজাই মানি নল'লে। তেতিয়া স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই বদন বৰফুকনৰ লগত গোপন বুজাবুজি কৰিছে বুলি ৰুচিনাথে সন্দেহ কৰে[5] আৰু ৰজাক এৰি গুৱাহাটীলৈ যায়। মান সেনাই আহোম ৰাজধানী যোৰহাটত প্ৰৱেশ কৰে। স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই বদন চন্দ্ৰ বৰফুকনক আনি মন্ত্ৰী ফুকন পাতে।

মান সেনাক ১,০০,০০০ টকা ক্ষতিপূৰণ দিয়াৰ লগতে সেনাপতিসকলক উপযুক্ত উপহাৰ দিয়া হৈছিল। এজনা আহোম কোঁৱৰৰ কন্যা হেমো আইদেউক ৫০টা হাতী আৰু আন যৌতুকেৰে সৈতে মান ৰজালৈ গতাই দিয়া হয়। মান সেনাই ১৮১৭ চনৰ এপ্ৰিলত অসম ত্যাগ কৰে। ইয়াৰ কেইদিনমানৰ পাছতে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰা হয় আৰু ৰুচিনাথে চন্দ্ৰকান্ত সিংহক আঁতৰাই পুৰন্দৰ সিংহক ৰজা পাতে।[6]

মানৰ দ্বিতীয় আক্ৰমণ[সম্পাদনা কৰক]

বদৌপায়াই এই বাতৰি শুনি কিয়ামিংগি (আলা মিংগি বৰগোহাঁই)ৰ অধীনত ৩০,০০০ সেনা পঠিয়ায়। তেওঁলোকক পটলং সেনাপতিয়ে (মোমাই বৰুৱা) বাট দেখুৱাই নিয়ে। ১৮১৯ চনৰ ১৫ ফেব্ৰুৱাৰীত জগনাথ ঢেকিয়াল ফুকনৰ নেতৃত্বত এদম আহোম সেনাই জাঁজীৰ ওচৰৰ ফুলপানীছিগাত মান সেনাক বাধা দিয়ে। এই যুঁজত মান সেনা পৰাস্ত হয় অলপ পিছুৱাই যায়। কিন্তু আহোম সেনাই মানক খেদি যোৱাৰ সলনি ৰাজধানী যোৰহাটলৈ উলটি যায়। এই গোলমালৰ মাজত ৰুচিনাথ বুঢ়াগোহাঁই আৰু পুৰন্দৰ সিংহ গুৱাহাটীলৈ ভটিয়াই যায়। দুদিনৰ পাছত মান সেনাই ৰাজধানী অধিকাৰ কৰে।[7]

১৮১৯ চনৰ ৯ মাৰ্চত চন্দ্ৰকান্ত সিংহক পুনৰ ৰজা পতা হয়। ৰুচিনাথ বুঢ়াগোহাঁইক সমৰ্থন কৰা সকলো আহোম বিষয়াক মৃত্যুদণ্ড বিহা হ'ল। ১৮১৯ চনৰ এপ্ৰিলৰ মাজভাগত মিংগিমাহা তিলোৱাক দায়িত্ব দি কিয়ামিংগি ব্ৰহ্মদেশলৈ উলটি যায়। তিলোৱাৰ আদেশত পটলঙে ৰুচিনাথক দেখি যায়। নগাঁৱক এঘড়ী যুঁজ লগাৰ পাছত শেষত ৰুচিনাথক আহোম চকীৰ বাহিৰ কৰি দিয়ে। পটলঙক বৰবৰুৱা পতা হয় আৰু ১৮২০ চনৰ ২৭ জানুৱাৰীত মান সেনাই নিজ দেশলৈ উলটি যায়।[8] বদৌপায়াক ধন্যবাদ দিবলৈ বুলি চন্দ্ৰকান্ত সিংহ‌ই এজনা কুঁৱৰী উপমা আইদেউ আৰু বহু বিষয়া, লগুৱা পঠিয়াই দিয়ে।

সোনকালেই মানৰ প্ৰতি চন্দ্ৰকান্ত সিংহৰ মনোভাৱ সলনি হ'ল। মূলতঃ নামৰূপৰ ব্যক্তি পটলঙে মানৰ লগত সম্পৰ্ক ছিঙিবলৈ ৰজাক সৈমান কৰে আৰু জয়পুৰ (দীঘলীঘাট)ত এটা দুৰ্গ সজায়।[9]

