সমললৈ যাওক

আহোম ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম ৰাজ্য[1] (ইংৰাজী: Kingdom of Assam) বা মু'ঙ দুন চুন খাম (আহোম ভাষা:𑜉𑜢𑜤𑜂𑜫: 𑜓𑜢𑜤𑜃𑜫 𑜏𑜤𑜃𑜫ˊ 𑜁𑜉𑜫: Mérng dérn sun khám) আধুনিক নাম আহোম ৰাজ্য এখন মধ্যযুগীয় ৰাজ্য আছিল যি ব্ৰহ্মপুত্ৰ উপত্যকাত ৬০০ বছৰ শাসন কৰাৰ লগতে উত্তৰ-পূবত মোগলৰ শাসনত বাধা দিছিল। দাই ৰাজকোঁৱৰ চুকাফাই ৯০০০ দাই মানুহ আৰু কামৰূপৰ দিনৰ পৰা বাস কৰা আদিম আহোম (টাই দন)সকলৰ সৈতে মিলি ১২২৮ত আহোম ৰাজ্য স্থাপন কৰিছিল।[2] কালক্ৰমত বিস্তাৰিত হৈ ১৬শ শতিকাত চুহুংমুংৰ শাসনকালত এক শক্তিশালী ৰাজনৈতিক শক্তিত পৰিণত হয়। মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ পাছত ১৮২৬ত ইয়াণ্ডাবু সন্ধি মতে অসম ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়। ঔপনিবেশিক আৰু পিছৰ কালত আহোম ৰাজ্য বুলি কোৱা হ'লেও পূৰ্বে ইয়াক অসম ৰাজ্য বুলি কোৱা হৈছিল।[3]


নামসমূহ

মুঙ ডুন চুন খাম

চাওলুং চুকাফাই প্ৰথম ৰাজ্য স্থাপন কৰোঁতে এই ৰাজ্যক মুঙ ডুন চুন্‌ খাম (𑜉𑜢𑜤𑜂𑜫: 𑜓𑜢𑜤𑜃𑜫 𑜏𑜤𑜃𑜫ˊ 𑜁𑜉𑜫:) (অৰ্থ : অসমীয়া: সোণোৱালী শইচৰ দেশ; ইংৰাজী: country of Golden Crops)নাম দিছিল।[4][5][6]

অসম ৰাজ্য

অন্যান্য জনগোষ্ঠীৰ লোকসকলে আচাম বা অচম বা অসম বুলি কৈছিল।[7] ব্ৰিটিছ সকলে ইংৰাজীত kingdom of Assam বুলি কৈছিল। ১৮৩৮ চনৰ পিছত ব্ৰিটিছ শাসিত অঞ্চল আৰু পিছলৈ ভাৰত অন্তৰ্ভুক্ত হোৱা ৰাজ্যখন একে নামেৰে জনাজাত হয়।

ইতিহাস

আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

স্থাপন

১২২৮ খ্ৰীষ্টাব্দত চুকাফা, চীনদেশৰ দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্ত (পূৰ্বৰ পূব মু'ঙ মাও) পৰা আহি পাটকাই পৰ্বতেদি অসমৰ তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিছিল। তেওঁ আহি বিভিন্ন ঠাইত ৰাজধানী পাতিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰবেশ কৰাৰ পিছত আহোম ৰাজ্য প্ৰতিষ্ঠা হয়। চুকাফাই কোনো প্ৰতিষ্ঠিত ৰাজ্যৰ লগত যুদ্ধ কৰিব লগা হোৱা নাছিল। আহোম সকলৰ প্ৰথম ৰাজধানী খামজাং নামৰ ঠাইত পাতিছিল। আহোম গণনা অনুসৰি লাক-নি তে কাওত উক্ত ঠাইত ৰাজধানী পাতিছিল। দ্বিতীয় ৰাজধানী নামৰূপত পাতিছিল আৰু লাক-নি দাপ ৰাওত নামৰূপ এৰিছিল। মৌঙ ক্লাঙ খ্ৰূ (বৰ্তমানৰ ভয়পুৰত) প্ৰায় পাঁচবছৰ ৰাজধানী পাতি আছিল। তাত খুঁত চি ঙা, ৰাংমুত, তাওছা, কা ৰাও, কাপ মিত মুঠ পাঁচটা লাক-নি বৰ্ষ ৰাজধানী হিচাপে থাকে। পঞ্চমখন ৰাজধানী আছিল হা-বুঙ, তাতে দাপ কাও, ৰাই-ছেও, মুঙ প্লাও আদি লাক-নি বৰ্ষ ৰাজধানী হৈ থাকে। [8] তেওঁ স্থানীয় বৰাহী আৰু মৰাণ মানুহৰ লগত বন্ধুত্ব স্থাপন কৰি শেষত ছে ৰাই দয়ত ৰাজধানী পাতে আৰু বুঢ়াগোহাঁ‌ই আৰু বৰগোহাঁ‌ইক থাপে। ১২৮০ চনমানত এওঁলোক দুজনক স্বতন্ত্ৰ অঞ্চল চম্ভালি ল'বলৈ দায়িত্ব দিয়া হয়।

