ইৰান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইছলামী প্ৰজাতন্ত্ৰী ইৰাণ
جمهوری اسلامی ایران
দ্জুম্‌হুৰিয়ে এশ্লমিয়ে ইৰণ্
নীতিবাক্য
استقلال. آزادی. جمهوری اسلامی
স্বাধীনতা, মুক্ততা, ইছলামীক প্ৰজাতন্ত্ৰ
ৰাষ্ট্ৰীয় সঙ্গীত
ছুৰুউদ-এ মেল্লি-এ জুমহুৰি-এ এছলামি-এ ইৰাণ  (চৰকাৰী)
এৱ ইৰাণ  (দ্য ফেক্ট')
(পাৰ্ছিয়ান: ও ইৰাণ‎)
ইৰাণ-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
তেহৰাণ
35°41′N 51°25′E / 35.683°N 51.417°E / 35.683; 51.417
ৰাষ্ট্ৰভাষা (সমূহ) ফাৰ্ছি
অন্যান্য ভাষা আৰ্মেনীয়, আছিৰীয় নব্য-আৰামীয়, আজাৰবাইজানি, কুৰ্দি, লৰি, বেলুচি, আৰৱী, তুৰ্কমেনীয়
জাতীয়তাসূচক বিশেষণ ইৰাণীয়ান
চৰকাৰ ইছলামী প্ৰজাতন্ত্ৰ
 -  সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি
 -  ৰাষ্ট্ৰপতু আয়াতুল্লাহ ৰুহানি
 -  প্ৰথম উপৰাষ্ট্ৰপতি মহম্মদ-ৰাজা ৰাহিমি
 -  বিধানসভাৰ প্ৰবক্তা আলি লারিজানি
 -  প্রধান বিচাৰপতি আলি লৰিজানি
একত্ৰীকৰণ[1]
 -  মধ্যস্থিত সাম্ৰাজ্য খ্ৰীষ্টপূৰ্ৱ ৬২৫ 
 -  ছাফাভিড সাম্ৰাজ্য ১৫০১[2] 
 -  ইছলামী প্ৰজাতন্ত্ৰ ১ এপ্ৰিল ১৯৭৯ 
 -  বৰ্তমানৰ সংবিধান ২৪ অক্টোবৰ ১৯৭৯ 
মাটিকালি
 -  মুঠ ১৬,৪৮,১৯৫ বৰ্গ কিমি (১৮তম)
৬,৩৬,৩৭২ বৰ্গ মাইল 
 -  জলভাগ (%) ০.৭ (১১,৫৩৭ বৰ্গ কিমি)
জনসংখ্যা
 -  2010 আনুমানিক ৭,৬৯,২৩,৩০০ (১৭)
 -  ২০১০ লোকপিয়ল ৭,৪৭,০০,০০০ 
 -  ঘনত্ব ৪৫ প্ৰতি বৰ্গকিমি (১৬৩)
১১৬.৬ প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০১০ আনুমানিক
 -  মুঠ $৫৮৬৫.২ কোটি[3] (১৮তম)
 -  জনমুৰি $১১,৩৯৫[3] 
জিডিপি (নামমাত্ৰ) ২০১০ আনুমানিক
 -  মুঠ ৩৫৯৯৭ কোটি[3] 
 -  জনমুৰি $৪,৭৭৭[3] 
জিনি সহগ? (২০০৮) ৩৮[4] (মধ্যম
মানৱ উন্নয়ন সূচক (২০১০) বৃদ্ধি ০.৭০২[5] (উচ্চ) (৭০তম)
মুদ্ৰা ৰিয়েল (﷼) (IRR)
সময় স্থান IRST (ইউটিচি+৩:৩০)
 -  গ্ৰীষ্মকালীন (ডিএছটি) ইৰাণ দিবালোক সংৰক্ষণ সময় (IIRD) (ইউটিচি+৪:৩০)
গাড়ী চলোৱা হয় সোঁফালে
ইণ্টাৰনেট টিএলডি .ir
কলিং ক'ড +৯৮
1 Bookrags.com
2 Iranchamber.com
3 ষ্টেটিছটিকেল চেণ্টাৰ অৱ ইৰাণ. "جمعيت و متوسط رشد سالانه" (পাৰ্ছিয়ান ভাষাত). http://www.sci.org.ir/content/userfiles/_sci/sci/SEL/f02/2.1.html। আহৰণ কৰা হৈছে: ২০০৯-০২-১৩. 
4 CIA Factbook

