তেহৰাণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তেহৰাণ (ইংৰাজী:  Tehran; পাৰ্ছিয়ান: تهران‎ – Tehrān, সাঁচ:IPA-fa) হৈছে ইৰাণ আৰু তেহৰাণ প্ৰদেশৰ ৰাজধানী। নগৰৰ জনসংখ্যা প্ৰায় ৯ নিযুত আৰু বৃহৎ মহানগৰীয় এলেকাত প্ৰায় ১৬ নিযুত,[1] তেহৰান হৈছে ইৰানৰ সৰ্ববৃহৎ মহানগৰ আৰু নগৰীয় এলেকা, পশ্চিম এছিয়াৰ দ্বিতীয় বৃহৎ মহানগৰ, আৰু মধ্য পূৱ তৃতীয় বৃহৎ মহানগৰীয় এলেকা। বিশ্বৰ মহানগৰীয় এলেকাসমূহৰ ভিতৰত তেহৰাণে ২৯তম স্থান দখল কৰি আছে।[2] ধ্ৰুপদী যুগত, বৰ্তমান তেহৰাণৰ কিছু অংশ ৰাঘা হিচাপে অভিহিত আভেষ্টাৰ এখন মেডিয়ান নগৰে অধিকাৰ কৰি ৰাখিছিল।[3] নগৰখন ত্ৰয়োদশ শতিকাৰ আদিতে মোগলে ধ্বংশ কৰিছিল, আৰু তেতিয়াৰ পৰা বৰ্তমান তেহৰাণ নগৰৰ দক্ষিণ ফালে অৱস্থিত তেহৰাণ প্ৰদেশ বুলি জনাজাত হয়।

১৭৯৬ চনত কোৱাজাৰ সাম্ৰাজ্যৰ আঘা মহম্মদ খানে তেহৰাণক প্ৰথম ইৰানৰ ৰাজধানী হিচাপে নিৰ্বাচিত কৰে। ৰুছো-পাৰ্ছিয়ান যুদ্ধৰ ফলত ইৰাণৰ পৰা পৃথক হোৱাৰ আগতে কাউকাছাছৰ ইৰাণী ৰাজ্যসমূহৰ ওচৰত থাকিবৰ বাবে, পূৰ্বৰ ইৰাণ সাম্ৰাজ্য খণ্ডিত হোৱাৰ পৰা এৰাই চলিবৰ বাবেই আঘা খানে এনে কৰিছিল। ইতিহাসত ইৰাণৰ ৰাজধানী বহুবাৰ সালসলনি কৰাৰ তথ্য আছে আৰু তেহৰাণ আছিল ইৰাণৰ ৩২তম ৰাষ্ট্ৰীয় ৰাজধানী

নগৰখন আছিল ইৰানৰ দুই অপৰাজেয় সাম্ৰাজ্য কোৱাজাৰ আৰু পাহলাভি সাম্ৰাজ্যৰ ভূমি। ইয়াত বহু ঐতিহাসিক সমলৰ সংগ্ৰহ আছে, গোৱাষ্টানৰ ৰাজ প্ৰসাদসমূহ, ছ'ডাবাড, আৰু নিয়াভাৰণ প্ৰাসাদ আৰু আধুনিক কালৰ দেশৰ আটাইতকৈ প্ৰয়োজনীয় চৰকাৰী গৃহসমূহ। ১৯২০ৰ দশকত তেহৰাণত বৃহৎ পৰিসৰত ধ্বংশ আৰু পুনৰ্নিৰ্মান আৰম্ভ হয়, আৰু বিংশ শতিকাত সমগ্ৰ ইৰাণৰ পৰা হোৱা প্ৰৱজনৰ বাবে তেহৰাণ হৈ পৰে প্ৰধান লক্ষ্যস্থান।[4]

নগৰখনৰ সবাতোকৈ বিখ্যাত পৰ্যটক স্থলীবোৰ হৈছে আজাদী দূৰ্গ, পাহলাভী কালৰ এই কীৰ্তিচিহ্ন, আৰু মিলাদ দূৰ্গ, ২০০৭ চনত নিৰ্মিত পৃথিৱীৰ ১৭তম উচ্চতম মুক্তভাৱে থিয়হৈ থকা গঠন। ২০১৪ চনত নিৰ্মান সম্পূৰ্ণ হোৱা টাবিয়াট দলঙক চহৰখনৰ তৃতীয় আকৰ্ষণ বুলি গণ্য কৰা হয়।[5]