স্বৰ্গদেউ চুহুংমুঙ ৰজাই ৰাজ্য বিস্তাৰ কৰা আগৰ আহোম ৰাজ্যৰ পৰিসীমা


আহোমসকলে তেওঁলোকৰ ধান খেতিৰ পদ্ধতি আন মানুহক শিকাইছিল। মানুহবোৰে লাহে লাহে আহোমৰ জীৱনশৈলী গ্ৰহণ কৰি পিছলৈ একে জাতিত লীন হৈ গ'ল।[9] ইয়াৰ ফলত বৰাহী লোকসকল প্ৰায় লোপ পাল; কিছু নগা আৰু মৰাণ লোক আহোম হৈ পৰিল আৰু আহোমৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। বিশেষকৈ ১৬শ শতিকাত চুহুংমুং স্বৰ্গদেৱে চুতীয়া আৰু কছাৰী ৰাজ্য জয় কৰি ৰাজ্য বিস্তাৰ কৰোঁতে এই আহোমকৰণৰ প্ৰক্ৰিয়াই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

প্ৰমত্ত সিংহৰ (চুচেনফা; ১৭৪৪-১৭৫১) দিনত শিৱসাগৰৰ ওচৰৰ ৰংপুৰত নিৰ্মাণ কৰা পেভেলিয়ন ৰংঘৰ

আহোমকৰণৰ প্ৰক্ৰিয়া ইমানেই দ্ৰুত আছিল যে এটা সময়ত প্ৰকৃত আহোম নিজৰ ৰাজ্যত সংখ্যালঘু হৈ পৰে। ইয়াৰ ফলত ৰাজ্যখনৰ চৰিত্ৰ সলনি হৈ ই বহুজাতিক হৈ পৰে। ১৪শ শতিকাত বামুণী কোঁৱৰৰ শাসনত আৰম্ভ হোৱা হিন্দু প্ৰভাৱে গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ ধৰে। আহোম ৰাজসভাত টাই ভাষাৰ লগতে অসমীয়া ভাষাও ব্যৱহৃত হ'বলৈ ধৰে। পিছলৈ আন দুটা উচ্চ মন্ত্ৰী পদৰ লগতে বৰপাত্ৰগোহাঁ‌ই পদ সৃষ্টি কৰা হয়। চুতীয়া আৰু কছাৰী ৰাজ্যৰ পৰা জয় কৰা অঞ্চলসমূহ নিৰীক্ষণৰ বাবে "শদিয়াখোৱা গোহাঁই" আৰু "মৰঙীখোৱা গোহাঁই" নামৰ বিশেষ পদৰ সৃষ্টি কৰা হয়। ফৈদ পদ্ধতিৰ আধাৰত পাইক প্ৰথাৰে প্ৰজাসকলক সংগঠিত কৰা হৈছিল। বংগৰ তুৰ্কী আৰু আফগান শাসকসকলৰ আক্ৰমণ আহোমে সফলতাৰে প্ৰতিহত কৰিছিল। এনে এক ঘটনাত টংখাম বৰগোহাঁয়ে আক্ৰমণকাৰীসকলক খেদি কৰতোৱা নদী পাৰ কৰাই আহে, আৰু তেতিয়াৰেপৰা আহোমসকলে নিজকে কামৰূপ ৰাজ্যৰ যোগ্য উত্তৰাধিকাৰীৰূপে গণ্য কৰিবলৈ লয়।[10]

পূৰ্ণ ৰূপ

প্ৰতাপ সিংহৰ শাসনকালত আহোম ৰাজ্যই ভালেখিনি পূৰ্ণতা পায়। "ফৈদ প্ৰথা" বাদ দি পাইক প্ৰথাক "খেল" প্ৰণালীৰ আধাৰত পুনৰ্সংগঠিত কৰা হয়। তেওঁৰ দিনতে বৰফুকন আৰু বৰবৰুৱাৰ পদ প্ৰতিষ্ঠা কৰা হয়। ৰাজ্যৰ পতনলৈকে ৰাজ্যগঠনৰ আন কোনো গুৰুত্বপূৰ্ণ সালসলনি হোৱা নাছিল।

১৭শ শতিকাত আহোম ৰাজ্য মোগলৰ পুনঃ পুনঃ আক্ৰমণৰ সন্মুখীন হয়। ১৬৬২ খ্ৰীষ্টাব্দত মীৰ জুমলাই নেতৃত্ব দিয়া তেনে এক আক্ৰমণত মোগলে ৰাজধানী গড়গাওঁ অধিকাৰ কৰে। কিছুদিন পিছতে শৰাইঘাটৰ যুদ্ধলাচিত বৰফুকনৰ নেতৃত্বত আহোমে মোগলক পৰাস্ত কৰে আৰু পশ্চিমে মানস নদীলৈকে নিজৰ সীমা বিস্তাৰ কৰে। শাসনক লৈ এক খেলিমেলি পৰ্বৰ পিছত গদাধৰ সিংহই ৰাজ্যত তুংখুঙীয়া ফৈদৰ ৰজাৰ শাসন আৰম্ভ কৰে।

