শৰাই
শৰাই আৰু বটা অসমৰ অন্যতম প্ৰতীকী পৰম্পৰাগত শিল্পবস্তু। আচাৰ-অনুষ্ঠান বা ঘৰুৱা কামত ব্যৱহাৰ হোৱা শৰাই বা বটা জাতীয় পাত্ৰ কামৰূপ ৰাজ্যৰ দিনৰ পৰাই অসমত প্ৰচলিত হৈ আহিছে।[1][টোকা 1] কাঁহ বা বেল-মেটেলৰে নিৰ্মিত এই শিল্পবস্তু অসমীয়া সমাজত মৰ্যাদা, সন্মান আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সাধাৰণতে তলত এটা থিয়াভাগ থকা ওপৰৰ থাল সদৃশ গঠনযুক্ত শৰাই ধৰ্মীয় আচাৰ-অনুষ্ঠান, সামাজিক অনুষ্ঠান আৰু বিশেষকৈ অতিথি সম্ভাষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমীয়া সংস্কৃতিত শৰাই আগবঢ়োৱা মানে আন্তৰিকতা, আতিথ্য আৰু গভীৰ সন্মান প্ৰকাশ কৰা।
সাধাৰণতে ইয়াত তামোল-পাণ, মিঠাই আৰু আন আন আনুষ্ঠানিক সামগ্ৰী আগবঢ়োৱা হয়। কিছুমান শৰাইত অলংকৃত ঢাকনি থাকে, যিয়ে ইয়াৰ সৌন্দৰ্য আৰু আধ্যাত্মিক তাৎপৰ্য বৃদ্ধি কৰে; আন কিছুমান আকৌ মুকলি ৰূপত থাকে। লক্ষণীয় যে, অতিথি সম্ভাষণ আৰু ধৰ্মীয় নিবেদনৰ বাবে ব্যৱহৃত এনে উচ্চভিত্তিযুক্ত থাল বা পাত্ৰৰ ধাৰণা এছিয়াৰ আন বহু অঞ্চলতো—বিশেষকৈ চীন, তিব্বত, নেপাল আৰু দক্ষিণ-পূব এছিয়াত দেখিবলৈ পোৱা যায়।
যদিও শৰাই আৰু বটা একে ধৰণৰ সামগ্ৰী আৰু মূল নক্সাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, তথাপি সময়ৰ লগে লগে এই দুয়োটা পৃথক শিল্পবস্তু হিচাপে বিকশিত হয়। শৰাই সাধাৰণতে ওপৰত এটা সমতল থাল আৰু তলত এটা থিয়াভাগযুক্ত, আনহাতে বটা হৈছে বাটিৰ দৰে পাত্ৰ, যি বহু সময়ত শৰাইৰ সৈতে একেলগে ব্যৱহাৰ কৰা হয়। শৰাই অসমৰ অন্যতম পৰম্পৰাগত শিল্পবস্তু।[4]
ইতিহাস
[সম্পাদনা কৰক]প্ৰাচীন চীনা উৎস
[সম্পাদনা কৰক]
শৰাই আৰু বটা জাতীয় পাত্ৰ চীনা জনগোষ্ঠীৰ এক প্ৰাচীন সাংস্কৃতিক ধাৰাৰ সৈতে জড়িত। "Dou " (豆) নামে পৰিচিত উচ্চভিত্তিযুক্ত বাটিৰ আকৃতি প্ৰথমে চীনত নৱপ্ৰস্তৰ যুগত দেখা যায়। ওপৰত পাত্ৰ আৰু তলত থিয়াভাগ থকা এই গঠন প্ৰায় ৬,০০০–৭,০০০ বছৰ আগতে (খ্ৰীষ্টপূৰ্ব ৫০০০–৪০০০) উৎপত্তি লাভ কৰে, আৰু ইয়াৰ মূল আকৃতি ইয়াংশাও সংস্কৃতি আৰু ডাৱেনকʼ সংস্কৃতিত বিকশিত হয়। ভাষাতাত্ত্বিক আৰু জিনগত গৱেষকৰ মতে চীন-তিব্বতীয় বা তিব্বতীয়-বাৰ্মীয় ভাষা পৰিয়ালৰ লোকসকলৰ আদিম বিস্তাৰ উত্তৰ চীনৰ ইয়াংশাও আৰু মাজিয়াও সভ্যতাৰপৰা হৈছিল।[5][6] যিহেতু অসমৰ বড়ো-গাৰো বা বড়ো-কছাৰী মূলীয় ভাষাসমূহ তিব্বতীয়-বাৰ্মীয় ভাষা পৰিয়ালৰ এটা শাখা হিচাপে গণ্য কৰা হয়,গতিকে চীনৰ এই সভ্যতাৰ পৰাই অসমৰ বড়ো-কছাৰী মূলীয় জনগোষ্ঠী সমূহৰ উৎপত্তি হৈছে বুলি ক'ব পৰা যায়।[7] পৰৱৰ্তী সময়ত ঝৌ সাম্ৰাজ্যৰ (খ্ৰীষ্টপূৰ্ব ১০৪৬–২৫৬) যুগত “ডৌ” চীনা ধৰ্মীয়-আনুষ্ঠানিক সংস্কৃতিৰ এক বিশেষ প্ৰতীকত পৰিণত হয়।

ঝৌ সমাজত জীৱন “লি” বা আচাৰ-ব্যৱস্থাৰ নিয়মেৰে পৰিচালিত হৈছিল। সেই ব্যৱস্থাত ডৌ কেৱল এটা খাদ্যপাত্ৰ নাছিল; ই আছিল পূৰ্বপুৰুষৰ সৈতে আত্মিক যোগাযোগ স্থাপন কৰা এক পৱিত্ৰ আচাৰিক পাত্ৰ। ঝৌ লোকসকলে বিশ্বাস কৰিছিল যে সঠিকভাৱে পূৰ্বপুৰুষক নিবেদন কৰিলে ঐশ্বৰিক আশীৰ্বাদ লাভ হয়—যেনে সুৰক্ষা আৰু উন্নত ফচল। শৰাই অসমৰ অন্যতম পৰম্পৰাগত শিল্পবস্তু।
চীনৰপৰা শৰাই সংস্কৃতিৰ বিস্তাৰ
[সম্পাদনা কৰক]কালক্ৰমত চীনৰপৰা শৰাই জাতীয় পাত্ৰ চীন তিব্বতীয় মূলৰ বাৰ্মিজ[8], তিব্বত, নেপাল[9], অষ্ট্ৰো-এছিয়াতিক মূলৰ কম্বোডিয়া, ভিয়েটনাম, টাই মূলৰ থাইলেণ্ড, অষ্ট্ৰোনেচিয়ান মূলৰ মালয়েছিয়া, ইত্যাদি অঞ্চললৈ বিয়পি পৰে। বৌদ্ধ ধৰ্মত শৰাইৰ মহৎ আটাইতকৈ বেছি। এই সকলো দেশত শৰাই জাতীয় পাত্ৰ ভগৱানৰ আগত সেৱা কৰিবলৈ আগ বঢ়োৱা হয়।
অসমত শৰাই প্ৰচলন
[সম্পাদনা কৰক]কামৰূপ যুগ
ব্ৰহ্মপুত্ৰ উপত্যকাত শৰাই জাতীয় পাত্ৰৰ প্ৰচলন প্ৰাচীন কালৰ পৰাই হৈ আহিছে। ইয়াৰ প্ৰথম পুৰাতাত্ত্বিক প্ৰমাণ কামৰূপ ৰাজ্যৰ দিনৰ। গুৱাহাটীৰ আমবাৰীত পোৱা আদি-মধ্যযুগীয় মৃৎশিল্পৰ প্ৰত্নতাত্ত্বিক অধ্যয়নত স্বকীয় কেওলিন বা "আমবাৰী ৱেৰ" (Ambari ware)-ৰ প্ৰধান আকাৰসমূহৰ ভিতৰত dish-on-stand অৰ্থাৎ শৰাই জাতীয় পাত্ৰৰ উল্লেখ কৰা হৈছে। বিবৰণ অনুসৰি পাত্ৰটো পৃষ্ঠত অলংকৰণ থকা এখন প্ৰায় চেপেটা থালৰ আকৃতিৰ; ইয়াৰ কাষটো অলপ ওপৰলৈ উঠি বাহিৰফালে মেল খোৱা (splayed rim) আৰু থালখন এটা পীঠ বা দণ্ডৰ ওপৰত স্থাপন কৰা।[10] এই সমূহ পাত্ৰ আনুষ্ঠানিক, ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু ঘৰুৱা কামত ব্যৱহাৰ কৰা হৈছিল বুলি ব্যাখ্যা কৰা হৈছে।[11] আমবাৰীৰ উৎখননৰ ওপৰত কৰা অধ্যয়নত পুৰাতত্ত্ববিদ এম. কে. ধাৱালিকাৰে ( Ambari Ware বুলি অভিহিত কৰা) সূক্ষ্ম মৃৎপাত্ৰসমূহৰ পাদযুক্ত থালখনক (dish-on-stand) এটা স্বকীয় আকৃতি হিচাপে চিনাক্ত কৰিছিল। ধাৱালিকাৰে মত প্ৰকাশ কৰে যে এই পাত্ৰসমূহ হয়তো তামোল-পাণ আগ বঢ়াবলৈ ব্যৱহাৰ কৰা হৈছিল, যিদৰে আধুনিক অসমতো কৰা হয়; তেওঁৰ মতে পাৰ্থক্য মাথোঁ এইটোৱেই যে আধুনিক যুগত এনে পাত্ৰ ধাতুৰে নিৰ্মিত।[12][টোকা 2] আমবাৰীৰ প্ৰাচীন প্ৰত্নতাত্ত্বিক স্তৰসমূহক সাধাৰণভাৱে খ্ৰীষ্টীয় সপ্তমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰৰ নিৰ্ধাৰণ কৰা হৈছে; স্থানটোৰ পৰা প্ৰায় ১০৩০ ± ১৫০ খ্ৰীষ্টাব্দৰ এটা ৰেডিঅ'কাৰ্বন তাৰিখো পোৱা গৈছে।[14][15]
