হেঙুল আৰু হাইতাল


হেঙুল আৰু হাইতাল অসমত অতীজৰে পৰা ব্যৱহৃত দুবিধ প্ৰাকৃতিক ৰঞ্জক পদাৰ্থ।[1] অসমীয়া সংস্কৃতিৰ লগত হেঙুল আৰু হাইতাল বিশেষভাৱে জড়িত। হেঙুলৰ ৰং ৰঙা আৰু হাইতালৰ ৰং হালধীয়া। সাধাৰণতে খনিৰ পৰা বিশেষ উপায়েৰে শোধিত কৰি হেঙুল হাইতাল ব্যৱহাৰ কৰা হয়। সত্ৰীয়া সংস্কৃতিত এই দুয়ো ৰঞ্জকৰ গুৰুত্ব অপৰিসীম। ভাওনাত ভাৱৰীয়াৰ ৰূপসজ্জা, মুখা, সাঁচিপাত আদিত ব্যৱহাৰ কৰাৰ লগতে সত্ৰৰ সিংহাসন, কাঠৰ আচবাব আৰু প্ৰতিমা, দুৱাৰৰ চতি অলংকৃত কৰা ইত্যাদি কামত হেঙুল হাইতাল ব্যৱহাৰ কৰা হয়। তদুপৰি হেঙুল আৰু হাইতালৰ সংৰক্ষণ গুণ আৰু পোক-পতংগৰ পৰা ৰক্ষা কৰিব পৰা গুণৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল।[2]

ৰয়োজন সাপেক্ষে প্ৰাকৃতিক ৰাসায়নিক দ্ৰৱ্যসমূহৰ পৰা হেঙুল প্ৰস্তুত কৰা হৈছিল। বিষাক্ত বুলি গণ্য কৰা বাবে হেঙুল প্ৰস্তুতকৰণত বিশেষ ধৰণৰ সাৱধানতা অৱলম্বন কৰা হৈছিল। হেঙুল ভাৱৰীয়াৰ কপালৰ ফোঁট, মুখাত, পুথি চিত্ৰত, বাঁহ-কাঠৰ প্ৰতিমাত, সত্ৰৰ সিংহাসন, দুৱাৰ আৰু চ’তিৰ অলংকৰণত, পোক-পৰুৱাৰ আক্ৰমণৰপৰা ৰক্ষা কৰিবলৈ সাঁচিপাত-তুলাপাত বলোৱা কামত, সাঁচিপাত-তুলাপতীয়া পুথি ৰখা বাকচৰ পৃষ্ঠদেশত আৰু শৰাই প্ৰমুখ্যে বিভিন্ন কাঠৰ সঁজুলিত ব্যৱহাৰ কৰা হৈছিল।[2]
হেঙুল প্ৰস্তুত কৰিবলৈ পাৰা, গন্ধক আৰু সীহ সমপৰিমাণত লৈ শিলৰ পতাত পিহি গুড়ি কৰি লোৱা হৈছিল। তাৰপিছত পানীত কেইবাদিনো ডুবাই ৰখা হয় যাতে ইয়াৰ বিষাক্ত গুণ লোপ পায়। তাৰপিছত একক হেঙুলৰ সৈতে আধা পৰিমাণৰ গম আঠা মিহলাই ব্যৱহাৰৰ উপযোগী কৰা হৈছিল।[3]
হাইতাল
[সম্পাদনা কৰক]
হাইতাল এবিধ হালধীয়া ৰঞ্জক পদাৰ্থ। ৰাসায়নিক ভাবে ই হালধীয়া আৰ্চেনিক। ভাৱৰীয়া সকলে মুখত ৰং ঘঁহা কামত, ছো-মুখা বোলাবৰ কালত, সত্ৰৰ সিংহাসন, কাঠৰ বিভিন্ন প্ৰতিমা আৰু শৰাই প্ৰভৃতি ব্যৱহাৰ্যত ৰং সনা কামত, নামঘৰৰ চ’তি আদিত চিত্ৰ-বিচিত্ৰ ফুল-নক্সা আঁকিবৰ পৰত, সাঁচিপাত-তুলাপতীয়া পুথি সচিত্ৰ কৰা কালত, পোক-পৰুৱাৰ আক্ৰমণ ৰোধ কৰিবলৈ, হাতে লিখা পুথি বোলোৱা কাৰ্যত আৰু আন আন ভালেখিনি কামত হাইতাল ব্যৱহাৰ কৰা হয়।[2]
হাইতাল প্ৰস্তুত কৰিবলৈ হালধীয়া আৰ্চেনিকক লৈ শিলৰ পতাত পিহি গুড়ি কৰি লোৱা হৈছিল। তাৰপিছত একক হাইতালৰ সৈতে আধা পৰিমাণৰ গম আঠা মিহলাই ব্যৱহাৰৰ উপযোগী কৰা হৈছিল।[3]
অসমীয়া সংস্কৃতিত হেঙুল হাইতাল
[সম্পাদনা কৰক]
শ্ৰীমন্ত শংকৰদেৱৰ নাট ভাওনাত ৰং প্ৰসাধন গুৰুত্বপূৰ্ণ অংগ। গুৰুজনায়ে নাটৰ বিভিন্ন চৰিত্ৰৰ বাবে ভিন ভিন ৰং ব্যৱহাৰ কৰিছিল। ভাৱৰীয়াৰ প্ৰসাধন আৰু চিত্ৰ অংকন কৰোঁতে তেওঁ হেঙুল আৰু হাইতাল ব্যৱহাৰ কৰিছিল। নাট ভাওনাত ভাৱৰীয়াৰ চৰিত্ৰ অনুযায়ী ৰং ঘঁহা আৰু চিত্ৰ অঁকা বিশেষ ব্যক্তিসকলক খনিকৰ বোলা হৈছিল। নাট ভাওনাত ব্যৱহাৰ কৰা চাৰিবিধ ৰং হ'ল
- হেঙুল,
- হাইতাল,
- নীল আৰু
- খৰিমাটি বা ধল
সেইদৰে এইকেইবিধ পৰস্পৰে নিৰ্দিষ্ট জোখৰ মিহলাই ভিন্ন ৰং সৃষ্টি কৰা হৈছিল, যেনে:
- হেঙুল আৰু হাইতাল - গৌৰবৰ্ণ
- হেঙুল আৰু খৰিমাটি - গুলপীয়া
- হাইতাল আৰু নীল - সেউজীয়া
- হাইতাল আৰু খৰিমাটি - পাণ্ডু ইত্যাদি
ভাওনাত ব্যৱহৃত মুখাত ৰং দিবলৈও হেঙুল আৰু হাইতাল ব্যৱহাৰ কৰা হৈছিল।[4]

