টুৰুঙ জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

টুৰুঙ জনগোষ্ঠী বা টাই টুৰুঙসকল (Thai: คนไทตุรุง) অসমত বাস কৰা এক টাইমূলীয় জনগোষ্ঠী। জনসংখ্যাৰ ভিত্তিত ভাৰতত বাস কৰা টাইমূলীয় লোকৰ ভিতৰত টুৰুঙসকলেই ক্ষুদ্ৰতম গোট। অষ্টাদশ শতিকাত টুৰুঙসকলে ম্যানমাৰৰ পৰা উত্তৰ-পূব ভাৰতলৈ প্ৰব্ৰজন কৰি আহে। বৰ্তমান যোৰহাট জিলা, গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাত টাই টুৰুঙসকলৰ বসতি আছে। তেওঁলোক ঘাইকৈ বৌদ্ধ ধৰ্মৰ অনুগামী।[1]

প্ৰব্ৰজনৰ ইতিহাস[সম্পাদনা কৰক]

টুৰুঙসকল মূলতঃ পূৰ্বৰ বৃহত্তৰ চীনা সাম্ৰাজ্য বা বৰ্তমানৰ ম্যানমাৰৰ ম্যুঙ-মাও-খুন-চাঙ ৰাজ্যৰ বাসিন্দা আছিল। পিছলৈ তেওঁলোকে হোকাং উপত্যকাৰ টুৰুঙ নদীৰ পাৰত বসতি স্থাপন কৰে। ইয়াৰপৰাই তেওঁলোকে টুৰুঙ নাম পায়। সেই ঠাইত তেওঁলোক কিমান দিন আছিল সঠিককৈ জনা নাযায় যদিও তেওঁলোকে অসমলৈ আগেয়ে প্ৰব্ৰজন কৰি অহা নৰাসকলৰ পৰা আমন্ত্ৰণ লাভ কৰে। সেইমৰ্মে তেওঁলোক পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহে। এই যাত্ৰাত টুৰুঙসকল পাটকাইৰ দুয়োপাৰে বাস কৰা চিংফৌসকলৰ হাতত পৰি দাসত্ত্ব স্বীকাৰ কৰিবলগা হয় আৰু পৰ্যায়ক্ৰমে নিজৰ মাতৃভাষা হেৰুৱাই পেলায়। চিংফৌসকলৰ সৈতে টুৰুঙসকলৰ বৈবাহিক সম্পৰ্কও স্থাপন হয় আৰু কালক্ৰমত তেওঁলোকৰ সমাজ-সংস্কৃতিত চিংফৌসকলৰ প্ৰভাৱ পৰে। ইয়াৰে বহুবছৰ পিছত ১৪৭৫ চনত টুৰুঙসকল পাটকাই পাৰ হৈ টফা নামৰ এখন ঠাইত উপস্থিত হয়। ইয়াতেই তেওঁলোকৰ এটা দল মূল গোটৰ পৰা ফালৰি কাটি শদিয়া পায়গৈ আৰু বাকী দলটো আহি যোৰহাটৰ টোকোলাইত বাহৰ পাতে। মানৰ অসম আক্ৰমণৰ সময়তে শদিয়াৰ দলটো আহি টোকলাইত মূল গোটৰ সৈতে লগ হয়হি আৰু স্থায়ী বসতি স্থাপন কৰে। পিছলৈ তেওঁলোক যোৰহাট, গোলাঘাট আৰু কাৰ্বি আংলংৰ কচুখাট, তিতাবৰ, বচাপথাৰ, কলিয়নি, পহুকটিয়া, গাহৰিচোৱা, ৰজাপুখুৰী আদি ঠাইলৈ সিঁ‌চৰতি হৈ পৰে।[2]

জনসংখ্যা[সম্পাদনা কৰক]

১৮৯১ চনৰ লোকপিয়ল অনুসৰি অসমত টুৰুঙ লোকৰ সংখ্যা আছিল ৩০১ জন। কোনো কোনো সূত্ৰৰ মতে বৰ্তমান তেওঁলোকৰ জনসংখ্যা প্ৰায় ১৪০০ জন।

সমাজ-সংস্কৃতি[সম্পাদনা কৰক]

সামাজিক গোট[সম্পাদনা কৰক]

টুৰুঙসকল মূলতঃ দুটা সামাজিক গোটত বিভক্ত:

  1. টাইলুং (ডুৰুং)
  2. টাইলই (ডাৰি)

গাৱঁ‌ৰ (মেৰেং) মুৰব্বীজনক মেৰেংডিংলা বোলা হয়। গাৱঁ‌ৰ বয়োজ্যেষ্ঠ লোকসকলক লৈ এখন সমিতি থাকে আৰু মেৰেংডিংলাগৰাকীয়ে ইয়াৰ নেতৃত্ব লয়।

বিবাহ[সম্পাদনা কৰক]

টুৰুঙসকলৰ মাজত একবিবাহ প্ৰচলিত যদিও পত্নীৰ মৃত্যুৰ পিছত দ্বিতীয় বিবাহ গ্ৰহণযোগ্য। বাল্য বিবাহ নিষেধ। জ্যেষ্ঠ ভ্ৰাতৃৰ মৃত্যু হ'লে কনিষ্ঠজনে ভ্ৰাতৃৰ পত্নীক বিবাহ কৰাবলৈ অনুমোদন জনোৱা হয়।

সম্পত্তিৰ অধিকাৰ[সম্পাদনা কৰক]

পিতৃৰ পিছত ল'ৰা সন্তানৰ মাজত সম্পত্তিৰ সমানে ভাগ হয়। ল'ৰা সন্তান নাথাকিলে কন্যা সন্তানে সেই অধিকাৰ লাভ কৰে। পতিৰ মৃত্যুৰ পিছত পত্নীয়েও সম্পত্তিৰ অধিকাৰ লাভ কৰে।

খাদ্যাভ্যাস[সম্পাদনা কৰক]

টুৰুঙসকলৰ মূল খাদ্য ভাত। আঠাজাতীয় চাউলৰ টোপোলা ভাত, চুঙা চাউল (খাও-লাম) আদি বিভিন্ন উপলক্ষত পৰিৱেশন কৰা হয়। খৰিচা আৰু বনৰীয়া শাক-পাত তেওঁলোকৰ খাদ্যাভ্যাসৰ অন্যতম প্ৰধান উপাদান। ​

বাসস্থান[সম্পাদনা কৰক]

টুৰুঙসকলে পৰম্পৰাগতভাৱে চাংঘৰত বাস কৰে। চাংঘৰলৈ উঠা জখলাৰ চিৰিৰ (খু-লাই) অমিল সংখ্যাৰ হয়। প্ৰতিটো ঘৰতে উপাস্য খিন-লিকৰ আৰাধনাৰ বাবে সুকীয়া কোঠা থাকে।

সাজ-পাৰ[সম্পাদনা কৰক]

টাই-টুৰুঙসকলৰ সাজ-পাৰসমূহ বহুৰঙী হয়। মহিলাসকলে উৰ্ধাংশত মাপাই আৰু নিম্নাংশত মাবু (মেখেলা) পৰিধান কৰে। মাবু সাধাৰণতে ক'লা ৰঙৰ কাপোৰত নানাৰঙী ফুলবছা হয়। গা-চোলাক প্ল'ঙ বোলা হয়। পুৰুষসকললে আঁ‌চটনা শৈলীৰ ব'কা (লুঙী), ফাওচিদ (গামোচা) আৰু ফুন-বাম (শিৰোবস্ত্ৰ) পৰিধান কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]