আহোম জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আহোমৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
তাঈ-আহোম
Ahom boy and girl
মুঠ জনসংখ্যা
২০ লাখ (১৯৯০ আনুমানিক)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত:
    অসম ১৯ লাখ
    অৰুণাচল প্ৰদেশ ৫০,০০০
ভাষাসমূহ

আহোম ভাষা , অসমীয়া ভাষা,

ধৰ্ম

আহোম ধৰ্ম,বৌদ্ধ ধৰ্ম,

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

ছান লোক, থাই লোক, অসমীয়া

Sukapha Kshetra

আহোম বা তাঈ-আহোম (ইংৰাজী: Ahom, থাই: ไทอาหม Tai Ahom) সকল হৈছে অসম আৰু অৰুণাচল ত বসবাস কৰা এটা বৃহত্তৰ তাঈ জাতিৰ অন্তৰ্গত এটা জনগোষ্ঠী। এওঁলোক চাওলুং চুকাফাৰ লগত 1228 ত অহা 9000 ত্তাঈ মানুহৰ বংশৰ। এওঁলোকে অসমত প্ৰায় 600 বছৰ শাসন কৰে।আহোম শব্দটোৰ অৰ্থ অসমৰ স্থানীয় ভাষাত ত্তাঈ মানুহ । এওঁলোক অসমগোলাঘাট, যোৰহাট,শিৱসাগৰ,ডিব্ৰুগড় লখিমপুৰ ,তিনিচুকীয়া ধেমাজী আৰু কাৰ্বি আংলং ত দেখা যায়।এই ঠালটোৱেই কালক্ৰমত ‘আহোম’ নামেৰে জনাজাত হৈ পৰে আহোমসকলে নিজকে কিন্তু ‘খাম-টাই’ নামেৰেহে চিনাকী দিছিল।

ইতিহাস[সম্পাদনা কৰক]

আদি বসতি[সম্পাদনা কৰক]

তাঈ আহোমসকলৰ আছিল মৌং-মাও (বৰ্তমান চীনৰ দেহংদাই স্ৱায়ত্ৱ শাসিত প্ৰান্ত)[1]।ৰাজনৈতিক উচ্চাকাংক্ষাই চুকাফা নামৰ এজন টাই কোঁৱৰক পশ্চিমৰ ফালে আগুৱাই আহি এখন নতুন দেশৰ শাসনকৰ্তা হ'বলৈ অনুপ্ৰাণিত কৰিছিল৷ ১২২৮ খৃষ্টাব্দত তেওঁ প্ৰায় ৯০০০ অনুগামীৰে সৈতে ব্ৰহ্মপুত্ৰ উপত্য়কাত প্ৰৱেশ কৰে[2] | তেওলোকে লগত শালি খেতি আৰু বুৰন্জী লিখাৰ পৰম্পৰাও লৈ আহিছিল।তেওলোকে নিগাজীকৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ আৰু দিখৌ নৈৰ পূব অংশত বসবাস কৰিব লয়। বৰ্তমান এই ঠাই সমুহত যঠেষ্ট আহোম দেখিব পোৱা যায়।[3]

অসমৰ আন্তঃ গঠন[সম্পাদনা কৰক]

চাওলুং জনাই সমগ্ৰ অসমৰ বিভিন্ন ঠাই ঘুৰি উচিত ঠাইৰ সন্ধান আৰম্ভ কৰে। তেওলোকে বৰাহী আৰু মৰাণ সকলৰ হৈতে মিলি লয় সম্পৰ্ক গঢ়াই তোলে। ইয়াৰে তিব্বত-বৰ্মী বৰাহী আহোমৰ হৈতে বৈবাহিক সম্পৰ্ক গঢ়ে , মৰাণ সকলে নিজৰ স্ৱকীয়তা বজাই ৰাখে।চ্য়ুকাফাই ১২৫৩ ত চে-ৰাই-দয় নামৰ এখন চহৰ নিৰ্মাণ কৰি নিজৰ ৰাজধানী ৰূপে মৰ্যদা দিয়ে যাক বৰ্তমান চৰাইদেও বুলিও কোৱা হয়।[4]

পুনৰ উদ্ধাৰ[সম্পাদনা কৰক]

