বায়ু প্ৰদূষণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্বিতীয় মহাযুদ্ধৰ সময়ত এটা কাৰখানাৰ পৰা ওলোৱা ধোঁৱা

বায়ু প্ৰদূষণ(ইংৰাজী: Air pollution) হৈছে বায়ুমণ্ডলত পদাৰ্থৰ উপস্থিতিৰ ফলত বায়ু দূষিত হোৱা যি মানুহ আৰু অন্যান্য জীৱৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বা জলবায়ু বা সামগ্ৰীৰ ক্ষতি কৰে।[1][2] বিভিন্ন প্ৰকাৰৰ বায়ু প্ৰদূষক আছে (যেনে গেছ এমোনিয়া, কাৰ্বন মনোক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেন, কাৰ্বন ডাই অক্সাইড আৰু ক্লোৰোফ্লুৰোকাৰ্বন) কণিকা (জৈৱিক আৰু অজৈৱ দুয়োটা) আৰু জৈৱিক অণু। বায়ু প্ৰদূষণৰ ফলত মানুহৰ ৰোগ, এলাৰ্জি আৰু আনকি মৃত্যু হ'ব পাৰে; ই আন জীৱিত জীৱ যেনে জীৱ-জন্তু আৰু খাদ্য শস্যৰ ক্ষতি কৰিব পাৰে, আৰু প্ৰাকৃতিক পৰিৱেশ (উদাহৰণ স্বৰূপে, জলবায়ু পৰিৱৰ্তন, অ'জোন হ্ৰাস বা বাসস্থানৰ অৱক্ষয়) বা নিৰ্মিত পৰিৱেশ (উদাহৰণ স্বৰূপে, এচিড বৰষুণ) ক্ষতিগ্ৰস্ত কৰিব পাৰে।[3] মানুহৰ কাৰ্যকলাপ আৰু প্ৰাকৃতিক পৰিঘটনা দুয়োটাৰ ফলত বায়ু প্ৰদূষণ হ'ব পাৰে।[4]

বায়ু প্ৰদূষণৰ কাৰক[সম্পাদনা কৰক]

ধূলিৰ ধুমুহা ওচৰ চাপি আহিছে ষ্ট্ৰেটফোৰ্ড, টেক্সাছৰ পিনে
জৰ্জিয়াৰ ষ্টেটছব’ৰ’ৰ বাহিৰৰ এখন পথাৰ নিয়ন্ত্ৰিতভাৱে জ্বলাই দিয়া হৈছে
বায়ু প্ৰদূষণৰ প্ৰভাৱ আৰু কাৰকসমূহ

বায়ু কেনেদৰে প্ৰদূষিত হয়?

জীৱাশ্ম ইন্ধন, কাঠ আৰু আমি জ্বলোৱা অন্যান্য বস্তুবোৰে কাৰ্বনৰ অক্সাইড প্ৰস্তুত কৰে যি বায়ুমণ্ডলত মুকলি হৈ যায়। আগতে বহুসংখ্যক গছ থাকে যিয়ে আমি উশাহ লোৱা বায়ু সহজে ফিল্টাৰ কৰিব পাৰে।

কিন্তু ভূমিৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে, মানুহে গছ কাটিবলৈ আৰম্ভ কৰে যাৰ ফলত বনধ্বংস হয়। এইটোৱে অৱশেষত গছৰ ফিল্টাৰিং ক্ষমতা হ্ৰাস কৰিছিল।

তদুপৰি, যোৱা কেইটামান দশকত জীৱাশ্ম ইন্ধন জ্বলোৱা বাহনৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছিল যি বায়ুত প্ৰদূষকৰ সংখ্যা বৃদ্ধি কৰিছিল।

নগৰীকৰণ[সম্পাদনা কৰক]

