নামঘৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
এটা সম্পূৰ্ণ নামঘৰ

নামঘৰ অসমীয়া সমাজ জীৱনৰ এক অপৰিহাৰ্য অঙ্গ৷ ই অসমীয়া জাতীৰ সমন্বয়ৰ প্ৰতীক, সংস্কৃতিৰ আঁকৰ আৰু স্থাপত্য বিদ্যাৰ এক শ্ৰেষ্ঠ নিদৰ্শন। ই মূলতঃ এক প্ৰাৰ্থনা গৃহ৷ ইয়াৰ মূল অৰ্থ হৈছে নাম-কীৰ্তন কৰা উপাসনা ঘৰ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে প্ৰথম বাৰৰ কাৰণে নামঘৰৰ প্ৰতিষ্ঠা কৰে৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান দুটিৰ এটি হৈছে নামঘৰ আৰু আনটি হৈছে সত্ৰ। আমাৰ আলোচ্য বিষয় হৈছে নামঘৰ। শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্হল হৈছে এই নামঘৰ। এই নামঘৰক কেন্দ্ৰ কৰিয়েই গুৰুজনাৰ প্ৰৱৰ্তিত ‘একশৰণ হৰি নাম ধৰ্ম’ই অসমীয়া সমাজত প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰি বৰ্তি থাকিবলৈ সক্ষম হৈছে। গুৰজনাই প্ৰথমে নগাঁৱৰ বৰদোৱা(বটদ্ৰৱা) ত নামঘৰ প্ৰতিষ্ঠা কৰিছিল। ক্ৰমে অসমৰ সৰ্বত্ৰতে তেখেতৰ আদৰ্শৰে নামঘৰ গঢ় লৈ উঠে। নামঘৰত সাধাৰণতে চাৰিটা প্ৰধান অংশ বা ঘৰ থাকে। এইকেইটা হৈছে – নামঘৰ বা কীৰ্তন ঘৰ, মণিকূট, ছোঁ ঘৰ আৰু বাটচ’ৰা।

নামঘৰৰ গঠন প্ৰণালী[সম্পাদনা কৰক]

