সমললৈ যাওক

চুঙা চাউল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুঙা চাউল

চুঙাৰ পৰা উলিয়াই পৰিবেশন কৰা চুঙা চাউল
প্ৰকাৰ জলপান[1] আৰু দিবা-নৈশ অহাৰ
উৎপত্তিৰ স্থান কম্বোডিয়া, লাওচ, ম্যানমাৰ, থাইলেণ্ড, ভাৰত
অঞ্চল দক্ষিণ-পূব এছিয়া
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন বাৰ্মীয়, কম্বোডিয়ান, লাও, থাই
পৰিবেশনৰ উষ্ণতা চেঁচা বা গৰম
মুখ্য উপাদান বৰা চাউল আৰু বাঁহৰ চুঙা

চুঙা চাউল তিয়াই লোৱা বৰা চাউল কুমলীয়া বাঁহৰ চুঙাত ভৰাই চুঙাটো জুইত পুৰি তৈয়াৰ কৰা এবিধ আহাৰ। জুইত সেকি লেৰেলাইলোৱা কলপাতেৰে চুঙাটোত সোপা দি লোৱা হয়। চুঙাটোৰ ভিতৰৰ চাউলখিনি ভাপত সিজি খোৱাৰ উপযোগী হয়। [2] চুঙা চাউল ঘাইকৈ দক্ষিণ-পূব এছিয়াৰ কম্বোডিয়া, লাওচ, ম্যানমাৰ, থাইলেণ্ডৰ লগতে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত সাধাৰণতে উৎসৱ পাৰ্বন আদি অনুষ্ঠানত খোৱা হয়। ই অসমীয়া জলপানৰ অন্যতম খাদ্য। অসমত চুঙা চাউল ঘাইকৈ বিহুৰ সময়ত গাখীৰ, দৈ বা ক্ৰিমৰ লগত গুড়ৰ সৈতে জলপান হিচাবে পৰিবেশন কৰিব পাৰে অথবা দুপৰীয়া মাছ-মাংসৰ সৈতে ভাত সলনি এই চাউল খোৱা হয়। চুঙাত চাউলৰে তৈয়াৰ কৰা বাবে প্ৰস্তুত হোৱাৰ পিছত ই দেখাত চুঙাৰ দৰেই হয়, সেয়ে ইয়াক চুঙা চাউল বোলা হয়।

প্ৰয়োজনীয় সামগ্ৰী

[সম্পাদনা কৰক]

প্ৰস্তুতকৰণ

[সম্পাদনা কৰক]
চুঙা চাউলৰ সৈতে কুকুৰাৰ মাংস

বৰা চাউলখিনি ভালদৰে ধুই লৈ ৪/৫ ঘণ্টা পানীত তিয়াই থব লাগে। পিছত চাউলখিনি পানীৰ পৰা ভালদৰে টুকি লৈ সমান জোখত কাটি থোৱা বাঁহৰ চুঙাৰ ভিতৰত ভৰাব লাগে। তাত নিৰ্দিষ্ট পৰিমাণৰ পানী দি চুঙাটোৰ মুখখন কলপাত বা তৰা পাতেৰে ভালদৰে সোপা দি বান্ধিব লাগে যাতে চাউল আৰু পানী ওলাই আহিব নোৱাৰে। তাৰপাছত ধান খেৰৰ বা নাৰিকল পাতৰ জুইত দি ইলুটি সিলুটিকৈ লৰাই ভালদৰে পুৰিব লাগে। প্ৰথমে চাউলভৰ্তি চুঙাকেইটাৰ তলৰ ভাগটো পুৰিব লাগে। তাৰপিছত তলৰ ভাগটো পুৰা হ’লে চুঙাকেইটা ওলোটা কৰি ওপৰৰ ভাগটো তলত কৰি দিব লাগে। বাহিৰৰ ফালে বাঁহৰ ৰং ক’লা হ'লে চুঙাকেইটা জুইৰ পৰা আতঁৰাই আনিব লাগে। এতিয়া কিছুসময় চুঙাকেইটা তেনেকৈয়ে থৈ দিয়াৰ পাছত দাৰ সহায়েৰে অতি সাৱধানতাৰে চুঙাকেইটা ফালি চাউলখিনি উলিয়াব লাগে। এই চাউল গাখীৰ, দৈ বা ক্ৰিমৰ লগত গুড়ৰ সৈতে জলপান হিচাবে পৰিবেশন কৰিব পাৰে অথবা হাঁহৰ মাংসৰ সৈতেও খোৱা হয়।[3]

ঠাই ভেদে চুঙা চাউলৰ প্ৰস্তুতকৰণৰ বিধি আৰু সামগ্ৰীৰ তাৰতম্য দেখা যায়। কিছুমানে চাউলৰ লগত বিভিন্ন মচলা আদি দিয়ে। লগতে খৰিচা বা আন শুকান মাংস আদিও দিয়ে। কিছুমানে আকৌ পানীৰ সলনি গাখীৰ আৰু গুৰ দি মিঠাকৈ প্ৰস্তুত কৰে। ইয়াৰ লগতে নাৰিকলো ব্যৱহাৰ কৰা হয়।[4]