ইৰাণ (ইংৰাজী:  Iran; পাৰ্ছিয়ান: ايران ইৰণ্‎) দক্ষিণ-পশ্চিম এছিয়াৰ পাৰস্য উপসাগৰৰ তীৰত অবস্থিত এখন ৰাষ্ট্ৰ। ইৰাণ বিশ্বৰ সকলোতকৈ বেছি পৰ্বতমালাৰ দেশৰ ভিতৰত অন্যতম; ইয়াত হিমালয়ৰ পাছতেই এছিয়াৰ সৰ্বোচ্চ পৰ্বত ডামভান্দ অৱস্থিত। দেশৰ জনগণ জাতিগত আৰু ভাষাগতভাৱে বিচিত্ৰ হ'লেও ইয়াৰ প্ৰায় সকলো লোকেই মুছলিম। শতাব্দী শতাব্দী ধৰি এই অঞ্চলটো ইছলামৰ ছিয়া মতাৱলম্বীসকলৰ কেন্দ্ৰ। ইৰাণত বিশ্বৰ অন্যতম বৃহৎ খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে। পাৰস্য উপসাগৰৰ অন্যান্য তেলসমৃদ্ধ দেশৰ দৰে ইৰাণৰ তেল ৰপ্তানি ২০শ শতিকাত আৰম্ভ হৈছিল আৰু দেশৰ অৰ্থনীতিৰ মূল চালিকাশক্তি।[6]

খ্ৰীষ্টপূৰ্ৱ ৬ষ্ঠ শতাব্দীত বৰ্তমান ইৰাণ আছিল বিশ্ব শ্ৰেষ্ঠ পাৰস্য সাম্ৰাজ্যৰ কেন্দ্ৰ। প্ৰায় ২০০০ বছৰ ধৰি এই অঞ্চলৰ অধিবাসীয়ে নিজৰ দেশক "ইৰাণ" (ইৰণ্) নামেৰে মাতে। ইৰাণ নামটো, এই এলেকাত বসতি স্থাপনকাৰী আৰ্য গোত্ৰৰ নামৰ পৰা লোৱা হৈছে। কিন্তু গ্ৰীকত এই অঞ্চলক পাৰ্ছ (বৰ্তমান ইৰাণৰ ফাৰ্ছ প্ৰদেশ) বুলি কয়, আৰু সেইবাবে ইউৰোপীয় ভাষাত ইয়াৰ নাম হয় পাৰ্ছিয়া বা পেৰ্ছিয়া। ১৯৩৫ চনত ইৰাণৰ শাসকসকলে দেশখনক কেৱল "ইৰাণ" বুলি কবলৈ অনুৰোধ জনোৱাৰ পৰা সমগ্ৰ বিশ্বত দেশখন এই নামেৰেই পৰিচিত হয়। ১৫০১ চনৰ পৰা ১৯৭৯ চন পৰ্যন্ত ৰাজতন্ত্ৰী ইৰাণ হয় শ্বাহ নাইবা ৰজাই শাসন কৰিছিল। ১৯৭৯ চনত ইৰাণী বিপ্লৱ গণঅভ্যুত্থানৰ মাধ্যমেৰে ৰাজতন্ত্ৰৰ পতন ঘটে আৰু ইৰাণত এক ইছলামী প্ৰজাতন্ত্ৰ স্থাপন হয়।

ইৰাণ ভৌগোলিক আৰু সাংস্কৃতিকভাৱে মধ্যপ্ৰাচ্যৰ পূৱপ্ৰান্তত অৱস্থিত এক সম্পৰ্কীত অঞ্চল। ইয়াৰ উত্তৰে আৰ্মেনিয়া, আজাৰবাইজান, কাস্পিয়ান সাগৰ আৰু তুৰ্কমেনিস্তান; পূৱে আফগানিস্তান আৰু পাকিস্তান; দক্ষিণে ওমান উপসাগৰ, হৰমুজ প্ৰণালী আৰু পাৰস্য উপসাগৰ, আৰু পশ্চিমে ইৰাক আৰু তুৰষ্ক আছে। তেহৰাণ ইৰাণৰ বৃহত্তম চহৰ আৰু ৰাজধানী; চহৰখন ইৰাণৰ উত্তৰ অঞ্চলত অৱস্থিত।

ভূগোল[সম্পাদনা কৰক]

ইৰানৰ ভূ-সংস্থানিক মানচিত্ৰ

ছৌদি আৰৱৰ পিছতেই ইৰান হৈছে মধ্যপ্ৰাচ্যৰ দ্বিতীয় বৃহত্তম দেশ। দেশখনৰ মুঠ আয়তন ১,৬৪৮,০০০ বৰ্গ কিলোমিটাৰ। দেশখনৰ আকৃতি প্ৰায় ত্ৰিভূজাকৃতিৰ, যাৰ দীৰ্ঘতম বাহু প্ৰায় ২,৫০০ কিমি দীঘল আৰু ই উত্তৰ-পশ্চিমে তুৰস্ক সীমান্তৰ পৰা আৰম্ভহৈ দক্ষিণ-পূৱৰ পাকিস্তান সীমান্তত শেষ হৈছে। উত্তৰ-দক্ষিণে ইৰানৰ সৰ্বোচ্চ বিস্তাৰ ১,৬০০ কিমি, আৰু পূৱ-পশ্চিমে ১,৭০০ কিমি।