নামঘৰৰ ভিতৰৰ অংশ

নামঘৰৰ গঠন প্ৰণালী অতি সৰল৷টুপভঙ্গা দুঢলীয়া মণিকূট, নামঘৰৰ মূল গৃহ, বাটচৰা আৰু ছো-ঘৰেৰে গঠিত এই নামঘৰ।নামঘৰ সদায় পূবা-পশ্চিমাকৈ নিৰ্মান কৰা হয়৷ ইয়াৰ পূব দিশত নামঘৰৰ প্ৰধান গৃহ মণিকূট স্থাপন কৰা হয়৷ মনিকূটৰ ভিতৰত সিংহাসন ভাগ প্ৰতিষ্ঠা কৰা হয়। নামঘৰৰ প্ৰথমে পুতা খুটাটোক লাইখুটা বোলা হয়। সিংহাসন প্ৰতিষ্ঠা কৰাৰ দৰেই কামত সদাচাৰী গুৰু ধৰ্ম্মৰে পৰা শৰণ-ভজন গ্ৰহণ কৰা একান্ত ভকতৰ দ্বাৰাহে এই লাইখুটা স্থাপন কৰা হয়। সিংহাসন প্ৰতিস্থাপনত খোল-প্ৰসঙ্গ, নাম-প্ৰসঙ্গ অপৰিহাৰ্য্য। এই কামৰ বাবে পুৱা ঠিক ৯ বজাৰ ভিতৰত এজন ভজনীয়া সদাচাৰী ভকতৰ দ্বাৰা এভাগ গুণমালা (ভাগৱত পুৰাণৰ পৰিবৰ্তে) ভকতি ভাবে লৈ, গুৰু ভটিমা, দেৱ ভটিমা, তোটয়, চপয়, লীলামালা গুণানুকীৰ্তনেৰে সিংহাসন প্ৰতিষ্ঠা কৰা হয়। লগে লগে ধূপ-ধূণা, গুৱা-দণ্ডেৰে সমাপন কৰি অপৰাধ মাৰ্জ্জন বিচাৰি সেৱা ধৰে। ইয়াৰ পিছত খোল-প্ৰসঙ্গ, নাম-প্ৰসঙ্গৰে কাৰ্য্য সমাপন কৰা হয়। এজন সাত্তিক নামাচাৰ্য্যৰ দ্বাৰা পুৱা-গধূলি চৈধ্য প্ৰসঙ্গৰ ব্যৱস্থা কৰা হয়। মণিকূটত পূৰ্ণকৃষ্ণ ভগৱন্তৰ বাঙ্ময় মূৰ্ত্তি ভাগৱত শাস্ত্ৰ বা গুৰুজনাৰ দ্বাৰা ৰচিত ভাগৱতৰ সংক্ষিপ্ত সাৰ গুণমালা পুথিহে যথা নিয়মেৰে সাত বৈকুণ্ঠ সদৃশ সাত খলপীয়া সিংহাসনত স্থাপন কৰা হয়। এই সিংহাসন গুৰু, দেৱ, নাম আৰু ভকত এই চাৰি খুটিৰ ওপৰত প্ৰতিষ্ঠিত। সিংহাসনৰ তলৰ পৰা কাছ, হাতী আৰু সিংহ অঙ্কিত কৰা হয়। কাছক ধৰিত্ৰী অৰ্থাত্ পৃথিৱী, হাতীক পাপ আৰু সিংহক নামৰ প্ৰতীক হিচাপে ধৰি নাম সিংহই পৃথিৱীৰ ওপৰত থকা পাপসমূহ নিঃশেষ কৰিব বুলি সুদৃঢ় বিশ্বাস ৰাখি ভক্তসকলে হৰিৰ গুণানুকীৰ্তনেৰে ভকতি কৰে। নামঘৰ নিৰ্মানৰ বাবে প্ৰথম অৱস্থাত কাঠ-বাঁহ-খেৰ আদিৰ দৰে সাধাৰণভাৱে উপলভ্য সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান ইটা-শিল-বালিৰেও নিৰ্মান কৰা হয়৷ গাঁৱৰ সকলো মানুহে বহি একেলগে নাম-কীৰ্ত্তন কৰিব পৰাকৈ নামঘৰক সাধাৰণতে আহল-বহল, ওখ আৰু মুকলিভাৱে নিৰ্মান কৰা হয়৷ ইয়াৰ সন্মুখ অংশত বাটচ'ৰা নিৰ্মান কৰা হয়৷[1][2]

নামঘৰ বা কীৰ্তনঘৰ[সম্পাদনা কৰক]