সঘনে গঢ়ি উঠা নগৰবোৰ বায়ু প্ৰদূষণৰ এক মুখ্যকাৰক। নগৰ সমূহৰ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰা বিভিন্ন আচবাব যেনে – ইটা,বালি,চিমেণ্ট আদিৰপৰা দূষিত ৰেডন গেছৰ উৎপত্তি হয়। নগৰ অঞ্চলত যিহেতু কল-কাৰখানা,যানবাহন আদিৰ ব্যৱহাৰ বেছি,সেই কাৰণেই এই অঞ্চলবোৰৰ বায়ুমণ্ডলত ছালফাৰ-ডাই-অক্সাইডৰ(SO2)গাঢ়তা বে্ছি হয়। পৃথিৱীত বছৰি প্ৰায় ৩৩৮নিযুত টন দূষিত আৱৰ্জনা নগৰ বিলাকত সৃষ্টি হব ধৰিছে। স্তূপীকৃত আৱৰ্জনা আৰু নগৰ অঞ্চলৰ নৰ্দমা আৱৰ্জনাত থকা জৈৱ পদাৰ্থৰ পচনক্ৰিয়াত হাইড্ৰ’জেন চালফাইড(H2S)গেছ উৎপন্ন হয়। জাৰণৰ সহায়ত অক্সিজেন যুক্ত হৈ ছালফাৰ-ডাই-অক্সাইডৰ সৃষ্টি হয়। কেতিয়াবা (H2S)গেছ নিৰ্গত হৈ বায়ুমণ্ডলত থকা পানীৰ বাষ্পৰ লগত লগলাগি ছালফিউৰিক এচিডলৈ (H2SO4)পৰিৱৰ্ত্তিত হয় আৰু এচিড বৰষুণ হৈ তললৈ নামি আহে। এই এচিড বৰষুণে গছ-গছনিৰ লগতে আমাৰ ঘৰ-দুৱাৰ আদিৰো বিস্তৰ ক্ষতি সাধন কৰে। বন ধ্বংসৰ ফলত গছ গছনিৰ পৰিমাণ দিনে হ্ৰাস পাইছে। গছ-গছনিৰ অভাৱত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ যথেষ্ট কমি গৈছে আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাই আহিছে। ইয়াৰ ফলত পৃথিৱীৰ গোলকীয় উষ্ণতা দিনে দিনে বৃদ্ধি পাইছে আৰু ইয়ে এদিন সমগ্ৰ জীৱকুল ধ্বংসৰ কাৰণ হ'বলৈ আগবাঢ়িছে। [1]

উদ্যোগিক প্ৰদূষণ কাৰক[সম্পাদনা কৰক]

Industrial air pollution emissions

নানা ধৰণৰ কল-কাৰখানা বায়ু প্ৰদূষণৰ প্ৰধান উৎস।[5] এই উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা কাৰ্বন মনক্সাইড (CO),কাৰ্বন-ডাই-অক্সাইড (CO2),ছালফাৰ-ডাই-অক্সাইড (SO2),হাইড্ৰ’জেন ছালফাইড (H2S)আৰু হাইড্ৰ’কাৰ্বন আদি গেছে বায়ু প্ৰদূষিত কৰে। কিছুমান ৰাসায়নিক উদ্যোগে হাইড্ৰক্লৰিক এচিড,ক্লৰিন,ফ্লৰিন,নাইট্ৰ’জেন অক্সাইড,দস্তা,সীহ,আৰ্ছেনিক,তাম,ছালফাৰ-ডাই-অক্সাইড,কাৰ্বন-মনক্সাইড আদি প্ৰদূষণ কাৰক নিৰ্গত কৰে। এই সকলোবোৰৰ উপৰিও সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত বায়ুমণ্ডলত থকা হাইড্ৰকাৰ্বন তথা নাইট্ৰজেন অক্সাইডে পেৰক্সি এচিটাইল নাইট্ৰেট (PAN)আৰু অজ'ন (O3) সৃষ্টি কৰি বায়ুমণ্ডলক মাৰাত্মকভাৱে দূষিত কৰা এক ধোঁৱাৰ সৃষ্টি কৰে। [1]

যান-বাহনে সৃষ্টি কৰা প্ৰদূষক[সম্পাদনা কৰক]