কামৰূপ যুগত কাঁহৰ কামো জনাজাত আছিল। বি. কে. বৰুৱাই প্ৰাচীন অসমৰ অলংকাৰৰ বিষয়ে আলোচনা কৰোঁতে কালিকা পুৰাণত কাংস্য (kāṃsya)-ৰ ব্যৱহাৰৰ উল্লেখ উদ্ধৃত কৰিছে আৰু ইয়াক কাঁহ (bell metal) বুলি চিনাক্ত কৰিছে।[16] পাদানযুক্ত পাত্ৰৰ মাটিৰ পৰা ধাতুলৈ হোৱা একে ধৰণৰ পৰিৱৰ্তনৰ উদাহৰণ দক্ষিণ-পূব এছিয়াৰ আন ঠাইতো দেখা পোৱা যায়। ফিলিপাইনছৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ে প্ৰাগৈতিহাসিক মাটিৰ পাদানযুক্ত বাটিসমূহক মাৰানাও আৰু মাগুইণ্ডানাও সকলৰ পিতলৰ টাবাকৰ সৈতে তুলনা কৰি, দুয়োটাৰ আকৃতি আৰু আনুষ্ঠানিক পৰিৱেশনকাৰ্যৰ সাদৃশ্য উল্লেখ কৰিছে[17]; একেদৰে কম্বোডিয়াৰ সংগ্ৰহালয় সমূহতো মাটিৰ পাদানযুক্ত থালৰ লগতে পিতলৰ পাদযুক্ত আৰু পাদানযুক্ত থাল সংৰক্ষিত হৈ আছে।[18]
মধ্যযুগ
কামৰূপৰ পাছত চীন-তিব্বতীয় বা তিব্বতীয়-বাৰ্মীয় মূলৰ চুতীয়া ৰাজ্য আৰু টাই মূলৰ আহোম ৰাজ্য দুয়োতে শৰাই জাতীয় পাত্ৰৰ ব্যৱহাৰ প্ৰচলিত আছিল।
চুতীয়া ৰাজ্যৰ ভীষ্মকনগৰত[19] dish-on-stand অৰ্থাৎ পাদযুক্ত থালৰ আকৃতিৰ প্ৰত্নতাত্ত্বিক প্ৰমাণ পোৱা গৈছে। Tage Tada-ই ভীষ্মকনগৰৰ মৃৎপাত্ৰসমূহক প্ৰধানকৈ ৰঙা ৰঙৰ আৰু চাকত নিৰ্মিত (wheel-turned) বুলি বৰ্ণনা কৰিছে আৰু ইয়াৰ মুখ্য আকৃতিসমূহৰ ভিতৰত বাটি, থাল, dish-on-stand, নলযুক্ত পাত্ৰ, জাৰ আৰু অলংকাৰিক শীৰ্ষাংশৰ উল্লেখ কৰিছে। তেওঁ লগতে ভীষ্মকনগৰৰ সূক্ষ্ম চাকত নিৰ্মিত মৃৎপাত্ৰসমূহৰ সৈতে গুৱাহাটীৰ আমবাৰীত উৎখনন কৰা, আনুমানিক দশম–দ্বাদশ শতিকাৰ মৃৎপাত্ৰসমূহৰ ঘনিষ্ঠ সাদৃশ্য থকা বুলি উল্লেখ কৰিছে।[20] ভীষ্মকনগৰৰ কেওলিন মৃৎপাত্ৰৰ আৱিষ্কাৰক চীনৰ সৈতে থকা প্ৰাচীন সাংস্কৃতিক যোগাযোগ আৰু তাৰ জৰিয়তে উত্তৰ-পূব ভাৰতলৈ মৃৎশিল্পৰ প্ৰসাৰৰ প্ৰমাণ হিচাপে ব্যাখ্যা কৰা হৈছে।[21][টোকা 3]
সাতসৰী বুৰঞ্জীৰ মতে চুতীয়া ৰজাই ফ্ৰাচেংমুঙ গোহাঁইক দুখন সোণৰ শৰাই দিছিল বুলি কোৱা হৈছে।[23] চুতীয়া ৰাজ্যত আন কাৰিকৰী লোকৰ লগতে কাঁহৰ কাম কৰা কঁহাৰ লোকো আছিল। সাতসৰী অসম বুৰঞ্জীত সংৰক্ষিত বাঁহগৰীয়া বুঢ়াগোহাঁই বুৰঞ্জী অনুসৰি, চুতীয়া ৰাজ্যৰ পতনৰ পাছত আহোম ৰজা চুহুংমুঙে বিভিন্ন বৃত্তিগত গোটৰ লোকৰ লগতে কঁহাৰ লোকো লাভ কৰিছিল।[24]
চুতীয়াসকলৰ দৰে ডিমাছাসকলেও শৰাই ব্যৱহাৰ কৰা দেখা যায়।[25] ডিমাছা ভাষাত এই পাত্ৰক "শৰাই" বুলিয়ে জনা যায়। তদুপৰি ডিমাছাসকলৰ পাৰম্পৰিক বস্ত্ৰ শিল্পত হ'ৰাইমিন নামৰ শৰাইৰ মটিফটোও(motif) সংৰক্ষণ কৰি থোৱা দেখা যায়।[26] দেওধাই বুৰঞ্জী আৰু সাতসৰী অসম বুৰঞ্জীত সন্নিবিষ্ট বাঁহগড়ীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জীৰ মতে, চুতীয়া ৰাজ্যৰ পতনৰ পাছত আহোমসকলে ৰাজ্যখনৰ পৰা আন বিভিন্ন বৃত্তিৰ লোকৰ লগতে কঁহাৰসকলকো লাভ কৰিছিল।[27]
আহোম সকলে পৰম্পৰাগত শৰাই জাতীয় দুই প্ৰকাৰৰ পাত্ৰ ব্যৱহাৰ কৰিছিল, এবিধ আছিল "নিং" (𑜃𑜣𑜂𑜫) আৰু আনবিধৰ নাম "ফুন" (𑜇𑜥𑜃𑜫)।[28] "ফান/ফুন" শব্দৰ গুৰি পুৰণি চীনা ভাষাৰ থাল বা ট্ৰে বুজোৱা "পান" শব্দ আৰু থাই বা শান ভাষাত শৰাই জাতীয় পাত্ৰক "ফান" কোৱা হয়।[29] "ফুন"ক অসমীয়াত কেতিয়াবা "মেহেঙা/মাইহাং" আৰু কেতিয়াবা "শৰাই" বুলি অনুবাদ কৰা হৈছে।[30] একেদৰে "নিং"ক কেতিয়াবা অসমীয়া "শৰাই"[31] আৰু কেতিয়াবা অসমীয়া "মেহেঙা/মাইহাং" বুলি অনুবাদ কৰা হৈছে।[32]
অসমীয়া "শৰাই" কামৰূপ ৰাজ্যৰ দিনৰ পৰাই ব্যৱহাৰ কৰি অহা হৈছে[33], আনহাতে বুৰঞ্জীৰ মতে "মাইহাং" পাত্ৰ চুতীয়া ৰাজ্যত প্ৰচলিত আছিল।[টোকা 4] গতিকে, এই টাই শব্দসমূহৰ ব্যাখ্যাক ঘৰুৱাকৰণমূলক (domestication) অনুবাদৰ উদাহৰণ হিচাপে চাব পাৰি—য'ত আহোম সকলৰ বাচন "ফুন" বা "নিঙ"ক ব্যাখ্যা কৰিবলৈ একেধৰণৰ স্থানীয় অসমীয়া সমতুল্য বাচনৰ নাম ব্যৱহাৰ কৰা হৈছিল।[34] ১৭-১৮ শতিকাৰ লৈকে আহোম ৰজা সকলে তিনিবিধ টাই সকলৰ পৰম্পৰাগত নলযুক্ত বাচন ব্যৱহাৰ কৰিছিল। আহোম ফুৰালুং ধৰ্মীয় নিয়ম অনুসৰি ৰিক খোৱান উৎসৱত খোৱান (অৰ্থাৎ সজীৱতাৰ শক্তিক) নখন নিংত প্ৰসাদ আগ বঢ়োৱা হয়।[35] শ্ৰীমন্ত শঙ্কৰদেৱৰ দিনত শৰাই নৱবৈষ্ণৱ ধৰ্মত অন্তভুক্ত কৰা হয় আৰু কালক্ৰমত অসমীয়া সংস্কৃতিৰ এক বিশেষ অংশ হৈ পৰে।

অসমৰ বাহিৰৰ অন্যান্য অঞ্চল
[সম্পাদনা কৰক]তিব্বতীয় শৰাই-বটা জাতীয় পাত্ৰ
তিব্বতী বৌদ্ধ সংস্কৃতিতো নৈৱেদ্য আগবঢ়োৱাৰ বাবে pedestal যুক্ত বাটি, বটা আৰু ট্ৰে-জাতীয় ধাৰ্মিক পাত্ৰ কিছুমান ব্যৱহাৰ কৰা হয়।[36][37] Rubin Museum-ৰ মতে, তিব্বতী stemmed offering bowls ধাৰ্মিক ৰীতি-নীতি আৰু দৈনন্দিন ভোগ নিৰ্মালীৰ বাবে ব্যৱহৃত হয়।[38] মন্দলা (mandala offering set বা mandala plate) তিব্বতী বৌদ্ধ আচাৰত বুদ্ধ, ধৰ্ম আৰু সংগলৈ নৈৱেদ্য আগবঢ়োৱাৰ বাবে ব্যৱহৃত এক গুৰুত্বপূৰ্ণ পাত্ৰ। এনে মণ্ডল-নৈৱেদ্যত pedestal tray বা stand-জাতীয় পাত্ৰ ব্যৱহাৰ কৰা হয়।[39] তিব্বতী বৌদ্ধ আচাৰৰ আন এটা pedestal যুক্ত পাত্ৰ হৈছে serkyem পাত্ৰ। এই পাত্ৰ বিশেষকৈ ৰক্ষক দেৱতা বা ধৰ্মপালসকললৈ নৈৱেদ্য আগবঢ়োৱাৰ বাবে ব্যৱহৃত হয়। পাত্ৰটো মূলতঃ পানীয়-নৈৱেদ্যৰ সৈতে জড়িত; সাধাৰণতে ওপৰৰ বটাত চাহ, মদ বা আন পৱিত্ৰ পানীয় ঢালি দিয়া হয় আৰু সেয়া তলৰ শৰাই জাতীয় পাত্ৰত উপচি পৰে। অৱশ্যে বহুতো আচাৰ-অনুষ্ঠানত serkyem প্ৰায়ে ভোগ বা নিৰ্মালী আগবঢ়াবলৈ ও ব্যৱহাৰ কৰা হয়, য’ত শস্য, মিঠাই, ফল বা torma জাতীয় খাদ্য-নৈৱেদ্য একেলগে আগবঢ়োৱা হয়।[40]
