সমললৈ যাওক

ন-খোৱা উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ন-খোৱা হৈছে অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ। আঘোণমাহত ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খোৱা কাৰ্যকে ন-খোৱা বুলি কোৱা হয়। এই উৎসৱক কৃষিজীৱি লোকসকলৰ কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। লোকবিশ্বাসমতে ন-খোৱা উৎসৱ বা ন চাউলৰ ভাতসাঁ‌জ সাধাৰণতে আঘোণ মাহত খাব লাগে, কাতি বা পুহত নহয়। অৱশ্যে কিবা কাৰণত আঘোণত ন-খাব নোৱাৰিলে মাঘ মাহত ন-খোৱাৰ প্ৰথা এটা কিছু কিছু অঞ্চলত আছে।[1]

ইতিহাস আৰু উদ্দেশ্য

[সম্পাদনা কৰক]

ন-খোৱা উৎসৱটো ক'ত কেতিয়া আৰু কেনেকৈ সৃষ্টি হ'ল সঠিককৈ গম পোৱা নাযায়। কৃষিভিত্তিক সমাজ জীৱনত এজন মানুহ আন এজনৰ লগত পৰস্পৰ নিৰ্ভৰশীল। এটা সময়ত জীৱ-জন্তুৰ পৰা শস্য ৰক্ষা কৰিব লগা হৈছিল আৰু কৃষি কাৰ্যত ইজনে-সিজনক সহায়-সহযোগিতা কৰাটো অপৰিহাৰ্য আছিল। আঘোণ মাহত পথাৰৰ ধান কাটি আজৰি হোৱাৰ পাছত নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খোৱা পৰম্পৰাগত নিয়মটোৱে কৃষিকাৰ্যত জড়িত সকলোৰেই সহযোগিতাৰ কথাকেই বুজায়।[1]

ঠাইভেদে পৰম্পৰা আৰু পদ্ধতি

[সম্পাদনা কৰক]

ন-খোৱা সাধাৰণতে এক আনন্দদায়ক উৎসৱ। ঠাইবিশেষে ইয়াৰ পৰম্পৰা আৰু নিয়ম বেলেগ যদিও ইয়াৰ মূল উদ্দেশ্য একেই।[2]

ন-খোৱা উৎসৱৰ কাৰণে এটা শুভ দিন-বাৰ চাই লোৱা হয়। সাধাৰণতে নামঘৰত প্ৰথমে সমূহিয়াকৈ ন-খোৱাৰ আয়োজন কৰা হয়। নামঘৰত ন-খোৱাৰ দিনা গাঁ‌ৱৰ সকলো মানুহ নামঘৰলৈ যায় আৰু কীৰ্তন পাঠ কৰি গুৰুসেৱা কৰে। নামঘৰত ন খাওঁতে নতুন চাউলৰ পায়স আৰু প্ৰসাদ দিয়া হয়, ভাতৰ ব্যৱস্থা নহয়। নামঘৰত ন-খোৱাৰ পাছত গাঁ‌ৱৰ ৰাইজে ওচৰ-চুবুৰীয়া, মিটিৰ-কুটুম্বৰ সৈতে মিলি ঘৰে ঘৰে ন খায়।

অঞ্চলবিশেষে ন-খোৱাৰ দিনা গো সেৱা কৰা হয়। ন-চাউলৰ ভাত ৰান্ধি এখন আগলতি কলপাতত গোহালিত নি তাত নিজ পথাৰৰ পৰা কেঁচা ধান এমুঠি দি এডোখৰ ঠাই পৰিষ্কাৰ কৰি পানীৰে গোহালিৰ মুখ্য গৰুটোৰ ঠেং চাৰিখন ধোৱাই দি সকলো গৰুকে সেৱা কৰি ভাতখিনি খোৱাৰ পিছত সিহঁতক আদৰ সন্মানেৰে গোহালিত বান্ধি থোৱা হয়। কোনো কোনো ঠাইত ন-খোৱাৰ দিনা মহিলাসকলে আই লখিমীক আদৰাৰ নাম গায় আৰু উৰুলি দিয়ে। কিছুমান ঠাইত মাঙ্গলিক চিন স্বৰূপ পদূলিমুখত কলপুলিও পোতা দেখা পোৱা যায়।[3][2]

নামনি অসমত বিশেষকৈ নলবাৰী জিলাত প্ৰচলিত নিয়ম অনসৰি ন-খোৱাৰ দিনা গৃহস্থৰ ভাগিন-ভাগিনী উপস্থিত থকাটো একপ্ৰকাৰ বাধ্যতামূলক। ভাগিন-ভাগিনীক ন’ খুৱালেহে আই-লখিমী সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়।[4]

যোৰহাট নগৰৰ কাষৰীয়া শ্ৰীশ্ৰী অষ্টভুজদেৱৰ পুণ্যতীৰ্থ বৰভেটিত আঘোণ মাহৰ নিৰ্দিষ্ট দিনত ন-লগোৱা উৎসৱ উদ্‌যাপন কৰা হয়। মায়ামৰা সম্প্ৰদায়ৰ লোকৰ লগতে আন বহুলোকে এই উৎসৱত ভাগ লৈ ন-চাউলৰ জুতি লোৱাৰ লগতে কৃষিজীৱী অসমীয়াৰ মাজত ঐক্য-সংহতি গঢ়ি তুলিছে।[1]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 বৰদলৈ, অজিত কুমাৰ (12 December 2017). "আঘোণৰ ন-খোৱা". janambhumi. Archived from the original on 15 July 2020. https://web.archive.org/web/20200715072017/https://janambhumi.in/VFZSWk1FMXFTVDA9/%E0%A6%86%E0%A6%98%E0%A7%8B%E0%A6%A3%E0%A7%B0-%E0%A6%A8-%E0%A6%96%E0%A7%8B%E0%A7%B1%E0%A6%BE.html। আহৰণ কৰা হৈছে: 15 July 2020. 
  2. 2.0 2.1 তালুকদাৰ নগেন (১৪ ডিচেম্বৰ ২০২২). "কৃষকৰ সোণোৱালী শস্য চপোৱা আঘোণ মাহ আৰু ’ন-খোৱা’ উৎসৱ". অসমীয়া খবৰ: ৫. 
  3. "আঘোন মাহ আৰু ন খোৱা উৎসৱৰ কিছু পৰম্পৰা". nefocus. 4 December 2018. Archived from the original on 15 July 2020. https://web.archive.org/web/20200715194026/http://nefocus.com/?p=8877/। আহৰণ কৰা হৈছে: 15 July 2020. 
  4. মেধী, ৰমেশ. "কৃষি সম্পৰ্কীয় কিছু পৰম্পৰা – Some Agriculture Related Customs". কৃষক বন্ধু. Archived from the original on 15 July 2020. https://web.archive.org/web/20200715113141/http://www.krishakbandhu.org/%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%BF-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%95%E0%A7%80%E0%A7%9F-%E0%A6%95%E0%A6%BF%E0%A6%9B%E0%A7%81-%E0%A6%AA%E0%A7%B0%E0%A6%AE%E0%A7%8D/। আহৰণ কৰা হৈছে: 15 July 2020.