জনসংখ্যা[সম্পাদনা কৰক]

২০০৬ চনৰ লোকপিয়ল অনুযায়ী ইৰাণৰ জনসংখ্যা ৭,০০,৪৯,২৬২ জন। ইয়াৰ ভিতৰত এক-চতুৰ্থাংশৰ বয়স ১৫ বছৰ বা তাতকৈ কম। ইৰাণ জাতিগতভাৱে আৰু ভাষাগতভাৱে এক বিচিত্ৰ দেশ। তেহৰাণৰ দৰে কিছুমান চহৰত বিভিন্ন জাতিৰ লোকৰ সহাৱস্থান পৰিলক্ষিত হয়। ইয়াৰোপৰি প্ৰায় ৪০ লাখ ইৰাণী বহিঃদেশত, মূলতঃ উত্তৰ আমেৰিকা, পশ্চিম ইউৰোপ, তুৰষ্ক, পাৰস্য উপসাগৰীয় দেশসমূহ আৰু অষ্ট্ৰেলিয়াত প্ৰৱাসী হিচাপে বসৱাস কৰে।[7] চিআইএ ফেক্টবুক অনুসৰি ইৰাণত বাস কৰা বিভিন্ন জাতিসমূহ এনেধৰণৰ: পাৰ্ছিক জাতি ৫১%, আজেৰি জাতি ২৪%, গিলাকি জাতি আৰু মাজান্দাৰাণী জাতি ৮%, কুৰ্দি জাতি ৭%,আৰৱ জাতি ৩%, লুৰ জাতি২%, বেলুচি জাতি ২%, তুৰ্কমেন জাতি ২% আৰু অন্যান্য ১%।[8]

ধর্ম[সম্পাদনা কৰক]

জাফৰি ছিয়া ইছলাম ১৬শ শতকৰ পৰা ইৰাণৰ ৰাষ্ট্ৰধৰ্ম। ছিয়া মুছলিমসকল আৰৱ আৰু মুছলিম বিশ্বৰ অন্যান্য ছুন্নী মুছলিমসকলৰ সৈতে হজৰত মহম্মদৰ (ছাঃ) উত্তৰাধিকাৰী হয়নে নহয় সেই বিষয়ে মতভেদ প্ৰকাশ কৰে। ইৰাণৰ ১৯৭৯ চনৰ সংবিধানত ছিয়া ধৰ্মগুৰুক সৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীত স্থান দিয়া হৈছে। ইৰাণৰ প্ৰায় ৯৩% মুছলিম ছিয়া ধৰ্মাৱলম্বী আৰু ইয়াৰ প্ৰায় সকলোৱেই জাফৰি ছিয়া মতবাদত বিশ্বাসী। জাফৰি ছিয়াৰ মতে মহম্মদৰ ১২ জন উত্তৰাধিকাৰী ইমাম আছিল। ইৰাণৰ বাকী জনগণ ছুন্নী ধৰ্মাৱলম্বী। বিভিন্ন সময়ত মিশ্ৰ ধৰ্মৰ লোকেৰে গঠিত চহৰত ধৰ্মীয় উৎসৱৰ সময়ত ধৰ্মীয় উত্তেজনা পৰিলক্ষিত হয়। ছুফিবাদ বা ইছলামী আধ্যাত্ম্যবাদ ইৰাণীসকলৰ মাজত অতি জনপ্ৰিয়। ইয়াৰোপৰি ইৰাণত আৰ্মেনীয় আৰু আছিৰীয় খ্রীষ্টান, ইহুদী আৰু জৰথুষ্ট্ৰবাদী লোকৰ সৰু সৰু সম্প্ৰদায়ো আছে। ১৯শ শতকত বাহাইবাদৰ আবিৰ্ভাৱ ঘটে। ১৯৭৯ চনত ইৰাণত ইছলামী প্ৰজাতন্ত্ৰৰ প্ৰতিস্থা হোৱাৰ পাছৰে পৰা চৰকাৰৰ ৰোষত পৰে যদিও, বাহাই ধৰ্মৰো বহু হাজাৰ অনুসৰণকাৰী আছে।

ভাষা[সম্পাদনা কৰক]

