ৰংঘৰ
| চ'-ৰুণ 𑜋𑜦𑜡 𑜍𑜢𑜤𑜃 𑜫:
ৰংঘৰ | |
|---|---|
ৰংঘৰৰ সন্মুখৰ দৃশ্য | |
| সাধাৰণ তথ্য | |
| স্থাপত্য শৈলী | আহোম স্থাপত্য |
| শ্ৰেণীবিভাজন | মুকলি প্ৰেক্ষাগৃহ |
| অৱস্থিতি | ৰূপহী পথাৰ, অসম ট্ৰাংক ৰোড, শিৱসাগৰ |
| স্থানাংক | 26°58′01″N 94°37′08″E / 26.9670°N 94.6190°Eস্থানাংক: 26°58′01″N 94°37′08″E / 26.9670°N 94.6190°E |
| Renovated | ১৭৪8 |
| প্ৰযুক্তিৰ বিৱৰণ | |
| গঠন পদ্ধতি | ইটা আৰু থলুৱা সামগ্ৰীৰে তৈয়াৰী চিমেণ্ট |
চ'-ৰুণ (টাই-আহোম: 𑜋𑜦𑜡 𑜍𑜢𑜤𑜃 𑜫:[1]) আধুনিক নাম ৰংঘৰ (ইংৰাজী: Rang Ghar) হ'ল এছিয়াৰ সবাতোকৈ পুৰণি মুকলি প্ৰেক্ষাগৃহ।[2][3] এই প্ৰেক্ষাগৃহৰ প্ৰাৰম্ভিক গঠন চাওফা চুখ্ৰংফাই আৰু পাছলৈ স্থায়ী গঠন ১৭৪৪ত চাওফা চুণেণফাই অসমৰ তেতিয়াৰ ৰাজধানী চে'-মুন বা ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠানসমূহ উপভোগ কৰিবলৈ নিৰ্মাণ কৰিছিল।[4] সমূখৰ এটা সৰু গঠন পাছলৈ ব্ৰিটিছৰ দিনত ভাঙি পেলোৱা হৈছিল। বৰ্তমান ই শিৱসাগৰ চহৰৰ পৰা ৩ কিলোমিটাৰ আঁতৰত অসম ট্ৰাঙ্ক ৰোডৰ দাঁতিত অৱস্থিত।[3][5] প্ৰেক্ষাগৃহটো এতিয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰতিনিধিত্ব আৰু অসমীয়া সংস্কৃতি আৰু কীৰ্তিচিহ্নসমূহৰ প্ৰতীকী প্ৰতিনিধিত্ব হিচাপে স্বীকৃতি পাইছে।
বুৰঞ্জী
[সম্পাদনা কৰক]নিৰ্মাণ
[সম্পাদনা কৰক]প্ৰাৰম্ভিক গঠন
[সম্পাদনা কৰক]প্ৰেক্ষাগৃহটোৰ কাঠ আৰু বাঁহেৰে প্ৰাৰম্ভিক গঠন চাওফা চুখ্ৰংফাই নিৰ্মাণ কৰিছিল।[6]
স্থায়ী গঠন
[সম্পাদনা কৰক]পকী ৰূপত ১৭৪৪ত চাওফা চুণেণফাই প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰে। ৰংঘৰ নিৰ্মাণ কাৰ্য সাধাৰণতে থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰিছিল। বিশেষকৈ বৰালি মাছ,বৰা চাউল,হাঁহ কণী,মাটি মাহ অন্যান্য কিছুমান বস্তুৰ সংমিশ্ৰণক বিশেষ ভাৱে চিমেণ্ট প্ৰস্তুত কৰাৰ লগতে মাটিৰে তৈয়াৰী ইটাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। ইয়াৰ দেৱালসমূহত দেৱ-দেৱীৰ, সিংহ, হাতী আদি বিভিন্ন চিত্ৰ অংকন কৰিছিল। ৰংঘৰৰ আকৃতি দুই খলপীয়া ইটাবৰণীয়া এটা খেল উপভোগ কৰা ঘৰ। ই দেখিবলৈ হাঁহ কণীৰ দৰে। ৮৮ফুট আৰু ৩৬.৫ফুট বহল পেভিলিয়নত একেলগে বহি আহোম ৰাজপৰিয়ালে উপভোগ কৰিছিল খেল আৰু বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহূৰ্ত। ৰংঘৰ ভেটিটো আঠকুনীয়া আৰু মূৰ দুটা ট্ৰেপেজিয়ামৰ আকৃতিৰ যি টাই ভাস্কৰ্য্য কলাৰ নিদৰ্শন।[7] অৰ্দ্ধ-বৃত্তাকৃতিৰ চালত সামান্য ইছলামিক স্থাপত্যৰ প্ৰভাৱ দেখা গৈছে।[8] চূড়াত দুটাকৈ আহোম ড্ৰেগন ঙি ঙাও খামে নিৰ্মিত।[9] পোৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰত কোনো ধাতুৰ ব্যৱহাৰ কৰা হোৱা নাই। ইটা জোৰা লগাবলৈ মাটিমাহ, হাঁহকণী, বৰা চাউল আদি সামগ্ৰীৰে কৰাল তৈয়াৰ কৰা হৈছিল।[10]
সৰু গঠন
[সম্পাদনা কৰক]ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ আধাৰত অসমক শাসনলৈ অনা পাছত ব`থান নামৰ ইংৰাজ বিষয়াজনে ১,৩০০টকাত ৰংঘৰ আৰু তলাতল,কাৰেংঘৰ বেৰ দুখন কেনকণ আলিক বিক্ৰী কৰিছিল। ৰংঘৰৰ সন্মুখত আন এটা সৰু পকী ৰংঘৰ আছিল, যিটো কেৰকণ আলিয়ে ধ্বংস কৰিলে।
ব্যৱহাৰ
[সম্পাদনা কৰক]ৰংঘৰক ৰূপহী পথাৰত অনুষ্ঠিত ম’হৰ যুঁজ, হাতী যুঁজ, মল্লযুঁজ ৰু নৃত্য প্ৰদৰ্শনৰ অনুষ্ঠান প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা হৈছিল।[11] ইয়াত ৰাজপৰিয়ালৰ লগতে চুবুৰীয়া ৰাজ্যৰ ৰাজপৰিয়াল আৰু কৰতলীয়া জনজাতীয় বৰমুৰীয়া সকলকো নিমন্ত্ৰণ কৰা হৈছিল।[2]
ঐতিহ্য আৰু প্ৰতীক
[সম্পাদনা কৰক]ৰংঘৰৰ ঐতিহাসিক তাৎপৰ্যৰ প্ৰতি লক্ষ্য ৰাখি ২০০৭ চনত অসমত অনুষ্ঠিত হোৱা ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে ৰং ঘৰক প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল।[12] ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা প্ৰেক্ষাগৃহৰ নামো ৰংঘৰ প্ৰেক্ষাগৃহ ৰখা হৈছে।[13] শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত ৰংঘৰৰ প্ৰতিৰূপ এটা নিৰ্মিত আছে।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Ahom-Assamese-English Dictionary". পৃষ্ঠা: 196–197. https://ia801408.us.archive.org/2/items/in.ernet.dli.2015.463794/2015.463794.Ahom-assamese-english-Dictionary.pdf। আহৰণ কৰা হৈছে: 18 Apr 2026.
