খামটি জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খামটি শান
Tai Khampti diorama.JPG
টাই খামটি জনগোষ্ঠী
মুঠ জনসংখ্যা
প্ৰায় ৩৫০,০০০
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ম্যানমাৰ ~২০০,০০০
 ভাৰত ১৪০,৩১০
ভাষাসমূহ

খামটি ভাষা,অসমীয়া, মান

ধৰ্ম

বৌদ্ধ ধৰ্ম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

আহোম জনগোষ্ঠী,টাই জাতি

টাই খামটি (খামতি) বা খামটি শান হল চীনৰ য়ুন্নান প্ৰদেশ, ম্যানমাৰৰ কাচিন ৰাজ্যৰ খাম টি লুং, মগয়ুং আৰু মিটকীয়ান ঠাইৰ পৰা মূলবসতি ধৰি উত্তৰপূবৰ অসম আৰু অৰুণাচলত বসবাস কৰা উত্তৰপূবৰ টাই জাতিৰ এটা ঠাল। অসমত খামটি সকলৰ জনসংখ্যা প্ৰায় ৬০,০০০ ত কৈ অধিক। আহোম সকলৰ পাছতে খামটি সকল অসমৰ অন্য এটা বৃহৎ টাই জনগোষ্ঠী। টেঙাপানী অঞ্চলত খামটিসকলৰ কিছু জনসংখ্যা দেখা যায়। খামটি সকলে থেৰাবাদী বৌদ্ধ ধৰ্ম পালন কৰে। তেওঁলোকৰ নিজা লিপি আছে যি শান লিপিৰ পৰা উদ্ভৱ হোৱা। তেওঁলোকৰ মাতৃভাষা খামটি ভাষা।

জীৱন নিৰ্বাহ[সম্পাদনা কৰক]

খামটি সকল থেৰাবাদী বৌদ্ধধৰ্মত বিশ্বাস কৰে। তেওঁলোকে ৰাতিপুৱা আৰু গধূলি বুদ্ধক স্মৰণ কৰে। খামটি সকলে পৰম্পৰাগত ভাবে মজিয়াখন কাঠেৰে আৰু বেৰসমূহ বাঁহেৰে নিৰ্মাণ কৰা ঘৰত বাস কৰে। খামটি সকলৰ মূল জীৱিকা কৃষি আৰু তেওঁলোকে পৰম্পৰাগতভাবে আলু, সৰিয়হ, ধান আদি উৎপাদন কৰে। খামটি সকলৰ মুখ্য খাদ্য হল ভাত। খামটি সকল আমিষভোজীও হয় আৰু মাছ আৰু মাংস গ্ৰহণ কৰে।

ভাষা আৰু লিপি[সম্পাদনা কৰক]

খামটি সকলে খামটি ভাষা ব্যৱহাৰ কৰে যিটো এক প্ৰকাৰৰ দক্ষিণপশ্চিমীয়া টাইভাষা। খামটি ভাষাৰ মুঠ তিনিটা উপভাষা আছে। সেয়া হল- উত্তৰ মান খামটি, অসম খামটি আৰু চিংকলিং খামটি। খামটি সকলে খামটি ভাষাৰ উপৰি অসমীয়া আৰু মান ভাষাৰো ব্যৱহাৰ কৰে। খামটিসকলে নিজৰ লিপিটোক লিক-টাই বুলি কয়। খামটি সকলৰ লিপি কেইশ বছৰ আগতে লিক ট' ঙাওক নামৰ লিপিৰ পৰা বিকাশ ঘটিছিল। তেওঁলোকৰ লিপিত ৩৫ টা আখৰ আছে। এই লিপিটো পৰম্পৰাগত ভাবে বুদ্ধ জাতক কথা, ত্ৰিপিটিকা, ইতিহাস আদি গ্ৰন্থ সমূহ লিখোঁতে আৰু পঢ়োঁতে ব্যৱহাৰ হৈছিল। পাছলৈ২০০৩ চনত ইয়াত উচ্চাৰণৰ চিহ্ন উত্তৰ মান আৰু অৰুণাচলৰ বিদ্বানসকলে ব্যৱহাৰ কৰি নতুন ৰূপ দিয়ে।