নামঘৰৰ মূল গৃহটি য’ত প্ৰধানকৈ নাম কীৰ্তন কৰা হয়, সেই ঘৰটোকে নামঘৰ বা কীৰ্তন ঘৰ বোলা হয়। ভগৱান শ্ৰীকৃষ্ণ বা হৰিৰ উপাসনাৰ অৰ্থে নাম কীৰ্তন কৰা হয় বাবে ইয়াৰ অন্য এটা নাম হৰি মন্দিৰ। নামঘৰ পূৱা-পশ্চিমাকৈ সজা হয়। ইয়াত সাধাৰণতে তিনি,পাঁচ বা সাত আদি অসমান কোঠা বা খোটালি ৰখা হয়। খোটালি বিলাকৰ মাজত কোনো বেৰ নাথাকে। নামঘৰৰ সাতটা খোটালিক সপ্ত বৈকুণ্ঠৰ লগত তুলনা কৰা হয়। অৰ্থাৎ নামঘৰ হ’ল মৰ্ত্যৰ বৈকুণ্ঠপুৰী। আগতে নামঘৰ নিৰ্মাণত থলুৱাভাৱে উৎপাদিত বেত,বাঁহ,কাঠ, খেৰ আদি ব্যৱহাৰ কৰা হৈছিল। আজিকালি অৱশ্যে ইটা, শিল ,বালি, টিন লোহা, চিমেণ্ট আদি ব্যৱহাৰ কৰা হয়।নামঘৰ নিৰ্মাণত ব্যৱহাৰ কৰা সঁজুলি বিলাক হ’ল –কুমৰ খুটা,পাৰিখুটা,বৰচ’টি, ফুলচ’টি, দমৰা বা বহিখোৱা, মাৰলি বা জাং, চাল, গুৱা, জেঠি, কামী, পানীচ’টি(সৰুচ’টি)ইত্যাদি। নামঘৰৰ একেবাৰে পশ্চিম ফালৰ কোঠাটোত অৰ্দ্ধবৃত্তাকাৰ কৰি টুপ সাজে। এই টুপটোক ঘঁৰিয়াল টুপ বোলে। এনেকৈ টুপ সজাৰ এটি বিশেষ কাৰণ আছে। প্ৰসঙ্গ প্ৰণালীত নামাচাৰ্য সহ ভকতসকলে অৰ্দ্ধবৃত্তাকাৰে প্ৰসঙ্গ কৰিবলৈ বহাৰ নিয়মৰ লগত ইয়াৰ সাদৃশ্য দেখা যায়। নামঘৰৰ খুটা,বৰচ’টি,দমৰা আদিত সুন্দৰকৈ লতা-ফুল কাটি হেঙুল হাইতালেৰে বোলাই ধুনীয়াকৈ সজোৱা হয়। এনে কাৰু কাৰ্যই অসমীয়া শিল্পীৰ ভাস্কৰ্যবিদ্যাৰ পৰিচয় ডাঙি ধৰে। নামঘৰৰ প্ৰথম কোঠাৰ প্ৰথম খুটাযোৰ এৰি প্ৰথম দ্বিতীয় কোঠাৰ মাজত অৰ্থাৎ দ্বিতীয় খুটাযোৰৰ উত্তৰ ফালৰ খুটাটোৱেই নামঘৰৰ ঘাই খুটা। ইয়াকে শিৰৰ খুটা বা লাই খুটা বোলে। এই খুটাটোৰ গুৰিতেই গুৰুজনা বহিছিল বুলি জনা যায়। সেয়ে এই খুটাটোৰ গুৰিত ধৰ্মাধিকাৰ বা গুৰুস্হানীয় ব্যক্তিৰ বাদে আন সাধাৰণ মানুহ বহাতো সমীচীন নহয়। এনেয়েও অন্যান্য খুটাৰ ওচৰতো নাম প্ৰসঙ্গ বা কীৰ্তন পাঠ,ভাগৱত চৰ্চাৰ সময়ত অলসভাৱে আঁউজি বহাতো অনুচিত।

মণিকূট[সম্পাদনা কৰক]

নামঘৰৰ পূৱত মূল নামঘৰৰ গাতে লাগি থকা সৰু গৃহটিৰ নাম মণিকূট। কীৰ্তন ঘৰটোৰ পূৱৰ কোঠাৰ পৰা ইয়ালৈ সোমাব পৰাকৈ নামঘৰৰ পূৱতে উত্তৰা-দক্ষিণাকৈ মণিকূটটো নিৰ্মান কৰা হয। এই মণিকূটতে গুৰুজনাই শাস্ত্ৰ প্ৰণয়ন আৰু ধৰ্ম চৰ্চা কৰিছিল। মণিকূটৰ সোঁমাজতে কাঠৰ আসন বা থাপনা পাতি তাত মহাপুৰুষ দুজনা (শঙ্কৰ-মাধৱ)ৰ ৰচিত সৰ্ব্বজন সমাদৃত এখন বিশেষ পুথি থয়। এনে পুথিৰ ভিতৰত দশম(ভাগৱতৰ দশম স্কন্ধ), কীৰ্তন, নামঘোষা, ভক্তি ৰত্নাৱলী, গুণমালা আদিয়েই উল্লেখযোগ্য। মণিৰ অৰ্থ হৈছে ৰত্ন আৰু কূটৰ অৰ্থ হৈছে ঘৰ; অৰ্থাৎ ৰত্ন থোৱা ঘৰ। ইয়াত মণি বা ৰত্ন হৈছে শঙ্কৰ-মাধৱ পুৰুষৰ ৰচিত গ্ৰন্থ যাক সিংহাসনত বা থাপনাত উপাসনাৰ বস্ত্ত হিচাপে ৰখা হয়। মণিকূটত আসন বা থাপনাৰ উপৰিও নামঘৰৰ অত্যাৱশ্যকীয় সম্পত্তি যেনে –দবা,শংখ,ঘণ্টা,কাঁহ,শৰাই,টৌ,বান,লোটা,কলহ,বৰবাটি,ঠগা,ডলা-ছালনী,পাচি খৰাহি ভোৰতাল আদি ৰখা হয়। মণিকূটৰ এদাঁতিত এখন চাং পাতি তাত কীৰ্তন,দশম,নামঘোষা,ৰত্নাৱলী,সাঁচিপাতৰ পুথি,বৰগীত আদি পুথিবোৰ সযতনে ৰখা হয়। নামনি অসমৰ বৰপেটা নামঘৰৰ পূৱফালে থকা মণিকূটটোক ভাঁজঘৰ বোলে। এই ভাঁজঘৰটো চাৰিচুকীয়া,চালবোৰ ভাঁজখোৱা বা দোঁখোৱা আৰু চাৰিওফালে পানী পাচটো গোলাকাৰ হয়। অসমৰ অন্যান্য ঠাইত মণিকূটটো এনে ভাঁজঘৰ নহয়,দুচলীয়া ঘৰহে। যিবিলাক ঠাইত মণিকূট নাথাকে বা সাজিবৰ সামৰ্থ নাথাকে তেনে ঠাইৰ নামঘৰৰ পূৱৰ প্ৰথম খোটালিকে মণিকূট হিচাপে ব্যৱহাৰ কৰি আসন প্ৰতিষ্ঠা কৰে।

