ঢেঁকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ঢেঁকী

এজন ব্যক্তিয়ে ঢেঁকী ব্যবহাৰ কৰি থকা দৃশ্য
শ্ৰেণীবিভাজন কৃষিৰ লগত জড়িত আহিলা
প্ৰকাৰ খুন্দিবৰ বাবে ব্যৱহাৰ কৰা

ঢেঁকী (বঙালী: ঢেঁকি) হৈছে চাউল, মচলা আদি গুৰি কৰিবলৈ ব্যৱহাৰ কৰা এবিধ কাঠৰ আহিলা।[1] অসমত অতীজৰে পৰা ঢেঁকীৰ প্ৰচলন হৈ আহিছে। অসমীয়াৰ লগতে বিভিন্ন অইন বহুতো জাতি জনজাতিৰ লোকেও ঢেঁকী ব্যৱহাৰ কৰা দেখা যায়। অসমৰ বাদেও ইয়াৰ দাতি কাষৰীয়া ৰাজ্য বাংলাদেশতো ইয়াৰ ব্যাপক প্ৰচলন দেখা যায়। অসমৰ সাহিত্য সংস্কৃতিৰ লগত ঢেঁকী ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে। ঢেঁকীৰ বিষয়ে অসমীয়া সমাজ জীৱনত প্ৰচলিত ফকৰা যোজনা বিধেই হ’ল ‘অচিন কাঠৰ থোৰা নলগাবা’। লক্ষ্মীনাথ বেজবৰুৱাতেজীমলা সাধুত ঢেঁকীৰ উল্লেখ কৰিছে। অসমত প্ৰচলিত বিহু গীত সমূহতো ঢেঁকীক লৈয়ে অনেক গীত ৰচনা কৰা হৈছে।

গঠন[সম্পাদনা কৰক]

ঢেঁকীথোৰা আৰু খুবলি
ঢেঁকীথোৰা আৰু খুবলি

ঢেঁকীৰ বিভিন্ন অংশক বিভিন্ন নামেৰে জনা যায়। অঞ্চল আৰু জনগোষ্ঠীয় সমাজভেদে এই অংশবিলাকৰ নাম ভিন্ন হোৱা দেখা যায়।[2] প্ৰায় পাঁচ হাত মান দীঘল আয়তাকাৰ কাঠৰ টুকুৰাৰ আগফালে এটা ফুটা কৰি তাত ভাল কাঠৰ দীঘলীয়া টুকুৰা এডাল লগোৱা হয়, যাক ঢেঁকীথোৰা বোলা হয়। এই থোৰা ডাল সাধাৰণতে মজবুত কাঠৰ হ’ব লাগে। থোৰাটোৰ একেবাৰে মূৰত এটা লোহাৰ আঙুঠি সদৃশ এটি টুকুৰা থাকে যাক গুলচ বুলি কোৱা হয়। থোৰাটো যিটো অংশত পেলাই ৰখা হয় তাক খুবলি বোলা হয়। সাধাৰণতে শিল এচটাত গাত খান্দি খুবলি প্ৰস্তুত কৰা হয়। ঢেঁকীৰ একেবাৰে পাছফালৰ যিখিনি অংশ ভৰিৰে ব্যৱহাৰ কৰা হয় সেইখিনি হ’ল ফিছা। সেইখিনিৰ পৰাই অলপ আঁতৰতে এডাল শলাৰে ঢেঁকীৰ ভাৰসাম্য ৰক্ষা কৰা হয় যাক আশল শলা বা বা মলুৱা বাৰি বুলি কোৱা হয়। এই শলা ডাল দুয়োফালে দুডাল Y আকৃতিৰ সৰু কাঠৰ খুটাত লগাই ৰখা হয়, যাক কঁতৰা বোলা হয়। ইয়াৰ উপৰি মূল ঢেঁকীৰ অংশ নহলেও গুৰি কৰি থকা অংশ খিনি খুবলিত ওলোৱা-সোমোৱা কৰিবলৈ এডাল দীঘল মাৰি অকলশৰীয়া ঢেঁকী দিওঁতা জনে ব্যৱহাৰ কৰে, যাক বৰণি মাৰি বোলে।[3] আনহাতে, সান্দহ, চিৰা আদি খুচৰিবলৈ ব্যৱহাৰ কৰা চেপেটা মাৰি ডালক খচ্‌ৰা বাৰি বোলা হয়।[2] ফিছাৰ সৈতে বন্ধা চালিৰ জৰী ডালক ঢেঁকী জৰী বোলে। ঢেঁকী দিওঁতে হাতেৰে টনা জৰী ডালক সতিনী জৰী বোলা হয়।[2]