১৮৯৩ চনত সদৌ অসম আহোম সভা গঢ়ি উঠে যি অইন ঠাইৰ তাঈ সকলৰ সৈতে যোগাযোগ আৰম্ভ কৰে।[5]

সমাজ[সম্পাদনা কৰক]

বান-মৌং[সম্পাদনা কৰক]

তাঈ আহোমৰ প্ৰাচীন সমাজিক প্ৰথা হল বান-মৌং। এখন নদীৰ পাৰত কেইবাঘৰ মানুহ লগ খাই এখন বান (গাও) সৃষ্টি হৈছিল। কেইবাখনো বান লগ হৈ মৌং সৃষ্টি হৈছিল[6]। অইন তাঈসকলৰ মাজতো এই প্ৰথা দেখিব পোৱা যায়।বান-মৌং কৃষি ভিক্তিক আৰু এখন নদীক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। থাই,শান আৰু অইন তাঈ ভাষাত ইয়াক বান-মৌং বুলিয়ে কোৱা হয়।[7]

ফৈদ[সম্পাদনা কৰক]

আহোমসকলৰ ফৈদ সামাজিক প্ৰথাৰ এক উৎকৃষ্ট উদাহৰণ [8]। তেওলোকে প্ৰথমে নিজকে ৭ ভাগ কৰি সাতঘৰীয়া আহোম ফৈদ গঠন কৰে। চ্য়ু (বাঘ) ফৈদত স্ৱয়ম চাওলুংজনা আছে, য'ত অইন চাও-ফা সকলো অন্তৰ্ভুক্ত । দুজন প্ৰধানমন্ত্ৰী চাও-ফ্ৰুং-মৌং (বুঢ়াগোহাঞি) আৰু চাও থাও মৌং (বৰগোহাঞি) ফৈদ[9]। তিনি পুৰোহিত ফৈদ ম'হুং,ম'প্লং,ম'চাম। আৰু চিৰিং ফৈদ , মুঠ সাতটা ফৈদ গঠন হৈছিল।পিছলৈ এই ফৈদসমূহত আৰু চাৰিতা ভাগ হয়- দিহিঙীয়া , সন্দিকৈ , লাহন , দুৱৰা । পিছলৈ চাও-ফা সকলৰ ফৈদ চাৰিঙীয়া , দিহিঙীয়া , টিপমীয়া , শামুগুৰিয়া , তুংক্খুঙীয়া , পৰ্বতীয়া , নামৰূপীয়ালৈ বিভক্ত হয়[10]। থিক সেইদৰে ,চাও-ফ্ৰুং-মৌং ফৈদ আঠটা, চাও থাও মৌং ষোল্লটা ,ম'-চাম বাৰটা , ম'-হুং সাতটা লগতে ম'-প্লং আৰু চি-ৰিং আঠটাকৈ ফৈদত ভাগ হয়। বাকী আহোমসকল কৰ্মসূত্ৰে চাওদাং , ঘৰফলিয়া , লিকচৌ আদিলৈ ভ‍াগ হয়।

সাহিত্য[সম্পাদনা কৰক]

সাচি-পাত[সম্পাদনা কৰক]

আহোমসকলে সাহিত্য়ত যঠেষ্ট আগ বঢ়া হয়। তেওলোকৰ নিজৰ লিখা পদ্ধতি আছে যি তাঈ-ক্ৰাদাই লিপি পৰিয়ালৰ অন্তৰ্গত লিপি যাক আহোম লিপি বোলা হয়[11]। আহোম লিপি তাঈ-নোৱা[12] সকলৰ পৰা ক্ৰমবিকাশ হোৱা যি দেখিবলৈও একে আছিল চীনৰ চৰকাৰে যাক বৰ্তমান উন্নিতকৰণ কৰিছে[13]। আহোমসকলে নিজা ইতিসাহ লিপিবদ্ধ কৰিছিল যাক বৌ-ৰণ-জী বুলি কোৱা হয়[14]। তেওলোকৰ বিভিন্নপ্ৰকাৰৰ ইতিহাস , সমাজ , জ্য়োতিষ , আৰু পূজা-পাতল কৰা পুথি আছে। বিশেষকৈ পুৰোহিত শ্ৰেণী ম'হুং,ম'প্লং,ম'চামে এই পুথি সমূহ অধিক ব্য়বহাৰ কৰিছিল।