তুংখুঙীয়া ৰজাসকলৰ শাসনকালত শান্তি বিৰাজ কৰাৰ লগতে কলা আৰু অভিযান্ত্ৰিক ক্ষেত্ৰতো ৰাজ্যই সফলতা লাভ কৰিছিল। শাসনৰ পিছৰফালে সামাজিক মতানৈক্য বাঢ়ি আহে আৰু মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হয়। বিদ্ৰোহীসকলে কিছুবছৰৰ বাবে ৰাজধানী ৰংপুৰ অধিকাৰ কৰে আৰু শেষত কেপ্তেইন ৱেল্‌ছৰ নেতৃত্বত ব্ৰিটিছে তেওঁলোকক আঁতৰাই পঠায়। ৰাজ্যৰ শক্তি লাহে লাহে টুটিবলৈ ধৰে আৰু মানৰ আক্ৰমণত আহোম ৰাজ্যৰ পতন হয়। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিমতে অসমৰ শাসন ব্ৰিটিছৰ হাতলৈ যায়।

আহোম অৰ্থনৈতিক ব্যৱস্থা

স্বৰ্গদেৱ গৌৰীনাথ সিংহৰ (১৭৮০-১৭৯৫ খ্ৰী:) ৰূপৰ মোহৰ, তিতাবৰ

আহোম ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থাৰ ভেঁটি আছিল পাইক প্ৰথা। পাইক প্ৰথা এক ধৰণৰ 'বাধ্যতামূলক শ্ৰমদান ব্যৱস্থা' (unfree labour/Corvee Labour)। এই প্ৰথা সামন্তবাদী বা এছীয়-প্ৰথা (কেন্দ্ৰীয়ভাৱে স্থিত শক্তিয়ে পাৰ্শ্বীয় অঞ্চলৰপৰা উৎপাদনৰ উৎবৃত্ত কাঢ়ি অনা এক ব্যৱস্থা। যাৰ প্ৰথম উল্লেখ কৰিছিল কাৰ্ল মাৰ্ক্স-য়ে।) আহোমসকলেই প্ৰথমে উজনি অসমত ধানৰ পানী খেতিৰ সূচনা কৰিছিল। ধান উৎপাদনৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰা উন্নত প্ৰযুক্তিৰ লগতে খাল-খান্দি, মথাউৰি বান্ধি জলসিঞ্চনৰ উপযুক্ত ব্যৱস্থা কৰি পতিত মাটিক খেতিৰ বাবে ব্যৱহাৰ কৰি তেওঁলোকে প্ৰথমাৱস্থাত ৰাজ্যৰ অৰ্থনৈতিক আন্তঃগাঁঠনি গঢ়ি তুলিছিল। যোড়শ শতিকাৰ আহোম ৰজা ছুক্লেনমুঙৰ শাসন কালত মুদ্ৰাৰ প্ৰচলন আৰম্ভ হৈছিল। অৱশ্যে পাইক প্ৰথাৰ অৱসান হোৱা নাছিল। সোতৰ শতিকাত আহোম ৰাজ্যই পশ্চিমৰ কোচ ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ কিছু অংশ নিজৰ অধীন কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতহে আহোম ৰাজ্যত ৰাজহ-ব্যৱস্থাৰ সূত্ৰপাত হয় আৰু ইয়াক নিজৰ প্ৰয়োজন অনুসৰি সাল-সলনি ঘটাই প্ৰৱৰ্তন কৰা হয়।

আহোম প্ৰশাসন

স্বৰ্গদেউ আৰু পাত্ৰমন্ত্ৰীসকল

আহোম ৰজাসকল মং মাওৰ পৰা অসমলৈ অহা প্ৰথম ৰজা চুকাফাৰ বংশধৰ আছিল। তেওঁক "স্বৰ্গদেউ" (টাই ভাষা: চাও-ফা) বুলি কোৱা হৈছিল। সাধাৰণতে উত্তৰাধিকাৰ সূত্ৰেই ৰজাৰ বাছনি হৈছিল, কিন্তু পৰিস্থিতি সাপেক্ষে মন্ত্ৰীসকলে ("ডাঙৰীয়া") আন আন কোনো বংশধৰক বাছনি কৰিছিল বা অধিষ্ঠিত ৰজাকো সলাব পাৰিছিল।

