শৰাই


শৰাই (ইংৰাজী: Xorai) অসমীয়া লোক সংস্কৃতিৰ এক অনৱদ্য সম্পদ।[1] দেৱতাক নৈৱেদ্য দিয়া বা কোনো মহৎ গ্ৰন্থ ৰখা আৰু ডাঙৰ মানুহক মান ধৰা এবিধ থিয় কাণেৰে খুৰা লগোৱা অসমীয়া পৰম্পৰাগত পাত্ৰ।[2] ই একাধাৰে সন্মানৰ প্ৰতীক, থাপনাৰ আসন তথা গৃহ-সজ্জাৰ কলাত্মক সামগ্ৰী। পিতল আৰু কাঁহেৰে শৰাই নিৰ্মাণ কৰা হয়। ইয়াৰ উপৰি ৰূপ আৰু তামেৰেও শৰাই নিৰ্মাণ কৰা দেখা যায়।
বুৰঞ্জী সমূহত শৰাইৰ প্ৰথম উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়। ১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ শৰাই(টাই ভাষাত "ফুন" কোৱা হয়) শৰাই উপহাৰ দিছিল। চুহুংমুঙ ৰজাই চুতীয়া ৰাজধানী শদিয়া দখল কৰিও আন সামগ্ৰীৰ লগতে শৰাই লাভ কৰিছিল। ইয়াৰ উপৰিও ১৫২৪ত চুতীয়া ৰাজধানী শদিয়া দখল কৰি চুহুংমুঙে "মাইহাং" শৰাই পোৱা উল্লেখ আছে। মধ্যযুগত সিংহাসনৰ সন্মুখত নৈৱেদ্য দিবলৈ আৰু সত্ৰাধিকাৰ সকলক সেই বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ শৰাইৰ ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান সময়ত সামাজিক কৰ্মাদি যেনে সকাম, উৎসৱ আদিত প্ৰসাদ সজাবৰ বাবে শৰাই ব্যৱহাৰ কৰা হয়।
নিৰ্মাণ
[সম্পাদনা কৰক]পিতল আৰু কাঁহ উভয়েৰে শৰাই নিৰ্মাণ কৰিলেও পিতলৰ শৰাইৰ প্ৰচলন অধিক। ৰূপ নতুবা তামেৰে সজা শৰাইৰো প্ৰচলন দেখা যায়। ঢাকনি থকা আৰু নথকা দুই ধৰণৰ শৰাই পোৱা যায়।[2]
বিশেষত পিতল আৰু কাঁহ নামৰ সংকৰ ধাতুৰ দ্বাৰা শৰাই নিৰ্মাণ কৰা হয়। শৰাই নিৰ্মাণ কৰিবলৈ প্ৰথমে চাক পিতল কাটি লোৱা হয়। কাটি লোