শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ
Shri Shri Athkhelia Namghar

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বাটচ'ৰা
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ Shri Shri Athkhelia Namghar is located in Assam
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ
Shri Shri Athkhelia Namghar
অসম মানচিত্ৰত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰৰ অৱস্থান
ভূ-স্থানাংক: 26°28′N 94°05′E / 26.47°N 94.09°E / 26.47; 94.09
স্থান
দেশ: ভাৰত
ৰাজ্য/অঞ্চল: অসম
জিলা: গোলাঘাট জিলা
এলেকা: ঘিলাধাৰী মৌজা
বুৰঞ্জী
নিৰ্মাণকাল:
(বৰ্তমান গৃহ)
১৬৮১ চন
প্ৰতিস্থাপক: গদাপানি
ৱেবছাইট: athkhelianamghar.org

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (ইংৰাজী: Shri Shri Athkhelia Namghar), অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁওত অৱস্থিত। ই গোলাঘাট জিলাৰ ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা – এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত অৱস্থিত।[1] শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নামকৰণ নামঘৰৰ চৌপাশে থকা আঠটা কুৰিৰ পৰাই হৈছে। ইয়াৰপৰাই আঠকুৰিয়া শব্দটিৰ উৎপত্তি হৈছে। মানুহৰৰ মুখে মুখে বাগৰি ই আঠখেলীয়াৰ ৰূপ ল’লে। ১৬৮১ চনত আহোম ৰজা গদাপানিয়ে এই নামঘৰটো নিৰ্মাণ কৰোৱাইছিল।[2] ১৯৭০ চনৰ আগলৈকে এই অনুষ্ঠানভাগিৰ নাম শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ আছিল। ১৯৭০ চনত বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি ‘হৰি মন্দিৰ’ৰ সলনি ’নামঘৰ’ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামকৰণ কৰিলে। ভাদ মাহত (আগষ্ট-ছেপ্তেম্বৰ) নামঘৰলৈ লক্ষাধিক সেৱকীৰ সমাগম হয়। ইয়াত দৈনিক প্ৰাতঃপ্ৰসঙ্গ, মধ্যাহ্ন প্ৰসঙ্গ, বিয়লি প্ৰসঙ্গ আৰু সন্ধ্যা প্ৰসঙ্গ এই চাৰি প্ৰসাঙ্গ অনুষ্ঠিত হয়। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উৎযাপন কৰা উল্লেখযোগ্য উৎসৱ সমূহ হৈছে বৰসৱাহ, পানীতোলা সৱাহ, নামলোৱা সৱাহ আৰু ন-চাউলৰ সৱাহ, ৰাস মহোৎসৱ, বৰষা ভাওনা ইত্যাদি।

নামকৰণ[সম্পাদনা কৰক]

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰভাগিৰ নামকৰণ নামঘৰৰ চৌপাশে থকা আঠটা কুৰিৰ পৰাই হৈছে। কুৰি শব্দৰ অৰ্থ হৈছে চুবুৰি বা কোনো ঠাইৰ একখণ্ড। এই আঠটা কুৰিৰ ৰাইজে একেলগে সমাজ পাতি ধৰ্মীয় কাৰ্য পালন কৰি খোৱা লোৱাৰ ব্যৱস্থা কৰাৰ বাবেই আঠখেলীয়া নামকৰণেৰে পৰিগণিত হৈছে।[3][1] অসম বুৰঞ্জীৰ মতে আহোম স্বৰ্গদেউসকলে প্ৰণালীবদ্ধভাৱে কৃষি জনা লোকক বাদ দি প্ৰসাৰণ মুখী কৃষি কৰিবৰ বাবে পাইক প্ৰথাৰ ব্যৱস্থা কৰিছিল। পাইকৰ ওপৰত থকা ডাঙৰ ডাঙৰ গোটৰ সমষ্টিবোৰক খেল বুলিছিল। ৰজাঘৰীয়া তেনে বাবখোৱা একোজন লোক একো-একোটা কুৰি বা চুবুৰীত বসবাস কৰি বিয়া-বাৰু কৰাই সেইখন সমাজৰ লোকৰ মাজত মিলি গৈছিল। সেই ৰজাঘৰীয়া বাব খোৱা লোকৰ সেই বিষয় বাব অনুসৰিয়েই একো একোটা খেলৰো নামকৰণ কৰা হৈছিল।[4]

১৯৭০ চনৰ আগলৈকে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰক শ্ৰী শ্ৰী আঠখেলীয়া হৰিমন্দিৰ বুলিহে জনাজাত আছিল। বৰ্তমানৰ প্ৰৱেশদ্বাৰৰ জপনাতো পূৰ্বতে শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ বুলিহে খোদিত আছে। ১৯৭০ চনৰ পাছৰ পৰাহে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বুলি নামকৰণ কৰা হয়।[5]

ইতিহাস[সম্পাদনা কৰক]

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল সেই কথা নিশ্চিত ভাৱে ঠাৱৰ কৰা সম্ভৱ নহয়। ছাৰ এডৱাৰ্ড গেইটৰ ‘History of Assam’ নামৰ বুৰঞ্জীত উল্লেখ কৰিছে যে ত্ৰয়োদশ শতিকাৰ কছাৰী ৰাজ্য কলং নদীৰ পৰা দিখৌ নদীলৈ বিস্তৃত আছিল।[6] ১৬০০ শতিকাত এই অঞ্চলটো কছাৰী ৰাজ্যৰ অন্তৰ্গতহে আছিল।[2] সেই সূত্ৰে কোনোবা এজন কছাৰী ৰজাই বৰ্তমানৰ নামঘৰৰ স্থানত এটি শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি উপাস্য দেৱতাক পূজা সেৱা কৰিছিল। অসম বুৰঞ্জীত সেই ঠাইত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কোনো কথা উল্লেখ নাই। গদাপানিৰো বৈষ্ণৱ ধৰ্মৰ প্ৰতি কোনো ভাল ভাৱ নাছিল। সেয়ে, গদাপানিয়ে সেই অঞ্চলত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা বিশ্বাসযোগ্য নহয়। সময়ৰ সোঁতত কোনো প্ৰাকৃতিক কাৰণ যেনে – ভূমিকম্প, বানপানী বা অন্য বিশেষ কাৰণৰ হেতু এই মন্দিৰ ধ্বংস হ’ল। কাকডোঙা, মক্ৰং দুয়োখন নদীৰ প্লাৱনে মন্দিৰৰ ধ্বংসস্তুপ পুতি পেলালে। কালক্ৰমত হাবিয়ে ঢাকি পেলালে আৰু অজান পৰিৱেশৰ অটব্য অৰণ্যৰ সৃষ্টি হ’ল। কোনো সন্ত সিদ্ধ পুৰুষৰ ভক্তিৰ বলত এই স্থানত প্ৰকট হৈ পুনশ্চ দিব্য শক্তিৰ প্ৰকাশ ঘটিল।[5] জনসাধাৰণৰ মাজত প্ৰচাৰ হোৱাৰ লগে লগে পুনৰ সেৱা পূজা উপাসনা আৰম্ভ হৈছিল। এই স্থানৰ পৰা ৫/৭ কিঃমিঃ নিলগৰ বৰহোলা চাহ বাগানৰ এটা নলা খান্দোতে এটা শিৱ মূৰ্তি উদ্ধাৰ হৈছিল। সেই মূৰ্তিটো পণ্ডিতসকলে নৱম শতিকাৰ অৰ্থাৎ প্ৰাক আহোম যুগৰ বুলি অনুমান কৰিছে।[7]

পূৰ্ব-পুৰুষৰ মৌখিক কথাৰ পৰাই জানিবলৈ পোৱা মতে সম্প্ৰীতি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ থকা পৱিত্ৰ ভূমিখণ্ডত এজন অজ্ঞাত কুলশীল সাধু সন্তলোকৰ আশ্ৰম আছিল।[3] সেই কালত বাট-পথ দুৰ্গম, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ, চাৰিওফালে অটব্য অৰণ্য, তাতে মানুহৰ বসবাসৰ স্থল আছিল কৰবাত কেনেবাকৈ দুই এঘৰ অৰ্থাৎ অতি সীমিত।

