কেওঁট জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


কেওট সকল মূলতঃ আৰ্য গোষ্ঠীৰ লোক। কৰ্ম অনুযায়ী পিছলৈ ‘জালোৱা কেওট’ আৰু ‘হালোৱা কেওট’ আদি উপগোটত বিভক্ত হৈছিল । উদাহৰণ স্বৰূপ খেতি বাতি কাম কৰা বা খেতি বাতিৰ বাবে সজুলি বনোৱা লোক সকল হালোৱা কেওট হ'ল আৰু পুৰনি কালত জীৱিকাৰ বাবে মাছ ধৰা কামৰ বাবে যিসকলে জাল, খালৈ আদি বনাই নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল তেওঁলোক হ'ল জাল কেওট । কিন্তু হালোৱা আৰু জালোৱা কেওটৰ মাজত বহুত খিনি পাৰ্থক্য আছে। হালোৱা কেওট সকলৰ গাত কলিতা ,বামুণসকলৰ দৰে আৰ্য লক্ষণ বিৰাজমান। বহুতে কেওটৰ হালোৱা ভাগটোক কলিতাৰে এটা উপগোট বুলি কয় আৰু কেওট কলিতা বুলি কয় । কেওট কলিতা সকলক বৰ কলিতা, সৰু কলিকা,বামুণ আদিৰ লগতে উচ্চ স্থান দিয়া হয় ।


হুজুৰী উপাধীৰ এই লোক সকল ‘জালোৱা কেওট’ সম্প্ৰদায়ৰ লোক হয় বুলি বহুতো তথ্যৰ দ্বাৰা প্ৰমান পোৱা যায় । পুৰনি কালত হুজুৰী উপাধিৰ লোক সকল নামনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আন নদীৰ আশে পাশে বাস কৰিছিল । নলবাৰী জিলাৰ বৰভাগ,বুকিয়া, বৰগাছা আদি ঠাইত হুজুৰী উপাধীৰ লোক বেছিকৈ পোৱা গৈছিল । কিন্ত বানপানীৰ কাৰণে তেওঁলোক পিছলৈ অসমৰ বিভিন্ন ঠাইলৈ নিজৰ বাসস্থান সলালে । নামনি অসমৰ কামৰুপ জিলাৰ মিৰ্জা, ডিমৌ, নলবাৰী জিলাৰ বৰগাছা, কমাৰকুছি, দৰংজিলাৰ মংগলদৈ, বাগছা জিলাৰ খাগ্ৰাবাৰী,তামুলপুৰ, বৰপেতা জিলা আদি ঠাইত হুজুৰী উপাধিৰ লোকসকলৰ বসতি দেখা য জালোৱা কেওট সকলৰ ৰমাজত দ্ৰাবিড়, অষ্ট্ৰিয়া, মংগোলীয় আদিৰ লগত সংমিশ্রণ হৈছিল আৰু দ্ৰাবিড় মূলৰ লক্ষণ বিৰাজমান। হুজুৰীসকল জাল কওঁবা সম্প্ৰদায়ৰ লোকসকল বা জনগোষ্ঠীৰ খিলঞ্জীয়া অসমীয়া লোক হয়।