তিব্বতী বস্তু-সংস্কৃতিত pedestal যুক্ত পাত্ৰ ধাৰ্মিক ৰীতি-নীতিৰ বাদে দৈনন্দিন চাহ-পানৰ দৰে সামাজিক ব্যৱহাৰতো ব্যৱহাৰ কৰা দেখা যায়। তেনে বহুতো ৰুপ আৰু আন ধাতুৰে গঢ়া বটা জাতীয় পাত্ৰ সংগ্ৰহালয়ত সংৰক্ষিত কৰি ৰখা হৈছে।[41]
বাৰ্মিজ শৰাই জাতীয় পাত্ৰ
বাৰ্মিজ ban (ဗန်း)-ৰ অৰ্থ “tray” বা ট্ৰে, আৰু সম্পৰ্কীয় বাৰ্মিজ শব্দ langpan (လင်ပန်း)-ৰ অৰ্থও “tray”। এই দুয়োটা ৰূপ চীনা 盤 শব্দৰপৰা লোৱা হৈছে, যাৰ পুৰণি/মধ্য চীনা পুনৰ্গঠিত ৰূপ *baːn বা ban আৰু অৰ্থ “dish” বা “tray”।[42][43]
বাৰ্মিজ পৰম্পৰাত শৰাই জাতীয় মুকলি পাত্ৰ বা pedestal dish ব্যৱহৃত হয়। এনে পাত্ৰক সাধাৰণতে কলত (kalat) বুলি কোৱা হয়; Burmese lacquerware-ৰ বৰ্ণনাত kalat-ক pedestal dish হিচাপে উল্লেখ কৰা হৈছে, যি খাদ্য আগবঢ়াবলৈ, ৰাজকীয় কাম বা ধাৰ্মিক ৰীতি-নীতিত বস্তু আগবঢ়োৱাৰ বাবে ব্যৱহৃত হৈছিল।[44]
"কলত"ৰ বাহিৰেও বাৰ্মিজ বস্তু-সংস্কৃতিত ঢাকনিযুক্ত শৰাই দৰে এবিধ পাত্ৰৰ পৃথক উপস্থিতি দেখা যায়। এই পাত্ৰক hsun-ok বুলি কোৱা হয়। এইটো সাধাৰণতে বাৰ্মিজসকলৰ বৌদ্ধ নৈৱেদ্য বহন বা আগবঢ়োৱাৰ বাবে ব্যৱহৃত পাত্ৰ।[45] Hsun-ok সাধাৰণতে লাখ-লেপা বাঁহ বা কাঠেৰে নিৰ্মিত হয়, আৰু ইয়াত এটা পেডেষ্টেল, বাটিৰ দৰে মূল পাত্ৰ, ভিতৰুৱা ট্ৰে আৰু ওপৰত এটা ওখ শিখৰযুক্ত ঢাকনি থাকে।[46][47]
বাৰ্মিজসকলৰপৰা বাৰ্মাৰ উত্তৰ-পূৰ্বাঞ্চলৰ শানসকলেও বৌদ্ধ ধৰ্মৰ ৰীতি-নীতি পালন কৰিবলৈ ঢাকনিযুক্ত Phan Hsun ব্যৱহাৰ কৰিবলৈ লয়। Hsun okৰ লেখীয়া এই পাত্ৰটো বাৰ্মিজ বৌদ্ধ নৈৱেদ্য-পাত্ৰ পৰম্পৰাৰ এটা স্থানীয় অভিযোজন আছিল।[48][49] অৱশ্যে এই প্ৰমাণ বিশেষকৈ শিখৰযুক্ত ঢাকনি থকা লাখৰ ঢাকনিযুক্ত hsun-ok-ৰ ক্ষেত্ৰত প্ৰযোজ্য; সকলো মুকলি পেডেষ্টেলযুক্ত ট্ৰে বাৰ্মিজ উৎসৰপৰা আহিছে বুলি ইয়াৰদ্বাৰা প্ৰমাণিত নহয়। মুকলি উঠা নৈৱেদ্য-ট্ৰে সমগ্ৰ মূল ভূ-খণ্ডীয় দক্ষিণ-পূব এছিয়াত বহুলভাৱে দেখা যায়, কিন্তু ঢাকনিযুক্ত লাখৰ hsun-ok বিশেষভাৱে বাৰ্মীজ বৌদ্ধ বস্তু-সংস্কৃতিৰ সৈতে অধিক ঘনিষ্ঠভাৱে জড়িত।
মোন-দ্বাৰাৱতী শৰাই জাতীয় পাত্ৰ
টাইসকলৰ দক্ষিণমুখী বিস্তাৰ আৰু বৰ্তমান থাইলেণ্ডত টাই ৰাজ্যসমূহৰ উত্থানৰ আগতেই মধ্য থাইলেণ্ডৰ দ্বাৰাৱতী সাংস্কৃতিক পৰিসৰত পাদযুক্ত থাল বা dish-on-stand-ৰ ব্যৱহাৰ পোৱা যায়। দ্বাৰাৱতী সংস্কৃতি সাধাৰণতে খ্ৰীষ্টীয় ষষ্ঠৰ পৰা একাদশ শতিকাৰ ভিতৰত স্থাপন কৰা হয়,[50] আৰু এই সাংস্কৃতিক পৰিসৰৰ সৈতে পুৰণি মন ভাষাৰ এক ঘনিষ্ঠ সম্পৰ্ক শিলালিপিসমূহৰ পৰা দেখা যায়।[51]
দ্বাৰাৱতী যুগৰ মৃৎপাত্ৰৰ ওপৰত কৰা অধ্যয়নত পুৰাতত্ত্ববিদ ফাছুক ইন্দ্ৰাৱুধে (Phasook Indrawooth) dish-on-stand-ক দ্বাৰাৱতী মৃৎপাত্ৰৰ এটা প্ৰধান আকৃতি হিচাপে উল্লেখ কৰিছে। বিশেষ গুৰুত্বপূৰ্ণভাৱে, তেওঁ এই আকৃতিটোক নতুন দ্বাৰাৱতী উদ্ভাৱন বুলি গণ্য কৰা নাই; তেওঁৰ মতে dish-on-stand-কে ধৰি দ্বাৰাৱতীৰ কেইবাবিধ মৃৎপাত্ৰৰ আকৃতি স্থানীয় প্ৰাগৈতিহাসিক যুগৰ পৰাই চলি অহা প্ৰাচীন পাত্ৰ-আকৃতিৰ উত্তৰাধিকাৰ আছিল।[52] অৰ্থাৎ বৰ্তমান থাইলেণ্ডৰ মধ্যভাগত পাদযুক্ত থালৰ পৰম্পৰা টাইসকলৰ ঐতিহাসিক উত্থানৰ আগৰেপৰাই আছিল আৰু দ্বাৰাৱতী যুগত ই তাৰ আগৰ স্থানীয় প্ৰাগৈতিহাসিক মৃৎপাত্ৰ পৰম্পৰাৰ ধাৰাবাহিকতা হিচাপে চলি আছিল।
ফান পাত্ৰ
কম্বোডিয়াৰ আৰু থাই ভাষাত শৰাই জাতীয় পাত্ৰক "পান/বান"[53][54] আৰু "ফান" কোৱা হয়।[55]
- খমেৰসকলৰ বান/পান
ভাষিক দৃষ্টিকোণৰপৰা বান/পান শব্দ-পৰিয়ালটো টাই ভাষাসমূহতকৈ অষ্ট্ৰ-এছিয়াটিক বা খমেৰ ভাষাসমূহত অধিক পুৰণি আৰু ব্যাপকভাৱে বিস্তৃত। Roger Blenchয়ে নিজৰ Austroasiatic basketry terminologyৰ অধ্যয়নত “pedestal tray”ৰ বাবে এটা প্ৰাৰম্ভিক অষ্ট্ৰ’এছিয়াটিক মূলৰ তালিকা প্ৰস্তুত কৰিছে, য’ত তেওঁ Shortoৰ Proto-Mon-Khmerৰ *baːn অৰ্থাৎ “pedestal dish”, Kuiৰ phian অৰ্থাৎ “pedestal tray”,Surin Khmerৰ piːan'' অৰ্থাৎ “tray with pedestal”, T’inৰ phɨan অৰ্থাৎ “tray”, আৰু Nyah Kurৰ kǝbíǝn অৰ্থাৎ “bamboo food tray” ইত্যাদি শব্দৰ উল্লেখ কৰিছে। Blenchয়ে এই শব্দ পৰিয়ালটোক পুৰণি চীনা *bˤan অৰ্থাৎ “ট্ৰেই”ৰ সৈতে তুলনা কৰিছে। তেওঁ লগতে থাই আৰু শ্বান ভাষাত পোৱা ৰূপটো ও চীনা ভাষাৰপৰা যোৱা ("plausibly a regional Chinese borrowing”) বুলি বৰ্ণনা কৰিছে।[56]
