তলাতল ঘৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্থানাংক: 26°57′58″N 94°37′29″E / 26.9660605°N 94.624648°E / 26.9660605; 94.624648

তলাতল ঘৰ

তলাতল ঘৰৰ দৃশ্য, শিৱসাগৰ
সাধাৰণ তথ্য
স্থাপত্য শৈলী আহোম ৰাজ্যকালীন স্থাপত্য
অৱস্থিতি শিৱসাগৰ, অসম, ভাৰত
স্থানাংক 26°55′25″N 75°49′36″E / 26.923611°N 75.826667°E / 26.923611; 75.826667
নিৰ্মাণ আৰম্ভ ১৭৫১
সম্পূৰ্ণ ১৭৬৯
প্ৰযুক্তিৰ বিৱৰণ
গঠন পদ্ধতি ইটা আৰু বিশেষ প্ৰকাৰৰ স্থানীয় বিলাতী মাটি
নক্সা আৰু নিৰ্মাণ
গ্ৰাহক স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ
স্থাপত্যবিদ ঘনশ্যাম

তলাতল ঘৰ (ইংৰাজী: Talatal Ghar) অসমশিৱসাগৰৰ ৰংপুৰত অৱস্থিত আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। এই মহলটো আহোম স্থাপত্যকলাৰ এক উল্লেখযোগ্য নিদৰ্শন। এই ঐতিহ্যপূৰ্ণ ৰাজপ্ৰাসাদটো আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (খ্ৰীষ্টাব্দ ১৭৫১-৬৯) তেওঁৰ ৰাজত্ব কালত সজাইছিল। এই ৰাজপ্ৰাসাদটিৰ কোঠালীবোৰ সমান্তৰালকৈ সজোৱা আৰু ইয়াৰ কাৰুকাৰ্য মোগল শিল্প শৈলীৰ লগত সাদৃশ্য থকা দেখা যায়। ইয়াৰ প্ৰত্যেকটো কক্ষ একোটা সৰু পথেৰে সংলগ্ন। ইয়াৰ প্ৰথম মহলৰ ওপৰ ভাগ উন্মুক্ত আৰু কোঠালীবোৰ অসমীয়া গৃহবিন্যাস আৰ্হিৰে সজোৱা। এই ৰাজপ্ৰাসাদৰ পশ্চিম দিশত এটি আঠকোণীয়া মন্দিৰ আছে। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ।[1]

শেহতীয়া প্ৰত্নতাত্বিক খনন কাৰ্য্যৰ দ্বাৰা জুইয়ে পোৰা কাঠৰ স্তম্ভ, স্তম্ভৰ গাঁতৰ চিহ্ন, পোৰা ইটাৰ তিনিস্তম্ভৰ যুক্ত ভগ্নাৱশেষৰ লগতে উত্তৰ আৰু পশ্চিম দিশত একোটিকৈ পদপথ উদ্ধাৰ কৰা হৈছে। কাঠৰ স্তম্ভৰ অৱশেষ আৰু গাঁতৰ চিহ্নই এই পকী ৰাজপ্ৰাসাদৰ স্থানত পূৰ্বতে স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত কাঠেৰে নিৰ্মাণ কৰা ৰাজকীয় আবাস আছিল বুলি প্ৰমাণ কৰে।

ইতিহাস[সম্পাদনা কৰক]

১৭০২-০৩ চনত স্বৰ্গদেউ ৰুদ্ৰ সিংহই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰে। প্ৰায় এক শতিকা ধৰি ৰংপুৰ ৰাজধানী হিচাপে আছিল। এই ঠাইখন শিৱসাগৰ চহৰৰ পশ্চিম অংশত অৱস্থিত। এই ৰাজমহলটো সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহ‍ই ১৬৯৮ চনত সাজি উলিয়াইছিল।[2] ৰংপুৰ আহোম ৰাজ্যৰ ৰাজধানীৰ উপৰিও কেন্দ্ৰীয় সৈনিক বাহৰ আছিল।

স্থাপত্য[সম্পাদনা কৰক]

স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ মৃত্যুৰ পিছত মহলটোৰ বহুখিনি সালসলনি কৰা হয় আৰু ইয়াৰ আকৃতি অনিয়মিত হৈ পৰে। বৰ্তমানৰ কেইবামহলীয়া তলাতল ঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত ১৭৫১-১৭৬৯ চনৰ ভিতৰত সাজি উলিওৱা হৈছিল।[3] ইয়াত আহোম ড্ৰেগন ঙি ঙাও খামৰ ভাস্কৰ্য দেখা যায়।[4]