ডাঙৰীয়াসকল: ৰাজ্যশাসনত সহায় কৰিবলৈ চুকাফাই দুজন গোহাঁই পাতিছিল: বুঢ়াগোহাঁই আৰু বৰগোহাঁই। ১২৮০ চনত তেওঁলোকক শাসনৰ বাবে স্বতন্ত্ৰ অঞ্চল দিয়া হৈছিল। বুঢ়াগোহাঁইৰ অঞ্চল আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে শদিয়া আৰু গেৰেলুৱা নদীৰ মাজত, আৰু বৰগোহাঁইৰ অঞ্চল আছিল পশ্চিমফালে বুৰৈ নদীলৈকে।[11] সেই অঞ্চলৰ "পাইক"সকলৰ ওপৰত তেওঁলোকৰ পূৰ্ণ নিয়ন্ত্ৰণ আছিল। উচ্চ আহোম পৰিয়ালৰ লোকেৰে তেওঁলোকৰ পদ পূৰণ কৰা হৈছিল। স্বৰ্গদেউ পদৰ বাবে উপযুক্ত ৰাজকোঁৱৰ মন্ত্ৰীপদৰ বাবে উপযুক্ত নাছিল, আৰু তাৰ ওলোটাটোও। ১৬শ শতিকাত চুহুংমুং ৰজাই বৰপাত্ৰগোহাঁই বুলি তৃতীয় মন্ত্ৰীপদ এটাৰ সৃষ্টি কৰে। তেওঁৰ শাসিত অঞ্চল আছিল আন দুজন গোহাঁইৰ মাজত।

ৰাজকৰ্মীসকল: প্ৰতাপ সিংহই ৰজাৰ প্ৰতক্ষ্য অধীনস্থ দুটা পদৰ সৃষ্টি কৰে: বৰবৰুৱা আৰু বৰফুকন। এজন সামৰিক আৰু ন্যায়িক মুৰব্বী হিছাপে কাম কৰা বৰবৰুৱাৰ অধীনত আছিল কলিয়াবৰৰ পূবে থকা অঞ্চল। তেওঁ ব্যক্তিগত কামৰ বাবে পাইকৰ এটা কম অংশহে ব্যৱহাৰ কৰিব পাৰিছিল। বৰফুকন কলিয়াবৰৰ পশ্চিমৰ অঞ্চলত সামৰিক আৰু অসামৰিক নিয়ন্ত্ৰণৰ দায়িত্বত আছিল আৰু পশ্চিমে স্বৰ্গদেউৰ পৰিচালক হিছাপে কাম কৰিছিল।

পাত্ৰ মন্ত্ৰীসকল: পাঁচটা পদে "পাত্ৰ মন্ত্ৰী"ৰ পৰিষদ গঠন কৰিছিল। চুপিম্‌ফাৰ (১৪৯২-১৪৯৭) দিনৰ পৰা তাৰে এজন পাত্ৰ মন্ত্ৰীক "ৰাজমন্ত্ৰী" বা "বৰপাত্ৰ" (টাই ভাষাত "চেংলুং") পতা হয় যি জকাইচুক গাঁৱৰ এহেজাৰ অতিৰিক্ত পাইকৰ সেৱাৰ লগতে আন আন ক্ষমতা লাভ কৰিছিল।

আন বিষয়ববীয়াসকল

বৰবৰুৱা আৰু বৰফুকনৰ সামৰিক আৰু ন্যায়িক দায়িত্ব আছিল আৰু তেওঁলোকক দুখন বেলেগ বেলেগ "ফুকন"ৰ "চ'ৰা"ই সহায় কৰিছিল। বৰফুকনৰ "চ'ৰা" বহিছিল গুৱাহাটীত আৰু বৰবৰুৱাৰ "চ'ৰা" বহিছিল ৰাজধানীত। তদাৰকী বিষয়াসকলক "বৰুৱা" বুলি কোৱা হৈছিল। বিষয়াসকলৰ ভিতৰত ফুকনৰ পদ আছিল সৰ্বোচ্চ ক্ষমতাসম্পন্ন। তেওঁলোকৰ ছজন মিলি বৰবৰুৱাৰ পৰিষদ গঠন কৰাৰ লগতে নিজৰ নিজৰ দায়িত্ব পালন কৰিছিল। এহেজাৰ মানুহ লৈ ৰাজ নাৱৰ তদাৰক কৰা নৌবৈছা ফুকন, ভিতৰুৱাল ফুকন, ন ফুকন, দিহিঙীয়া ফুকন, ডেকা ফুকন আৰু নেওগ ফুকনে ফুকনৰ পৰিষদ গঠন কৰিছিল। বৰফুকনৰ তলতো তলতীয়া ফুকনৰ এখন পৰিষদ আছিল। তাৰ ভিতৰত আছিল ছয় হেজাৰ পাইকৰ দায়িত্বত থকা পানী ফুকন, দিহিঙীয়া ফুকন, নেক ফুকন আৰু দুজন চুতীয়া ফুকন।

বিছজনমান বৰুৱাৰ ভিতৰত আছিল ভাণ্ডাৰী বৰুৱা বা কোষাধক্ষ্য, ৰাজকীয় দোলাৰ দায়িত্বত থকা দুলীয়া বৰুৱা, শাস্তিৰ দায়িত্বত থকা চৌদাং বৰুৱা, ৰূপাঙ্কনৰ দায়িত্বত থকা খনিকৰ বৰুৱা, সোণাদাৰ বৰুৱা যি অলঙ্কাৰৰ কাম-কাজ চাইছিল, ৰাজ পৰিয়ালৰ চিকিৎসাৰ দায়িত্বত থকা বেজ বৰুৱা, জীৱ-জন্তুৰ তদাৰক কৰা হাতী বৰুৱা, ঘোঁৰা বৰুৱা আদি। আন বিষয়াসকল আছিল বাৰজন ৰাজখোৱা, কেইজনমান কটকী আৰু দলৈ। ৰাজখোৱাই সৰু অঞ্চল একোটা আৰু তিনিশ পাইকৰ তদাৰক কৰিছিল। তেওঁ স্থানীয় মতানৈক্য আঁতৰ কৰিছিল আৰু ৰাজহুৱা কামৰ নিৰীক্ষণ কৰিছিল। কটকীয়ে বিদেশী ৰাজ্য আৰু পাহাৰীয়া জনজাতিৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ লগতে ৰাজকীয় নথি লিখিছিল। দলৈসকলে জ্যোতিষবিজ্ঞান চৰ্চা কৰি গুৰুত্বপূৰ্ণ কামৰ বাবে তাৰিখ তথা সময় নিৰূপণ কৰিছিল।

শাসক

ৰাজপৰিয়ালৰ সদস্যই নিৰ্দিষ্ট অঞ্চল শাসন কৰিবলৈ পাইছিল। তেওঁলোকক "ৰজা" বোলা হৈছিল।

  • চাৰিং ৰজা: স্বৰ্গদেউৰ আপাত উত্তৰাধিকাৰী। তেওঁক বুঢ়ীদিহিং নদীৰ সোঁপাৰে জয়পুৰৰ ওচৰত স্থাপন কৰা হৈছিল।
  • টিপাম ৰজা: উত্তৰাধিকাৰৰ ক্ষেত্ৰত দ্বিতীয়জন।
  • নামৰূপ ৰজা: উত্তৰাধিকাৰৰ ক্ষেত্ৰত তৃতীয়জন।

তলখাপৰ পদত থকা ৰাজপৰিয়ালৰ সদস্যক "মেল" নামৰ অঞ্চলসমূহ দিয়া হৈছিল। তেওঁলোকক "মেলদঙীয়া" বা "মেলখোৱা ৰজা" বোলা হৈছিল। তাতোকৈ তলৰ পদত আছিল "মেলডঙীয়া গোহাঁই"। তাৰ ভিতৰত আছিল "মাজুমেলীয়া গোহাঁই" আৰু "সৰুমেলীয়া গোহাঁই"।[12]

ৰাজপৰিয়ালকো নিৰ্দিষ্ট "মেল" দিয়া হৈছিল। ৰাজেশ্বৰ সিংহৰ দিনত তেনে মেল বাৰখন হৈছিল। তাৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ আছিল বৰৰাণীক দিয়া "ৰাইডঙীয়া মেল"।[13]

পূৰ্বে সামৰিক দায়িত্বত থকা কিছুমান বিষয়াক নিৰ্দিষ্ট অঞ্চলৰ প্ৰশাসনৰ দায়িত্ব দিয়া হৈছিল। তেওঁলোকক গোহাঁই বাবৰ উপযুক্ত পৰিয়ালৰ পৰা নিযুক্তি দিয়া হৈছিল।

  • শদিয়া খোৱা গোহাঁই: ১৫২৩ চনত চুতীয়া ৰাজ্য জয়ৰ পিছত লাভ কৰা অঞ্চলসমূহ শদিয়াৰ পৰা চোৱাচিতা কৰিছিল।
  • মৰঙী খোৱা গোহাঁই: ধনশিৰি নৈৰ পশ্চিমে নগা অঞ্চলৰ লগত লাগি থকা ঠাই চোৱাচিতা কৰিছিল।
  • সলাল গোহাঁই: বৰফুকনৰ মুখ্য কাৰ্যালয় গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ পিছত নগাঁৱৰ এক বৃহৎ অংশ আৰু চাৰিদুৱাৰৰ কিছু অংশৰ প্ৰশাসনৰ দায়িত্বত আছিল।
  • কাজলিমুখীয়া গোহাঁই: বৰফুকনৰ তলত সেৱা আগবঢ়াইছিল। কাজলিমুখ চোৱাচিতা কৰাৰ লগতে জয়ন্তীয়া আৰু ডিমৰুৱাৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল।[14]
  • জাগীয়াল গোহাঁই: বৰবৰুৱাৰ তলত সেৱা আগবঢ়াইছিল। নগাঁৱৰ জাগীৰ প্ৰশাসন চম্ভালাৰ লগতে সাতজন জনজাতীয় মুৰব্বী "সাত ৰজা"ৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল। [15]

