সমললৈ যাওক

লাউচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(লাওচৰ পৰা পুনঃনিৰ্দেশিত)
ສາທາລະນະລັດ ປະຊາທິປະໄຕ ປະຊາຊົນລາວ
চাঠালানালাট্‌ পাশাঠিপাটাই পাশাশন্‌ লাউ
গণতান্ত্ৰিক গণপ্ৰজাতন্ত্ৰী লাউচ
Flag of লাউচ
Flag
Coat of Arms of লাউচ
Coat of Arms
Motto: ສັນຕິພາບ ເອກະລາດ ປະຊາທິປະໄຕ ເອກະພາບ ວັດທະນາຖາວອນ
চান্‌টিফাপ্‌, একালাট্‌, পাছাঠিপাটাই, একাফাপ্‌, উয়াট্‌ঠানাঠাউঅন্‌
"শান্তি, স্বাধীনতা, গণতন্ত্ৰ, ঐক্য, আৰু সমৃদ্ধি"
Anthem: Pheng Xat Lao
Location of লাউচ
ৰাজধানী
and largest city
ভিয়েনতিয়েন
Official languagesলাউ, ফৰাচী
Demonymলাউটিয়ান
Governmentসমাজতন্ত্ৰ
লেফটেনেণ্ট জেনেৰেল চুম্মালি চাইয়াচন
থমচিং থাম্মাভং
স্বাধীনতা 
• তাৰিখ
১৯ জুলাই , ১৯৪৯
Area
• Total
2,36,800 বৰ্গ কি.মি. (91,400 বৰ্গ মাইল) (৮৩তম)
• Water (%)
২%
Population
• ২০০৭ estimate
৬,৫২১,৯৯৮ (১০৬তম)
• ১৯৯৫ census
৪,৫৭৪,৮৪৮
• Density
25 /কিমি (64.7 /বৰ্গ মাইল) (১৭৭তম)
GDP (PPP)২০০৬ estimate
• Total
$১৩.৭৫ বিলিয়ন (১২৯তম)
• Per capita
$২,২০০ (১৩৮তম)
Gini (২০০২)৩৪.৬
Error: Invalid Gini value
HDI (২০০৪)বৃদ্ধি০.৫৫৩
Error: Invalid HDI value (১৩৩তম)
Currencyকিপ (LAK)
Time zoneUTC+৭
Calling code৮৫৬
Internet TLD.la

লাউচ (লাও: ເມືອງລາວ মিয়াং লাউ বা ປະເທດລາວ পাঠেট্‌ লাউ) দক্ষিণ-পূব এছিয়াৰ এক স্বাধীন ৰাষ্ট্ৰ। চৰকাৰী নাম গণতান্ত্ৰীক গণপ্ৰজাতন্ত্ৰী লাউচ (লাউ ভাষা : ສາທາລະນະລັດ ປະຊາທິປະໄຕ ປະຊາຊົນລາວ চাঠালানালাট্‌ পাচাঠিপাটাই পাচাছন্‌ লাউ)। দেশখন পূৰ্বতে ইন্দো-চীন ইউনিয়ন তথা ফৰাচী ইন্দোচীনৰ অংশ আছিল। ১৯৪৯ চনত দেশখনে স্বাধীনতা লাভ কৰে। ১৯৬০ৰ দশকত ভিয়েটনাম যুদ্ধত দেশখন জড়িত হৈছিল। ১৯৭৫ চনত এক সাম্যবাদী বিপ্লৱে দেশখনৰ ছয় শতাব্দী প্ৰাচীন ৰাজতন্ত্ৰৰ পতন ঘটায় আৰু এক গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ হিচাপে দেশখনে পুনঃপ্ৰতিষ্ঠিত হয়। লাউচ পৰ্তময়, স্থলবেষ্টিত দেশ। ইয়াৰ উত্তৰে চীন, পূবে ভিয়েটনাম, দক্ষিণে কম্বোডিয়া, আৰু পশ্চিম আৰু উত্তৰ-পশ্চিমে থাইলেণ্ড আৰু ম্যানমাৰ অৱস্থিত। লাউচ খনিজ সম্পদত সমৃদ্ধ আৰু জাতিগত ভাবে বিচিত্ৰ। লাউ ভাষা ইয়াৰ চৰকাৰী ভাষা। ভিয়েনতিয়েন বা ভিয়াং চান দেশৰ বৃহত্তম নগৰ আৰু ৰাজধানী। বৌদ্ধ ধৰ্ম প্ৰধান ধৰ্ম।[1]