- 1 2 District Administration, Sivasagar. "Rangghar" (en ভাষাত). Government of Assam. https://sivasagar.assam.gov.in/tourist-place-detail/276। আহৰণ কৰা হৈছে: 2026-04-18.
- 1 2 "Ranghar - onlinesivasagar.com". onlinesivasagar.com. Archived from the original on 2017-05-01. https://web.archive.org/web/20170501044932/http://onlinesivasagar.com/tourism/ranghar.htm। আহৰণ কৰা হৈছে: 29 জুলাই 2013.
- ↑ "Assam Monuments and Museums - Rang Ghar". mapsofindia.com. http://www.mapsofindia.com/assam/tourism/monuments-and-museum.html। আহৰণ কৰা হৈছে: 29 জুলাই 2013.
- ↑ Kongkon K Bora (September 15, 2011). "Rangghar: the oldest amphitheatre in Asia". assamtribune.com. assam tribune. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304052252/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep1511%2Fstate05। আহৰণ কৰা হৈছে: 29 জুলাই 2013.
- ↑ Bora, Kongkon K (15 Sep 2010). "Rangghar: the oldest amphitheatre in Asia". The Assam Tribune. https://assamtribune.com/amp/rangghar-the-oldest-amphitheatre-in-asia। আহৰণ কৰা হৈছে: 18 Apr 2026.
- ↑ Bora, Kongkon K (15 Sep 2010). "Rangghar: the oldest amphitheatre in Asia". The Assam Tribune. https://assamtribune.com/amp/rangghar-the-oldest-amphitheatre-in-asia। আহৰণ কৰা হৈছে: 18 Apr 2026.
- ↑ Bora, Kongkon K (15 Sep 2010). "Rangghar: the oldest amphitheatre in Asia". The Assam Tribune. https://assamtribune.com/amp/rangghar-the-oldest-amphitheatre-in-asia। আহৰণ কৰা হৈছে: 18 Apr 2026.
- ↑ Sarma 2017, pp: 17 NGI NGAO KHAM- A Mythical Figure of Tai Ahom People of Assam ,Dr. Rabindranath Sarma, Journal of Research in Humanities and Social Science, Vol.5 ~ Issue 5 (2017) pp: 14-18 ISSN(Online) : 2321-9467
- ↑ "onlinesivasagar.com". Archived from the original on May 1, 2017. https://web.archive.org/web/20170501044932/http://onlinesivasagar.com/tourism/ranghar.htm। আহৰণ কৰা হৈছে: March 29, 2012.
- ↑ "Explore Rang Ghar, Asia's first amphitheatre". Times of India Travel. 3 Sep 2022. https://timesofindia.indiatimes.com/travel/destinations/explore-rang-ghar-asias-first-amphitheatre/amp_articleshow/93967122.cms। আহৰণ কৰা হৈছে: 18 Apr 2026.
- ↑ "Assam's Rang Ghar: Asia's oldest amphitheatre". 30 Stades. 30 Oct 2022. https://30stades.com/2022/10/30/assams-rang-ghar-asias-oldest-amphitheatre-ahom-kings-architecture/। আহৰণ কৰা হৈছে: 18 Apr 2026.
- ↑ "Dibrugarh University". Dibrugarh University. https://www.dibru.ac.in/amenities-infrastructure/auditorium-and-conference-halls। আহৰণ কৰা হৈছে: 18 Apr 2026.
- ↑ "Srimanta Sankaradeva Kalakshetras is a cultural landmark in". Prag News. 27 Jun 2025. https://pragnews.com/en/srimanta-sankaradeva-kalakshetra। আহৰণ কৰা হৈছে: 18 Apr 2026.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৰংঘৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Rang Ghar Archived 2017-05-01 at the Wayback Machine
- National Games logo Archived 2008-03-12 at the Wayback Machine
- Rangghar: the oldest amphitheatre in Asia Archived 2016-03-04 at the Wayback Machine