সমললৈ যাওক

আখৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আখৈ হৈছে ধানৰ পৰা প্ৰস্তুত কৰা এবিধ জলপান। ইয়াৰ বাবে ধান ৰ'দত শুকুৱাই লোৱা হয়। নদী বা পুখুৰীৰ পৰা বালি আনি ৰ'দত শুকুৱাই লোৱা হয়। তাৰ পিছত চৌকাত এটা কেৰাহীত শুকান বালিবোৰ তপতোৱা হয়। এনেদৰে তপতাই থাকোঁতে তাৰ ওপৰত ধানবোৰ ৰখা হয়। সৰু সৌতা এটাৰে ধানবোৰ লৰাই থাকোঁতে সেইবোৰ ফাটি 'ফট' 'ফট' শব্দ কৰি আখৈ প্ৰস্তুত হয়। সেইবোৰ কেৰাহীৰ পৰা তুলি এখন কুলাত ৰখা হয়। কুলাৰে সেইবোৰ জাৰি পৰিষ্কাৰ কৰি আখৈ উলিয়াই লোৱা হয়।মৃগেন শৰ্মাই লিখিছে-"অসমীয়া সমাজত বিয়া অনুষ্ঠানত আখৈৰ ভূমিকা আছে৷ এই পৰ্বৰ নাম 'আখৈ তোলা'৷" আখৈৰ ব্যৱহাৰ অসমৰ আন উৎসৱ-পাৰ্বণতো হয় ৷আকৌ অসমীয়া পৰম্পৰাগত খাদ্য তালিকাত আখৈৰ ব্যৱহাৰ হয় ৷ আজিৰ পৰা কিছুবছৰ আগলৈ অসমীয়া মানুহে ইয়াক জলপান হিচাপে খাইছিল ৷ বিশেষকৈ ইয়াক চাহত তিয়াই চামুচেৰে তুলি খাবলৈ বৰ সোৱাদৰ হয় ৷ আকৌ চাউলৰ গুড়িৰ লাৰুৰ লগত ইয়াক মিহলোৱা হয় ৷ আজিকালি দোকানত এইবিধ সামগ্ৰী পোৱা যায় ৷

অসমীয়া প্ৰবচনত আছে -"মুখেৰে আখৈ ফুটা দিয়া" ৷ সাধুকথাটো ইয়াৰ উল্লেখ আছ ৷[1]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. অসমীয়া সংস্কৃতিৰ সম্ভাৰ