থাই/শ্যাম ৰাজ্যসমূহৰ থাইলেণ্ডত উত্থান হোৱাৰ আগতেই কম্বোডিয়া আৰু সংশ্লিষ্ট মূল ভূ-খণ্ডীয় দক্ষিণ-পূব এছিয়াৰ প্ৰত্নতাত্ত্বিক প্ৰেক্ষাপটত শৰাই জাতীয় পাত্ৰৰ উপস্থিতি পোৱা যায়। হেং পিফালে খ্ৰীষ্টীয় ৩০০–৫০০ চনৰ প্ৰাক-আংকোৰীয় যুগৰ উত্তৰণৰ বিষয়ে আলোচনা কৰোঁতে উত্তৰ-পূব থাইলেণ্ড আৰু কম্বোডিয়াৰ প্ৰাগৈতিহাসিক স্থানসমূহত "pedestalled dishes and bowls" অৰ্থাৎ শৰাই জাতীয় পাত্ৰ আৰু বাটিৰ উপস্থিতিৰ কথা উল্লেখ কৰিছে।[57] তেওঁ কম্বোডিয়াৰ Tuol Neakta Kang Memay স্থানৰপৰা পোৱা এটা পেডেষ্টেলযুক্ত বাটিৰ ছবিও প্ৰকাশ কৰিছে।[58] এংকৰ বছৰেই স্থানৰ প্ৰাচীন কম্বোডীয় মৃত্শিল্পৰ মাজতো এনে পেডেষ্টেলযুক্ত থালৰ আকৃতিৰ কথা উল্লেখ কৰা হৈছে; Miriam T. Stark-এ এংকৰ বৰেইৰ মৃত্শিল্পৰ ভিতৰত শৰাই জাতীয় থালৰ বৰ্ণনা কৰিছে।[59] একেদৰেই UNESCOয়ে প্ৰকাশিত খমেৰ ৰূপালী শিল্প সম্পৰ্কীয় এখন গ্ৰন্থৰ মতে প্ৰাক-আংকোৰীয় আৰু আংকোৰীয় শিলালিপিত কম্বোডীয়সকলে ব্যৱহাৰ কৰা ৰূপালী সামগ্ৰীৰ ভিতৰত পেডেষ্টেল যুক্ত থাল আৰু ট্ৰেৰও বৰ্ণনা কৰা হৈছে।[60] থাইসকলৰ আয়ুথিয়া ৰাজ্য ১৩৫১ চনত প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ ৰাজ দৰবাৰৰ সংস্কৃতি আংকোৰৰ সাংস্কৃতিৰ আৰ্হিৰে গঢ় লোৱা বুলি কোৱা হয়।[61][62] উল্লেখযোগ্য যে তেতিয়ালৈকে থাই/টাইসকলৰ প্ৰব্ৰজন ঘটা নাছিল[63]। সেয়েহে ধৰিব পৰা যায় যে থাই বা তাইসকলৰ আগমনৰ আগৰেপৰা খমেৰসকলে বান/ফান নামৰ শৰাই জাতীয় পাত্ৰ ব্যৱহাৰ কৰি আহিছিল।
- টাইসকলৰ ফান
খমেৰসকলৰ দৰে থাইসকলেও এই পাত্ৰক "ফান" কয়। থাই বা অন্য টাইসকলে শৰাই জাতীয় সম্পাদ খমেৰসকলৰ সম্পৰ্কত অহাৰ আগতে ব্যৱহাৰ কৰিছিল নে নাই তাৰ তথ্য পোৱা নাযায়। আনহাতে টাই জনগোষ্ঠীসমূহ দক্ষিণমুখী হৈ মন আৰু খমেৰ সভ্যতাৰ প্ৰভাৱাধীন অঞ্চলত প্ৰৱেশ কৰাৰ পাছত খমেৰ দৰবাৰৰ সংস্কৃতি, ৰাজকীয় অনুষ্ঠান বা ভাৰতৰ সংস্কৃতিৰদ্বাৰা প্ৰভাবিত আচাৰ-ব্যৱহাৰ সংস্কৃতিৰ বহু উপাদান গ্ৰহণ কৰিছিল বুলি জনা যায়।[64]প্ৰাচীন কালৰ প্ৰোটো-খমেৰসকলৰ দৰে থাইসকলৰ "ফান" শব্দটোও পুৰণি চীনা ভাষাৰ থাল বা ট্ৰে বুজোৱা *bˤan শব্দৰপৰা লোৱা হৈছে।[65] টাই ভাষাসমূহ যেনে থাই ভাষাত พาน (ফান), লাও ভাষাত ພານ (phān), টাই ডাম ꪝꪱꪙ বা ꪟꪱꪙ টাই য়াই ভাষাত ပၢၼ်ႉ আদিয়ে থাল সদৃশ পাত্ৰক বুজোৱা হয় যি চীনা ভাষাৰ 盤 পানৰপৰা আহিছে যাৰ অৰ্থ থাল (tray)।[66] টাই-আহোম ভাষাত এনে পাত্ৰক ফুন (𑜇𑜥𑜃𑜫) বুলি কোৱা হয়।[67]
থাইসকলৰ মাজত ফান এটা উচ্চ স্তৰীয় পৰম্পৰাগত বাচন।[68] থাই ভাষাৰ পাদযুক্ত থাল বুজোৱা ফান (phan) শব্দটোৰ উল্লেখ ১৫৩৬ খ্ৰীষ্টাব্দৰ ৱাট খেমা (Vat Khema) শিলালিপিত পোৱা যায়। এ. বি. গ্ৰিছৱ'ল্ড আৰু প্ৰাছাৰ্ট না নাগাৰাই শিলালিপিখনত উল্লেখিত phan-ক pedestal tray বুলি অনুবাদ কৰিছে। তেওঁলোকৰ মতে ইয়াত phan শব্দটো ইয়াৰ আধুনিক অৰ্থত, অৰ্থাৎ "a tray with a pedestal" হিচাপে ব্যৱহৃত হৈছে। তেওঁলোকে শব্দটোক খমেৰ ban ("base and stem"-যুক্ত পাত্ৰ) আৰু পুৰণি খমেৰ vāna ("bowl-shaped dish with pedestal")-ৰ সৈতে তুলনা কৰিছে আৰু শেষৰ শব্দটোক চীনা ভাষাৰ পৰা অহা ঋণশব্দ বুলি উল্লেখ কৰিছে। একে শব্দমূলৰ সৈতে বাৰ্মিজ lapan ("tray")-ৰো তুলনা কৰা হৈছে।[69] উল্লেখযোগ্য যে শিলালিপিখনত এই phan-খনক "foreign make" অৰ্থাৎ বিদেশত নিৰ্মিত বুলি বৰ্ণনা কৰা হৈছে। ইয়াৰ ব্যাস আছিল প্ৰায় এক হাত চাৰি ইঞ্চি আৰু ইয়াক এটা ডাঙৰ পাত্ৰ আৰু দহটা সৰু পাত্ৰৰ সৈতে pay sri নৈবেদ্য আগবঢ়োৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।[70]
টাই লাও আৰু ফু টাইসকলৰ পৰম্পৰাগত অনুষ্ঠান বাই চ্ৰি চু খৱানত দুটা মুখ্য সামগ্ৰীৰ ভিতৰত ফান খাও (খাদ্য থোৱা ফান) অন্যতম।[71]
দক্ষিণ-পূব এছিয়া
খমেৰ আৰু তাই বাদেও দক্ষিণ-পূব এছিয়াৰ অন্য দেশসমূহতো শৰাই-জাতীয় পেডেষ্টেলযুক্ত পাত্ৰ বা নৈৱেদ্য-ট্ৰে দেখা যায়। মিয়ানমাৰত ইয়াৰ এটা স্বতন্ত্ৰ ঢাকনিযুক্ত লাখ-পাত্ৰ ৰূপ দেখা যায়, যাক hsun-ok বুলি কোৱা হয়। এই পাত্ৰ বৌদ্ধ ভিক্ষু আৰু বিহাৰলৈ খাদ্য বা নৈৱেদ্য আগবঢ়োৱাৰ বাবে ব্যৱহৃত হয়, আৰু সাধাৰণতে বাঁহ বা কাঠৰ গাঁথনিৰ ওপৰত লাখ-লেপ দি নিৰ্মাণ কৰা হয়।[72][73]
দ্বীপীয় দক্ষিণ-পূব এছিয়াতো এনে পেডেষ্টেলযুক্ত ট্ৰে বা পাত্ৰৰ ব্যৱহাৰ পোৱা যায়। ইণ্ডোনেশিয়াৰ বালিত দুলাং (dulang) নামে জনা ওখ পায়াযুক্ত ট্ৰে ধৰ্মীয় বা আনুষ্ঠানিক নৈৱেদ্য বহন কৰাৰ বাবে ব্যৱহৃত হয়। ফিলিপাইনছৰ ৰাষ্ট্ৰীয় মিউজিয়াময়ে উল্লেখ কৰিছে যে বালিৰ এই দুলাং-সমূহ পূজা-পাতল বা নীতি-নিয়মত বিভিন্ন সামগ্ৰী আগবঢ়াবলৈ ব্যৱহাৰ ৰা হয়। দক্ষিণ ফিলিপাইনছৰ Maranao আৰু Maguindanao সমাজত তাবাক নামে জনা পিতলৰ শৰাই জাতীয় পাত্ৰ বিশেষ অনুষ্ঠানত খাদ্য পৰিৱেশনৰ বাবে ব্যৱহৃত হয়।[74] জাভাৰ মধ্যযুগীয় শিল্পতো শৰাই জাতীয় পাত্ৰৰ উদাহৰণ পোৱা যায়।[75][76]
অতিথি-আদৰণিত তামোল-পাণ আৰু শৰাই