পূবৰ পৰা পশ্চিমলৈ দীঘলীয়া কৰিড'ৰ থকা কেইবাটাও কোঠালী আছে আৰু উত্তৰৰ পৰা দক্ষিণলৈ কেইবাটাও সৰু লানি আছে। প্ৰসাদটো সাতমহলীয়া; চাৰিটা মহল মাটিৰ ওপৰত আৰু তিনিটা মহল মাটিৰ তলত আছে। তলৰ মহলটো আস্তাবল, ভঁৰাল আৰু লগুৱাৰ কোঠা হিচাপে ব্যৱহৃত হৈছিল। ৰাজকীয় কোঠালীবোৰ ওপৰৰ মহলাত আছিল। উত্তৰফালৰ ফালৰ লানিৰ আঠকোণীয়া 'পূজা ঘৰ'ৰ ওচৰত থকা ৰাজকীয় কোঠাকেইটাৰ বাহিৰে আনবোৰ বৰ্তমান দেখা নাযায়। দক্ষিণফালে থকা অকলশৰীয়া কোঠাটো ৰাণীয়ে ব্যৱহাৰ কৰিছিল বুলি অনুমান কৰা হয়।[5][6]

স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ‍ই প্ৰসাদটোত মাটিৰ তলত তলাতল ঘৰ নামৰ তিনিটা মহল যোগ দিয়ে। এইকেইটা ইটা আৰু এবিধ থলুৱা চিমেণ্টেৰে সজা হৈছিল। ইয়াৰ স্থাপত্যৰ সমসাময়িক মোগলসকলৰ মিল আছে।[1] লগত স্বৰ্গদেউ ৰুদ্ৰ সিংহ‍ৰ দিনৰ আন চাৰিটা মহল কাঠেৰে নিৰ্মিত আছিল যিবোৰ সম্পূৰ্ণভাৱে ধ্বংস হয়। তলাতল ঘৰত মাটিৰ তলত দুটা গোপন সুৰংগ আছিল। তাৰে এটাৰ দৈৰ্ঘ্য আছিল প্ৰায় ৩ কিলোমিটাৰ যি দিখৌ নৈৰ লগত সংযোগী আছিল। প্ৰায় ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আনটো সুৰংগ‍ই তলাতল ঘৰক গড়গাঁৱৰ কাৰেং ঘৰৰ লগত সংযোগ কৰিছিল। শত্ৰুৰ আক্ৰমণত আত্মগোপন কৰাৰ বাবেএইকেইটা নিৰ্মাণ কৰা হৈছিল।[7]

বৰ্তমান দৰ্শনাৰ্থীয়ে মাটিৰ ওপৰৰ দুটা মহলৰ লগতে আৰু তৃতীয় আৰু চতুৰ্থ মহলৰ বাকী ৰোৱা অংশ চাব পাৰে। মাটিৰ তলৰ মহলাকেইটা বন্ধ কৰি দিয়া হৈছে আৰু প্ৰসাদটোৰ কাঠেৰে নিৰ্মিত গঠনো ধ্বংস হৈছে। তলাতল ঘৰৰ চাৰিওফালে ইটাৰ দেৱাল আৰু পানীৰে আৱৰি থকা মাটিৰ গড় আছিল। প্ৰাসাদটোৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ জমা ৰখা 'খাৰ ঘ'ৰ এটা আছে।

চিত্ৰ ভঁৰাল[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

টোকা[সম্পাদনা কৰক]

  1. 1.0 1.1 "Talatal Ghar (Kareng Ghar of Rangpur)". OnlineSivasagar.com. http://onlinesivasagar.com/tourism/talatal-ghar.html। আহৰণ কৰা হৈছে: January 23, 2013. 
  2. (Nath 2005:71–72)
  3. (Nath 2005:72)
  4. Sarma 2017, pp: 17 NGI NGAO KHAM- A Mythical Figure of Tai Ahom People of Assam ,Dr. Rabindranath Sarma, Journal of Research in Humanities and Social Science, Vol.5 ~ Issue 5 (2017) pp: 14-18 ISSN(Online) : 2321-9467
  5. (Gogoi 1999-2000:27)
  6. (Archaeological Survey Report 1902-3)
  7. (Nath 2005:72)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • Barpujari, H.K., The Comprehensive History of Assam, Vol-III, Publication Board, Assam.
  • Nath, Hemanta Kumar (2005), Arowan, Rangpur Utsav Celebration Committee, Sibsagar 
  • Gogoi, Prem (1999-2000), Boranjiya Parasa Rangpur, Rangpur Tinisah Basar Otjapan Samiti, Sibsagar 
  • Archaeological Survey Report (1902-3), Archaeological Survey Report, Government of India, Bengal Circle 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • ৱিকিমিডিয়া কমন্সত তলাতল ঘৰ সম্পৰ্কীয় মিডিয়া ফাইল।