আহোম স্বৰ্গদেউ ল’ৰাৰজাই অবৈধভাৱে আহোম ৰাজপাট দখল কৰিছিল। তেওঁৰ শাসনকালত গদাপাণি কোঁৱৰে (আহোম নাম: গদাধৰ সিংহ) ছদ্মৱেশ ধৰি পৰ্বতে-পাষণ্ডে ঘূৰি ফুৰোতে হঠাৎ এদিন আহি এই সন্ত লোকৰ আশ্ৰ পায়হি আৰু তেৰাক দৰ্শন পাই তেৰাৰ আশ্ৰয়তে কিছুদিন আশ্ৰমতে থাকিবলৈ লয়। প্ৰবাদ আছে যে গদাপাণি কোঁৱৰক বিচাৰি বিচাৰি ল’ৰা ৰজাৰ চাউদাংহঁতে সেই স্থান পাইছিলগৈ। কিন্তু আশ্ৰমৰ চাৰিওফালে বেত, বাঁহ, তৰা, ইকৰাকে আদি কৰি গছ-গছনিৰে ভৰপূৰ আৰু আশ্ৰমলৈ সোমাই যোৱা পথটিও অগণন ডাঠ মকৰা জাল আদিৰে আবৃত হোৱাত মানুহ থকাৰ কোনো সন্ধান নাপাই চাউদাংহঁতে তাৰ পৰা অন্য দিশে গতি কৰিছিল। গদাপাণি কোঁৱৰে আশ্ৰমৰ পৰা ওলাই যাওঁতে আশ্ৰমৰ পথত আবৃত হৈ থকা ডাঠ মকৰাজাল আঁতৰাই বাহিৰত মানুহৰ অসংখ্য খোজৰ চিন আৰু দুই এপদ ৰজাঘৰীয়া মানুহৰ সৰঞ্জাম পাই তেওঁক বিচাৰি ফুৰা চাউদাং বিলাক বিলাক বুলি নিঃসন্দেহে জানিব পাৰিছিল।[3] সেই সন্ত পুৰুষজনে গদাপাণিক ভৱিষ্যতবাণী কৰিছিল যে তেওঁ ভৱিষ্যতে দেশৰ ৰজা হ’ব পাৰিব। গদাপাণিয়েও ৰজা হ’লে সন্ত পুৰুষক মন্ত্ৰী বাব এটি দিয়াৰ বাক্য দিছিল। সময় বাগৰাৰ লগে লগে আহোম ৰাজতন্ত্ৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি অনুসৰি ১৬৮১ খ্ৰীষ্টাব্দত গদাপণি কোঁৱৰে ৰাজ সিংহাসন লাভ কৰে। গদাধৰ সিংহই আত্মগোপন কালৰ এৰি অহা ঘটনাৱলী স্মৰণ কৰি সেই সন্ত লোক জনক বিচাৰি মানুহ পঠাইছিল। কিন্তু তেওঁৰ কোনো সন্ধান পোৱা নগ’ল। সেই সন্তগৰাকীৰ পাছত কি হ’ল বা ক’লৈ গ’ল সেই কথা আজিও সকলোৰে অজ্ঞাত হৈয়ে থাকিল। সন্তজনৰ কোনো সম্ভেদ নাপাই গদাপাণিয়ে সন্ত লোকৰ নিবাস স্থলৰ ক্ষেত্ৰভাগিৰ উন্নতিৰ হকে ভিন্ন বৃত্তিধাৰী, ভিন্ন সম্প্ৰদায়ৰ ৮ পাইকৰ গোটৰ ওপৰতেই আশ্ৰমখনৰ ৰক্ষণাবেক্ষণ আৰু প্ৰতি পালনৰ দায়িত্ব অৰ্পণ কৰিছিল।[5] শিৱ মন্দিৰলৈ বা ক্ষেত্ৰলৈ পাইক আদি ঊচ্ছৰ্গা কৰা উদাহৰণো তেওঁৰ ৰাজত্ব কালৰ কাৰ্যাৱলীত উল্লেখ আছে।[8] সেই আঠটা পৰিয়াল সমাজবদ্ধ হৈ একো-একোটা কুৰি (চুবুৰীত) পৰিণিত হয়গৈ। এনেদৰেই এখনি আশ্ৰমৰ পৰাই আঠটা পৰিয়ালৰ তত্বাৱধানত সমাজবদ্ধ হৈ, একেটা পৱিত্ৰ অনুষ্ঠানত জড়িত থাকি ধৰ্মীয় কাৰ্য পালন কৰি কালক্ৰমত আঠকুৰীয়া নামেৰে প্ৰখ্যাত হৈ পৰিল[2] আৰু সকলোৱে একে ধৰ্মৰ আচৰণ বিধি পালন কৰি সমাজপাতি খোৱা-লোৱা আদি সকলো ব্যৱস্থা গ্ৰহণ কৰিলে। সেয়েহে এই আঠটা কুৰিৰ সমষ্টিয়েই আঠকুৰীয়া, পাছত আঠখেলীয়া নামেৰে জনাজাত হৈ পৰিল।[3]

সময়ৰ গতিত সেই মন্দিৰ বৰ্তমান নামঘৰ হিচাপে প্ৰখ্যাত হৈ পৰিল। বৰ্তমান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ সমগ্ৰ দেশৰ বৈষ্ণৱ পন্থাৰ লোকৰ তীৰ্থস্বৰূপ। এইয়া বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱৰ ফলশ্ৰুতি। সময়ৰ লগত ক্ষেত্ৰ ভাগি বিকাশ আৰু উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় খেলৰ ৰাইজে ধৰ্মীয় পৰম্পৰা তথা বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি হৰি মন্দিৰৰ সলনি নামঘৰ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামকৰণ কৰিলে ১৯৭০ চনৰ পিছৰ পৰাহে। বৰ্তমান বৈষ্ণৱ ধৰ্মৰ সমূহ আচাৰ-নীতিৰে নামঘৰৰ কাম-কাজ পৰিচালিত হয়।

খেল বা কুৰিসমূহ[সম্পাদনা কৰক]

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ গঠিত হোৱা আঠটা খেল বা কুৰি সমূহ হৈছে:

বচাকুৰি

ৰজাই বিশেষ পাৰদৰ্শিতা থকা কোনো কোনো লোকক বাচি বাচি আনি ঠায়ে ঠায়ে কামৰ দায়িত্ব দিছিল। সেই বাচি অনা বাব খোৱা লোক থকাৰ পৰাই সেই চুবুৰীটো বচাকুৰি বা বচাখেল নামেৰে পিছত খ্যাত হৈ পৰিল।

বৈৰাগী কুৰি

বৈৰাগী সকলে ছদ্মবেশ ধৰি বিভিন্ন ঠাইত ঘূৰি পকি সেই ঠাইৰ বা সেই দেশৰ সংস্কৃতিৰ বিৱৰণ আহোম ৰজাক জনাব লাগিছিল। তেনে কোনো বৈৰাগীৰ বাব থকা লোকৰ বাব অনুসৰিয়েই সেই ঠাইৰ নাম হয় বৈৰাগ কুৰি বা বৈৰাগকুৰি খেল।

ব্ৰাহ্মণ কুৰি

আহোম ৰাজত্বৰ সময়ত কনৌজৰ পৰা ব্ৰাহ্মণ আৰু কায়স্থ সকলক আনি উচ্চ পদত নিযুক্তি দিয়াৰ উপৰিও ধৰ্মীয় কাৰ্য পালন কৰিবৰ বাবে ভূমি আদি দি সংস্থাপন দিয়াৰ কথা অসম বুৰঞ্জীত উল্লেখ আছে। আদিম অৱস্থাত তেনে কোনো ব্ৰাহ্মণৰ পৰিয়াল থকাৰ কাৰণেই সেই ঠাইখণ্ড ব্ৰাহ্মণ কুৰিখেল নামেৰেই প্ৰখ্যাত হৈ পৰিল।[4]