[সম্পাদনা কৰক]অসমীয়া সমাজত তামোল-পাণ আতিথ্য, সন্মান, ভক্তি আৰু মিত্ৰতাৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক হিচাপে গণ্য কৰা হয়। শৰাইত তামোল-পাণ আগবঢ়াই অতিথিক আদৰণি জনোৱা পৰম্পৰা এটা স্তৰিত সাংস্কৃতিক পৰম্পৰা বুলি বুজিব পাৰি—প্ৰথমে দক্ষিণ-পূব এছিয়াৰ অষ্ট্ৰো-এছিয়াতিক বিস্তৃত আতিথ্য-সংস্কৃতি, তাৰ পাছত ভাৰতীয় ধৰ্মীয়-সামাজিক আচাৰৰ সৈতে ইয়াৰ সংযোগ, আৰু শেষত অসমীয়া কাঁহ-পিতলৰ শৰাই বা বঁটাৰ জৰিয়তে ইয়াৰ স্থানীয় ৰূপায়ণ।
এই প্ৰথাৰ আটাইতকৈ প্ৰাচীন স্তৰটো দক্ষিণ-পূব এছিয়াৰ অষ্ট্ৰো-এছিয়াতিক লোকসকলৰ তামোল-পাণভিত্তিক আতিথ্য পৰম্পৰাৰ সৈতে জড়িত হ’ব পাৰে। খাচী সমাজত kwai বা তামোল-পাণ অতিথিক আগবঢ়োৱা এক গুৰুত্বপূৰ্ণ সামাজিক শিষ্টাচাৰ হিচাপে গণ্য কৰা হয়। Shikyntien kwai নামৰ খাচী পৰম্পৰাত ঘৰত অহা যিকোনো অতিথিক kwai আগবঢ়োৱাটো সৌজন্যৰ চিন বুলি বৰ্ণনা কৰা হৈছে।[77] খাচীসকল অষ্ট্ৰো-এছিয়াটিক ভাষাপৰিয়ালৰ অন্তৰ্গত হোৱা বাবে, অসমীয়া তামোল-পাণ আতিথ্যৰ গভীৰ স্তৰটো পূব ভাৰতৰ অষ্ট্ৰো-এছিয়াটিক আৰু দক্ষিণ-পূব এছিয়াগত betel-areca সংস্কৃতিৰ সৈতে তুলনা কৰিব পাৰি, যদিও ইয়াৰপৰা অসমীয়া প্ৰথাটো প্ৰত্যক্ষভাৱে খাচী বা অন্য কোনো একক অষ্ট্ৰো-এছিয়াটিক উৎসৰপৰা আহিছে বুলি নিশ্চিতভাৱে ক’ব নোৱাৰি।
পাছৰ স্তৰত এই তামোল-পাণ আতিথ্যৰ প্ৰথা ভাৰতীয় ধৰ্মীয় আৰু সামাজিক আচাৰৰ সৈতে একীভূত হয়। এছ. চি. আহুজা আৰু উমা আহুজাই betel leaf আৰু areca nut-ক আতিথ্য, শুভতা, সন্মান, সামাজিক প্ৰতিশ্ৰুতি আৰু ধৰ্মীয় নিবেদনৰ প্ৰতীক হিচাপে বৰ্ণনা কৰিছে। তেওঁলোকৰ মতে ভাৰতৰ বহু সামাজিক আৰু ধৰ্মীয় আচাৰত তামোল-পাণ ব্যৱহাৰ হয়, আৰু অসমীয়া বিবাহত তামোল-পাণ প্ৰায় পোন্ধৰটা আচাৰত উপস্থিত থাকে।[78] সেয়ে অসমীয়া সমাজত তামোল-পাণ কেৱল মুখশুদ্ধিৰ সামগ্ৰী নহয়; ই আতিথ্য, শুভেচ্ছা, বিবাহ, সামাজিক স্বীকৃতি আৰু ধৰ্মীয় পৱিত্ৰতাৰ সৈতে জড়িত হৈ পৰে।
এই তামোল-পাণ পৰম্পৰাই অসমত শৰাই আৰু বঁটাৰ জৰিয়তে এক বিশেষ স্থানীয় ৰূপ লাভ কৰে। অসম চৰকাৰৰ সংস্কৃতি-সম্পৰ্কীয় তথ্য অনুসৰি, তামোল-পাণ বা গুৱাপাণক ভক্তি, সন্মান আৰু মিত্ৰতাৰ নিবেদন হিচাপে ধৰা হয়, আৰু অতিথিক আদৰণি তথা ধন্যবাদ জনোৱাৰ চিহ্ন হিচাপে শৰাইত তামোল-পাণ আগবঢ়োৱা হয়। একেটা উৎসত শৰাইক নামঘৰ বা পূজাস্থলীত প্ৰসাদ আৰু অন্যান্য নিবেদন আগবঢ়োৱাৰ পাত্ৰ হিচাপেও বৰ্ণনা কৰা হৈছে।[79] ইয়াৰপৰা বুজা যায় যে তামোল-পাণৰ সামাজিক অৰ্থ বহল আঞ্চলিক পৰম্পৰাৰ সৈতে জড়িত হ’লেও, কাঁহ-পিতলৰ শৰাই বা বঁটাত তাক আগবঢ়োৱাৰ ৰূপটো অসমীয়া ধাতু-শিল্প আৰু সামাজিক আচাৰৰ সৈতে বিশেষভাৱে যুক্ত।
ধৰ্মীয় তাৎপৰ্য
[সম্পাদনা কৰক]
পৰৱৰ্তী সময়ত আহোম সংস্কৃতিৰপৰা গ্ৰহণ কৰা শৰাই অসমীয়া সমাজ আৰু নামঘৰীয়া ধৰ্মীয় পৰম্পৰাৰ এক অবিচ্ছেদ্য অংশত পৰিণত হয়। নামঘৰত ভাগৱত স্থাপনৰ বাবে শৰাই ব্যৱহাৰ কৰা হৈছিল, যিয়ে অসমীয়া আধ্যাত্মিক জীৱনত

১৫শ আৰু ১৬শ শতিকাত শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নামধৰ্ম আন্দোলনে শৰাই আৰু বটাৰ তাৎপৰ্য নতুন ৰূপ দিয়ে। শংকৰদেৱে পুৰণি অসমীয়া সাংস্কৃতিক পৰিসৰৰপৰা শৰাইৰ ব্যৱহাৰ গ্ৰহণ কৰি ইয়াক অসমীয়া বৈষ্ণৱ সমাজত অন্তৰ্ভুক্ত কৰে। নামঘৰৰ মাজভাগত শৰাইৰ ওপৰত ভাগৱত স্থাপন কৰি তেওঁ দেখুৱাইছিল যে ঈশ্বৰ সকলোৰে বাবে সমান। সেই নামঘৰত শৰাই হৈ উঠে “সমতাৰ প্ৰতীক”—য’ৰপৰা সকলো ভক্তক সমানে প্ৰসাদ বিতৰণ কৰা হৈছিল।[80]
ঐতিহ্য
[সম্পাদনা কৰক]শৰাই আৰু বটাৰ ঐতিহ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে—ই কেৱল ৰাজকীয় বস্তু হৈ নাথাকি অসমীয়া সমাজৰ সামূহিক হৃদস্পন্দনত পৰিণত হোৱা।[81] শৰাই অসমৰ অন্যতম পৰম্পৰাগত শিল্পবস্তু। তামোল-পাণ আগবঢ়োৱাৰ মাধ্যমেৰে শৰাই আৰু বটা “সন্মানৰ আচাৰ” হিচাপে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একত্ৰিত সাংস্কৃতিক পৰম্পৰা সৃষ্টি কৰে।
এই আধ্যাত্মিক ৰূপান্তৰৰ ফলত শৰাই আৰু বটা কেৱল ৰাজকীয় ক্ষমতাৰ প্ৰতীক হৈ নাথাকি সামাজিক ঐক্য, সমতা আৰু অসমীয়া জাতীয় আত্মাৰ এক অবিচ্ছেদ্য অংশত পৰিণত হয়।[82]
চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Hazarika, Manjil; Devi, Jonali; Wunglengton, Y. S.; Sanathana, Y. S. (2020). "A Study of Pottery and Terracotta Objects from Excavations at Cotton College (1990–1992) in Guwahati, Assam". Heritage: Journal of Multidisciplinary Studies in Archaeology খণ্ড 8.1: 92–125. https://www.heritageuniversityofkerala.com/JournalPDF/Volume8.1/4.pdf. pp. 108–109, 112–113. The authors identify the dish-on-stand among the principal forms of kaolin or "Ambari ware". Their catalogue records 90 stand/stem fragments, some interpreted as components of dishes-on-stand used in ritual and ceremonial contexts, and describes the complete form as "a more or less flat dish with decorations on the surface having splayed rim attached on top of a stand"; the vessel is interpreted as having ceremonial, decorative and domestic uses.