নানা ধৰণৰ যান-বাহনৰ পৰা নিৰ্গত হোৱা বায়ু প্ৰদূষণৰ বাবে শতকৰা ৬০ভাগ দায়ী। এই ধোঁৱাত কাৰ্বন-মন’ক্সাইড,কাৰ্বন-ডাই-অক্সাইড,নাইট্ৰজেন অক্সাইড আৰু হাইড্ৰকাৰ্বন থাকে। প্ৰতি গেলন পেট্ৰলৰ দহনৰ ফলত ৩পাউণ্ড কাৰ্বন-মন’ক্সাইড আৰু ১৫পাউণ্ড নাইট্ৰজেন অক্সাইড সৃষ্টি হয় আৰু এইবোৰে ৪,০০,০০০ – ২০,০০,০০০ C.C বায়ু দূষিত কৰিব পাৰে। তদুপৰি যান-বাহনৰ ধোঁৱাৰ লগত লীড অক্সাইড নিৰ্গত হয়। পেট্ৰলৰ ক্ষমতা বঢ়াবৰ বাবে প্ৰতি লিটাৰ পেট্ৰলৰ লগত ৪গ্ৰাম পৰ্যন্ত লীড (সীহ)মিহলাই দিয়ে। এই সীহ দেহৰ বাবে ক্ষতিকাৰক। উশাহৰ লগত নাইবা খাদ্য বস্তুৰ সহায়ত এই সীহ মানুহৰ শৰীৰত প্ৰবেশ কৰে। সীহৰ মাত্ৰা প্ৰতি ১০০মি.লি.তেজত ২০ ug হ’লে বিষক্ৰিয়া আৰম্ভ হয়।[1]

ইন্ধনৰ দহন[সম্পাদনা কৰক]

ইন্ধন হিচাপে ব্যৱহাৰ কৰা কয়লা,গোবৰ,খৰি,কেৰাচিন ইত্যাদিৰ অসম্পূৰ্ণ দহনৰ ফলত কাৰ্বন মনক্সাইড আদি দূষিত গেছৰ সৃষ্টি হয়। কয়লাত প্ৰচুৰ পৰিমাণে ছালফাৰ থাকে আৰু দহনৰ ফলত ছালফাৰ-ডাই-অক্সাইড হিচাপে বায়ুমণ্ডললৈ নিৰ্গমন হৈ বায়ুক দূষিত কৰে।[6][7]

কৃষিকাৰ্যৰপৰা প্ৰদূষণ[সম্পাদনা কৰক]

জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে অধিক উৎপাদন লাভৰ বাবে কৃষিকাৰ্যত নানা ধৰণৰ ৰাসায়নিক সাৰ,কীটনাশক দৰৱ আদি ব্যৱহাৰ কৰা হয়। কীটনাশক তথা আগাছানাশক দৰৱ আদিৰপৰা অৰ্গেনিক ফছফেট, ক্লৰিনযুক্ত হাইড্ৰ’কাৰ্বন আৰ্ছেনিক, সীহ আদি ওলাই বায়ুৰ লগত মিহলি হৈ বায়ু দূষিত কৰে।

তেজষ্ক্ৰিয় আৰু আন পদাৰ্থ কণা প্ৰদূষক[সম্পাদনা কৰক]

নানা ধৰণৰ বিস্ফোৰক আৰু আণবিক চুলাৰ ব্যৱহাৰৰ ফলত কিছুমান পদাৰ্থ ধূলিকণা ৰূপে বায়ুমণ্ডলত সৃষ্টি হয় আৰু তেজষ্ক্ৰিয় ৰশ্মি যেনে α,β,γ আদি প্ৰক্ষেপণ কৰে। ইয়াৰ উপৰিও আন কিছুমান পদাৰ্থ বায়ুমণ্ডলত জলীয় আৰু কঠিন এই দুই অৱস্থাতে ভাঁহি থাকে। এই পদাৰ্থবোৰত কেডমিয়াম, ক্ৰ'মিয়াম, ভানাডিয়াম ইত্যাদি বিষাক্ত ধাতু মিশ্ৰিত হৈ থাকে।[1]

বায়ু প্ৰদূষণৰ প্ৰভাৱ[সম্পাদনা কৰক]

বায়ু প্ৰদূষণে বিভিন্ন দিশত প্ৰভাৱ বিস্তাৰ কৰে। তলত কেইটামান উল্লেখ কৰা হ’ল –

মানৱ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ[সম্পাদনা কৰক]