কম্বোডিয়াত চুঙা চাউলক ক্ৰালান বোলে। ক্ৰালান ঘাইকৈ চীনা নৱবৰ্ষ আৰু খামেৰ নৱবৰ্ষৰ সময়ত খোৱা হয়। ক্ৰাটি প্ৰদেশৰ ক্ৰায়ে গাঁও ক্ৰালানৰ বাবে বিখ্যাত।[5]

ম্যানমাৰত সচৰাচৰ পুৱাৰ জলপানত ব্যৱহাৰ কৰা "পায়ুং দিন" আৰু বাৰ্মীয় বৰা

ম্যানমাৰৰ চুঙা চাউলৰ প্ৰকাৰক "পায়ুং দিন" (ပေါင်းတင်း) বা "কাউখন্যিন খ্যিডাউক" (ကောင်းညှင်းကျည်တောက်) বোলে। এই প্ৰকাৰত চুঙাৰ পৰা চাউলখিনি উলিওৱাৰ পিছত চাউলৰ চাৰিওফালে বাঁহৰ চুঙাৰ বাকলি লাগি থাকে। এই বাকলিয়ে ইয়াক বিশেষ গোন্ধ প্ৰদান কৰে।

নাৰিকল জামৰ সৈতে "খাও লাম"

থাইলেণ্ডৰ চুঙা চাউলক "খাও লাম" বোলে। খাও লামত বৰা চাউলৰ লগতে ৰঙা আজুকী বীন, চেনি, নাৰিকল আৰু নাৰিকলৰ গাখীৰ ব্যৱহাৰ কৰা হয়। কেতিয়াবা ইয়াৰ ভিতৰত ডাঠ নাৰিকলৰ জাম সুমুৱাই দিয়া হয়। নাৰিকলৰ ক্ৰীম, কণী আৰু চেনিৰে এই জাম প্ৰস্তুত কৰা হয়। ই থাইলেণ্ডৰ সংস্কৃতিক খাদ্য।[6] থাই সকলে এই খাদ্য সাধাৰণতে মঠত বাস কৰা বৌদ্ধ ভিক্ষু সকলক প্ৰদান কৰে।[7]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Magh Bihu 2020 Special Sweets: Laru, Pitha, Doi-Sira, Enjoy These Assamese Traditional Dessert Recipes on Bhogali Bihu". latestly.com. 14 January 2020. https://www.latestly.com/lifestyle/food/magh-bihu-2020-special-sweets-laru-pitha-doi-sira-enjoy-these-assamese-traditional-dessert-recipes-on-bhogali-bihu-1467535.html আহৰণ কৰা হৈছে: 22 March 2020.
  2. "চুঙা চাউল". xobdo.org. http://xobdo.org/dic/%E0%A6%9A%E0%A7%81%E0%A6%99%E0%A6%BE%20%E0%A6%9A%E0%A6%BE%E0%A6%89%E0%A6%B2 আহৰণ কৰা হৈছে: 27 May 2020.
  3. মজুমদাৰ, বন্দনা ডি. (25 January 2015). "বাঁহৰ চুঙাত পোৰা বড়া চাউলৰ জলপান". http://www.xahitya.org/2015/01/14/বাঁহৰ-চুঙাত-পোৰা-বড়া-চাউল/ আহৰণ কৰা হৈছে: 27 May 2020.[সংযোগবিহীন উৎস]
  4. "অসমীয়া জলপান". https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9859b89ae9c09af9bc9be-9969be9a69cd9af-9b89ae9cd9ad9be9f0/9859b89ae9c09be-99c9b29aa9be9a8 আহৰণ কৰা হৈছে: 27 May 2020.
  5. Nhem, Chea Bunly (May 22–23, 2004). "Let Them Eat Cake". The Cambodia Daily. Archived from the original on 2007-08-29. https://web.archive.org/web/20070829090238/http://www.camnet.com.kh/cambodia.daily/selected_features/cake.htm আহৰণ কৰা হৈছে: 2009-01-11.
  6. ""ข้าวหลามปลาร้า" แซบสไตล์อีสาน สูตรเด็ดแม่แอ๊ด โอทอปนครปฐม". ASTV ผู้จัดการออนไลน์. Archived from the original on 2015-05-18. https://web.archive.org/web/20150518101301/http://www.manager.co.th/iBizchannel/ViewNews.aspx?NewsID=9550000093558 আহৰণ কৰা হৈছে: 2015-05-17.
  7. "ข้าวหลาม อาหารจากภูมิปัญญาไทย". Sukhothai Thammathirat Open University. Archived from the original on 2015-09-24. https://web.archive.org/web/20150924110736/http://www.stou.ac.th/study/sumrit/12-57(500)/page6-12-57(500).html আহৰণ কৰা হৈছে: 2015-05-17.