ঢেঁকী সজাৰ জোখ-মাখ[সম্পাদনা কৰক]

  1. মূল ঢেঁকীটোৰ দৈৰ্ঘ্য ৭ ফুটৰ পৰা ৯ ফুট।
  2. ঢেঁকীটোৰ ভৰি দিয়া অংশৰ পৰা শলখাদালৰ দৈৰ্ঘ্য প্ৰায় ৩ ফুট।
  3. শলখাডাল কঁটৰাটোৰ বা কস্তুৰাটোৰ মাজেদি সোমাই আহে (শলখাডাল ধৰি ৰখা সামগ্ৰী)। সেই শলখাডালৰ দৈৰ্ঘ্য ১৯/২০ ইঞ্চি। শলখাডালক আখলশলা বুলিও কোৱা হয়।
  4. শলখাডাল ধৰি ৰখা কঁটৰাটো কাঠৰ বা ভলুকা বাঁহৰ হ'লে ভাল।
  5. ঢেঁকীটোৰ মুৰৰ অংশৰ ফালৰপৰা থোৰাটোলৈ দূৰত্ব প্ৰায় ২৬ ইঞ্চি।
  6. থোৰাটোৰ দৈৰ্ঘ্য প্ৰায় ২ ফুট।
  7. থোৰাটোৰ খুবলিত সোমোৱা মুৰটোত এটা লোৰ মেৰ দিয়া হয়। তাক গুল বা খামা বুলি কোৱা হয়। গুলৰ ব্যাস প্ৰায় ৪ বা ৫ ইঞ্চি।
  8. গুলটোৰে য'ত ধান খুণ্ডে তাক খুবলি বুলি কোৱা হয়। ই গাৰিশালিটোত থকা এটা সৰু গাঁত। তাত ঢেঁকীথোৰাৰ মুৰটো প্ৰায় ছয় ইঞ্চি মান সোমায়। খুবলিটো শাল, কঁঠাল বা আজাৰ কাঠেৰে সজা হয়।[3]

ব্যৱহাৰ[সম্পাদনা কৰক]

পূৰ্বতে বহুতেই ধান, যৱ, ঘেহু ইত্যাদি খুন্দি চাউল, আটা, চিৰা উৎপাদন কৰিবলৈ ঢেঁকীৰ ব্যৱহাৰ কৰিছিল, আধুনিক যুগত সেই কাম যন্ত্ৰৰ দ্বাৰা কৰা হয়। কিন্তু অতীজৰে পৰা বৰ্তমান সময়লৈকে চাউল খুন্দি পিঠাগুৰি তৈয়াৰ কৰা কাৰ্যত ইয়াক ব্যৱহাৰ কৰা হয়।

ঢেঁকী দিয়া অৱস্থাত এগৰাকী মহিলাৰ প্ৰতিমূৰ্ত্তি

ঢেঁকীৰ সৈতে জড়িত লোকাচাৰ[সম্পাদনা কৰক]

ঢেঁকীৰ সৈতে যুক্ত কিছু সংখ্যক লোকাচাৰৰ প্ৰচলন অসমীয়া সমাজত আছে।[4] যেনে:

  • বিবাহ অনুষ্ঠানৰ অন্তৰ্গত লোকাচাৰ গাঁঠিয়ন খুন্দাত ঢেঁকী ব্যৱহৃত হয়। ঢেঁকীশাল লখিমীৰ বাসস্থান। নতুন কইনাই গৃহ-প্ৰৱেশ কৰোঁতে তেওঁক ঢেঁকীশাল দেখুওৱাৰ নিয়ম বহু সমাজত আছে।
  • মাঘ বিহুৰ দিনা পুৱা বাৰীৰ লাগনী গছ, ঘৰৰ খুঁটা আদিৰৰ লগতে ঢেঁকীতো ধানখেৰ মেৰিয়াই বান্ধ দিয়া হয়। এই লোকাচাৰ মাঘ-বন্ধা হিচাপে জনাজাত।
  • বতৰ খৰাং হ’লে কোনো এঘৰৰ পৰা সূৰুজমুখী ঢেঁকী (পূবা-পশ্চিমাকৈ পতা) ৰাতিটোৰ ভিতৰতে চুৰ কৰি নি ওভোটাই পুতি থৈ দিয়া হয়। এনে কৰিলে শীঘ্ৰে বৰষুণ হয় বুলি ভৱা হয়।
  • তোলনী বিয়া অনুষ্ঠানত কেঁচা-পিঠাৰ বাবে অকুমাৰী ছোৱালীয়ে পিঠাগুৰি খুন্দি দিয়াৰ নিয়ম আছে।
  • বিহুত, লখিমী বাৰ হিচাপে গণ্য কৰা বৃহস্পতিবাৰে, মৃতকৰ সকাম আদিত ঢেঁকীশাল মচি-কাচি পৰিষ্কাৰ কৰি ৰখা হয়।
  • কোনো কোনো জনগোষ্ঠীৰ লোকে ঘৰত নতুনকৈ ঢেঁকীশাল স্থাপন কৰিলে তিনিগৰাকী বা পাঁচগৰাকী গোপিনীক নিমন্ত্ৰণ কৰি কল-পিঠা দিয়া অনুষ্ঠানৰ আয়োজন কৰে।[4]

লোকবিশ্বাস[সম্পাদনা কৰক]

ঢেঁকী চুৰৰ দৃশ্য

অসমৰ লোকজীৱনত ঢেঁকী আৰু ঢেঁকীশাল সম্পৰ্কীয় বহু বিশ্বাস প্ৰচলিত হৈ আহিছে। এনে কিছুসংখ্যক লোকবিশ্বাসৰ অন্তৰালত যুক্তিবাদী চিন্তা নিহিত হৈ থকা যেন লাগিলেও অধিকাংশ বিশ্বাস সৰল জনজীৱনৰ দৈনন্দিন অভিজ্ঞতাৰ পৰাই উদ্ভূত যেন লাগে। উদাহৰণ স্বৰূপে, একে কাঠেৰে ঢেঁকী, থোৰা, গাঁৰিশালি, কটৰা, শলা আৰু ৰান্ধনীশালত ব্যৱহৃত হেতা, তলীয়া পাগমাৰি তৈয়াৰ কৰি ল’লে গৃহস্থৰ ঘৰৰ লোকসকলৰ পেটৰ অসুখ নহয়।[5] পৰম্পৰা অনুসৰি শিলিখা গছৰ কাঠেৰে ঢেঁকী তৈয়াৰ কৰা হয়। শিলিখা ঔষধি গুণসম্পন্ন বৃক্ষ হোৱা বাবে ইয়াৰে তৈয়াৰী আহিলাপাতি খাদ্য প্ৰস্তুতকৰণ কাৰ্যত ব্যৱহাৰ কৰিলে মানুহ ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা কম হয়। এয়া লোকজীৱনৰ দৈনন্দিন অভিজ্ঞতাৰ পৰা উদ্ভূত জ্ঞান।[5] ঢেঁকী সম্পৰ্কীয় অন্যান্য বিশ্বাস সমূহ হৈছে – সন্ধিয়া আৰু ভাত খোৱাৰ ঢেঁকীত ধান বানিব নাপায়। ঢেঁকীত খুন্দি প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰ কিছু অংশ নিজে খাব লাগে, অন্যথা গাৰ বিষ বা অন্য বেমাৰ-আজাৰ হ’ব পাৰে।[5] ঢেঁকীত বহিলে পথাৰৰ ৰোৱা পোকে খায় বুলিও বিশ্বাস আছে। একক পৰিয়ালত আৰু একে চৰুতে ৰন্ধা-বঢ়া কৰি খোৱা যৌথ পৰিয়ালত দুটা ঢেঁকী থাকিলে গৃহস্থৰ সমৃদ্ধি সাধন নহয় বুলি থকা বিশ্বাসে সৰল লোকমনৰ দূৰদৰ্শী চিন্তাকে নিৰ্দেশ কৰে।[5] কুলাৰ বুকুত চালনী, খুবলীৰ বুকুত থোৰা, ঢেঁকীৰ লগত বাঢ়নী মাৰি নথ’লে মাকৰ বুকুত সন্তান নাথাকে জাতীয় স্পৰ্শকাতৰ বিশ্বাসৰ প্ৰচলনো আমাৰ সমাজত আছে।[5]

