খৰিচা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খৰিচা
উৎপত্তি
উৎপত্তিৰ স্থান অসম, ভাৰত

খৰিচা হৈছে ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো উপাদেয় খাদ্য।[1] ইয়াৰ বহুতো ঔষধীয় গুণ আছে।[2]

তৈয়াৰ কৰা সামগ্ৰী[সম্পাদনা কৰক]

বাঁহ গাজ

খৰিচা তৈয়াৰ কৰাৰ মুখ্য সামগ্ৰী হ’ল বাঁহ গাজ। সাধাৰণতে শাওণ বা ভাদ মাহত বাহিৰ হোৱা বাঁহগাজৰ (এই বাঁহগাজ সমূহৰ পৰা গছ হোৱাৰ সম্ভাৱনীয়তা কম থাকে) পৰা খৰিচা প্ৰস্তুত কৰা হয়। কাক, ভলুকা, কেঁকোৰা আদি বাঁহৰ খৰিচা প্ৰস্তুত কৰা হয়।[2] কাক বাঁহৰ খৰিচা আটাইতকৈ উত্তম হয়। কোনো কোনো লোকে জাতি বাঁহৰ গাজ তিতা বুলি কয়।[2]

প্ৰস্তুত কৰাৰ প্ৰণালী[সম্পাদনা কৰক]

কুমলীয়া বাঁহ গাজৰ ওপৰৰ বাকলিবোৰ ভালদৰে গুচাই সৰু সৰুকৈ কাটি ঢেঁকী বা উৰালত খুন্দি খৰিচা কৰা হয়। আজিকালি, মিক্সিত খুন্দি বা পিহনাত পিহি খৰিচা তৈয়াৰ কৰা হয়। বাঁহ গাজৰ ওপৰৰ বাকলি ভালদৰে নুগুচালে খৰিচা তিতা হ’ব পাৰে। মিহিকৈ খুন্দা বাঁহৰ গাজ মাটিৰ কলহত ভৰাই কলপাতেৰে বান্ধি জুইশালৰ উচৰত তিনি-চাৰিদিন ৰাখিলে খৰিচা খাব পৰা হয়। কলহৰ বাদে আইনাৰ বৈয়ামত বাঁহ গাজ ভৰাই ৰ’দত দিলেও খৰিচা হয়। কোনো কোনো লোকে বাঁহ গাজত টেঙা হ’বলৈ কেইফুলামান কুঁজী থেকেৰা আৰু পানী দি ৰাখে। খৰিচাৰ গোন্ধ ওলালে তাক পকা খৰিচা বা জিম খৰিচা বোলে।[2] ইয়াক শুকুৱাই ৰাখি বছৰটোলৈ ৰাখিব পাৰি। এনে খৰিচাক শুকান খৰিচা বোলে।[2]

খৰিচাৰ ব্যৱহাৰ[সম্পাদনা কৰক]

দাইল, শাক, মাছ, মাংস, কণী ইত্যাদিৰ লগত খৰিচা দি জুতিদায়ক খাদ্য প্ৰস্তুত কৰা হয়।

ঔষধীয় গুণ[সম্পাদনা কৰক]

  • বসন্ত ওলালে শুকনি হিচাপে মাগুৰ মাছৰ লগত শুকান খৰিচা দি ভাজি মান সহকাৰে বসন্ত ৰোগীজনক (আই মাননি) শুকনি দিয়াৰ পৰম্পৰা অসমীয়া সমাজত আছে।[2]
  • কদো, বৰলে কামুৰিলে খৰিচা পানী সানি দিলে উখহি নাযায় আৰু বিষো কম হয়।

লোক সাহিত্যত খৰিচা[সম্পাদনা কৰক]

অসমীয়া সমাজত খৰিচাক লৈ প্ৰবচনো আছে।

তোমাৰ বাৰীৰ বাঁহ গাজ আনি তাৰে কৰোঁ খৰিচা,
তোমাকে বেচি ধানদোন লওঁ কথাটো মন কৰিছা।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "bamboo shoot pickle". xobdo.org. http://www.xobdo.org/eng/bamboo%20shoot%20pickle। আহৰণ কৰা হৈছে: January 15, 2013. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 দীপালী বেজবৰুৱা (২৩ মে’ ২০১০). "খৰিচাৰ বিভিন্ন জুতি". বসুন্ধৰা: পৃষ্ঠা ১৭, ১৮.