  1. কাৰ্বন মন’অক্সাইড – কাৰ্বন মন’অক্সাইডে তেজৰ ৰক্ত কণিকাত থকা হিমগ্ল’বিনৰ লগত লগ লাগি কাৰ্বক্সিহিমগ্ল’বিন সৃষ্টি কৰে। ফলত তেজৰ অক্সিজেন পৰিবহণ ক্ষমতা কমি যায়। দীৰ্ঘ সময় ধৰি কাৰ্বন মন'ক্সাইড সেৱন কৰিলে মানু্হৰ ভাগৰ লগা,মূৰ্ছা যোৱা, আনকি মৃত্যু হোৱাও দেখা যায়।
  2. ছালফাৰ-ডাই-অক্সাইড – ছালফাৰৰ অক্সাইবোৰে আমাৰ শ্বাস-প্ৰশ্বাসৰ নলীবোৰৰ কোষবোৰ আক্ৰান্ত কৰি ডিঙিৰ সুৰসুৰণি,শ্বাসকষ্ট,এজমা,ব্ৰংকাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। কেতিয়াবা এই গেছৰ(SO2) প্ৰভাৱত চকুৰ ৰোগ হোৱাও দেখা যায়।
  3. নাইট্ৰজেন অক্সাইড – নাইট্ৰজেন অক্সাইডবোৰে হাওঁফাওঁৰ বেৰত থকা কোষবোৰ আক্ৰান্ত কৰি এজমা,নিউমোনিয়া ব্ৰংকাইটিছ জাতীয় ৰোগৰ সৃষ্টি কৰে। লগতে চকুৰ ৰোগও কৰে।
  4. কাৰ্বন-ডাই-অক্সাইড – এই গেছে হাওঁফাও ৰোগ,ব্ৰংকাইটিছ আদিৰ সৃষ্টি কৰে।
  5. সীহ – উশাহৰ লগত সীহ মানুহৰ দেহৰ ভিতৰত সোমালে ই লাহে লাহে মানুহজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। কাৰণ সীহে তেজত থকা হিমগ্ল’বিন গঠনত বাধা প্ৰদান কৰে। তদুপৰি সীহে সৰু ল’ৰা-ছোৱালীৰ মস্তিষ্কৰ ক্ষতি সাধন কৰে।
  6. এলডিহাইড – বিভিন্ন উৎসৰপৰা সৃষ্টি হোৱা এলডিহাইডবোৰে পাকস্থলী আৰু শ্বাসনলীৰ ৰোগ সৃষ্টি কৰে।
  7. হাইড্ৰ’কাৰ্বন – উদ্যোগবোৰত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ হাইড্ৰ’কাৰ্বনবোৰৰ অসম্পূৰ্ণ জাৰণৰ ফলত সৃষ্টি হোৱা বেঞ্জ’পাইৰিন জাতীয় পদাৰ্থই হাওঁফাওঁৰ কৰ্কটৰোগ সৃষ্টি কৰে।
  8. O3 গেছ – বায়ুমণ্ডলৰ ষ্টেট’স্ফিয়াৰত থকা অ’জন (O3)গেছে সূৰ্য্যৰ পৰা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ আহিব নিদিয়ে। এই গেছে মানুহৰ মিউকাছ আৱৰণৰ ক্ষতি সাধন কৰে। আনহাতে,CFC (Chloro Fluro Carbon) হেলন আদি গেছৰ প্ৰভাৱত অ’জন স্তৰটোৰ ক্ষতিসাধন হৈ আছে। UN – ৰ সমীক্ষা অনুসৰি শতকৰা ১০ ভাগ অ’জন(O3)ৰ ক্ষতিসাধনে শতকৰা ২৬ ভাগ মেলান’মাছ নামৰ ছালৰ কেঞ্চাৰ ৰোগ বঢ়ায়।
  9. তেজষ্ক্ৰিয় পদাৰ্থ – বায়ুত তেজষ্ক্ৰিয় পদাৰ্থৰ উপস্থিতিৰ ফলত কৰ্কট ৰোগৰ উপৰিও জন্মৰ সময়ত ল’ৰা-ছোৱালীৰ দৈহিক বিকৃতি পৰিলক্ষিত হয়। ইয়াৰ উপৰিও কয়লাৰ খনিত কাম কৰা কৰ্মীবোৰৰ ক’লা হাওঁফাওঁ ৰোগ আৰু এচবেষ্টছ উদ্যোগত কাম কৰা কৰ্মীবোৰৰ এছবেষ্ট’ছিছ নামৰ ৰোগ বিশেষভাৱে উল্লেখযোগ্য।[1]
  10. বায়ু প্ৰদূষনৰ ফলত মানুহৰ বিভিন্ন শ্বাস প্ৰশ্বাসজনিত ৰোগ হ'ব পাৰে |

আন প্ৰাণীৰ ওপৰত প্ৰভাৱ[সম্পাদনা কৰক]