তলখাপৰ ৰাজবিষয়াক ৰাজখোৱা বোলা হৈছিল। তেওঁলোকৰ মাজত আছিল:

  • বচা
  • দৰং
  • চলাগুৰি
  • অভয়পুৰ

পৰাধীন ৰজা বা সমন্তসকলকো "ৰজা" বুলি কোৱা হৈছিল। ৰাণী অঞ্চলৰ ৰজাৰ বাহিৰে সকলোৱে বাৰ্ষিক কৰ পৰিশোধ কৰিছিল। প্ৰয়োজন হোৱা সময়ত পাইক আৰু আন সম্পদ এইসকল ৰজাই যোগাৰ কৰি দিব লাগিছিল।

  • দৰং ৰজাই পিছৰ যুগৰ দৰং জিলাৰ অঞ্চল শাসন কৰিছিল। তেওঁলোক আছিল কোচ ৰাজবংশৰ সেনাপতি চিলাৰায়ৰ পৰিনাতি সুন্দৰ নাৰায়ণৰ বংশধৰ।
  • ৰাণী
  • বেলতলা ৰজাই গুৱাহাটীৰ দক্ষিণ-পশ্চিম অঞ্চল শাসন কৰিছিল। তেওঁলোক চিলাৰায়ৰ নাতি গজ নাৰায়ণৰ বংশধৰ আছিল।
  • লুকী
  • বৰদুৱাৰ
  • ডিমৰুৱা
  • তপকুচী

পাইক প্ৰথা

পাইক প্ৰথা আহোমসকলৰ ৰাজত্ব কালত প্ৰচলিত এক প্ৰথা আছিল। বিশ্বাস কৰা হয় যে, এই প্ৰথাটো দক্ষিণ-পূব এছিয়াত প্ৰচলিত আছিল। আহোমসকল ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ অহাৰ পিছত এই প্ৰথাৰ প্ৰচলন কৰে। এই প্ৰথাটোকে ১৬০৯ খ্ৰীষ্টাব্দত মোমাই তামূলী বৰবৰুৱাই কিছু সাল-সলনি কৰি নতুনকৈ প্ৰচলন কৰে। বিজ্ঞসকলে মত প্ৰকাশ কৰে যে, এই পাইক প্ৰথাই আহোমসকলৰ পতনৰ মূল কাৰণ আছিল।

আহোম ৰাজ্যৰ ৰাজবংশীয় লোক, পুৰোহিত, উচ্চ বৰ্গৰ জাতি অথবা দাস সকলৰ বাদ দি পোন্ধৰৰ পৰা পঞ্চাশ বছৰ বয়সীয়া সকলো পুৰুষকেই পাইক বোলা হৈছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত প্ৰায় ১৭১৪ খ্ৰীষ্টাব্দত মুঠ জনসংখ্যাৰ প্ৰায় ৯০% শতাংশ লোক এই শ্ৰেণীৰ অন্তৰ্গত আছিল। এই প্ৰথা অনুসৰি অসমৰ প্ৰাপ্তবয়স্ক মানুহবিলাকক কিছুমান খেলত বিভক্ত কৰা হৈছিল। প্ৰতি খেলৰে নাও তৈয়াৰ কৰা, নাও সজা, গৃহ নিৰ্মাণ কৰা, ৰচদ যোগান ধৰা, আলি-পদূলি নিৰ্মাণ কৰা, ৰাজহ তোলা, হাতী ধৰা, শেন চোৱা, হাবি-বন পৰিদৰ্শন কৰা আদি বিভিন্ন কৰ্ম আছিল। খেলবিলাকৰ ওপৰত ফুকন, বৰুৱা, ৰাজখোৱা প্ৰভৃতি আছিল।

মাটিৰ জোখ-মাখ

গদাধৰ সিংহই স্বৰ্গদেউ হোৱাৰ পূৰ্বে কামৰূপত লুকাই থকা কালত মোগলৰ ভূমি জোখাৰ প্ৰণালীৰ লগত পৰিচিত হৈছিল। মোগলৰ লগত যুদ্ধ শেষ হোৱাৰ লগে লগে তেওঁ নিজৰ ৰাজ্যতো তেনে প্ৰণালী আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। এই কামৰ বাবে কোচবিহাৰ আৰু বঙ্গৰ পৰা জৰীপকাৰী মানুহ অনা হৈছিল। প্ৰথমতে শিৱসাগৰত জৰীপ আৰম্ভ কৰা হয়, কিন্তু গদাধৰ সিংহৰ মৃত্যুলৈকে সেয়া শেষ নহ'ল। তাৰপিছত ৰুদ্ৰ সিংহৰ দিনত নগাঁৱত জৰীপৰ কাম আৰম্ভ হয়। বুৰঞ্জীবিদসকলৰ মতে এই কামত ১২ ফুট (৩.৭ মিটাৰ) দৈৰ্ঘ্যৰ "নাল" বা বাঁহেৰে মাটি এটুকুৰাৰ চাৰিওদিশ জোখা হৈছিল আৰু মাটিকালি গণনা কৰা হৈছিল। মাটিৰ একক আছিল "লোচা" বা ১৪৪ বৰ্গফুট (১৩.৪ বৰ্গমিটাৰ) আৰু ১৪৪,০০ বৰ্গফুট (১,৩৪০ বৰ্গমিটাৰ) অঞ্চলক "বিঘা" বুলি কোৱা হৈছিল। চাৰি বিঘাই হৈছিল এক "পূৰা"। আধুনিক যুগতো অসমত এনে প্ৰণালী ব্যৱহাৰ কৰা হয়।