নাঙ্গল কুৰি

আহোম স্বৰ্গদেউসকলে মাটিৰ উৰ্ব্বৰতা চাই কৃষি জনা লোকক খাত পাম দি খেতিৰ সজুলি নাঙ্গলৰ অধিক যোগান ধৰি কৃষিৰ প্ৰসাৰণ কৰিছিল। কালক্ৰমত সেই বাব থকা মানুহৰ পৰাই চুবুৰীটোৰ নাম হয় নাঙ্গল কুৰি।

শ’লালৰ কুৰি

আহোম ৰজাৰ দিনত উচ্চ পদবী লাভ কৰা সকলৰ ভিতৰত ব্ৰাহ্মণ, কায়স্থ, গণক আৰু কলিতা সকলৰ উপৰিও কেওট, কোঁচ, সূত আৰু নাথ সম্প্ৰদায় আদি কেইবাটাও জনগোট আছিল। এই উচ্চ পদবী ভোগ কৰা লোক সকলে সম্প্ৰীতিৰ এনাজৰীত বান্ধ খাই কৃষিকৰ্মক প্ৰাধান্য দি ধৰ্মীয় কাৰ্যটো অংশ গ্ৰহণ কৰিছিল। এই পদবীভুক্ত আৰু সমাজৰ শ্ৰষ্ঠব্যক্তি হিচাপে পৰিচিত লোকজনৰ পৰাই নাম অনুসৰি ক্ৰমে শ’লাল কুৰি খেল হিচাপেই জনাজাত হৈ পৰিল।

কছাৰীকুৰি

জনশ্ৰুতিমতে আহোম ৰজাৰ শাসন কালত কৃষি-শিল্প আদি ক্ষত্ৰত নিপুণ কছাৰী নামৰ এজন ৰজাঘৰীয়অ বিষয় বাব খৌৱা লোকে সগোত্ৰীয় পৰিয়াল বৰ্গৰ লগতে থাকি একে বৃত্তিধাৰী হৈও সামাজিকভাৱে নিজৰ প্ৰতিপত্তি লাভ কৰাৰ পাছত তেওঁৰ পৰাই সেই অঞ্চলত বসবাস কৰা স্থান অনুসৰি কালক্ৰমত কছাৰীকুৰি খেল নামেৰে প্ৰখ্যাত হৈ পৰিল।[4]

বৰাহীকুৰি

বিভিন্ন সম্প্ৰদায়ৰ লোক সকলৰ দৰেই বৰাহী সকলেও এই অঞ্চলত আগৰ পৰাই বসবাস কৰি আছিল। সময়ৰ সোতত সেই বৰাহীসকল স্থান এৰি আন ঠাইলৈ গুচি যায়। অতীতৰ বৰাহী লোক অন্তৰ্ভূক্ত হৈ থকা সমাজখন কালক্ৰমে বৰাহী কুৰি খেলত পৰিণত হয়।

কাকতিকুৰি

কাকতি হ’ল মাটিবাৰী হিচাপ পত্ৰ ৰখা, সেই মাটিৰ উৎপন্ন শস্যৰ হিচাপ, পাইক আদিৰ লেখ বুজ কৰা আৰু আন আন হিচাপ-নিকাচ ৰখা বিষয়া। কোনো সমাজত তেনে কোনো বিষয়া থকাৰ বাবেই পাছত কাকতি কুৰি খেলৰ নামকৰণ হয়।

বিশেষতঃ বৰাহী কুৰি আৰু কাকতি কুৰি এই দুটা খেলৰ লোক সকল কালৰ কৱলত পৰি একেবাৰেই আঠখেলৰ পৰা নিঃশেষ হৈ গ’ল।[4] কাৰণ ১৮২১ খ্ৰীষ্টাব্দৰ পৰা ১৮২৫ খ্ৰীষ্টাব্দলৈ মান সকলৰ অত্যাচাৰৰ বলি হোৱাত এই অঞ্চলৰ পৰাও বহুলোক স্থান মান এৰি প্ৰাণৰ ভয়ত পলায়ন কৰিছিল। তেতিয়াৰ পৰাই এই দুটা খেল বৰ্তমানলৈকে কোনো সন্ধান নাইকিয়া হৈ থাকিল।[3]

Entrance of Athkheliya Namghar 2.jpg

অৱস্থান আৰু পৰিবহন[সম্পাদনা কৰক]

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ অৱস্থান হৈছে 26°28′N 94°05′E / 26.47°N 94.09°E / 26.47; 94.09। আঠখেলীয়া এই ধৰ্মীয় অনুষ্ঠানভাগি বৰ্তমানৰ গোলাঘাট জিলাৰ অন্তৰ্গত ঘিলাধাৰী মৌজাত ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা – এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত (গোলাঘাট নগৰৰ পৰা প্ৰায় ১৮ কিঃমিঃ পূবত) অৱস্থিত। এই তিনিওখন নদীৰেই উৎপত্তিৰ স্থল নগা পাহাৰৰ পৰা ওলাই প্ৰায় সমান্তৰাল ভাৱে ভৈয়ামৰ মাজেদি বৈ গৈছে। নামঘৰৰ (সমীপত) পূৰ্বদিশে ক্ৰমে উত্তৰলৈ বৈ যোৱা কাকঙোঙা নদীয়ে গোলাঘাট আৰু যোৰহাট জিলাক দুখনক বিভক্ত কৰিছে। আনহাতে নামঘৰৰ (সমীপতে) পশ্চিম দিশে বৈ যোৱা মক্ৰং নদীয়েও ক্ৰমাৎ উত্তৰ দিশলৈ গতি কৰি ঘিলাধাৰী নদীৰ লগত এক হৈ ওচৰা-ওচৰিকৈ পুনৰ কাকডোঙা নদীতেই মিলিত হৈ ব্ৰহ্মপুত্ৰৰ বুকুত পৰিছেগৈ। সেয়েহে নামঘৰৰ উত্তৰ দিশত এই তিনিওখন নদী ক্ৰমে ওচৰা-ওচৰিকৈ মিলিত হোৱাৰ বাবেই ত্ৰিবেণীৰ সঙ্গম স্থলস্বৰূপ এই পৱিত্ৰ ভূমিখণ্ডত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অৱস্থিত।[9] আঠখেলীয়াৰ সীমা উত্তৰ অক্ষাংশ ২৬ডিগ্ৰী ২০মিনিটৰ পৰা ২৬ ডিগ্ৰী ৩৫ মিনিটলৈ আৰু পূব দ্ৰাঘিমাংশ ৯৩ ডিগ্ৰী ৩৫ মিনিটৰ পৰা ৯৩ ডিগ্ৰী ৪৫ মিনিটৰ ভিতৰত।[10] সেই কালত বাট-পথ দুৰ্গম, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ, চাৰিওফালে অটব্য অৰণ্য, তাতে মানুহৰ বসবাসৰ স্থল আছিল কৰবাত কেনেবাকৈ দুই এঘৰ অৰ্থাৎ অতি সীমিত।

পৰিবহণ[সম্পাদনা কৰক]

বিমানসেৱা

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নিকটৱৰ্তী বিমানবন্দৰ হৈছে: ৰৰৈয়া বিমানবন্দৰ (যোৰহাট বিমানবন্দৰ)। ৬০ কিঃমিঃ দূৰত্বত এই বিমান বন্দৰ অৱস্থিত।[11]

ৰেলসেৱা

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নিকটৱৰ্তী ৰেল ষ্টেছন হৈছে ফৰকাটিং ৰেল ষ্টেছন। দূৰত্ব প্ৰায় ১২.৮ কিঃমিঃ।[11]

পথসেৱা

অসমৰ প্ৰায় সকলো ঠাইৰ পৰা গোলাঘাট জিলালৈ অহা-যোৱা কৰাৰ সু-ব্যৱস্থা আছে। গোলাঘাট নগৰৰ পৰা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ দূৰত্ব প্ৰায় ২০ কিঃমিঃ। নামঘৰলৈ যাবলৈ বাছৰ ব্যৱস্থা আছে আৰু সময় প্ৰায় ৪০ মিনিটমান লাগে।[11] ইয়াৰোপৰি যোৰহাট জিলাতিতাবৰৰ পৰা বৰহোলা হৈ নামঘৰলৈ যোৱাৰো সু-ব্যৱস্থা আছে।