কল-কাৰখানাৰ ওচৰত বাস কৰা প্ৰাণীবোৰৰ ফ্লৰিন সেৱনৰ বাবে ফ্ল’ৰছিছ ৰোগ হয়। প্ৰদূষিত বায়ু পানীৰ লগত মিহলি হৈ নদ-নদী, খাল, বিল, পুখুৰী, হ্ৰদ আনকি সাগৰৰ পানীৰো আম্লিকতা বৃদ্ধি কৰে। ফলত এই পানীত বাস কৰা জলজ প্ৰাণীবোৰৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।

উদ্ভিদ জগতত প্ৰভাৱ[সম্পাদনা কৰক]

  1. kolyan থকা SO2 য়ে শস্য আৰু আন উদ্ভিদৰ যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰে। উদ্ভিদৰ পাতৰ বিভিন্ন পত্ৰৰন্ধ্ৰইদি এই SO2 গেছবোৰ ব্যাপিত হৈ সালোক সংশ্লেষণৰ বাবে অতি প্ৰয়োজনীয় পত্ৰহৰিৎক ক্ষতি কৰে।
  2. উদ্যোগ সমূহত সৃষ্টি হোৱা ফ্লৰাইড গেছে পাতৰ উৰিভাগত থকা মমজাতীয় কিউটিক’ল নামৰ স্তৰটো নষ্ট কৰে। এই স্তৰটোৱে উদ্ভিদৰ অতিৰিক্ত পানী ওলাই যোৱাত বাধা দি থাকে। এই প্ৰভাৱ দীৰ্ঘসময় ধৰি সঞ্চিত হ’লে উদ্ভিদৰ নেক্ৰ’ছিছ (Nacrosis), ক্লৰছিছ (Chlorosis), এপিনেষ্টি (Eppinasty), এবছিছন (Abscission)আদি ৰোগ হয় আৰু কেতিয়াবা মৃত্যু হোৱাও দেখা যায়।
  3. বায়ুমণ্ডলত থকা ইথিলিন জাতীয় পদাৰ্থ কপাহ নাইবা আন আন শস্যৰ বাবে ক্ষতিকাৰক। কিছুমান হাইড্ৰ’কাৰ্বনৰ প্ৰভাৱত অপৈণত অৱস্থাতে উদ্ভিদৰ পাত নাইবা ফল সৰি যায়।
  4. অ’জন গেছৰ প্ৰভাৱত ৰবৰ টান হয় আৰু ০.০২ ppm গাঢ়তাত উদ্ভিদৰ ক’লেনকাইমা কোষবোৰ ধ্বংস হয়। অ’জন গেছে অপৈনত অৱস্থাতে উদ্ভিদৰ পাত সৰাই পেলায়।
  5. নগৰীকৰণ আৰু উদ্যোগৰ ফলত সৃষ্টি হোৱা কিছুমান বায়ু প্ৰদূষকে খেতিপথাৰত অনিষ্টকাৰী কীট-পতঙ্গৰ সংখ্যা বঢ়োৱাৰ লগে লগে খেতিপথাৰৰ যথেষ্ট অনিষ্ট সাধন কৰে।[1]

জলবায়ুৰ ওপৰত প্ৰভাৱ[সম্পাদনা কৰক]

বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি গলে সূৰ্য্যৰ পৰা বিকিৰিত ৰশ্মি কুঁৱলী আৰু কাৰ্বন-ডাই-অক্সাইডৰ তৰপ ভেদ কৰি ওলাই যাব নোৱাৰে। ফলত পৰিবেশৰ উষ্ণতা বাঢ়ে। ইয়াক সেউজ গৃহ প্ৰভাৱ (ইংৰাজী: Green house effect) বোলে। ইতিমধ্যে যোৱা ১০০ বছৰৰ ভিতৰত পৃথিৱীৰ উষ্ণতা প্ৰায় ০.৫° বাঢ়িছে। প্ৰত্যেক বছৰে কল-কাৰখানাবোৰৰ পৰা প্ৰায় ৬০০০ নিযুত টন CO2 বায়ুমণ্ডলত সৃষ্টি হৈ আছে।