ৰাজনীতি

[সম্পাদনা কৰক]

লাউচ একক দলীয় সমাজতান্ত্ৰিক গণতন্ত্ৰ। এইদেশৰ একমাত্ৰ ৰাজনৈতিক দল হল লাউ পিপলচ ৰেভোলিউশ্বনাৰী পাৰ্টি (LPRP)। LPRPৰ নেতা আৰু ২০০৬ চনৰ পৰা লাউচৰ বৰ্তমান ৰাষ্ট্ৰপতি হল চৌম্মালি চায়াছোন। জনগণ LPRP আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলৰ পৰা ১১৫টা আসনৰ বাবে বিধানসভাৰ সদস্য নিৰ্বাচন কৰে। আইনসভায়ে আকৌ ৫ বছৰৰ বাবে ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে। ৰাষ্ট্ৰপতিয়ে সংসদৰ পৰামৰ্শমতে প্ৰধানমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক ৫ বছৰৰ বাবে নিয়োগ কৰে।[2]

জনসংখ্যা

[সম্পাদনা কৰক]

২০০৭ চনৰ লোকপিয়ল মতে লাউচৰ জনসংখ্যা হৈছে ৬৫,২১,৯৯৮ জন। ১৯৯৫ চনত ইয়াৰ জনসংখ্যা আছিল ৪৫,৭৪,৮৪৮ জন। জনসংখ্যাৰ ফালৰ পৰা ই পৃথিৱীৰ ১০৭ তম দেশ।

লাওভাষা হৈছে লাউচৰ চৰকাৰী ভাষা। এই ভাষাতেই লাউচৰ প্ৰায় ৬৫% লোকে কথা কয়। ইয়াৰেপৰি দেশখনত প্ৰায় ৮০টা স্থানীয় ভাষাৰ প্ৰচলন আছে। ইয়াৰ ভিতৰত মিয়াও ভাষা, ভিয়েটনামী ভাষা, আৰু থাই ভাষাৰ বিভিন্ন উপভাষা উল্লেখযোগ্য। আন্তৰ্জাতিক যোগাযোগৰ ক্ষেত্ৰত ফৰাচী ভাষা ব্যৱহাৰ কৰা হয়।

২০০৫ চনৰ লোকপিয়লৰ তথ্য অনুসৰি লাউচৰ ৬৭% লোক থেৰাবাডা বৌদ্ধ, ১.৫% লোক খ্ৰীষ্টান, আৰু ৩১.৫% লোক অন্য বা অনিৰ্দিষ্ট (বেচিভাগ ছাটছানা ফি) ধৰ্মাৱলম্বী।

স্বাস্থ্য

[সম্পাদনা কৰক]

২০১২ চনৰ মতে লাউচৰ পুৰুষৰ গড় আয়ুস ৬০.৮৫ বছৰ আৰু মহিলাৰ গড় আয়ুস হৈছে ৬৪.৭৬ বছৰ। ২০০৭ চনত সুস্থ গড় আয়ুস আছিল ৫৪ বছৰ। ২০০৮ চনত, ৪৩% জনতাই স্বাস্থ্যকৰ খোৱা পানী ব্যৱহাৰ কৰা নাছিল। ২০১০ চনত ই ৩৩%লৈ হ্ৰাস পায়। ২০০৬ চনত চৰকাৰে স্বাস্থ্যখণ্ডত খৰচ কৰা জিডিপিৰ হাৰ আছিল প্ৰায় ৪% প্ৰায় ১৮ আমেৰিকান ডলাৰ (PPP)।

প্ৰাপ্তবয়স্ক শিক্ষাৰ হাৰ প্ৰায় দুই তৃতীয়াংশ। পুৰুষৰ সাক্ষৰতাৰ হাৰ মহিলাতকৈ অধিক। ২০০৪ চনত প্ৰাথমিক শিক্ষাত নামভৰ্তীৰ হাৰ আছিল প্ৰায় ৮৪%। দ্য নেচনেল ইউনিভাৰ্চিটি অৱ লাউচ হৈছে লাউচৰ ৰাজহুৱা বিশ্ববিদ্যালয়। ২০১০ চনৰ মতে দেশখনৰ মুঠ সাক্ষৰতাৰ হাৰ হৈছে আনুমানিক ৭৩%।

চিত্ৰমালা

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]