বছৰ গনণা[সম্পাদনা কৰক]

আহোমসকলৰ নিজা লুনাৰ কেলেন্দাৰ আছে যাক লাক-নি-তাও-চি-ঙা [15]বুলি জনা যায়, যি বছৰ গননাৰ এক প্ৰাচীন নিয়ম। এই প্ৰথা মধ্য় তাঈ ৰাজ্য় (চৌং-কৌ) ত প্ৰচলন হৈছিল আৰু ইয়াক আজিও দক্ষিন পূব এছিয়াৰ তাঈসকলে আৰু চীনা সকলে ব্য়বহাৰ কৰে। এই সকলোবোৰ দিন,মাহ আৰু বছৰ গনণা কৰা পুঠিত লিখা হৈছিল[16]

ধৰ্ম[সম্পাদনা কৰক]

আহোম মানুহে পূৰ্বপুৰুষক উৎসৰ্গা কৰাৰ বাহিৰেও আন এটা অদৃশ্য মহান প্ৰাকৃতিক শক্তিক বিশ্বাস কৰে ।তাই আহোমৰ পণ্ডিতৰ ( ম' বা মলুঙ্ ) তিনি ফৈদ লোক হল ম-হুং,ম-প্লং,চাংবুন।

আহোম ধৰ্ম[সম্পাদনা কৰক]

আহোম ধৰ্ম হল এটা পৰম্পৰাগত তাঈধৰ্ম , ইয়াত মুলতঃ পুৰ্বপুৰুষ উপাসনা (ফি-দাম) কৰা হয় লগতে ইয়াত বৌদ্ধ আৰু তাও ধৰ্মৰো প্ৰভাব আছে। তাঈ-আহোমৰ পৰম্পৰাগত বিস্ৱাস মতে আহোমসকলে এজন পুৰ্বপূৰুষ দেৱতাক ফা-তু-চিং (ফা:স্ৱৰ্গ, তু:এজন ,চিং:উচ্চ; এজন সৰ্বোত্তম পূৰ্বপুৰুষ ; ফা লাই বেত বুলিও কোৱা হয় ) যাৰ দ্ৱাৰা সমগ্ৰ পৃথিৱী সৃষ্টি হৈছে[17]। তেও অইন দেৱতা ; খুন-থেও-খাম ৰ লগতে চাৰিটা সোণৰ কণী পাৰিছিল বুলি জনবিস্ৱাস আছে। চতুৰ্থ জনে অৰ্থাৎ ড্ৰেগণ ৰূপী ঙি-ঙাও খামে পৃথিৱীখন সজাই তোলাত সহায় কৰিছিল বুলি বিস্ৱাস কৰা হয়।ঙি-ঙাও-খাম বা ড্ৰেগণৰ চিত্ৰ অংকিত চোলা আহোম চাও-ফা সকলে পিন্ধিছিল। লেংদনক মৌং-ফি (বৰ্তমান চীনাৰ টিয়েন)ৰ ৰজা হৈছিল আৰু তেওৰ নাতি খুনলৌং আৰু খুনলাইক এখন ঠাই মৌংৰি-মৌংৰাম (বৰ্তমান চীনৰ Xishunagbanna )লৈ শাসন কৰিবলৈ পঠিয়াই। এওলোকৰে বংশধৰ আহোম ৰজা সকল । খুনলুং আৰু খুনলাইয়ে চুমফা (সম্পুৰ্ণ নাম:চুমফাৰৌংছেংমৌং ; অসমীয়া : চুমদেও ) ক লৈ আনিছিল আৰু বংশাণুক্ৰমে চাওলুং চুকাফাই পাই তেওক তেওৰ য়ে-নাইয়েকে দি পথাইছিল। এই সম্পদবিধ আহোমৰ বিশেষ দেওঘৰ যাৰ নাম হ'-ফি তাত ৰখা হয় আৰু আহোমৰজাৰ ৰাজ-অভিশেষ খেওন-ৰৌণ-মাই-ক্ৱ' অনুষ্ঠানত অৰ্চনা কৰা হয়।

ধৰ্মীয় পৰম্পৰা[সম্পাদনা কৰক]