নিৰ্মাণ[সম্পাদনা কৰক]

বৰ্তমানৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আদিম অৱস্থাত প্ৰকাণ্ড প্ৰকাণ্ড হেঙুল-হাইতাল থকা বটবৃক্ষৰে পৰিবেষ্টিত সন্তলোকৰ আশ্ৰমৰ এটি সৰু মন্দিৰ। মন্দিৰ ভাগত এপাত ত্ৰিশূল আৰু আৰু এখনি চন্দন কাঠৰ ঠগা আছিল। সেই মন্দিৰ ভাগতেই দূৰ-অতীজৰ পৰাই পূজা-সেৱা, নৈবদ্য অৰ্চ্চনাদি কৰ্মও পূৰ্বপুৰুষ সকলে চলাই আহিছিল।[12] পুৰণা সেই মন্দিৰৰ আলমত (মন্দিৰক মাজত ৰাখি) আঠখেলৰ আঠখন খেৰৰ চালি সাজি আঠকুৰি ৰাইজে মন্দিৰৰ প্ৰতিপালন কৰি ধৰ্মীয়কাৰ্য চলাই আহিছিল। তেতিয়াৰ পৰাই এই অনুষ্ঠান ভাগিত ৰাইজৰ বাৰ্ষিক কৰ্ম সমূহত আঠখেলৰ আঠভাগি নৈবদ্য মহাবিষ্ণুৰ পূজনত অৰ্চ্চিত হৈ অদ্যপৰিমিত সেই নিয়ম প্ৰচলিত হৈয়েই আছে। পূৰ্বপুৰুষসকলৰ অসীম ত্যাগ আৰু শ্ৰমদানৰ যোগেদি দূৰ অতীতৰ মন্দিৰ সহ আঠখন চালিৰ পৰিৱৰ্তে মাজত মন্দিৰ ৰাখি ডাঙৰ ডাঙৰ খুটাৰ সৈতে (কাঠৰ খুটা সৈতে) আঠটা কোঠালীৰ খেৰীঘৰ নিৰ্মাণ কৰিছিল। প্ৰতিটো কোঠাত এখনকৈ আঠখন দুৱাৰ আৰু ৰাইজৰ বাৰ্ষিক কৰ্ম সমূহৰ আঠ খেলৰ আঠভাগি নৈবদ্য মহাবিষ্ণু পূজনত এতিয়াও অৰ্চ্চিত হৈয়ে আছিল। সেই সময়তো অতীজৰ ত্ৰিশূল আৰু চন্দন কাঠৰ ঠগা ভাগিয়েই আছিল সকলোৰে ইষ্ট দেৱতাৰ সেৱাৰ থলী। এনেদৰেই পূৰ্বপুৰুষসকলে খেৰীঘৰ সজা – বটা কৰি, তাত ধৰ্মীয় কাৰ্য পালন কৰি যুগ যুগ পাৰ কৰি দিছিল।

স্থায়ীঘৰ নিৰ্মাণ

আঠখেলীয়াৰ বৰবাৰিকে ৰাইজে ১৯৫৬ চনৰ ৭ মে’ তাৰিখে ৰাইজৰ লগত আলোচনা কৰি এখন পৰিচালনা সমিতি গঠন কৰা হৈছিল। সেই পৰিচালনা সমিতিয়ে পূৰ্বৰ খেৰীঘৰৰ আৰ্হিৰ মাজেত মন্দিৰৰ ব্যৱস্থা ৰাখি স্থায়ীঘৰ নিৰ্মাণৰ কাম হাতত ল’লে। আঠখেলীয়া ৰাইজৰ দান-বৰঙণিৰে মন্দিৰৰ ওপৰত কলচি দি বৈকুণ্ঠ পুৰীৰ অষ্টদিশত স্থিত অষ্টদ্বাৰৰ আৰ্হি প্ৰণালীৰে আঠখন দ্বাৰ (দুৱাৰ) ৰাখি সম্পূৰ্ণ বৰ্গক্ষেত্ৰ আকাৰত স্থায়ীঘৰ নিৰ্মাণৰ কাম ১৯৫৬ চনত সম্পূৰ্ণ কৰি তুলিলে। সেই বছৰতে পূৰ্বৰ ঠগাৰ পৰিৱৰ্তে ডাঙৰকৈ বেদী নিৰ্মাণ কৰাই পাঁচখলপীয়া সিংহাসন আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হৈছিল। পূৰ্বৰ কীৰ্তি চিহ্ন ত্ৰিশূল তেতিয়াও সিংহাসনৰ বেদীৰ ওচৰতেই থাকিল।[12]

নামঘৰৰ পৰিসৰ বৃদ্ধি

আঠখেলৰ ৰাইজৰ সংখ্যা আৰু সেৱকীসকলৰ পয়োভৰ দিনক দিনে বৃদ্ধি পাই আহিছিল। সেয়ে ১৯৭৩ চনত বাৰ্ষিক সাধাৰণ সভাত এই কথা উত্থাপন কৰা হৈছিল। সেয়ে নামঘৰভাগিৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে আঁচনি প্ৰস্তুত কৰি নিৰ্মাণ কাজ হাতত ল’বলৈ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিলে। এই বিষয়ত আঠখেলৰ ৰাইজে, চচান্দা বৰঙণি আগবঢ়ালে আৰু সেৱকী ৰাইজৰ অৰিহণা আদিৰ সহযোগত পুৰণা নামঘৰৰ পশ্চিম দিশে আগৰ সমান কৰি গৃহ নিৰ্মাণৰ কাম-কাজ ১৯৭৪ চনত আৰম্ভ কৰা হয়। ৰাইজৰ অশেষ ত্যাগ আৰু শ্ৰমদানৰ বিনিময়ত নতুনকৈ গৃহভাগ আৰু দুটা কলচি দি (আগৰটোৰে সৈতে তিনিটা) পুৰণা নামঘৰৰ লগত একেলগে সংযোগ কৰা হৈছিল। পূৰ্বৰ কলচিত গদা, মধ্যম কলচিত চক্ৰ আৰু পশ্চিমদিশৰ কলচিত পৌৰাণিক কীৰ্তিচিহ্ন ত্ৰিশূল অদ্যপৰিমিত যুগমীয়া হৈ ৰ’ল। এনেদৰেই নতুন গৃহভাগ সম্পূৰ্ণ কৰি ১৯৭৭ চনৰ এপ্ৰিল মাহত শ্ৰী শ্ৰী কুৰুৱাবাঢ়ী ডেকা সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱ গোস্বামীদেৱে উন্মোচিত কৰে। নামঘৰৰ পৰিসৰ বঢ়াত দৈনন্দিন কাম-কাজ তথা সেৱকী সকলে আগবঢ়োৱা ভাওনা আদি প্ৰদৰ্শনৰ বাবে সুবিধা হ’ল।[12]

সপ্তবৈকুণ্ঠৰ আৰ্হিৰৈ সিংহাসনৰ নিৰ্মাণ

১৯৮৫ চনত ৰাইজে আলোচনা কৰি পূৰ্বৰ এখলপীয়া বেদীক তিলিখলপীয়া কৰি সপ্তবৈকুণ্ঠৰ আৰ্হিৰে সাত খলপীয়া সিংহাসন নিৰ্মাণ কৰাৰ আঁচনি গ্ৰহণ কৰে। সেই মতে ১৯৮৬ চনত শ্ৰী শ্ৰী বাঁহজেঙণী সত্ৰ সত্ৰাধিকাৰ দেৱেন্দ্ৰ নাথ মহন্ত ধৰ্মাধিকাৰ দেৱৰ দ্বাৰা আঠখেলীয়া ৰাইজে প্ৰতিষ্ঠা কৰোৱায়।[12]