বিভিন্ন আচবাবত প্ৰভাৱ

উদ্যোগ সমূহৰ পৰা ওলোৱা ধোৱা আৰু এচিড বৰষুণে পকীঘৰ অট্টালিকাবোৰৰ গৃহ নিৰ্মাণ সামগ্ৰীসমূহৰ অৱক্ষয় ঘটায় আৰু সৌন্দৰ্য্যহীন হৈ পৰে।[1]

বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায়[সম্পাদনা কৰক]

বৰ্তমান আধুনিক যুগত বায়ু প্ৰদূষণ সম্পূৰ্ণৰূপে নাইকিয়া কৰাটো সম্ভৱ নহয় যদিও কিছুমান পদ্ধতিৰ দ্বাৰা ইয়াৰ প্ৰভাৱ নিম্নতম কৰিব পৰা যায়।

  1. উদ্যোগ সমূহৰ পৰা ধোৱা নিৰ্গত হোৱা চিমনীবোৰ ওখ কৰিলে দূষিত বায়ু ওপৰলৈ উঠি যাব আৰু পৰিবেশৰ ওপৰত নিম্নতম ঋণাত্মক প্ৰভাৱ পেলাব।
  2. পুৰণি যান-বাহন সমূহ চলোৱাত বাধা দি, কেটালাইটিক কনভাৰ্টাৰ (Catalytic converter)ব্যৱহাৰ কৰি দূষিত পদাৰ্থবোৰ পৰিবেশত অহাৰ আগতে দহন কৰা প্ৰয়োজন।
  3. উদ্যোগ সমূহত চাইক্লন (Cyclone) নামৰ এক বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰি বস্তুকণা (articulate matter) সমন্বিত গেছৰ চেণ্ট্ৰিফিউজ কৰি বস্তুকণাসমূহ পৃথক কৰিব পাৰি।
  4. স্ক্ৰাবাৰ (Scrubbers)ব্যৱহাৰ কৰি বায়ুমণ্ডলৰ পৰা বস্তুকণাৰ লগতে SO2 গেছো পৃথক কৰিব পাৰি।
  5. বৃক্ষৰোপণ বায়ু প্ৰদূষণ ৰোধ কৰাৰ এক অন্যতম উপায়। উদ্ভিদে সালোক সংশ্লেষণ প্ৰথাৰ দ্বাৰা বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি বায়ুমণ্ডল শোধন কৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 দীপালী দাস (২য় সংস্কৰণ ২০১২). পৰিবেশ অধ্যয়ন. ISBN 81-85-916-100-4. 
  2. "Air pollution" (en ভাষাত). www.who.int. https://www.who.int/health-topics/air-pollution। আহৰণ কৰা হৈছে: 2022-06-05. 
  3. Manisalidis, Ioannis; Stavropoulou, Elisavet; Stavropoulos, Agathangelos; Bezirtzoglou, Eugenia (2020). "Environmental and Health Impacts of Air Pollution: A Review". Frontiers in Public Health খণ্ড 8: 14. doi:10.3389/fpubh.2020.00014. ISSN 2296-2565. PMID 32154200. 
  4. Dimitriou, Anastasia; Christidou, Vasilia (2011-09-26), Khallaf, Mohamed, ed., "Causes and Consequences of Air Pollution and Environmental Injustice as Critical Issues for Science and Environmental Education" (en ভাষাত), The Impact of Air Pollution on Health, Economy, Environment and Agricultural Sources (InTech), doi:10.5772/17654, ISBN 978-953-307-528-0, http://www.intechopen.com/books/the-impact-of-air-pollution-on-health-economy-environment-and-agricultural-sources/causes-and-consequences-of-air-pollution-and-environmental-injustice-as-critical-issues-for-science-, r কৰা হৈছে: 2022-05-31 
  5. Huo, Hong; Zhang, Qiang; Guan, Dabo; Su, Xin; Zhao, Hongyan; He, Kebin (16 December 2014). "Examining Air Pollution in China Using Production- And Consumption-Based Emissions Accounting Approaches". Environmental Science & Technology খণ্ড 48 (24): 14139–14147. doi:10.1021/es503959t. ISSN 0013-936X. PMID 25401750. 
  6. "Biomass Pollution Basics". WHO. https://www.who.int/indoorair/interventions/antiguamod21.pdf. 
  7. "Indoor air pollution and household energy". WHO and UNEP. 2011. https://www.who.int/heli/risks/indoorair/indoorair/en/index.html. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

Air quality science and general information
Air quality modelling
Effects on human health