উম-ফা: এই অনুষ্ঠান ভাগ পূৰ্বপুৰুষ শাসক দেৱতা লেং-দনক স্মৰণ কৰি অতি ভব্য় আৰু উলহ মালহেৰে পালন কৰা হয়। ইয়াত লেংদনৰ প্ৰিয় খাদ্য় মাংসও দিয়া হয় আৰু বিভিন্ন জীৱ জন্তু প্য়াত-চি কৰি উৎসৰ্গা কৰা হয়।এই অনুষ্ঠানটো ৫ বছৰৰ মূৰত এবাৰ উদযাপন কৰা হয় আৰু ইয়াক আহোম শাসনৰ অন্ত হোৱাৰ পিছতো পালন কৰি অহা হৈছে।

চাই-ফা: এই অনুষ্ঠানত সকলো প্ৰজাইয়ো যোগদান কৰিছিল।

য়ে-চেং-ফা: বিদ্য়া আৰু কলাৰ প্ৰতীক পুৰ্বপুৰুষ দেৱী য়ে-চেং-ফাৰ স্মৃতিত এই পৰম্পৰা পালন কৰা হয়।

ফুৰা-লুং বা ফ্ৰা-লুং: এই অনুষ্ঠানত ফুৰা-তেৰা বা ফুৰা-লুংক স্মৰণ কৰা হয়। ইয়াত তাঈ সকলৰ জনজাতীয় ধৰ্ম আৰু বৌদ্ধ সংস্কৃতিৰ প্ৰভাৱ আছে । আহোমৰ ম'-লৌং সকলে এই অনুষ্ঠানত আই-চিং-লাও (তাঈ-আহোমৰ প্ৰাৰ্থনা) গায়। এই অনুষ্ঠানত কোনো জীৱ উৎসৰ্গা কৰা নহয়।

ৰিক-খ্ৱন : এই অনুষ্ঠান ভাগি কোনো যুদ্ধৰ সময়ত ঊচ্চ শক্তিক স্মৰণ কৰি পালন কৰা হয়। আহোম ভাষাত ৰিক শব্দৰ অৰ্থ মতা / আহ্ৱান কৰা খ্ৱনৰ অৰ্থ দীৰ্ঘায়ু। এই অনুষ্ঠানত জল দেৱতা খাও-খামক স্মৰণ কৰা হয়।

মে-দাম-মে-ফি : এই অনুষ্ঠানটো পূৰ্বপূৰুষক স্মৰণ কৰি প্ৰতি বছৰে ৩১ জানুৱাৰী তাৰিখে পালন কৰা হয়। আহোম দম্পতীয়ে চেং-কা-ফা (খুন-থেও-খামৰ পুত্ৰ)ক পাকঘৰৰ দক্ষিণ খুটাত স্মৰণ কৰা হয়।

বানফি-ফুৰালুংৰ পূৰ্বপুৰুষ উপাসনা[সম্পাদনা কৰক]

তাঈ-আহোমসকলে নিজৰ প'-লিন প'-থাও সকলক স্মৰণ কৰে। তেওলোকে বিস্ৱাস কৰে যে পূৰ্বপুৰুষক পূজা নকৰিলে ঘৰখনত অপায় অমঙ্গল হয় আৰু পূৰ্বপুৰুষক পূজা কৰিলে তেওলোকে ঘৰখন বিপদ আপদৰ পৰা বচাই ৰাখে। তাঈ-আহোমসকলে নিজৰ উৎসৱ পাৰ্বন বিবাহ আদিত প'-লিন প'-থাও সকলক স্মৰণ কৰে। এজন ব্য়ক্তি মৰাৰ পিছত ফি-দাম হৈ যায় বুলি বিস্ৱাস কৰা হয়। তেওলোকক পবিত্ৰ বুলি গন্য় কৰি স্মৰণ কৰা হয় অইন সমাজৰ দৰে ভুত বা মৃত অপশক্তি বুলি ধৰা নহয়।তাঈ-আহোম সকলে বতৰৰ ফল,শাক-পাচলি আদি ফি-দামক তৰ্পন কৰে। বিশেষকৈ তিনি পুৰোহিত ফৈদ ম'হুং,ম'প্লং,ম'চাম সকলে অধিক স্পষ্ট ভাবে ফি-দাম কৰে। দাম সকলক বিভিন্ন ভাগত ভগোৱা হয় সেয়া হল- ঘাই দাম, চি-ৰৌণ-দাম,ন'-দাম আৰু জকৰুৱা দাম।