গুৰু আসন[সম্পাদনা কৰক]

মণিকূটৰ মধ্যভাগত কাঠেৰে নিৰ্মিত যি আসন বা থাপনা পতা হয় তাকে সাধাৰণ অৰ্থত গুৰু আসন বোলা হয়। বৰপেটা নামঘৰৰ প্ৰথম কোঠাটো এৰি দ্বিতীয় কোঠাৰ মূৰতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ,মহাপুৰুষ মাধৱদেৱ,আৰু বদুলা আতাৰ নামত তিনিখন আসন পতা আছে। গুৰু আসন তিনি প্ৰকাৰৰ। সিংহাসন,গৰুড়াসন,ম’ৰাসন। ৰাজহুৱা নামঘৰত সাধাৰণতে সিংহাসনহে প্ৰতিষ্ঠা কৰা হয়। সিংহাসন তিনি খলপাৰ পৰা সাত খলপা পৰ্যন্ত হ’ব পাৰে। সিংহাসনৰ খলপা কেইটাত দশৱতাৰ আৰু কৃষ্ণলীলা সমূহ হেঙুল হাইতালেৰে অঙ্কিত কৰা থাকে। সিংহাসনৰ খুড়াবোৰ বিচিত্ৰ ৰূপত খোদিত কৰা হয়। খুড়া চাৰিটাৰ একেবাৰে তলত কাছ,কাছৰ ওপৰত হাতী আৰু হাতীৰ ওপৰত সিংহ কটা থাকে। ওপৰৰ খলপা কেইটাত থকা খুটা কেইটাত হাতী আৰু সিংহ কটা থাকে। সিংহাসনৰ সাতোটা খলপা সপ্ত বৈকুণ্ঠ (ক্ৰমে শ্বেতবিলাস, শান্তনুবিলাস, পুষ্পবিলাস, পঙ্কজ বিলাস, কনক দন্ত, সনাতন আৰু গোলোক)ৰ লগত তুলনা কৰা হয়। আনহাতে খুটাত থকা কাছ ভক্তিৰ প্ৰতীক, হাতী পাপৰ আৰু সিংহ নামৰ প্ৰতীক। কাছই যেনেকৈ তাৰ অংগ খোলাটোৰ ভিতৰত সুমাই ৰাখিব পাৰে, ভক্তইও তেনেকৈ ৰিপু সমূহ অৱদমন কৰিব পাৰে। ভক্তৰ হৃদয়ত কেতিয়াও পাপে প্ৰৱেশ কৰিব নোৱাৰে। কেতিয়াবা পাপ লগ পালে ৰাম নাম প্ৰমত্ত সিংহই পাপ হস্তীক দমন কৰে। সিংহাসনৰ ওপৰৰ খলপাত থকা সৰু ঘৰটিৰ নাম আমহী ঘৰ। এই ঘৰৰ চাৰিওফালে চাৰিটা আৰু ওপৰত এটা কলচি থাকে। আমহী ঘৰৰ তিনিফালে চটে সৈতে কাপোৰেৰে বেৰা থাকে। এই আমহী ঘৰৰ ভিতৰতে আগতে উল্লেখ কৰা গুৰু দুজনা ৰচিত এখনি বিশেষ পুথি বা ভাগৱত প্ৰতিষ্ঠা কৰা হয়। ভাগৱতখন তলে ওপৰে বগা কাপোৰেৰে ঢকা থাকে। আমহী ঘৰটি পূৰ্ণকৃষ্ণ ভগৱন্তৰ স্হান। সিংহাসনত ভাগৱত প্ৰতিষ্ঠা কৰাৰ পিছত ই প্ৰাণৱন্ত হৈ পৰে আৰু তেতিয়াই সেই আসনে গুৰু আসন নাম পাই। থাপনা বা সিংহাসনত দিয়া কাপোৰ বোৰত গাঁৱৰ শিপিনী সকলে বিভিন্ন ৰঙৰ আঁচুৰে ডাঙৰ ডাঙৰ বিচিত্ৰ ফুল,গছ আদি বৈ দিয়ে আৰু মাজে মাজে ঘোষা,পদ আদিও সুন্দৰকৈ বৈ দিয়ে। এই বিচিত্ৰ কাপোৰ বোৰত আৰি দিয়া সোণ ৰূপৰ ফুলবোৰে আকাশত তৰা জিকমিকোৱাৰ দৰে জেউতি চৰায়। এই গুৰু আসনৰ ওপৰত সুন্দৰকৈ চন্দ্ৰতাপ অঁৰা হয় ; চন্দ্ৰতাপৰ চাৰিচুকে চাৰিটা আৰু মাজতে এটা চোঁৱৰ আঁৰি দিয়া হয়। গুৰু আসনৰ সমূখতে নিতৌ পুৱা আৰু সন্ধিয়া এগছি বন্তি জ্বলাই দবা কাঁহ বজোৱা আৰু সন্ধিয়া প্ৰসঙ্গ কৰাটো নামঘৰৰ এটা নিত্য-নৈমিত্তিক কাম। মূল চাকিগছ সকলো সময়তে জ্বলি থাকে। সেয়ে এই বন্তি গছিক ‘অক্ষয় বন্তি’ বুলি কোৱা হয়।