বিষয়বাবৰ শ্ৰেণী

তৃতীয় আহোম ৰজা চুবিন্‌ফাই (১২৮১-১২৯৩) আহোমৰ অভিজাত সাতটা বংশক "সাতঘৰীয়া আহোম" নাম দিয়ে। ইয়াৰে প্ৰথমটো বংশ আছিল ৰজাৰ। দ্বিতীয় আৰু তৃতীয় বংশ আছিল ক্ৰমে বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ। শেষৰ চাৰিটা বংশ আছিল আহোম পুৰোহিত শ্ৰেণী "দেওধাই", "মহন", "বাইলুং" আৰু "চিৰিং"। পিছলৈ এই পদ্ধতি বিস্তাৰ কৰা হয়। ৰজা কেৱল প্ৰথম পৰিয়ালতহে থাকিব পাৰিছিল; বুঢ়াগোহাঁই আৰু বৰগোহাঁই কেৱল দ্বিতীয় আৰু তৃতীয় পৰিয়ালত। নামনি অসমৰ প্ৰশাসক চুতীয়া জনগোষ্ঠীয় আছিল। আনহাতে বৰবৰুৱাসকল আছিল মৰাণ, কছাৰী, চিৰিং আৰু খামটি সম্প্ৰদায়ৰ।[16] পিছলৈ নগা, মিচিং আৰু নৰা লোক "বাইলুং" গোটত সুমায়। এইসকল মাটি থকা উচ্চখাপৰ আৰু পুৰোহিত শ্ৰেণীৰ লোকে কোনো কৰ দিব নালাগিছিল।

"আপাইকন চমুৱা"সকল "খেল"ৰ পৰা মুক্ত আছিল আৰু কেৱল ধনেৰে কৰ দিব লাগিছিল। কলা, সাহিত্যত পাৰ্গতালি থকা "পাইকন চমুৱা"সকলে কৰৰ বাবদ নিজৰ কামেৰে খাটিছিল। "কন্ৰী পাইক"সকলে শাৰিৰীক শ্ৰম কৰিছিল। আটাইতকৈ তলত আছিল "লিক্‌চৌ", "বান্দী-বেটী" আৰু তেনে কাম কৰা লোকসকল। শ্ৰেণীবোৰ অৱশ্যে সদায় ধৰাবন্ধা নাছিল। মোমাই তামূলী বৰবৰুৱাই একেবাৰে তলখাপৰ পৰা আহি প্ৰতাপ সিংহৰ দিনত দিনত প্ৰথম বৰবৰুৱাৰ পদ লাভ কৰিছিল।

সমৰ সজ্জা

যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে আহোমসকলে ট্ৰেন নামৰ এক উপাস্য দেৱতাৰ পূজা অনুষ্ঠিত কৰিছিল। আহোম সকলৰ স্থলসেনাৰ বিভাগটোৰ লগতে এটা নৌসেনা বিভাগো আছিল। স্থলযুদ্ধৰ মূল সেনাপতি গৰাকীক ফুকন আৰু নৌসেনা বিভাগৰ সেনাপতি গৰাকীক পানী ফুকন খিতাপ দিয়া হৈছিল। সেনাপতিৰ তলৰ সেনাপতি কেইগৰাকীক বৰ নেওগ আৰু নেওগ হিচাবে জনা গৈছিল।

যুদ্ধলৈ যাওঁতে আহোমে সেনাবাহিনীয়ে কেইগৰাকী মান পণ্ডিত লগত লৈ গৈছিল। ইয়াৰ ভিতৰত বেজবৰুৱা, বাইলুং, দেওধাই আদিয়ে প্ৰধান। বেজবৰুৱা সকলে সাধাৰণতে যুদ্ধত আহত সৈনিক সকলৰ চিকিৎসা কৰিছিল আনহাতে বাইলুং, দেওধাই আদি সকলে গণকৰ কাম কৰিছিল। কোন দিশৰ পৰা কেনেকৈ আক্ৰমণ কৰিব লাগে, অথবা কোন দিশৰপৰা শত্ৰুৱে আক্ৰমণ কৰাৰ সম্ভাৱনা বেছি ইত্যাদিৰ কথা গণক সকলে গণনা কৰি উলিয়াইছিল।