তেহৰাণৰ জনসংখ্যাৰ সৰহ সংখ্যকেই পাৰ্ছিয়ান-ভাষী লোক,[6][7] আৰু প্ৰায় ৯৯% জনসংখ্যাই পাৰ্ছিয়ান ভাষা বুজি পাই আৰু কয়; কিন্তু ইয়াৰোপৰি নগৰখনত ইৰানীয় বংশোদ্ভৱ বহু লোক আছে, যেনে আজাৰবাইজানিজ, আৰ্মেনিয়ান, লুৰ্ছ, আৰু কুৰ্ডছ যিসকলে তেওঁলোকৰ দ্বিতীয় ভাষা হিচাপে পাৰ্ছিয়ান কয়।[8]

তেহৰাণত মেহ্ৰাবাদ আৰু খোমেইনি নামৰ দুটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে। ইয়াৰোপৰি তেহৰাণত থকা পৰিবহনৰ অন্য সেৱাসমূহ হৈছে, চেণ্ট্ৰেল ৰেলৱে ষ্টেচন, তেহৰান মেট্ৰ'ৰ ৰেপিড ট্ৰেনজিৎ ৰেইল ছিষ্টেইম লগতে এক ট্ৰ'লিবাছ আৰু এক বিআৰটি প্ৰণালী, আৰু ঘাইপথৰ এক বৃহৎ সংযোগ।

বৰ্তমান ইৰাণৰ ৰাজধানী তেহৰাণৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰি থকা হৈছে; ইয়াৰ মূখ্য কাৰণ হৈছে বায়ু প্ৰদূষণ আৰু চহৰ খনৰ ভূমিকম্পৰ অসুৰক্ষতা। বৰ্তমানলৈকে এনে কোনো নিৰ্দিষ্ট পৰিকল্পনা মনোনীত হেৱা নাই। ২৩০ খন চহৰক লৈ মাৰ্চাৰ পৰামৰ্শদাতা সকলে ২০১৬ চনত কৰা এক সমীক্ষামতে উন্নত জীৱনধাৰণৰ ক্ষেত্ৰত তেহৰাণৰ স্থান হৈছে ২০৩তম।[9] গ্ল'বেল ডেষ্টিনেচন চিটিছ ইনডেক্সৰ মতে তেহৰাণ শীৰ্ষ দহখন আকৰ্ষণীয় স্থানৰ ভিতৰত এখন।[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Excluding the population of the city Karaj
  2. "World's largest urban areas in 2006 (1)". City Mayors. http://www.citymayors.com/statistics/urban_2006_1.html। আহৰণ কৰা হৈছে: 2010-09-25. 
  3. George Erdösy, "The Indo-Aryans of ancient South Asia: Language, material culture and ethnicity", Walter de Gruyter, 1995. p. 165: "Possible western place names are the following: Raya-, which is also the ancient name of Median Raga in the Achaemenid inscriptions (Darius, Bisotun 2.13: a land in Media called Raga) and modern Rey south of Tehran"
  4. "Tehran (Iran) : Introduction – Britannica Online Encyclopedia". Britannica.com. http://www.britannica.com/EBchecked/topic/585619/Tehran। আহৰণ কৰা হৈছে: 2012-05-21. 
  5. Arch Daily: Tabiat Pedestrian Bridge / Diba Tensile Architecture, 17 Nov 2014
  6. "Chand Darsad Tehranihaa dar Tehran Bedonyaa Amadand"(How many percent of Tehranis were born in Tehran)-Actual census done by the University of Tehran – Sociology Department, accessed December, 2010 [1][2][3][4][5]
  7. Mohammad Jalal Abbasi-Shavazi, Peter McDonald, Meimanat Hosseini-Chavoshi, "The Fertility Transition in Iran: Revolution and Reproduction", Springer, 2009. pp 100–101: "The first category is 'Central' where the majority of people are Persian speaking ethnic Fars (provinces of Fars, Hamedan, Isfahan, Markazi, Qazvin, Qom, Semnan, Yazd and Tehran..."
  8. Mareike Schuppe, "Coping with Growth in Tehran: Strategies of Development Regulation", GRIN Verlag, 2008. pp 13: "Besides Persian, there are Azari, Armenian, and Jewish communities in Tehran. The vast majority of Tehran's residents are Persian-speaking (98.3%)"
  9. http://finance.yahoo.com/news/iranian-expats-hard-woo-western-104201359.html
  10. http://www.payvand.com/news/16/sep/1144.html