অসমীয়া লোক-বিশ্বাসসমূহৰ ভিতৰত ঢেঁকী-নাঙল চুৰ কৰা প্ৰথা এটা অন্যতম। খৰাং বতৰত খেতিয়কসকলে এটোপাল বৰষুণৰ বাবে ইন্দ্ৰ দেৱতাৰ আশীৰ্বাদ বিচাৰি গাঁৱৰ যি ঘৰত পূবা - পশ্চিমাকৈ ঢেঁকী থাকে (যাক ‘সূৰুয মুখী ঢেঁকী’ বোলা হয়), সেই ঢেঁকী চুৰ কৰি পথাৰ, নদীৰ পাৰৰ বালিত বা আন মুকলি ঠাইত ওপৰলৈ মূৰ কৰি থোৰাটো সূৰ্যৰ ফালে দি থিয়কৈ পুতি ৰাখে। প্ৰবাদ মতে, ঢেঁকীক ইন্দ্ৰ দেৱতাই দেখিব নোৱাৰে। সেয়েহে ঢেঁকীক মাৰিবলৈ ইন্দ্ৰই বজ্ৰ প্ৰয়োগ কৰে। এই বজ্ৰ মেঘৰ দ্বাৰা সৃষ্টি হয় আৰু আকাশত মেঘ আহিলেই বৰষুণ হয়। ইয়াক কিছুমান লোকে ঢেঁকী পোতা নাম দিয়ে।[6]

কিছু পৌৰাণিক উপকথাৰ মতে ভগৱান শ্ৰী বিষ্ণুৰ পৰম ভক্ত তথা ভগৱান শ্ৰী ব্ৰহ্মদেৱৰ মানস পুত্ৰ দেৱৰ্ষি নাৰদৰ বাহন হৈছে ঢেঁকী। প্ৰবাদ মতে এই ঢেঁকীৰ ওপৰতেই উঠি হেনো নাৰদে স্বৰ্গ-মৰ্ত্য-পাতাল এই তিনিও লোক ভ্ৰমণ কৰি ফুৰিছিল।

লোক সাহিত্যত ঢেঁকী[সম্পাদনা কৰক]

ঢেঁকী সম্পৰ্কীয় বহু প্ৰবচন, যোজনা-পটন্তৰৰ প্ৰচলন আমাৰ সমাজত আছে। যেনে: ‘ঢেঁকীয়ে স্বৰ্গলৈ গ’লেও ধান বানে’, ‘মাকতকৈ জীয়েক কাজী, ঢেঁকীথোৰাৰে বটে পাঁজি’ আদি। সাধুকথাটো ঢেঁকীৰ কথা পোৱা যায়। যেনে: মাহীমাকে ঢেঁকীশালত তেজীমলাক ঢেঁকী দিবলৈ লগাই খুন্দি পেলোৱাৰ কথা বুঢ়ী আইৰ সাধুত পোৱা যায়। ‘এদঁতীয়া হাতী, ধান খায় পাচি পাচি’ৰ দৰে সাঁথৰৰ সৃষ্টি ঢেঁকীক লৈয়েই হৈছে। ইয়াৰ উপৰিও বিহুনাম বিলাকতো ঢেঁকী আৰু ঢেঁকীৰ সৈতে জড়িত কাম-কাজৰ উল্লেখ পোৱা যায়।[7] যেনে:

  • নৈত গুমেগুমাই কোম্পানীৰ জাহাজ ঐ,
ঢেঁকীত গুমেগুমাই থোৰা.......
  • ঢেঁকী দি থাকোঁতে তোলৈ মনত পৰে
বৰণী হাতত লৈ কান্দো........
  • আৰৈ ধান লেচিয়া বানিবি কেতিয়া
কুলাতকৈ চালনী ঘন..........