মানৰ তৃতীয় আক্ৰমণ[সম্পাদনা কৰক]

১৮১৯ চনত বাগিদাও বৰ্মৰ ৰাজপাটত উঠি অসম অধিকাৰ কৰিবলৈ মন মেলে। তেওঁ ১৮২১ চনৰ ফেব্ৰুৱাৰীত মিংগিমাহা তিলোৱাক অসমলৈ পঠিয়ায়। পটলং বৰবৰুৱাৰ মৃত্যু হয় আৰু চন্দ্ৰকান্ত সিংহ গুৱাহাটীলৈ পলাই যায়। মিংগিমাহাই বহু আহোম বিষয়াক হত্যা কৰি হেমো আইদেউৰ এজন ভাতৃ পুণ্যধৰক (যোগেশ্বৰ সিংহ) ৰজা পাতে।[10]

চন্দ্ৰকান্ত সিংহৰ যুঁজ[সম্পাদনা কৰক]

চন্দ্ৰকান্ত সিংহই গুৱাহাটীত চাউনী পাতি ৰুচিনাথ বা পুৰন্দৰ সিংহৰ সহায় অবিহনে মানৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত হয়। পুৰন্দৰে ভূটানত ৰবাৰ্ট ব্ৰুছৰ অধীনত এদল সৈন্য গোটায় কিন্তু তেওঁলোকক চন্দ্ৰকান্তৰ সৈন্য‌ই ১৮২ চনৰ মে'ত পৰাস্ত কৰে।[10] তিলোৱাৰ অধীনত এক বৃহৎ সংখ্যক মান সেনাই চন্দ্ৰকান্তৰ বিৰুদ্ধে আগুৱাই যায় (ছেপ্টেম্বৰ ১৮২১)। চন্দ্ৰকান্ত প্ৰথমে অসম চকী আৰু তাৰ পাছত ব্ৰিটিছ শাসিত অঞ্চললৈ পিছুৱাই যায়। বহু শিখ আৰু হিন্দুস্তানীৰে গঠিত চন্দ্ৰকান্তৰ সেনাই অসম চকী (অক্টোবৰ ১৮২১) আৰু গুৱাহাটী (ডিচেম্বৰ ১৮২১) পুনৰ অধিকাৰ কৰে। ১৮২২ চনৰ ১৫ মাৰ্চত যোৰহাটৰ ওচৰৰ ম'হগড়ত তেওঁলোকে কোঠ মাৰি ৰয়।[11]

বাগিদাওৱে এই কথা গম পাই মিংগিমাহা বান্দুলাৰ নেতৃত্বত ২০,০০০ মান সেনাৰ আন এটা দল পঠিয়াই দিয়ে। এই দলে ১৮২২ চনৰ এপ্ৰিলত চন্দ্ৰকান্তৰ সৈন্যক পৰাস্ত কৰে। চন্দ্ৰকান্ত প্ৰথমে গুৱাহাটী আৰু পাছলৈ অসম চকীলৈ পিছুৱাই গৈ ১৮২২ চনৰ জুনত মিংগিমাহা তিলোৱাৰ মুখামুখি হয়। এই যুঁজয় পৰাজিত হৈ তেওঁ পুনৰ ব্ৰিটিছ শাসিত অঞ্চলত আশ্ৰয় লয়। এই বিজয়ৰ পাছত মানে মিংগিমাহা তিলোৱাক অসমৰ ৰজা ঘোষণা কৰে আৰু অসমৰ আহোমৰ ৰাজত্বৰ অন্ত পেলায়।[12]

বৰ্মৰ শাসন[সম্পাদনা কৰক]

হাদিৰাচকীত চন্দ্ৰকান্তৰ পৰাজয়ৰ পাছত মানসেনা ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰিটিছৰ মুখামুখি হয়। তিলোৱাই চন্দ্ৰকান্তক গতাই দিবলৈ ব্ৰিটিছক কয়, অন্যথা তেওঁলোকৰ ৰাজ্যত সোমাই ধৰি অনাৰ ভুমকি দিয়ে। কিন্তু ৰছদ-পাতিৰ কিছু অসুবিধা হোৱাত মাত্ৰ ১০০০ সেনা তিলোৱাক গতাই থৈ বান্দুলাই গুৱাহাটী এৰে।[13] তেতিয়া মানে চন্দ্ৰকান্ত সিংহক পুনৰ ৰজা হ'বলৈ মাতে। চন্দ্ৰকান্তই বৰুৱা আৰু ফুকন আদি বিষয়াক এৰি হাদিৰাচকীত তিলোৱাৰ ওচৰত আত্মসমৰ্পণ কৰে। যোৰহাট আহি পোৱা মাত্ৰকে তেওঁক আটক কৰি ফাটেকত ৰখা হয়।[14]