ছোঁ ঘৰ[সম্পাদনা কৰক]

নামঘৰৰ পশ্চিমফালে সাধাৰণতে দক্ষিণ-পশ্চিম কোণত নামঘৰৰ কাষতে এটি ঘৰ সজা হয়। ইয়াক ছোঁ ঘৰ বোলে। ছোঁ ৰ অৰ্থ হৈছে মুখা। ভাওনাত ব্যৱহৃত বিভিন্ন ছোঁ বা মুখা, অস্ত্ৰ-শস্ত্ৰ (ধনু,কাড়,টোণ, গদা আদি),দৃশ্যসজ্জাৰ বস্ত্ত-বাহানি আদি এই ঘৰতে ৰখা হয় বাবে ইয়াক ছোঁঘৰ বোলা হয়। ইয়াতেই ভাৱৰীয়া সকলক পোছাক-পৰিচ্ছদ,মুখা,আ-অলংকাৰ আদি পৰিধান কৰোৱা আৰু ৰূপসজ্জা বা সাজন-কাচন আদি কৰা হয়। ইয়াৰ পৰাই ভাৱৰীয়াই নামঘৰৰ ভিতৰত ভাওনাথলীত প্ৰৱেশ কৰে আৰু প্ৰয়োজন সাপেক্ষে পুনৰ ইয়ালৈকে ঘূৰি আহি প্ৰয়োজনীয় কামবোৰ কৰি লয়। মুঠতে আজিকালি নাট্যশালাত ‘গ্ৰীণ ৰুম’ৰ যি কাম, নামঘৰত ভাওনাৰ সময়ত ছোঁঘৰেই সেই কাম কৰে। ভাওনা হৈ গ’লে ছোঁঘৰতেই ভাওনাত ব্যৱহৃত ছোঁ, অস্ত্ৰ-শস্ত্ৰাদি সংৰক্ষণ কৰি ৰখা হয়। ছোঁঘৰৰ ব্যৱস্হা নথকা নামঘৰত ভাওনাৰ সময়ত নামঘৰৰ পূৱে এখন চালিদি ছোঁ ঘৰৰ কাম কৰা হয়। এইখনক হাতী চালি বোলে। হাতীচালি আৰু নামঘৰৰ ব্যৱধান ৰক্ষা কৰিবৰ বাবে এখনি আঁৰ কাপোৰ তৰি দিয়া হয়।