নামঘৰৰ পুনঃনিৰ্মাণ
নৱ নিৰ্মিত নামঘৰটো

২০১০ চনৰ ৮ নৱেম্বৰ তাৰিখে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ আহ্বান ক্ৰমে এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল। সেই সভাত সৰ্ব সন্মতি ক্ৰমে নামঘৰ ভাগি উন্নত কৰি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বৰ নামঘৰৰ আগতকৈও পৰিসৰ বৃদ্ধি কৰি ১৬৬ ফুট দীৰ্ঘ আৰু ৯৯ ফুট প্ৰস্থৰ সৈতে পূৰ্বৰ নামঘৰৰ ভেটিতকৈ ৪ ফুট ওখ কৰি প্ৰয়োজনীয় উচ্চতাৰে মূল ঘৰৰ কাষৰ ওপৰৰ অংশ পকী কৰণ কৰোৱা হয়। এই আঁচনিৰ মতে পূৰ্বৰ বেদীৰ স্থানকে মুখ্য কৰি পৌৰাণিক কীৰ্ত্তিত্বৰ বৈশিষ্ট্যসমূহৰ লেশ মানো সাল-সলনি নকৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। অষ্টাদশ পৰিচালনা সমিতিৰ বিশেষ তৎপৰতাত আঠ খেলৰ ৰাইজ} পূৰ্ণসহযোগিতাৰে ২০১১ চনৰ ১৯ জানুৱাৰী বুধবাৰে পূৰ্ণিমা তিথিৰ দিনা নাম কীৰ্তন কৰি মহাসিংহাসনভাগি নাটঘৰ (মঞ্চ) লৈ স্থানান্তৰি কৰাই পাছৰ দিনৰ পৰাই পুৰণি নামঘৰ ভাগি ভঙ্গ কৰোৱা হৈছিল। সেই বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ দিনা আঠখেলৰ ৰাইজক নিমন্ত্ৰণ জনাই শুভাৰম্ভৰ দিন ধাৰ্য কৰা হৈছিল। ভৱন নিৰ্মাণৰ শুভাৰম্ভৰ দিনা প্ৰাতঃকালীন নাম প্ৰসংগ আৰু ভাগৱত পাঠৰ অন্তঃত বেদ পাঠ কৰোৱা হৈছিল।[12] ২০১৩ চনৰ ২০ জানুৱাৰী তাৰিখে আঠখেলৰ ৰাইজ, অসম চৰকাৰ, সেশৰ বিভিন্ন স্থানৰ ৰাইজৰ দান-বৰঙণিৰে শ্ৰী শ্ৰী আঠখেলীয়াৰ নামঘৰৰ পুনৰ নিৰ্মিত গৃহ ভাগৰ উদ্বোধন গোলাঘাট পৌৰসভাৰ পৌৰপতি ডাঃ অজিত বৰুৱা দেৱে কৰে। এই উদ্বোধনী সভাত গোলাঘাট বিধান সভাৰ সমষ্টিৰ বিধায়িকা অজন্তা নেওগ, কলিয়াবৰ লোকসভা সমষ্টি সাংসদ দীপ গগৈ আৰু বহু কেইগৰাকী বিধায়ক-বিধায়িকা আৰু ভক্তপ্ৰাণ ৰাইজৰ উপস্থিত আছিল।

উন্নয়নমূলক কাম-কাজ

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ উন্নয়নমূলক কাম সমূহৰ ভিতৰত প্ৰধানকৈ দূৰ-দূৰণিৰ পৰা অহা ভক্ত সকলৰ বাবে অতুথিশালা, নামঘৰৰ কাৰ্যালয়, যাত্ৰী সকলৰ জিৰণি কোঠা, নামাচাৰ্য আৰু নামঘৰীয়া সকলৰ আআস গৃহ, নামঘৰৰ চৌহদত পকীবেৰা, সভাঘৰ নিৰ্মাণ, মঞ্চগৃহ নিৰ্মাণ, নামঘৰৰ পুখুৰীৰ পকীকৰণ, পানী যোগানৰ সু-ব্যৱস্থা, সিহদ্বাৰ, বাটচ’ৰা আদি উন্নয়নমূলক কাম-কাজ সমূহ সমাপ্ত হৈছে। দূৰ দূৰণিৰ পৰা নামঘৰলৈ অহা যাত্ৰী সকলৰ সুবিধাৰ বাবে বালিজান চাৰিআলি, কছাৰীহাট তিনিআলি, কমাৰ বন্ধা তিনিআলি আৰু আঠখেলীয়া-বৰহোলা চাৰিআলিত এখনকৈ স্থায়ী তোৰণৰ ব্যৱস্থা কৰা হৈছে।[13]

সামাজিক ৰীতি-নীতি[সম্পাদনা কৰক]

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ মণিকূট

মহাপুৰুষ দুয়োজনাৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু আদৰ্শৰে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সামাজিক ৰীতি-নীতি অনুপ্ৰাণিত হৈছে। সমাজৰ নীতি নিয়মৰ বান্ধত থাকি বহু অতীতৰ পৰাই সুশৃঙ্খলিত ভাৱেই আঠ খেলৰ ৰাইজ বৰ্তি আছে। নামঘৰৰ অন্তৰ্গত খেলৰ সামাজিক নীতি-নিয়ম, অশৌচাদি ব্যৱস্থা সমূহত কোনো সমস্যাই দেখা দিলে নাইবা কোনো পৰিস্থিতিৰ উদ্ভৱ হ’লে প্ৰয়োজন অনুসৰি গুৰুৰ মতৰ সপক্ষে সমস্যা নিষ্পত্তি কৰা হয়।[14]

নামঘৰ পৰিচালনা

পূৰ্বৰে পৰা আঠখেলৰ অন্তৰ্গত প্ৰতি খেলৰ পৰাই একোজন বাৰিক নিৰ্ধাৰণ কৰি লৈছিল। আকৌ সকলো বাৰিকৰ ওপৰত এজন বৰবাৰিক। বৰবাৰিকৰ কথামতেই বাৰিকসকলে খেলৰ সকলো বিলাক কাম-কাজ পৰিচালনা কৰে। খেলত কিবা পৰিস্থিতিৰ উদ্ভৱ হ’লে বয়োবৃদ্ধ সকলৰ লগত আলোচনা কৰি সেই সমস্যাৰ সমাধানও কৰিবলগীয়া হয়। কোনো লোকে নীতি বৰ্হীভূত কাম কৰিলে সামাজিক দণ্ড ভোগ কৰিব লগীয়া হয়। পাছলৈ খেল সমূহ লগ লাগি নামঘৰৰ পৰিচালনা সমিতি গঠন কৰাত প্ৰতিখেলৰ পৰা একোজনকৈ সদস্য প্ৰতিনিধি নিৰ্বাচন কৰা হয়। প্ৰয়োজন সাপেক্ষে ডাঙৰ খেলৰ পৰা (জনসংখ্যা অনুসৰি) একাধিক সদস্যও নিৰ্বাচন কৰে। এই সদস্য সকলৰ মাজৰ পৰাই সভাপতি আৰু সম্পাদক আদি বিষয় ববীয়া নিৰ্বাচন কৰি এখন পূৰ্ণাঙ্গ পৰিচালনা সমিতি গঠন কৰা হয়। খেলত কিবা বিবাদ নাইবা সমস্যাই দেখা দিলে উক্ত সদস্য প্ৰতিনিধিজনৰ নেতৃত্বত খেলতেই সমাধান কৰিব লাগে। যদি সমাধান কৰিব নোৱাৰে তেতিয়া আঠখেললৈ খৈলৰ সদস্য প্ৰতিনিধিজনৰ যোগেদি আবেদন কৰিব লাগিব। যদি সমাধান কৰিব নোৱাৰে তেতিয়া আঠখেললৈ খেলৰ সদস্য প্ৰতিনিধিজনৰ যোগেদি আবেদন কৰিব লাগিব। আঠখেলৰ যি সিদ্ধান্ত হ,ব সেই সিদ্ধান্তকেই চূড়ান্ত সিদ্ধান্ত হিচাপে মানি ল’ব লাগিব। উল্লেখযোগ্য যে নামঘৰৰ বিশেষ কাৰণত পৰিচালনা সমিতি অচল হ’লে কৰ্ণধাৰ সমিতি গঠন কৰি তাৰ দ্বাৰা নামঘৰ কাম চলাব লগীয়া সাংবিধানিক ব্যৱস্থাও আছে।[14]