বৰ্মৰ অন্য বিৱৰণ[সম্পাদনা কৰক]

বৰ্মৰ নিজা বিৱৰণৰ এই কথা অলপ বেলেগকৈ কোৱা হৈছে। ১৮২১ চনৰ ফেব্ৰুৱাৰীত আৰম্ভ হোৱাৰ এই অভিযানত ২০০০০ সেনা (১০০০০ খামটি আৰু জিংপোৰে সৈতে) আছিল। ডেৰবছৰৰ পাছত অসম উপস্থিত হৈ ১৮২২ চনৰ জুলাইত তেওঁলোকে চন্দ্ৰকান্ত সিংহক পৰাস্ত কৰে আৰু ৬০০ বছৰীয়া আহোম শাসনৰ ওৰ পেলাই এজন সেনাপতিৰ অধীনত অসমক ব্ৰহ্মদেশৰ এক প্ৰদেশ ঘোষণা কৰে।[15][16] চন্দ্ৰকান্ত সিংহ বংগৰ ব্ৰিটিছ অঞ্চললৈ পলাই যায়। পলৰীয়া ৰজাক গটাই দিবলৈ বান্দুলাই কৰা দাবী ব্ৰিটিছে অগ্ৰাহ্য কৰে আৰু ইয়াৰ সলনি সীমান্তৰ চকীবোৰলৈ অধিক সেনা পঠিয়ায়।[17] মাহা থিলাৱাক ২০০০ সেনা গটাই থৈ মাহা বান্দুলা আভালৈ উলটি যায়।[18]

এই সময়ছোৱাক অসমীয়াসকলে অতি দুখৰ দিন বুলি সোঁৱৰে। উলটি যাওঁতে মান সেনাই কিছু স্থানীয় লোকৰ লগ লাগি গাঁও-ভূই মহতিয়াই যায়। নৃশংস অত্যাচাৰৰ পৰা সৰৈবলৈ বহু লোক বংগলৈ পলাই যায়। কাষৰীয়া মণিপুৰ ৰাজ্যও এই অত্যাচাৰৰ বলি হয়।

১৮২৫ চনত মেইটেইসকলে মানক ঘটুৱাই চিন্দৱিন নদীৰ পাৰ কৰাই আহে।[19] ইয়াৰ ফলত বৰ্ম আৰু ব্ৰিটিছৰ সেনাৰ সঘনে ওখনা-ওখনি লাগে আৰু শেষত প্ৰথম ইংগো-বৰ্মী যুদ্ধৰ সূত্ৰপাত হয়। পৰাজিত মান সেনাই ১৮২৬ চনত ব্ৰিটিছৰ লগত ইয়াণ্ডাবুৰ সন্ধি কৰে। ইয়াৰ ফলত মানৰ শাসনৰ অন্ত পৰি অসমৰ ব্ৰিটিছ শাসন আৰম্ভ হয়।

মানৰ অত্যাচাৰ[সম্পাদনা কৰক]

পদ্মনাথ গোহাঞি বৰুৱাই "অসমৰ বুৰঞ্জী" গ্ৰন্থত এইদৰে লিখিছে:[20]

...মুনিহৰ ওপৰত অত্যাচাৰতকৈ নিৰ্দোষী ল'ৰা-ছোৱালী আৰু তিৰোতাবিলাকৰ প্ৰতি মানহঁতৰ পাশৱ ব্যৱহাৰৰ বিষয় অকথনীয়! মানহঁতে সৰু ল'ৰা-ছোৱালীক গছলৈ ফৰ্ম্মুটিয়াই গুটি পাৰি খাইছিল! গৰ্ভাৱতীৰ গৰ্ভ ছিৰি সন্তান উলিয়াই ৰং চাইছিল। ল’ৰা-তিৰোতাক পিচলৈ হাত জঁপাই শলা মাৰি ৰৈ এৰি গৈছিল! কুমলীয়া বাঁহ-গাজেৰে মৰিয়াই তাৰ ভিতৰত শুং লগাই কিমানক লেলাত ভুঞ্জাই এৰিছিল। কিমান ল'ৰা-ছোৱালী-তিৰোতাক ঘৰৰ ভিতৰত সুমুৱাই লৈ দুৱাৰ বান্ধি জুই লগাই দি ৰং চাইছিল! কোনো কোনো ঠাইত বাঁহৰ চাং পাতি তাৰ ওপৰত ল'ৰা-ছোৱালী, কেঁচুৱা-পোৱাতীক তুলি তলত ধোঁৱা দি শাস্তি দি বধিছিল! ইত্যাদি।