বাটচ’ৰা[সম্পাদনা কৰক]

নামঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ আগতে ৰাষ্টাৰ দাঁতিতে প্ৰৱেশ পথত এটি সৰু ঘৰ সজোৱা থাকে। এই ঘৰটিক বাটচ’ৰা বোলে।

ৰাঙলী ঘৰ[সম্পাদনা কৰক]

নামঘৰৰ পশ্চিমে টুপতে লাগি থকাকৈ এটি সৰ ঘৰ সঁজা থাকে। এই ঘৰটিৰ নাম ৰাঙলী ঘৰ। এই ঘৰটিতে ভকতসকলক আদৰা হয়। সকলো নামঘৰতে অৱশ্যে ৰাঙলী ঘৰ নাথাকে।


নামঘৰৰ বিভিন্ন কাৰ্যাৱলী[সম্পাদনা কৰক]

নাম প্ৰসংগৰ পাছত নামঘৰৰ ভিতৰত মাহ-প্ৰসাদ বিতৰণৰ এক দৃশ্য

মূলতঃ নামঘৰত ভকত সকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰাৰ আটাইতকৈ উপযুক্ত স্থান হিচাপে বিবেচনা কৰি সকলোৱেই বৈকুণ্ঠ জ্ঞান কৰে। নামঘৰত ভগৱানৰ নাম-কীৰ্ত্তন কৰা হয়৷ ইয়াৰ লগতে বিভিন্ন সামাজিক বিষয়-দোষী-নিৰ্দ্দোষী বিচাৰ, ধৰ্ম্মীয় অনুশাসন আলোচনাও নামঘৰত কৰা হয়৷ নামঘৰৰ আন এক বিশেষত্ব হৈছে ভাওনা,গীত, নৃত্য আদিৰ প্ৰদৰ্শন৷ মহাপুৰুষ দুজনাৰ দ্বাৰা ৰচিত আৰু অন্যান্য নাট্যকাৰৰ দ্বাৰা ৰচিত ভক্তিমূলক নাটসমূহ নামঘৰত প্ৰদৰ্শন কৰা হয়৷ নামঘৰৰ ভাওনাত ব্যৱহাৰ হোৱা মুখা আদি আৰু বৃন্দাৱনী বস্ত্ৰৰে তৈয়াৰ কৰা সপ্ত বৈকুণ্ঠৰ পট অঙ্কন কাৰ্য্য নামঘৰতে আৰম্ভ কৰে।নামঘৰত ভকতসকল বহিবৰ বাবে বাঁহৰ ঢাৰি বা কলপাতৰ শুকান ঠাৰিৰে নিৰ্মান কৰা কঠ বা গোগুলেৰে বৈ উলিওৱা কঠ ব্যৱহাৰ কৰা হয়৷ নামঘৰত ভিতৰত সাধাৰণতে অন্য আহাৰ গ্ৰহণ কৰা নহয়৷ মণিকূটৰ ভিতৰত থাপনাৰ সন্মুখত শৰাই পাতি কেঁচা মাহ, পকা কল, কুঁহিয়াৰ, নাৰিকল ইত্যাদিৰ নৈবদ্য অৰ্পণ কৰা হয়৷ যাক মাহ-প্ৰসাদ বোলে৷ নাম-কীৰ্ত্তনৰ অন্তত সকলোৱে মিলি ইয়াক গ্ৰহণ কৰে৷ মাহ-প্ৰসাদ দিবৰ বাবে কলপাত ব্যৱহাৰ কৰা হয়৷[3][2]


অসমৰ কেইটামান প্ৰধান নামঘৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. [1]Assam Portal, The Namghar, তথ্য সংগ্ৰহ: ২৭ ছেপ্তেম্বৰ ২০১১
  2. 2.0 2.1 কল্পতৰু স্মৃতি গ্ৰন্থ. হেমপ্ৰসাদ বৰা, ৰূবী প্ৰেছ, নতুন বজাৰ. পৃষ্ঠা. ৫২, ৫৩. 
  3. [2]Assam Portal, The Namghar, তথ্য সংগ্ৰহ: ২৭ ছেপ্তেম্বৰ ২০১১

বাহ্যিক সংযোগ[সম্পাদনা কৰক]