প্ৰয়োজন সাপেক্ষে আহোম ৰাজদৰবাৰৰ মুখ্য বিষয়াসকল যেনে বৰফুকন, বৰবৰুৱা আদিয়েও যুদ্ধক্ষেত্ৰত গৈ যুদ্ধ কৰিছিল। কেতিয়াবা স্বৰ্গদেউয়েও নিজেই গৈ যুঁজিছিল। প্ৰধান বিষয়াসকলে মূলতঃ হাতীৰ পিঠিত উঠি যুদ্ধ কৰিছিল।

যুদ্ধৰ সময়ত কোনো আহোম সৈন্য যুদ্ধ আধাতে এৰি পলাই সাৰিব নোৱাৰিছিল। সেয়া লাগিলে সেনাপতিয়েই হওক অথবা সৈন্যয়েই হওক। এওঁলোকক কঠোৰতম শাস্তি বিহা হৈছিল। আন আন সেনাসকলৰ সন্মুখত এওঁলোকক হত্যা কৰা হৈছিল যাতে ভৱিষ্যতে আন সেনাসকল যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিবলৈ সাহ নকৰে।

যুদ্ধ সামগ্ৰী

প্ৰথমাৱস্থাত আহোমসকলে যুদ্ধত কাঁড়, হেংদান, দা, যাঠি আদি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকে হিলৈ বৰতোপ আদিও ব্যৱহাৰ কৰিছিল। আহোম যুগত যুদ্ধ আদিত ঘাইকৈ ব্যৱহৃত হোৱা কেইবিধ মান হিলৈ আছিল বৰহিলৈ, তোৱা, জুমুৰী, তৱকী, গঠীয়া, হলঙি, চুটিয়া হিলৈ, পোটকটা হিলৈ, চেঙা হিলৈ, খঁৰা হিলৈ।[17] অসমৰ কেইখনমান নিৰ্দিষ্ট স্থানত যুদ্ধৰ সামগ্ৰী সমূহ তৈয়াৰ কৰা হৈছিল। ইয়াৰোপৰি বোমা বাৰুদত ব্যৱহৃত খাৰ নিৰ্মাণতো আহোম সকল আগৰণুৱা আছিল। এই খাৰবোৰ নিৰ্মাণৰ তদাৰক কৰিছিল এগৰাকী আহোম বিষয়াই যাক খাৰঘৰীয়া ফুকন হিচাবে জনা গৈছিল।

আহোম যুগৰ বৰটোপৰ গুলী

আৰু চাওক

টোকা

  1. Kakati, Dr. B.K. (1941). "Assamese:Its formation and development : Dr. B.K. Kakati : Free Download, Borrow, and Streaming : Internet Archive". Internet Archive. পৃষ্ঠা: 3. https://archive.org/details/AssameseitsFormationAndDevelopment/page/n37/mode/1up আহৰণ কৰা হৈছে: September 26, 2024.
  2. Gohain 2018.
  3. Kakati,Banikanta,Assamese, Its Formation and Development: A Scientific Treatise on the History and Philology of the Assamese Language, Being a Thesis Approved for the Ph.D. Degree of the Calcutta University in 1935, 1995, LBS Publication,https://books.google.co.in/books?id=OTSrmQEACAAJ&dq,https://archive.org/details/AssameseitsFormationAndDevelopment/page/n3}}
  4. Gohain, Birendra kr. Origin of the Tai and Chao Lung Hsukapha: A Historical Perspective. https://books.google.co.in/books?id=k01uAAAAMAAJ.
  5. (শইকীয়া২০০৪:187)
  6. (দেওধাই ফুকন,বৰুৱা ১৯৬৪:89)
  7. "The history of medieval Assam : (from the thirteenth to the seventeenth century) ; a critical and comprehensive history of Assam during the first four centuries of Ahom rule, based on original Assamese sources, available both in India and England : Acharyya, N. N : Free Download, Borrow, and Streaming : Internet Archive". Internet Archive. October 23, 2016. পৃষ্ঠা: 43. https://archive.org/details/dli.pahar.3309/page/43/mode/1up আহৰণ কৰা হৈছে: September 28, 2024.
  8. (Gogoi 1968:266)
  9. (Guha 1983:12)
  10. (Guha 1983:24), and notes.
  11. (Gogoi 2002:42)
  12. (Gogoi 2002:43)
  13. (Gogoi 2002:43)
  14. (Gogoi 2002:44)
  15. (Gogoi 2002:44)
  16. "Most of the Borbaruas were selected from Moran, Kachari, Chiring and Khamti families. The office of the Governor general, lower Assam, was appointed from a Chutiya family."(Gogoi 2006:9)
  17. আসামীছ অনলাইন Archived 2023-04-12 at the Wayback Machine তথ্য সংগ্ৰহৰ তাৰিখ- ৩ জুন, ২০১২

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

স্থানাংক: 26°55′59″N 94°44′53″E / 26.93306°N 94.74806°E / 26.93306; 94.74806