ঢেঁকীৰ লগত নাৰী সমাজৰ সম্পৰ্ক[সম্পাদনা কৰক]

পূৰ্বতে কৃষিজীৱি পৰিয়ালত দৈনিক ব্যৱহৃত চাউল প্ৰতিদিনে গৃহিনীসকলে ঢেঁকীত ধান বানি উলিয়াই থোৱাৰ নিয়ম আছিল। বিহু, বিয়া-বিবাহৰ সময়ত ঢেঁকীশালত নাৰীসকলৰ ব্যস্ততা বাঢ়ে। বিধে বিধে জা-জলপান খুন্দি তেওঁলোকে ৰান্ধনিশালৰ চাং-হেন্দালি ভৰাই থয়। পটু গৃহিনীসকলে উৎসৱ পাৰ্বনৰ বাহিৰে অন্য সময়তো চেগ বুজি জা-জলপান খুন্দি থয়। ঘৰৰ সকলোকে নানা বিধৰ জা-জলপান যতনাই দিয়াৰ উপৰি তাৰে আলহী অতিথিৰ আপ্যায়নো কৰে।[8] আইনাম, বিয়ানাম, বিহুনাম গুণগুণাই জীয়াৰী বোৱাৰীয়ে মন মুকলি কৰাৰো সুযোগ ঢেঁকীশালতে পায়।[9] আইনাম, বিয়ানামৰ দৰে অসমীয়া লোক সাহিত্যৰ সৃষ্টি হয়তো অনাখৰী নাৰীসকলৰ মুখত ঢেঁকীশালতেই হৈছিল। ঢেঁকী আছিল অতীজত নাৰীসমাজত শাৰীৰিক ব্যায়ামৰ আহিলা, ঢেঁকীশালখন এক ব্যায়ামাগাৰ।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. বাংলাপেডিয়া ডট অৰ্গ
  2. 2.0 2.1 2.2 ড০ ৰাজশ্ৰী হাজৰিকা (৮ এপ্ৰিল ২০১২). "অসমৰ লোক জীৱনত ঢেঁকী আৰু ঢেঁকীশাল". বসুন্ধৰা: পৃষ্ঠা:৪. 
  3. 3.0 3.1 প্ৰফুল্ল কুমাৰ মহন্ত (১৬ ৰ পৰা ৩১ মে' ২০১২). "বিলুপ্তিৰ পথত ঢেঁকী". প্ৰান্তিক খণ্ড ৩১. 
  4. 4.0 4.1 ড০ ৰাজশ্ৰী হাজৰিকা (৮ এপ্ৰিল ২০১২). "অসমৰ লোক জীৱনত ঢেঁকী আৰু ঢেঁকীশাল". বসুন্ধৰা: পৃষ্ঠা:৪. 
  5. 5.0 5.1 5.2 5.3 5.4 ড০ ৰাজশ্ৰী হাজৰিকা (৮ এপ্ৰিল ২০১২). "অসমৰ লোক জীৱনত ঢেঁকী আৰু ঢেঁকীশাল". বসুন্ধৰা: পৃষ্ঠা:৫. 
  6. ড০ ৰাজশ্ৰী হাজৰিকা (৭ আগষ্ট ২০১১). "অসমৰ লোক সমাজত প্ৰচলিত আৱাহন সম্পৰ্কীয় লোকাচাৰ". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’: ৭ পৃষ্ঠা. 
  7. ড০ ৰাজশ্ৰী হাজৰিকা (৮ এপ্ৰিল ২০১২). "অসমৰ লোক জীৱনত ঢেঁকী আৰু ঢেঁকীশাল". বসুন্ধৰা: পৃষ্ঠা:৪,৫. 
  8. অসমৰ লোক সংস্কৃতি. প্ৰকাশক গুৱাহাটী: বীণা লাইব্ৰেৰী. ১৯৯৬. পৃষ্ঠা. পৃষ্ঠা: ৩১. 
  9. 9.0 9.1 ড০ ৰাজশ্ৰী হাজৰিকা (৮ এপ্ৰিল ২০১২). "অসমৰ লোক জীৱনত ঢেঁকী আৰু ঢেঁকীশাল". বসুন্ধৰা: পৃষ্ঠা:৫. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. ফ্ৰণ্টিয়েৰ টিভিৰ দ্বাৰা পৰিবেশিত ঢেঁকী আৰু নাঙলচুৰ বিষয়ক এটা দৃশ্যশ্ৰাৱ্য ইউটিউব
  2. ঢেঁকীত অসমীয়া মহিলাই চাউল খুন্দি পিঠাগুৰি বনোৱা দৃশ্য ইউটিউব
  3. ভোগালী বিহুৰ সময়ত সমূহীয়া ভাৱে ঢেঁকীত চাউল খুন্দা দৃশ্য ইউটিউব