মাংগলিক কৰ্ম

নামঘৰত অনুষ্ঠিত নাট্য অনুস্থান সমূহত বৰ বায়নে দায়িত্ব বহন কৰে। তেখেতক সাধাৰণ সভাই দায়িত্ব অৰ্পণ কৰে। ইয়াৰ উপৰইও ধৰ্মীয় কাৰ্যৰ বাবে নামাচাৰ্য্য, পাঠক, দেউৰি আদি লোক সকলে নামঘৰৰ কৰ্তব্য আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰে। প্ৰতিজন বিষয় ববীয়াই গুৰুৰ ওচৰত শৰণ-ভজন লৈহে নীতিগত ভাৱে কৰ্ম কৰিব পাৰিব। তাৰ উপৰি পিতৃ-মাতৃৰ শ্ৰাদ্ধাদি নকৰা কোনো ব্যক্তিয়েই নামঘৰৰ যিকোনো ধৰ্মীয় কাৰ্যৰ অংশীদাৰ হ’ব নোৱাৰে।[14]

দৈনন্দিন কৰ্ম[সম্পাদনা কৰক]

বৃদ্ধ সকলৰ মতে পূৰ্বতেও সেৱকীসকলে নিজৰ নিজৰ অভীষ্ট সিদ্ধিৰ কামনাৰে চাকি-বন্তি, নৈবদ্য আদি দ্ৰব্য আনি নীতি-নিয়মৰ যোগেদি ভগৱন্তক অৰ্পণ কৰিছিল। আনহাতে, মহাপুৰুষীয় আৰ্হি প্ৰণালীৰে নামঘৰৰ দৈনন্দিন কৰ্ম কুৰি শতিকাৰ মাজভাগৰ পৰাহে আৰম্ভ হৈছে। ১৯৫৬ চনত নামঘৰ পৰিচালনা সমিতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা মতে দৈনিক প্ৰাতঃপ্ৰসঙ্গ, মধ্যাহ্ন প্ৰসঙ্গ, বিয়লি প্ৰসঙ্গ আৰু সন্ধ্যা প্ৰসঙ্গ এই চাৰি প্ৰসাঙ্গ দৈনন্দিন কৰ্ম হিচাপে আজিও প্ৰচলিত হৈ আছে।[15]

অম্বুবাচীৰ চাৰিদিন বাদ দি প্ৰত্যেক দিনাই এই নামঘৰ ভাগিলৈ বিভিন্ন ঠাইৰ সেৱক সকল আহি ধূপ-চাকি, শৰাইৰ দ্ৰব্য-বস্তু, সোণ-ৰূপৰ ফুল, ফুলৰ গামোছা আদি বিভিন্ন সামগ্ৰী সভক্তিৰে তামোল-পাণ সমন্বিতে আগবঢ়াই নিজৰ মনোবাঞ্ছা পূৰণ কৰেহি। জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ভক্তই উচ্চ-নীচ, ধনী-দুখীয়া আদি বৈষম্যৰ ভাৱ পাহৰি অগণন চাকি বন্তি জ্বলাই শৰাইৰ দ্ৰব্য আবঢ়ায়। দান-বৰঙনি দি নাম-প্ৰসঙ্গ, পাঠ আদিত অংশ গ্ৰহন কৰেহি। এনেদৰেই নামঘৰত প্ৰতিদিনে চাৰিওপ্ৰসঙ্গ , পাঠ, নাম, সেৱা-শুশ্ৰূষাৰ আদি দৈনন্দিনকৰ্ম গতানুগতিক ভাৱে প্ৰচলিত হৈ আছে।[15]

বাৰ্ষিক কৰ্ম[সম্পাদনা কৰক]

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত অতি প্ৰাচীন কালৰে পৰাই বিশেষ কেইভাগিমান বাৰ্ষিক কৰ্ম উদ্‌যাপন কৰি অহা হৈছে। এই বাৰ্ষিক কৰ্মসমূহৰ পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব বৰবাৰিকৰ ওপৰতে থাকে। নিৰ্দিষ্ট সময়ত বাৰ্ষিক কৰ্‌ম আহিলেই বৰ বাৰিকে প্ৰতি খেলৰ বাৰিকসকলক আগজাননী দিয়ে। বৰ বাৰিকৰ পৰা জাননী পালেই প্ৰতি খেলৰ বাৰিক সকলে পচকীয়া ৰাইজৰ ঘৰে ঘৰে গৈ চান্দা-বৰঙণি সংগ্ৰহ কৰি দ্ৰব্য সামগ্ৰীৰে নিৰ্দিষ্ট কৰ্মৰ দিনা আগতীয়াকৈ যোগান ধৰি যাৱতীয় কাৰ্য পালন কৰে। কিন্তু বৰ বাৰিকে কৰ্ম সম্পাদনৰ কাৰণে পূজাৰী, গুৰু, ভকত বৈষ্ণৱ আদি সকলোকে যথাসময়ত নিমন্ত্ৰণ দিয়াৰ পৰা আৰম্ভ কৰি কৰ্ম সমাপ্তিলৈকে গুৰ-ভকতক সেৱা শুশ্ৰূষা, দান-দক্ষিণা দি বিদায় সম্ভাষণ পৰ্যন্ত সকলো কামৰ দায়িত্ব পালন কৰে। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উদ্‌যাপিত কৰা বাৰ্ষিক কৰ্ম সমূহ হ’ল: বৰসৱাহ, পানীতোলা সৱাহ, নামলোৱা সৱাহ আৰু ন-চাউলৰ সৱাহ।[16] ইয়াৰ উপৰিও কুৰি শতিকাৰ শেষাৰ্দ্ধৰ পৰা ৰাস মহোৎসৱ, বৰষা ভাওনা আদিও পালন কৰিবলৈ লোৱা হৈছে।[17]

বৰসৱাহ[সম্পাদনা কৰক]

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত বহু অতীতৰ পৰাই পৌৰাণিক আচাৰ-নীতিৰক্ষা কৰি নতুন বছৰত খেতি-বাতি আৰম্ভ কৰাৰ আগে আগে ব’হাগ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ উদ্‌যাপন কৰি আহিছে। বৰসৱাহৰ দিনা পূৰ্বৰ ৰীতিৰ মতেই আঠখেলৰ আঠভাগ নৈবেদ্য মহাবিষ্ণু পূজনত অৰ্চ্চন কৰা হয়। পূজা পৰিপূৰ্ণ হ’লে গুৰু-ভকত, আলহী-অতিথি শুশ্ৰূষাৰ লগতে ৰাইজেও অংশগ্ৰহণ কৰে। তাৰপাছত পুথি পঢ়া কৰ্ম সম্পাদন কৰি উঠানামৰ কীৰ্তন (দিহানাম) আদিৰে ভগৱন্তৰ গুণানুকীৰজতন কৰি পুৱতি নিশাতেই সামৰণি মৰা হয়। শেষত আশীষ নিৰ্মালি লাভ কৰাৰ পাছত পূজাৰীয়ে শৰাই বিসৰ্জন দিয়ে আৰু প্ৰসাদ গ্ৰহণ কৰি সকলো গৃহাভিমুখী হয়। বৰ্তমান কুৰি শতিকাৰ শেষৰ ভাগৰ পৰাই এই ভাগি কৰ্মত এজনা গুৰু আৰু ভকত-বৈষ্ণৱক নিমন্ত্ৰণ দি প্ৰসঙ্গীয় নামৰো ব্যৱস্থা কৰা হৈছে। আঠখেলৰ বৰবাৰিক এই মহৎকৰ্ম ভাগি পৰিচালনাৰ নিৰ্ভৰশীল ব্যক্তি।[17]

পানীতোলা সৱাহ[সম্পাদনা কৰক]