ইৰাণত মূলত তিনিটা ভাষাপৰিয়ালৰ ভাষা প্ৰচলিক: ইৰাণীয়, তুৰ্কীয় আৰু ছেমিটীয় ভাষাসমূহ। সকলোতকৈ বেচি ভাষা-ভাষীবিশিষ্ট আৰু ভৌগলিকভাৱে সকলোতকৈ বেচি বিস্তৃত ভাষাপৰিয়াল হৈছে ইৰাণীয় ভাষাসমূহ। ইয়াৰ ভিতৰত ফাৰ্ছি ভাষা প্ৰধানতম ভাষা। ফাৰ্ছি ইৰাণৰ জাতীয় ভাষা। ইৰাণৰ ফাৰ্ছ প্ৰদেশত প্ৰচলিত ভাষাৰ পৰা ইয়াৰ উৎপত্তি আৰু ইয়াৰ লিখিত ভাষাৰ ইতিহাস ১০০০ বছৰতকৈও বেচি পুৰণি। অন্যান্য ইৰাণীয় ভাষাসমূহৰ ভিতৰত পশ্চিম ইৰাণৰ কুৰ্দী ভাষা, উত্তৰ-পশ্চিমৰ তাটি উটালিছি ভাষা, এলবুৰ্জ পৰ্বতমালাৰ উত্তৰ অংশৰ মাজান্দাৰাণী উগিলাকি ভাষা, আৰু দক্ষিণ-পূৱ ইৰাণৰ বেলুচি ভাষা অন্যতম। ইৰাণত প্ৰচলিত তুৰ্কীয় ভাষাসমূহৰ ভিতৰত উত্তৰ-পশ্চিমৰ আজাৰবাইজানি ভাষা আৰু উত্তৰ-পূৱৰ তুৰ্কমেন ভাষা প্ৰধান। ইয়াৰোপৰি ইৰাণৰ দক্ষিণ-পশ্চিমৰ খুজেস্তান প্ৰদেশ আৰু পাৰস্য উপসাগৰৰ উপকূল অঞ্চলত ছেমিটীয় ভাষাপৰিয়ালৰ আৰৱী ভাষাৰ প্ৰচলন পৰিলক্ষিত হয়।

আধুনিক ফাৰ্ছি ভাষা ইৰাণৰ চৰকাৰী ভাষা। ফাৰ্ছি হৈছে এটা প্ৰাচীন সাহিত্যিক ভাষা। ৭ম শতাব্দীৰ আৰৱৰ আক্ৰমণৰ আগতে এই ভাষা পাহলভী লিপিত লিখা হৈছিল। ৯ম আৰু ১০ম শতাব্দীত ভাষাটো আৰৱী লিপি ব্যবহাৰ কৰি লিখিবলৈ আৰম্ভ কৰা হয়। ১৯৫০ চনলৈকে কথিত ফাৰ্ছি অনেক স্বতন্ত্ৰ উপভাষা আছিল, তাৰ পিছৰ পৰা চৰকাৰী শিক্ষা আৰু গণমাধ্যমৰ প্ৰসাৰৰ ফলত এক মান্য কথিত ফাৰ্ছি ভাষাৰ উদ্ভৱ ঘটে। ইৰাণৰ কিছু ভাষিক সংখ্যালঘুৰ নিজস্ব প্ৰচাৰ মাধ্যম আৰু প্ৰকাশনাত তুৰ্কী, আজেৰি, কুৰ্দী, আৰৱী, আৰু আৰ্নেনীয় আদি ভাষাৰো ব্যৱহাৰ কৰা দেখা পোৱা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Encyclopædia Britannica. "Encyclopædia Britannica Encyclopedia Article: Media ancient region, Iran". Britannica.com. http://www.britannica.com/EBchecked/topic/372125/Media। আহৰণ কৰা হৈছে: 2010-08-25. 
  2. Andrew J. Newman, Safavid Iran: Rebirth of a Persian Empire, I. B. Tauris (30 March 2006)
  3. 3.0 3.1 3.2 3.3 "Iran". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2010/01/weodata/weorept.aspx?sy=2007&ey=2010&scsm=1&ssd=1&sort=country&ds=.&br=1&c=429&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=49&pr.y=10। আহৰণ কৰা হৈছে: 2010-04-21. 
  4. CBI: Economic Trends 2008/2009. Retrieved 4 July 2009.
  5. "Human Development Report 2010". United Nations. 2010. http://hdr.undp.org/en/media/HDR_2010_EN_Table1.pdf। আহৰণ কৰা হৈছে: 5 November 2010. 
  6. Haidar, J.I., 2015."Sanctions and Exports Deflection: Evidence from Iran," Paris School of Economics, University of Paris 1 Pantheon Sorbonne, Mimeo
  7. Iran: Coping With The World's Highest Rate Of Brain Drain - RADIO FREE EUROPE / RADIO LIBERTY
  8. "The World Factbook -Iran". https://www.cia.gov/library/publications/the-world-factbook/geos/ir.html। আহৰণ কৰা হৈছে: 2008-04-21.