সত্ৰৰ সাঁচিপাতসমূহ বিভিন্ন ৰং আৰু চিত্ৰৰে সজাবলৈও হেঙুল হাইতাল ব্যৱহাৰ কৰা হৈছিল। হেঙুল হাইতালৰ পোক-পতংগৰ পৰা ৰক্ষা কৰিব পৰা গুণ আছে। এনে সংৰক্ষণ গুণ থকা বাবে হেঙুল হাইতাল বুলোৱা সাঁচিপাত, তুলাপাত আদি ভালে থাকে। সেইদৰে কাঠ-বাঁহৰ আহিলা, প্ৰতিমা, আচবাব, সত্ৰৰ সিংহাসন, দুৱাৰৰ চতি, শৰাই আদিতো এই দুয়োৰে ব্যৱহাৰ কৰা হয়।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Traditional Natural Colour of Assam". ijsrm.in. http://ijsrm.in/index.php/ijsrm/article/view/246। আহৰণ কৰা হৈছে: 2020-04-22.
- ↑ 2.0 2.1 2.2 দাস, নাৰায়ণ. "হেঙুল আৰু হাইতাল -বিকাশপেডিয়া". as.vikaspedia.in. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9b99c79999c19b2। আহৰণ কৰা হৈছে: 2020-04-22.
- ↑ 3.0 3.1 বৰুৱা, মেঘনা. "Manuscript Painting of Assam: Process of Preparation of Colours and Folios". sahapedia.org. https://www.sahapedia.org/manuscript-painting-of-assam-process-of-preparation-of-colours-and-folios। আহৰণ কৰা হৈছে: 2019-11-28.
- ↑ ভাওনা সমীক্ষা, লেখক: প্ৰহ্লাদ বৰুৱা, পৃষ্ঠা-৫৮