প্ৰাচীন কালত পানীতোলা ব্যৱস্থাটো ব’হাগী পূৰ্ণিমাৰ বৰসৱাহৰ দিনা দিনত উদ্‌যাপন কৰা হৈছিল। পাছলৈ অনুমানিক কুৰি শতিকাৰ আৰম্ভণিৰ পৰাহে এই ধৰ্মীয় অনুষ্ঠান ভাগি পৃথকে এটা শুভ দিন চাই কৰা হয় যদিও বৰসৱাহৰ অঙ্গীভূত কৰ্ম হিচাপেই ৰাইজৰ সুবিধাৰ্থে কৰিবলৈ লোৱা হৈছে। এই সৱাহ জেঠমাহৰ শুক্লাপক্ষৰ নিৰ্জ্জলা একাদশী বাদ দি শুক্লপক্ষৰ কোনো এটা শুভদিন চাই পালন কৰা হয়। সৱাহৰ দিনা দিনত পানী তোলাৰ ব্যৱস্থাটো অকুমাৰী ছোৱালী দ্বাৰাই ৰূপৰ ঘটত নদীৰ পৰাই গঙ্গাজল আহৰণ কৰি বিষ্ণু পূজাৰ সম্ভাৰ হিচাপে লোৱা হয়। আঠখেলৰ পুৰুষ-স্ত্ৰী উভয়েই এই বিষয়ত সমান অধিকাৰ হিচাপে অংশশগ্ৰহণ কৰে। পুৰুষসকলে ডবা-শঙ্খ, ঢোল-খোল, তাল আদি দেৱবাদ্যৰ দ্বাৰা আদৰণি জনাই আগবঢ়াই নিয়ে আৰু আইসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰি এগৰাকী অকুমাৰী কন্যাৰ হাতত ৰূপৰ ঘট (ঘটত আম্ৰ পল্লৱ আদিসহ) যথা নিয়মে নদীৰ তিনিঘাটৰ পৰা গঙ্গাজল আহৰণ কৰি আহি নামঘৰৰ চাৰিওদিশে ৪ বাৰ প্ৰদক্ষিণ কৰি নামঘৰৰ সিংহাসনৰ সন্মুখত অৰ্পণ কৰে। পূজাৰ কৰ্ম পূৰ্নাঙ্গ হ’লেই পুথি পঢ়া আৰু দিহা নামৰ ব্যৱস্থা কৰা হয়। কিন্তু কুৰি শতিকাৰ শেষ ভাগৰ পৰা পুথি পঢ়া আৰু দিহানামৰ ঠঅইত প্ৰসঙ্গীয় নাম আৰু পাঠৰহে ব্যৱস্থা কৰা হৈছে। সম্পূৰ্ণ কৰ্ম সম্পাদিত হ’লে আশীষ নিৰ্মালি আৰু প্ৰসাদ গ্ৰহণ কৰাৰ পাছত গুৰু-ভকতক ঊচ্ছৰ্গা কৰি বিদায় সম্ভাষণ জনোৱা হয়। আঠখেলৰ বৰবাৰিকৰ দ্বাৰাই এই ভাগি কৰ্ম সম্পাদন কৰা হয়।[17]

নামলোৱা সৱাহ[সম্পাদনা কৰক]

প্ৰাচীন কালত পানীতোলা ব্যৱস্থাটো ব’হাগী পূৰ্ণিমাৰ বৰসৱাহৰ দিনা দিনত উদ্‌যাপন কৰা হৈছিল। পাছলৈ অনুমানিক কুৰি শতিকাৰ আৰম্ভণিৰ পৰাহে এই ধৰ্মীয় অনুষ্ঠান ভাগি পৃথকে এটা শুভ দিন চাই কৰা হয় যদিও বৰসৱাহৰ অঙ্গীভূত কৰ্ম হিচাপেই ৰাইজৰ সুবিধাৰ্থে কৰিবলৈ লোৱা হৈছে। এই সৱাহ জেঠমাহৰ শুক্লাপক্ষৰ নিৰ্জ্জলা একাদশী বাদ দি শুক্লপক্ষৰ কোনো এটা শুভদিন চাই পালন কৰা হয়। সৱাহৰ দিনা দিনত পানী তোলাৰ ব্যৱস্থাটো অকুমাৰী ছোৱালী দ্বাৰাই ৰূপৰ ঘটত নদীৰ পৰাই গঙ্গাজল আহৰণ কৰি বিষ্ণু পূজাৰ সম্ভাৰ হিচাপে লোৱা হয়। আঠখেলৰ পুৰুষ-স্ত্ৰী উভয়েই এই বিষয়ত সমান অধিকাৰ হিচাপে অংশশগ্ৰহণ কৰে। পুৰুষসকলে ডবা-শঙ্খ, ঢোল-খোল, তাল আদি দেৱবাদ্যৰ দ্বাৰা আদৰণি জনাই আগবঢ়াই নিয়ে আৰু আইসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰি এগৰাকী অকুমাৰী কন্যাৰ হাতত ৰূপৰ ঘট (ঘটত আম্ৰ পল্লৱ আদিসহ) যথা নিয়মে নদীৰ তিনিঘাটৰ পৰা গঙ্গাজল আহৰণ কৰি আহি নামঘৰৰ চাৰিওদিশে ৪ বাৰ প্ৰদক্ষিণ কৰি নামঘৰৰ সিংহাসনৰ সন্মুখত অৰ্পণ কৰে। পূজাৰ কৰ্ম পূৰ্নাঙ্গ হ’লেই পুথি পঢ়া আৰু দিহা নামৰ ব্যৱস্থা কৰা হয়। কিন্তু কুৰি শতিকাৰ শেষ ভাগৰ পৰা পুথি পঢ়া আৰু দিহানামৰ ঠঅইত প্ৰসঙ্গীয় নাম আৰু পাঠৰহে ব্যৱস্থা কৰা হৈছে। সম্পূৰ্ণ কৰ্ম সম্পাদিত হ’লে আশীষ নিৰ্মালি আৰু প্ৰসাদ গ্ৰহণ কৰাৰ পাছত গুৰু-ভকতক ঊচ্ছৰ্গা কৰি বিদায় সম্ভাষণ জনোৱা হয়। আঠখেলৰ বৰবাৰিকৰ দ্বাৰাই এই ভাগি কৰ্ম সম্পাদন কৰা হয়।[17]

ন-চাউলৰ সৱাহ[সম্পাদনা কৰক]

আঘোণ মাহৰ শুক্লপক্ষৰ এটি শুভদিন ধাৰ্য কৰি আঠখেলৰ বৰবাৰিকে কুৰিয়া খেলৰ বাৰিকসকলক ন-চাউলৰ সৱাহৰ আগজাননী দিয়ে। খেতিয়ক ৰাইজৰ ন-মুঠি ভগৱন্তত অৰ্পণ কৰিবৰ কাৰণে কুৰিয়া বাৰিকেই আগবাঢ়ি আহে আৰু নিৰ্দ্ধাৰিত বৰঙণি আৰু দ্ৰব্য-সামগ্ৰী সংগ্ৰহ কৰি নামঘৰলৈ অনা হয়। পূজাৰীয়ে নৱ-উপাৰ্জিত শস্য সামগ্ৰী যথানিয়মেৰে ৮ ভাগ শৰাই মহা বিষ্ণু পূজাত অৰ্পণ কৰি পূজা কৰ্ম সম্পাদন কৰে। ইয়াৰ পিছত ভকত বৈষ্ণৱসকলে কীৰ্তন পাঠ কৰে আৰু কীৰ্তনীয়া নাম গায়। আজিকালি পূজাৰীয়ে মহা বিষ্ণু পূজা পূৰ্ণাঙ্গ কৰাৰ পাছত গুৰু মুখে প্ৰসঙ্গীয়া নাম অৰ্চ্চন কৰিহে কীৰ্তন পাঠ কৰিবলৈ লোৱা হৈছে। এনেকৈয়ে ৰাইজৰ ন-মুঠি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত প্ৰভু ভগৱন্তই সোধাই, গুৰু-ভকততৰ সেৱা ধৰি ন-চাউলৰ সৱাহৰ পৰিসমাপ্তি কৰে। এই ভাগি কৰ্মও বৰবাৰিকৰ দ্বাৰাই সম্পাদন হয়।[17]

ৰাস মহোৎসৱ[সম্পাদনা কৰক]