- ↑ Dhavalikar, M. K. (1971). "Archaeology of Gauhati". Bulletin of the Deccan College Post-Graduate and Research Institute খণ্ড 31/32 (1/2): 142. "It might have been used for serving tāmbul as is done today, the only difference being that the metal dish-on-stand is now used.".
- ↑ "Culture of Assam". Government of AssamAssam State Portal. https://usp2.amtron.in/about-us/391। আহৰণ কৰা হৈছে: 27 July 2026. "Guests are offered "Tamul Paan" in a traditional bell metal serving "Bota" as a mark of honour."
- ↑ Saikia, Yasmin (2004). Fragmented Memories: Struggling to Be Tai-Ahom in India. প্ৰকাশক Durham: Duke University Press. ISBN 9780822334255. https://archive.org/details/fragmentedmemori0000saik। আহৰণ কৰা হৈছে: 5june 2025.
- ↑ Zhang, Menghan; Yan, Shi; Pan, Wuyun; Jin, Li (2019). "Phylogenetic evidence for Sino-Tibetan origin in northern China in the Late Neolithic". Nature খণ্ড 569: 112–115. doi:10.1038/s41586-019-1153-z.
- ↑ Zhang, Hanzhi; Ji, Ting; Pagel, Mark; Mace, Ruth (2020). "Dated phylogeny suggests early Neolithic origin of Sino-Tibetan languages". Scientific Reports খণ্ড 10. doi:10.1038/s41598-020-77404-4.
- ↑ DeLancey, Scott (2012). "On the Origins of Bodo-Garo". In Morey, Stephen; Post, Mark W.. North East Indian Linguistics. 4. Cambridge University Press India. পৃষ্ঠা. 3–20.
- ↑ Traditional Burmese Offering Tray Hsun-Ok
- ↑ Traditional Nepalese Offering tray
- ↑ Hazarika, Manjil; Devi, Jonali; Wunglengton, Y. S.; Sanathana, Y. S. (2020). "A Study of Pottery and Terracotta Objects from Excavations at Cotton College (1990–1992) in Guwahati, Assam". Heritage: Journal of Multidisciplinary Studies in Archaeology খণ্ড 8.1: 92–125. https://www.heritageuniversityofkerala.com/JournalPDF/Volume8.1/4.pdf. pp. 108–109, 112–113. The authors identify the dish-on-stand among the principal forms of kaolin or "Ambari ware". Their catalogue records 90 stand/stem fragments, some interpreted as components of dishes-on-stand used in ritual and ceremonial contexts, and describes the complete form as "a more or less flat dish with decorations on the surface having splayed rim attached on top of a stand"
- ↑ Hazarika, Manjil; Devi, Jonali; Wunglengton, Y. S.; Sanathana, Y. S. (2020). "A Study of Pottery and Terracotta Objects from Excavations at Cotton College (1990–1992) in Guwahati, Assam". Heritage: Journal of Multidisciplinary Studies in Archaeology খণ্ড 8.1: 92–125.
- ↑ Dhavalikar, M. K. (1971). "Archaeology of Gauhati". Bulletin of the Deccan College Post-Graduate and Research Institute খণ্ড 31/32 (1/2): 142. "It might have been used for serving tāmbul as is done today, the only difference being that the metal dish-on-stand is now used.".
- ↑ "Culture of Assam". Government of AssamAssam State Portal. https://usp2.amtron.in/about-us/391। আহৰণ কৰা হৈছে: 27 July 2026. "Guests are offered "Tamul Paan" in a traditional bell metal serving "Bota" as a mark of honour."
- ↑ Sharma, Paromita (2018). "A Micro Study of Pottery Traditions from the Early Medieval Brahmaputra Valley". Heritage: Journal of Multidisciplinary Studies in Archaeology খণ্ড 6: 310–332.
- ↑ Sharma, Sukanya (2010). "Southeast Asian Elements in the Archaeological Evidence of Northeast India". SPAFA Journal খণ্ড 20 (3): 24. https://www.seameo-spafa.org/wp-content/uploads/2015/11/225_1316503644_sub.pdf. "The pottery was found abundantly in period I of Ambari excavation in Guwahati. Period I is approximately dated from 7th to 12th century. The radio carbon date is 1030+130 CE.".
- ↑ Kalika Purana, ch. 69, vv. 33–34: अयोमयमृते कांस्यमृते यद्भूषणं भवेत्। स्वर्णरौप्यस्य चाभावे त्वधः काये नियोजयेत्॥ বি. কে. বৰুৱাই এই শ্লোকৰ অৰ্থ এইদৰে দিছে যে লোহা আৰু "bell-metal (kamsya)"ৰ বাহিৰে আন ধাতুৰে নিৰ্মিত অলংকাৰ শৰীৰৰ নিম্নাংশত পৰিধান কৰা উচিত। Barua, Birinchi Kumar (1947). A Cultural History of Assam of the Early Period (PhD thesis). School of Oriental and African Studies, University of London. p. 201.
- ↑ "Earthenware Pedestalled Bowls". National Museum of the Philippines. 7 December 2021. https://www.nationalmuseum.gov.ph/2021/12/07/earthenware-pedestalled-bowls/। আহৰণ কৰা হৈছে: 28 July 2026.
- ↑ "Museum Management System in Cambodia". National Museum of Cambodia. Archived from the original on 28 July 2026. https://web.archive.org/web/20260728173843/https://search.cambodiamuseum.info/index.php/searchcatalog/page_list/f.ref_en_nb/desc/। আহৰণ কৰা হৈছে: 28 July 2026.
- ↑ "Remains at Bhismaknagar". Archaeological Survey of India, Guwahati Circle. http://asiguwahaticircle.gov.in/bhismaknagar.html। আহৰণ কৰা হৈছে: 13 August 2026. "The remains are generally ascribed to the rule of the 'Chutias', a Tibeto-Burmese tribe who ruled over the region of Sadiya from 11th to 16th Century CE."
- ↑ Tada, Tage (2014). Archaeological Remains of Arunachal Pradesh: Upto 16th Century A.D.. প্ৰকাশক Itanagar: Department of Cultural Affairs, Directorate of Research, Government of Arunachal Pradesh. পৃষ্ঠা. 115.
- ↑ Sharma, Sukanya (2010). "Southeast Asian Elements in the Archaeological Evidence of Northeast India". SPAFA Journal খণ্ড 20 (3): 24. https://www.seameo-spafa.org/wp-content/uploads/2015/11/225_1316503644_sub.pdf.
- ↑ Ghosh, Baishali (2021). "Recovering Local Agency and Technology in the Trans-Roman-Deccani Trade". World History Connected খণ্ড 18 (3): 7. https://worldhistoryconnected.press.uillinois.edu/18.3/pdfs/06_WHC_18_3_Ghosh.pdf. "Furthermore, the use of kaolin was unknown to South Asian potters until the Muslim invasion that introduced the application of kaolin through porcelain-making and pot-glazing.".
- ↑ ভূঞা, এছ. কে., সাতসৰী বুৰঞ্জী, পৃ. ৫৮: “ফ্ৰাচেংমুঙলৈ দিলে সুবৰ্ণৰ শৰাই ২ খন, পাটি ২ টা..”
- ↑ Bhuyan, Surya Kumar, ed (1960). Satsari Asam Buranji. প্ৰকাশক Gauhati: Gauhati University. পৃষ্ঠা. 126.
- ↑ "horai". Xobdo. https://www.xobdo.org/dic/horai। আহৰণ কৰা হৈছে: 14 June 2026.
- ↑ ROOHI (19 December 2019). "Weaving in indigenous Dimasa community of Assam". Heinrich Böll Stiftung. https://in.boell.org/en/weaving-indigenous-dimasa-community-assam। আহৰণ কৰা হৈছে: 14 June 2026.
- ↑ Bhuyan, Surya Kumar, ed (1960). Satsari Asam Buranji. প্ৰকাশক Gauhati: Gauhati University. পৃষ্ঠা. 126.
- ↑ Borua, Golap Chandra (1920) (en ভাষাত). Ahom-Assamese-English Dictionary. প্ৰকাশক Calcutta: Baptist Mission Press. পৃষ্ঠা. 62. https://archive.org/details/ahom-assamese-english_dictionary। আহৰণ কৰা হৈছে: 2026-07-04.