মানহঁতৰ এনে উৎপাতৰ উপৰিও কিছুমান দাতিকাষৰীয়া পৰ্বতীয়া জাতিয়েও লুটপাট আদি কৰিবলৈ ধৰিলে। আনকি, পেটৰ দায়ত পৰি অসমীয়া মানুহেও মানৰ বেশ ধৰি গাৱে-ভূঞে ডকাইতি কৰিবলৈ ধৰিছিল।[21] অসমৰ জনসংখ্যা প্ৰায় দুই তৃতীয়াংশ কমি যায় আৰু এই সময়ছোৱাত ল'ৰা-পুৰুষৰ এক তৃতীয়াংশৰ মৃত্যু হয়।[22]

টোকা[সম্পাদনা কৰক]

  1. Gohain Barooah 1937: 101
  2. E. A. Gait 1926: 224-225
  3. S.K. Bhuyan 1968 Tungkhungia Buranji or A History of Assam(1681-1826) : 197-199
  4. (Baruah 1993, পৃষ্ঠা 216–218)
  5. "The new Burha Gohain endeavoured in vain to induce the king to retreat to Lower Assam, and then, perceiving that the latter intended to sacrifice him, in order to conciliate the Bar Phukan and his Burmese allies, fled westwards to Gauhati." (Gait 1906, পৃষ্ঠা 222)
  6. (Gait 1906, পৃষ্ঠা 223)
  7. (Baruah 1993, পৃষ্ঠা 221–222)
  8. (Baruah 1993, পৃষ্ঠা 222)
  9. (Baruah 1993, পৃষ্ঠা 222–223)
  10. 10.0 10.1 (Baruah 1993, পৃষ্ঠা 223)
  11. (Baruah 1993, পৃষ্ঠা 225)
  12. (Baruah 1992, পৃষ্ঠা 225)
  13. (Baruah 1993, পৃষ্ঠা 226)
  14. (Baruah 1993, পৃষ্ঠা 227)
  15. Myint-U, River of Lost Footsteps, p. 112
  16. Myint-U, Making of Modern Burma, pp. 15–16
  17. Shakespear, pp. 62–63
  18. Phayre, pp. 233–234
  19. CHAHI-TARET KHUNTAKPA, 1819-1825 AD (seven years of Manipur anarchy, 3212-3218 MF) IIT Guwahati
  20. Gohain Barooah 1937: 108
  21. (Gait 1906:228)
  22. (Gait 1906:228) Gait quotes from J Butler, Travels and Adventures in the Province of Assam (1855)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • Baruah, S L (1993). The Last Days of Ahom Monarchy. প্ৰকাশক Delhi: Munshiram Manoharlal Publishers. 
  • Gohain Barooah, P (1937). An Illustrated History of Assam. প্ৰকাশক Tezpur: Leela agency. 
  • Gait, Edward A (1906), A History of Assam, প্ৰকাশক Calcutta, https://books.google.com/?id=w-6kr1IyHJkC 
  • Harvey, G. E. (1925). History of Burma: From the Earliest Times to 10 March 1824. প্ৰকাশক London: Frank Cass & Co. Ltd. 
  • Myint-U, Thant (2001). The Making of Modern Burma. Cambridge University Press. ISBN 978-0-521-79914-0. 
  • Myint-U, Thant (2006). The River of Lost Footsteps--Histories of Burma. Farrar, Straus and Giroux. ISBN 978-0-374-16342-6. 
  • Phayre, Lt. Gen. Sir Arthur P. (1967). History of Burma (2 সম্পাদনা). প্ৰকাশক London: Susil Gupta. 
  • Bhuyan, Dr.Surya Kumar. Tunkhungia Dynasty. প্ৰকাশক Guwahati. 
  • Barbaruah, Hiteswar (1926). Ahomar Din. প্ৰকাশক Guwahati.