ঘাই দাম: 'ঘাই' মানে মূল আৰু দাম মানে মৃতক, ঘাই দাম মানে ঘৰৰ জ্য়েষ্ঠ মৃত বুঢ়া দম্পত্তী ।

ছি-ৰৌণ-দাম: চি মানে চাৰি , ৰৌণ মানে ঘৰ। ছি-ৰৌণ-দাম মানে ঘৰখনৰ দম্পত্তিৰ চাৰি পৃতি পুৰুষ।

জকৰোৱা দাম: জকৰোৱা শব্দটোৰ অৰ্থ হল যি কোনো সন্তান নিদিয়াকৈ মৰিল বা সৰুতে ঢোকাল বা কোনো মানসিক বা শাৰীৰিক ব্য়াঘাত জন্মি মৰে।

ন'-দাম: ন' মানে নতুন , ঘৰৰ গৃহস্হৰ কোনো সম্পৰ্কিয় ন কোি মৃত্য়ু হলে তেওক ন দাম বোলা হয়।

জকৰোৱা দামক বাদ দি বাকি সকলো দামক মিলাই গৃহদাম বোলে আৰু এওলোকক বছৰেকত এবাৰ স্মৰণ কৰা হয়।

বৌদ্ধ প্ৰভাৱ[সম্পাদনা কৰক]

আহোমসকলৰ বৌদ্ধ সংস্কৃতি ফ্ৰা-ত্ৰা-আলং ৰ ভিক্তিত। ইয়াৰ মূল য়ুন্নান বা ব্ৰহ্মদেশ[18]। অইন উত্তৰ পূবৰ তাঈ সকলে ইয়াক ফ্ৰা-ত্ৰা-সংঘ বুলিও কয়[19]। ফুৰালুং নামৰ পৰম্পৰা ইয়াৰ সৈতে জড়িত। ইয়াৰ সৈতে জড়িত পুথি এখন হল মিং-মাং-ফ্ৰা-লৌং যি শান্তি আৰু সভ্য় হোৱাৰ কথা শিকায়[20]

মৃতকৰ সৎকাৰ[সম্পাদনা কৰক]

মৈ-দাম

আহোমসকলৰ মাজত থকা পৰম্পৰা অনুসৰি তেওলোকে মৃতদেহ নজ্ৱলায় বৰং একপ্ৰকাৰৰ বিশেষ বাকচত ভৰাই মৈ-দাম দিয়ে[21]

সংস্কৃতি[সম্পাদনা কৰক]

ঘৰ[সম্পাদনা কৰক]

আহোমসকলে কাঠ,বাহ আদিৰে অইন তাঈ বা গাৱলীয়া থাই সকলৰ দৰে ঘৰ সাজিছিল[22]। সকলোৰে বাৰী আৰু খেতি ঘৰৰ ওচৰতে থাকে। বাঁহেৰে নিৰ্মিত বিশেষ প্ৰকাৰৰ ঘৰ ব্যৱহাৰ কৰে[22]। এই ঘৰ সমূহক ৰৌন-হোৱাণ বুলি কোৱা হয় আৰু ইয়াক মাটিৰ পৰা অলপ ওপৰত সজা হয় কিন্তু চাং-ঘৰত কৈ অলপ চাপৰ হয়[22]

খাদ্য[সম্পাদনা কৰক]