- ↑ Borrowed from Old Chinese 盤 (OC *baːn, “tray”). Cognate with Lao ພານ (phān), Tai Dam ꪝꪱꪙ or ꪟꪱꪙ, Burmese ဗန်း (ban:, “tray”), Shan ပၢၼ်ႉ (pâ̰an, “tray”), and possibly Khmer ពាន (piən) (Pou and Jenner, 1980-1981)
- ↑ Borua, Golap Chandra (1920) (en ভাষাত). Ahom-Assamese-English Dictionary. প্ৰকাশক Calcutta: Baptist Mission Press. পৃষ্ঠা. 138. https://archive.org/details/ahom-assamese-english_dictionary। আহৰণ কৰা হৈছে: 2026-07-04.
- ↑ Borua, Golap Chandra (1920) (en ভাষাত). Ahom-Assamese-English Dictionary. প্ৰকাশক Calcutta: Baptist Mission Press. পৃষ্ঠা. 228. https://archive.org/details/ahom-assamese-english_dictionary। আহৰণ কৰা হৈছে: 2026-07-04.
- ↑ "..offer nine mehengas (stands full of offerings)..." Barua, Golap Chandra (1930) (en ভাষাত). Ahom-Buranji: From the Earliest Time to the End of Ahom Rule. প্ৰকাশক Calcutta: Baptist Mission Press. পৃষ্ঠা. 16. https://archive.org/details/dli.csl.7850/page/N20। আহৰণ কৰা হৈছে: 2026-07-04.
- ↑ Dhavalikar, M. K. (1971). "Archaeology of Gauhati". Bulletin of the Deccan College Post-Graduate and Research Institute খণ্ড 31/32 (1/2): 142. "It might have been used for serving tāmbul as is done today, the only difference being that the metal dish-on-stand is now used.".
- ↑ Barua, Golap Chandra (1930) (en ভাষাত). Ahom-Buranji: From the Earliest Time to the End of Ahom Rule. প্ৰকাশক Calcutta: Baptist Mission Press. পৃষ্ঠা. 105. https://archive.org/details/dli.csl.7850/page/N109। আহৰণ কৰা হৈছে: 2026-07-04.
- ↑ "..offer nine mehengas (stands full of offerings)..." Barua, Golap Chandra (1930) (en ভাষাত). Ahom-Buranji: From the Earliest Time to the End of Ahom Rule. প্ৰকাশক Calcutta: Baptist Mission Press. পৃষ্ঠা. 16. https://archive.org/details/dli.csl.7850/page/N20। আহৰণ কৰা হৈছে: 2026-07-04.
- ↑ "Pedestal Bowl". Himalayan Art Resources. https://www.himalayanart.org/items/3314996। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Tibetan Buddhist Silver Pedestal Offering Bowl". Invaluable. https://www.invaluable.com/auction-lot/tibetan-buddhist-silver-pedestal-offering-bowl-13-1206-c-b9d41abb7e। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Stemmed Offering Bowl". Rubin Museum of Himalayan ArtRubin Museum of Himalayan Art. https://rubinmuseum.org/collection/sc2012-7-6-1-7/। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Base for an offering mandala used in Tibetan Buddhist rituals". Smithsonian InstitutionNational Museum of Asian Art. https://asia-archive.si.edu/object/F1998.295। আহৰণ কৰা হৈছে: 15 June 2026. "It serves as a stand, or base, to hold offerings (usually grain), which are arranged to form a mandala."
- ↑ "Serkyem Offering in Buddhism: A Comprehensive Guide". Evamratna. 21 November 2023. https://evamratna.com/blogs/evamratna-blogs/serkyem-offering। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Tea Bowl with Stand and Lid". Rubin Museum of Himalayan ArtRubin Museum of Himalayan Art. https://rubinmuseum.org/collection/sc2013-2a-c/। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "ဗန်း". Wiktionary. https://en.wiktionary.org/wiki/%E1%80%97%E1%80%94%E1%80%BA%E1%80%B8। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "လင်ပန်း". Wiktionary. https://en.wiktionary.org/wiki/%E1%80%9C%E1%80%84%E1%80%BA%E1%80%95%E1%80%94%E1%80%BA%E1%80%B8। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Lacquerware". Wikipedia. https://en.wikipedia.org/wiki/Lacquerware। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "hsun-ok; vessel-stand; bowl". The British MuseumBritish Museum Collection Online. https://www.britishmuseum.org/collection/object/A_1993-1117-1। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "hsun-ok; vessel-stand; bowl". The British MuseumBritish Museum Collection Online. https://www.britishmuseum.org/collection/object/A_1993-1117-1। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Buddhist offering vessel (hsun ok)". Art Gallery of South AustraliaArt Gallery of South Australia Collection. https://www.agsa.sa.gov.au/collection-publications/collection/works/buddhist-offering-vessel-hsun-ok/24828/। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "hsun-ok". The British MuseumBritish Museum Collection Online. https://www.britishmuseum.org/collection/object/A_1998-0723-241। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Burmese Lacquer Hson-ok Offering Box". Michael Backman Ltd. https://www.michaelbackmanltd.com/archived_objects/burmese-lacquer-hson-ok-offering-box/। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ Gallon, Matthew (2022). "Early States in Thailand: Dvāravatī". The Oxford Handbook of Early Southeast Asia. Oxford University Press. পৃষ্ঠা. 679–702. doi:10.1093/oxfordhb/9780199355358.013.32.
- ↑ Diffloth, Gérard (1984). The Dvaravati Old Mon Language and Nyah Kur. Monic Language Studies. 1. প্ৰকাশক Bangkok: Chulalongkorn University.
- ↑ Indrawooth, Phasook (1985). Index Pottery of Dvāravatī Period. প্ৰকাশক Bangkok: Department of Archaeology, Silpakorn University. English abstract, p. 7. https://archaeovirtual.com/ebook/%E0%B8%94%E0%B8%A3%E0%B8%A3%E0%B8%8A%E0%B8%99%E0%B8%B5%E0%B8%A0%E0%B8%B2%E0%B8%8A%E0%B8%99%E0%B8%B0%E0%B8%94%E0%B8%B4%E0%B8%99%E0%B9%80%E0%B8%9C%E0%B8%B2%E0%B8%AA%E0%B8%A1%E0%B8%B1%E0%B8%A2%E0%B8%97%E0%B8%A7%E0%B8%B2%E0%B8%A3%E0%B8%A7%E0%B8%94%E0%B8%B5%20-%20%E0%B8%A8%E0%B8%B2%E0%B8%AA%E0%B8%95%E0%B8%A3%E0%B8%B2%E0%B8%88%E0%B8%B2%E0%B8%A3%E0%B8%A2%E0%B9%8C%E0%B9%80%E0%B8%81%E0%B8%B5%E0%B8%A2%E0%B8%A3%E0%B8%95%E0%B8%B4%E0%B8%84%E0%B8%B8%E0%B8%93%20%E0%B8%94%E0%B8%A3.%E0%B8%9C%E0%B8%B2%E0%B8%AA%E0%B8%B8%E0%B8%82%20%E0%B8%AD%E0%B8%B4%E0%B8%99%E0%B8%97%E0%B8%A3%E0%B8%B2%E0%B8%A7%E0%B8%B8%E0%B8%98/files/basic-html/page7.html. "various types of Dvaravati pottery inherited the ancient types produced since prehistoric time:- e.g. dish-on-stand, carinated vessel etc."
- ↑ "ពាន". Wiktionary. https://en.wiktionary.org/wiki/%E1%9E%96%E1%9E%B6%E1%9E%93। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Mon-Khmer Languages Database: Khmer". Center for Research in Computational LinguisticsSEAlang Library. Archived from the original on 24 May 2024. https://web.archive.org/web/20240524185945/http://www.sealang.net/monkhmer/database/retrieve.pl?language=Khmer&sort=gloss&format=html। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Phan (tray)". Wikipedia. https://en.wikipedia.org/wiki/Phan_(tray)। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ Blench, Roger (2025). "Basketry in Austroasiatic". In Alves, Mark. Austroasiatic Linguistics in Honour of Michel Ferlus. JSEALS Special Publication. পৃষ্ঠা. 87–88. https://icaal.net/wp-content/uploads/2026/01/AA-Linguistics-in-Honour-of-Michel-Ferlus-2025.pdf। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ Heng, Piphal (2016). "Transition to the Pre-Angkorian period (300–500 CE): Thala Borivat and a regional perspective". Journal of Southeast Asian Studies খণ্ড 47 (3): 484–505. doi:10.1017/S0022463416000369. https://www.cambridge.org/core/journals/journal-of-southeast-asian-studies/article/transition-to-the-preangkorian-period-300500-ce-thala-borivat-and-a-regional-perspective/AEC80A473E33ED556489658939C261D2। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ Heng, Piphal (2016). "Transition to the Pre-Angkorian period (300–500 CE): Thala Borivat and a regional perspective". Journal of Southeast Asian Studies খণ্ড 47 (3): 484–505. doi:10.1017/S0022463416000406.
- ↑ Stark, Miriam T. (2019). "Earthenware Ceramic Technologies of Angkor Borei, Cambodia". Udaya, Journal of Khmer Studies খণ্ড 14: 109–132.
- ↑ Kong, Vireak (2009). Khmer Silverwares. প্ৰকাশক Phnom Penh: UNESCO. https://unesdoc.unesco.org/ark:/48223/pf0000187953। আহৰণ কৰা হৈছে: 9 June 2026.