পৰমপুৰুষ ভগৱন্তই উৎসৰ যোগেদি লীলা কৰি মানৱ সমাজৰ হিতৰ কাৰণে আদৰ্শ দেখুৱাই থৈ গৈছে। ৰাস মহোৎসৱত ভগৱান কৃষ্ণৰ সান্নিধ্য লাভ কৰিবৰ কাৰণে ভকতৰ ভক্তিসাধনৰ কথাহে জড়িত হৈ আছে।[18] শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভাওনাৰ উপৰিও আঠখেলীয়াৰ যুৱক সমাজে ১৯৬৩ চনৰ পৰা বছৰি ৰাস মহোৎসৱত অভিনয় কৰি আহিছে।[19]

বৰষা ভাওনা[সম্পাদনা কৰক]

শ্ৰী শ্ৰী আঠখেলীয় নামঘৰত আকাঙ্খিত ভক্ত সকলে নিজা নিজা অভীষ্ট সিদ্ধিৰ কাৰণে বহু অতীতৰ পৰাই ব্যক্তিগত ভাৱেই ভাওনা প্ৰদৰ্শন কৰাই আহিছে। আনহাতে, আঠখেলীয়াৰ ৰাইজে বৰষা ভাওনা হিচাপে বছৰি এভাগিকৈ নাট্যাভিনয় কৰিবলৈ লৈছে ১৯৮০ চনৰ পৰাহে। সেই বছৰত বৰষুণৰ অভাৱত খেতিয়ক ৰাইজ চিন্তাত ব্যকুল হৈ পৰিছিল। বৰষুণৰ আশা লেশমানো নাছিল। ব’হাগ মাহৰ পৰা আৰম্ভ কৰি শাওণ মাহৰ মাজভাগলৈকে খৰাং বতৰৰ কাৰণে দশোদিশ মৰুভূমিত পৰিণত হৈ পৰিছিল। সকলো অঞ্চলতেই কৃষক ৰাইজেই বছৰ দিনৰ এমুঠি দিনৰ আশঅ-আকাঙ্খাৰে মহাপ্ৰভুৰ কৃপা ভিক্ষা বিচাৰিলে। এজন ভক্তৰ যোগেদি প্ৰভুৱে আজ্ঞা কৰালে এভাগি ভাওনা প্ৰদৰ্শনৰ কাৰণে। ৰাইজে অকুণ্ঠ মনোভাৱেৰে সেই বছৰৰ ভাদ মাহৰ ৮ তাৰিখে দিন ধাৰ্য কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভাওনাৰ কৰ্মভাগি সুসম্পন্ন কৰিছিল। ভাওনা শেষ হোৱাৰ পাছতেই তিনিদিন ধৰি ধাৰাসাৰে বৰষিবলৈ ধৰাত ৰাইজে খেতিৰ কামত আগবাঢ়ি শেহতীয়াকৈ হ’লেও বছৰটোৰ বাবে অন্ন সংগ্ৰহ কৰিবলৈ সুবিধা লাভ কৰিছিল। তেতিয়াৰ পৰাই ৰাইজে সেই পৱিত্ৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে প্ৰতি বছৰৰ জেঠ মাহৰ পূৰ্ণিমা তিথিত বৰষা ভাওনা নাম দি এভাগি নাটক অভিনয় কৰাই আহিছে। এই ভাওনা সংস্কৃতিৰ দিবা ভাগৰ নাম প্ৰসঙ্গৰ পৰিচালনা আঠখেলৰ বৰবাৰিকৰ দ্বাৰাই সম্পন্ন কৰা হয়। কিন্তু ৰাতি ভাওনাৰ দায়িত্ব সম্পূৰ্ণ আঠখেৰ বৰ বায়নৰ সহযোগত যুৱক সমাজৰ দ্বাৰাই সম্পাদন কৰা হয়।[20]

চিত্ৰ ভঁৰাল[সম্পাদনা কৰক]

আঠখেলীয়া নামঘৰৰ প্ৰাঙ্গণ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বিষয়ে". Merrylook Technologies Private Limited. শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ. http://athkhelianamghar.org/about.php। আহৰণ কৰা হৈছে: November 03, 2012. 
  2. 2.0 2.1 2.2 "শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ইতিহাস". Merrylook Technologies Private Limited. শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ. http://athkhelianamghar.org/history.php। আহৰণ কৰা হৈছে: November 03, 2012. 
  3. 3.0 3.1 3.2 3.3 3.4 "বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ". বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ): ৩০ৰপৰা ৪১ পৃ্ষ্ঠা. ষষ্ঠ প্ৰকাশ, ২০১৩ চন.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "বুৰঞ্জী প্ৰসিদ্ধ" defined multiple times with different content
  4. 4.0 4.1 4.2 4.3 শ্ৰী যোগেন শইকীয়া (ষষ্ঠ প্ৰকাশ, ২০১৩ চন). "উপক্ৰমনিকা". বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ): ২২, ২৩ আৰু ২৪ পৃ্ষ্ঠা. 
  5. 5.0 5.1 5.2 শ্ৰী যোগেন শইকীয়া (ষষ্ঠ প্ৰকাশ, ২০১৩ চন). "শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ইতিবৃত্তৰ মূল তথ্যৰে ঐতিহাসিক ভেটিৰ এক অনুসন্ধানমূলক পৰ্যালোচনা". বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ): ১১৩ৰপৰা ১৩১ পৃ্ষ্ঠালৈ. 
  6. History Of Assam by E A Gait পৃষ্ঠা: ২৪৮-২৪৯
  7. স্মৃতিগ্ৰন্থ; বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় সোণালী জয়ন্তী
  8. শিৱ; ড০ নিৰ্মল প্ৰভা বৰদলৈ; পৃষ্ঠা:১৫০
  9. "অতিৰিক্ত". বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ): ২৯ পৃ্ষ্ঠা. ষষ্ঠ প্ৰকাশ, ২০১৩ চন. 
  10. "উপসংহাৰ". বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ): ৮৪ পৃ্ষ্ঠা. ষষ্ঠ প্ৰকাশ, ২০১৩ চন. 
  11. 11.0 11.1 11.2 "শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ অৱস্থান". www.assaminfo.com. www.assaminfo.com. http://www.assaminfo.com/tourist-places/23/athkhelia-naamghar.htm। আহৰণ কৰা হৈছে: November 03, 2012. 
  12. 12.0 12.1 12.2 12.3 12.4 "বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ". বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ): ৩৩ৰপৰা ৩৯ পৃ্ষ্ঠা. ষষ্ঠ প্ৰকাশ, ২০১৩ চন. 
  13. "বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ". বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ): ৪১ পৃ্ষ্ঠা. ষষ্ঠ প্ৰকাশ, ২০১৩ চন. 
  14. 14.0 14.1 14.2 "আঠখেলীয়া ৰাইজৰ সামাজিক ৰীতি-নীতি". বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ): ৭০, ৭১ পৃ্ষ্ঠা. ষষ্ঠ প্ৰকাশ, ২০১৩ চন. 
  15. 15.0 15.1 "দৈনন্দিন কৰ্ম". বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ): ৫০ৰপৰা ৫১ পৃ্ষ্ঠা. ষষ্ঠ প্ৰকাশ, ২০১৩ চন. 
  16. "শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ কাৰ্য্যসূচী". Merrylook Technologies Private Limited. শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ. http://athkhelianamghar.org/programs.php। আহৰণ কৰা হৈছে: November 03, 2012. 
  17. 17.0 17.1 17.2 17.3 17.4 "বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বাৰ্ষিক কৰ্ম". বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ): ৫৩ৰপৰা ৬০ পৃ্ষ্ঠা. ষষ্ঠ প্ৰকাশ, ২০১৩ চন. 
  18. "বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ৰাস মহোৎসৱ". বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ): ৬০ পৃ্ষ্ঠা. ষষ্ঠ প্ৰকাশ, ২০১৩ চন. 
  19. "বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নাট্য অনুষ্ঠান". বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ): ৭৪ পৃ্ষ্ঠা. ষষ্ঠ প্ৰকাশ, ২০১৩ চন. 
  20. "বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বৰষা ভাওনা". বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (সম্পাদক, সম্পাদনা সমিতি, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ): ৬৪ পৃ্ষ্ঠা. ষষ্ঠ প্ৰকাশ, ২০১৩ চন. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]