খাদ্যভাষ আহোম সংস্কৃতিৰ অন্যতম অংশ। প্ৰায় বিলাক আহোম (বিশেষকৈ গাঁৱলীয়া) সকলে আমিষভোজী আৰু আজিও তাঈ সকলৰ খাদ্যাভাষকে চলাই আছে[23]গাহৰি,কুকুৰা, ম'হ, হাঁহ আদিৰ মাংসৰ ওপৰিও আহোমসকলে ভেকুলীৰ মাংস, মুগালেটা, শুকুতী মাছ আৰু আমৰলি টোপ খোৱা দেখা যায়[24]।তেওলোকৰ মুখ্য আহাৰ ভাত আৰু মুখ্য পানীয় চাউল, ভীমকল বা কঠালৰ পৰা প্ৰস্তুত কৰা লাও নামৰ পানীয় বিধ। ইয়াৰে পানী দিয়া বিধক নাম-লাও আৰু পানী নিদিয়া বিধক লৌক-লাও বোলা হয়। আহোমসকলে কলৰ বাকলিৰ পৰা প্ৰস্তুত কৰা খাৰ ব্যৱহাৰ কৰে আৰু বহু ঔষধি গুণ যুক্ত শাক-পাচলি আৰু বেট-গাজ খায়। আহোমসকলৰ খাদ্যাভাষে অইন তাঈসকলৰ লগত সাদৃশ্যতা প্ৰদৰ্শন কৰে। তেওলোকৰে খাদ্যাভাষত- থেও-দাম (মাটি মাহ) , খাও-মুন (ভাত আৰু দালচেনী) , সান্দহগুৰী, চেও-খাও (ভাপত দিয়া ভাত) , খাও-মাই (চুঙা-চাউল) , তিলেৰে নিৰ্মিত তিল পিঠা , খাও-ত্য়েক (আখৈ)[22]। এই ধৰণৰ বিশেষ কিছু প্ৰকাৰৰ খাদ্য মাত্ৰ তাঈ সকলৰ মাজত হে দেখা পোৱা যায়[22]। নুতলোৱাকৈ কুমল চাউলৰ প্ৰস্তুত কৰণ বা তৰা পাতত বান্ধি বনোৱা খাও-মাই (চুঙা চাউল)[22]। আহোমসকলে কম মছলা যুক্ত খাদ্য আৰু মাছ,বেঙেনা , বিলাহী আদি পুৰি বা তৰা পাতত দি খাই বেছি ভাল পায়[22]

বিবাহ[সম্পাদনা কৰক]

চ-ক্লংং

আহোমসকলে নিজস্ব প্ৰথাৰে সম্পাদিত কৰা বিবাহ পদ্ধতিক চ-ক্লং”'[25] বুলি জনা যায়৷ চ-ক্লং আহোম সকলৰ বিবাহ পদ্ধতি। ই তাঈ ভাষাৰ শব্দ[চ=যোৰা লগুৱা,ক্লঙ=পুজা]। ৰাতি বিবাহৰ শুভ লগ্নত মৰুলৰ সমুখত সোণ, ৰূপ, পিতল বা কাঠৰ গছাত ১০১ গছ বান-ফাইং”'[25] চোমচাও প্ৰমুখ্যে ১০১ জনা ফুৰাৰ উদ্দেশ্যি প্ৰজ্জ্বলিত কৰা হয় ৷“'চ-ক্লং”'[25] বিবাহ পদ্ধতি পোন প্ৰথমে আহোমৰ ফুৰা লেংদনে অক কাই মহুং ফুৰা ৰজাৰ জোষ্ঠা কন্যা নাং হুন ফাক বিয়া কৰোতেই আৰম্ভ হ’ল আৰু তাৰ পিছৰ পৰাই অ তাঈ মানুহৰ মাজত প্ৰচলিত হৈ আহিছে। তাঈ আহোমৰ লাই-লিত নাং হুন ফা নামৰ পুথিখনিত ইয়াৰ বিষয়ে লিখা আছে। লংদনে অক-কাই মহুঙৰ কন্যাক বিয়া কৰাম বুলি সুন্দৰ ৰঙা ফুলাম গামোছাৰে “চকলি ভাৰ” বা “ সোধনি ভাৰ” আগবঢ়ায়। কোনো কোনো ঠাইত চকলঙৰ দিনা ম-লুংক ভোজ-ভাত খুৱাই দৰা-কইনাই ম-লুংক খ্ৰুপতাং কৰে৷[26] মুঠ ২০ টা নিয়মেৰে আহোম বিবাহ পদ্ধতি সম্পন্ন হয়। তাৰে কিছু হল-

১.জু-ৰণ(আহোম ভাষাত জু=জীয়াই থকা , ৰণ=চিৰ জীৱনলৈ)

২.ৰিক-খ্ৱন

৩.আপ-তাং(আপ=গা ধুওৱা,তাং=পৱিত্ৰ)

৪.চাও-বান (বান বা সুৰ্যক আৰাধনা)

৫.জণ-মিং(আশিৰ্বাদ)

ভাষা[সম্পাদনা কৰক]