- ↑ "History of Thailand". Encyclopaedia Britannica. Retrieved 9 June 2026.
- ↑ "Khmer Empire". Encyclopaedia Britannica. Retrieved 9 June 2026.
- ↑ Evans, Grant (2016). "The Tai Original Diaspora". Journal of the Siam Society খণ্ড 104: 1–14. https://thesiamsociety.org/wp-content/uploads/2016/04/JSS_104_0b_Evans_TaiOriginalDiaspora.pdf। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "History of Thailand: Mon-Khmer civilizations". Encyclopaedia BritannicaEncyclopaedia Britannica. https://www.britannica.com/topic/history-of-Thailand। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "พาน". Wiktionary. https://en.wiktionary.org/wiki/%E0%B8%9E%E0%B8%B2%E0%B8%99। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ “พาน” in Thai Dictionary Project (TDP) (UC Berkeley 1964) (plus additional data from the Royal Institute of Thailand (RI) and NECTEC's LEXITRON project (LEX)). Searchable online at sealang
.net - ↑ Barua, Golap Chandra (1920). Ahom-Assamese-English Dictionary. প্ৰকাশক Calcutta: Baptist Mission Press. পৃষ্ঠা. 138. https://ia801408.us.archive.org/2/items/in.ernet.dli.2015.463794/2015.463794.Ahom-assamese-english-Dictionary.pdf। আহৰণ কৰা হৈছে: 2026-06-14.
- ↑ Titrassamee, Songsak; Lamduan, Somchai; Phaengsoi, Kosit (2014-06-12). "Bai Sri Su Khwan: Spirit Blessing in North-eastern Thailand". Asian Culture and History (Canadian Center of Science and Education) খণ্ড 6 (2): 134–138. doi:10.5539/ach.v6n2p134. ISSN 1916-9655. https://patricklepetit.jalbum.net/ANIMISM%20AND%20RELIGION/LIBRARY/Bai_Sri_Su_Khwan_Spirit_Blessing_in_North-eastern.pdf। আহৰণ কৰা হৈছে: 2026-06-14.[সংযোগবিহীন উৎস]
- ↑ Griswold, A. B.; Prasert na Nagara (1975). "The Inscription of Văt Khemā: Epigraphic and Historical Studies No. 15". Journal of the Siam Society খণ্ড 63 (1): 127–142. https://thesiamsociety.org/wp-content/uploads/1975/03/JSS_063_1j_GriswoldPrasert_InscriptionOfVatKhema.pdf. "The word ... is evidently used in its modern sense, 'a tray with a pedestal.'".
- ↑ Griswold, A. B.; Prasert na Nagara (1975). "The Inscription of Văt Khemā: Epigraphic and Historical Studies No. 15". Journal of the Siam Society খণ্ড 63 (1): 127–142. https://thesiamsociety.org/wp-content/uploads/1975/03/JSS_063_1j_GriswoldPrasert_InscriptionOfVatKhema.pdf. "One pedestal tray ... of foreign make".
- ↑ Titrassamee, Songsak; Lamduan, Somchai; Phaengsoi, Kosit (2014-06-12). "Bai Sri Su Khwan: Spirit Blessing in North-eastern Thailand". Asian Culture and History (Canadian Center of Science and Education) খণ্ড 6 (2): 134–138. doi:10.5539/ach.v6n2p134. ISSN 1916-9655. https://patricklepetit.jalbum.net/ANIMISM%20AND%20RELIGION/LIBRARY/Bai_Sri_Su_Khwan_Spirit_Blessing_in_North-eastern.pdf। আহৰণ কৰা হৈছে: 2026-06-14.[সংযোগবিহীন উৎস]
- ↑ "Conserving a Burmese offering vessel". The British MuseumBritish Museum. 13 September 2023. https://www.britishmuseum.org/blog/conserving-burmese-offering-vessel। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Buddhist offering vessel (hsun ok)". Art Gallery of South AustraliaArt Gallery of South Australia Collection. https://www.agsa.sa.gov.au/collection-publications/collection/works/buddhist-offering-vessel-hsun-ok/24828/। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Earthenware Pedestalled Bowls". National Museum of the PhilippinesNational Museum of the Philippines. 7 December 2021. https://www.nationalmuseum.gov.ph/2021/12/07/earthenware-pedestalled-bowls/। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Offering tray (talam)". The Metropolitan Museum of ArtThe Metropolitan Museum of Art. https://www.metmuseum.org/art/collection/search/715081। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Offering Vessel in the Form of a Female Head". LACMALos Angeles County Museum of Art. https://collections.lacma.org/node/175545। আহৰণ কৰা হৈছে: 15 June 2026.
- ↑ "Shikyntien Kwai: A Folklore about Betel Hospitality in Khasi Society". NECARF. 14 October 2020. https://www.necarf.org/home/articles/54/shikyntien-kwai-a-folklore-about-betel-hospitality-in-khasi-society। আহৰণ কৰা হৈছে: 9 June 2026.
- ↑ Ahuja, S. C.; Ahuja, Uma (2011). "Betel Leaf and Betel Nut in India: History and Uses". Asian Agri-History খণ্ড 15 (1): 13–35. https://www.researchgate.net/publication/292469329_Betel_leaf_and_betel_nut_in_India_History_and_uses। আহৰণ কৰা হৈছে: 9 June 2026.
- ↑ "Culture of Assam". Government of AssamAssam State Portal. https://assam.gov.in/about-us/391। আহৰণ কৰা হৈছে: 9 June 2026.
- ↑ "Xorai". GKToday. 20 March 2021. https://www.gktoday.in/xorai/.
- ↑ "Xorai". GKToday. https://www.gktoday.in/xorai/.
- ↑ "Xorai". GKToday. 20 March 2021. https://www.gktoday.in/xorai/.
টোকা
[সম্পাদনা কৰক]- ↑ আমবাৰী, গুৱাহাটীৰ উৎখননৰ ওপৰত কৰা অধ্যয়নত পুৰাতত্ত্ববিদ এম. কে. ধাৱালিকাৰে (Ambari Ware বুলি অভিহিত কৰা) সূক্ষ্ম মৃৎপাত্ৰসমূহৰ পাদযুক্ত থালখনক (dish-on-stand) এটা স্বকীয় আকৃতি হিচাপে চিনাক্ত কৰিছিল। ধাৱালিকাৰে মত প্ৰকাশ কৰে যে এই পাত্ৰসমূহ হয়তো তামোল-পাণ আগ বঢ়াবলৈ ব্যৱহাৰ কৰা হৈছিল, যিদৰে আধুনিক অসমতো কৰা হয়; তেওঁৰ মতে পাৰ্থক্য মাথোঁ এইটোৱেই যে আধুনিক যুগত এনে পাত্ৰ ধাতুৰে নিৰ্মিত।[2] আধুনিক অসমত তামোল-পাণ আগবঢ়াবলৈ ব্যৱহাৰ কৰা এনে ধাতুৰ পাদযুক্ত পাত্ৰৰ ভিতৰত বটা অন্যতম; অসম চৰকাৰৰ সাংস্কৃতিক প'ৰ্টেলতো অতিথিক সন্মান জনাবলৈ পৰম্পৰাগত কাঁহৰ বটাত তামোল-পাণ আগবঢ়োৱাৰ প্ৰথাৰ উল্লেখ আছে।[3]
- ↑ আধুনিক অসমত তামোল-পাণ আগবঢ়াবলৈ ব্যৱহাৰ কৰা এনে ধাতুৰ পাদযুক্ত পাত্ৰৰ ভিতৰত বটা অন্যতম; অসম চৰকাৰৰ সাংস্কৃতিক প'ৰ্টেলতো অতিথিক সন্মান জনাবলৈ পৰম্পৰাগত কাঁহৰ বটাত তামোল-পাণ আগবঢ়োৱাৰ প্ৰথাৰ উল্লেখ আছে।[13]
- ↑ বৈশালী ঘোষৰ মতে মুছলমান আক্ৰমণৰ আগলৈকে দক্ষিণ এছিয়াৰ কুমাৰসকলে কাওলিন ব্যৱহাৰ কৰিবলৈ জনা নাছিল; মুছলমান আক্ৰমণৰ পাছত চীনামাটিৰ পাত্ৰ নিৰ্মাণ আৰু পাত্ৰত গ্লেজ প্ৰয়োগৰ জৰিয়তে কাওলিনৰ ব্যৱহাৰ প্ৰৱৰ্তিত হয়।"[22]
- ↑ বুৰঞ্জীত উল্লেখ আছে যে শদিয়া দখল কৰি চুতীয়া ৰজাৰ সোণৰ মাইহাং আহোম ৰজাই ব্যৱহাৰ কৰিব লৈছিল। কাশীনাথ তামুলী ফুকনৰ বুৰঞ্জীৰ(p. 18) আৰু হিতেশ্বৰ বৰবৰুৱাৰ "আহোমৰ দিন" গ্ৰন্থৰ(p. 49) অনুসৰি শদিয়া জয় কৰি আহোম ৰজা চুহুংমুঙে বহুতো সামগ্ৰী নিজৰ ৰাজধানী লৈ আনিছিল আৰু তাৰে ভিতৰত সোণৰ মাইহাং ও অন্যতম। নাওবৈচা ফুকনৰ বুৰঞ্জীত (p.43) মতে চুহুংমুঙ ৰজাই চুতীয়াৰ পৰা লোৱা সোণ-ৰূপৰ মাইহাং ব্যৱহাৰ কৰিব লৈছিল।