তাঈ আহোম ভাষা হল এটা তাঈ-ক্ৰাদাঈ পৰিয়ালৰ ভাষা , ই তাঈ ভাষাৰ বোৰৰ দক্ষিনতম ভাষা। এই ভাষাটোৰ পুনঃব্য়বহাৰ উজনি অসমৰ তাঈ-আহোম গৱেষকৰ তত্ৱাৱধানত আৰম্ভ হৈছে। বিভিন্ন প্ৰতিষ্ঠান যেনে- Institute of Tai Studies and Research P. K. Buragohain Institute for Tai and South East Asian Studies, Guwahati, Central Tai Academy, পাটসাকো আদি গঢ় লৈ উঠিছে[27] । আনাগত সময়ত এনেধৰণৰ আৰু প্ৰতিষ্ঠান গঢ় লৈ উঠাৰ সম্ভাৱনা গঢ়ি উঠিছে।.[28]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. (Gogoi 2011:V)
  2. Gait, Edward. A History of Assam. Thacker, Spink and Co. Calcutta, 1906. pg 96
  3. (Terwiel 1996:276)
  4. (Morey 2014:51-52)
  5. (Terweil 1996:278)
  6. (Gogoi 1995:30)
  7. (Gogoi 1995:30)
  8. (Gogoi 1976:15)
  9. (Gogoi 1976:15)
  10. (Gogoi 1976:15)
  11. (Gogoi 2011)
  12. (Gogoi 2011)
  13. (Gogoi 2011)
  14. (Gogoi 2011)
  15. pp.271-278 in ABOURANJIK
  16. Phukan, J.N.2006 pp.1
  17. (Gogoi 1976:1)
  18. (Gogoi 1976:16)
  19. (Gogoi 1976:16–17)
  20. (Gogoi 1976:17)
  21. Proceedings of North East India History Association page 128,129 and 130
  22. 22.0 22.1 22.2 22.3 22.4 22.5 22.6 (Phukan 2017:II)
  23. (Gogoi 2011)
  24. (Gogoi 2011)
  25. 25.0 25.1 25.2 তাই আহোমৰ বিবাহ পদ্ধতি আৰু চকলঙ...নাঙ দীপালী গগৈ
  26. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ১১৭)
  27. Dipima Buragohain. Issues of Language Contact and Shift in Tai Ahom
  28. "Ahom". https://www.ethnologue.com/language/aho. 

উৎস প্ৰসংগ[সম্পাদনা কৰক]

  • Baruah, S. L. (1977). "Ahom Policy Towards the Neighbouring Hill Tribes". Proceedings of the Indian History Congress খণ্ড 38: 249–256. 
  • Gogoi, Nitul Kumar (2006), Continuity and Change among the Ahoms, Concept Publishing Company, Delhi 
  • Gogoi, Nitul Kumar (1995). Acculturation in the Brahmaputra Valley: the Ahom Case (PhD). http://shodhganga.inflibnet.ac.in/handle/10603/66134। আহৰণ কৰা হৈছে: December 29, 2018. 
  • Gogoi, Padmeshwar (1976), Tai Ahom Religion and Customs, Publication Board, Gauhati, Assam, https://ia801900.us.archive.org/30/items/in.ernet.dli.2015.99476/2015.99476.Tai-ahom-Religion-And-Customs.pdf 
  • Morey, Stephen (2014), "Ahom and Tangsa: Case studies of language maintenance and loss in North East India", in Cardoso, Hugo C., Language Endangerment and Preservation in South Asia, প্ৰকাশক Honolulu: University of Hawai'i Press, pp. 46–77 
  • Phukan, J N (1991). "Relations of the Ahom Kings of Assam with Those of Mong Mao (in Yunnan, China) and of Mong Kwang (Mogaung in Myanmar)". Proceedings of the Indian History Congress খণ্ড 52: 888–893. 
  • Terwiel, B.J. (1996). "Recreating the Past: Revivalism in Northeastern India.". Bijdragen Tot de Taal-, Land- en Volkenkunde খণ্ড 152 (2): 275–92. doi:10.1163/22134379-90003014. 
  • Phukan, Dr. Girin (2017), Cultural Linkage of TheAhom with the Tais of Southest Asia: A case study of Ahom— Thai Linkage, I, II, IV, Khwan Mung Magazine 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]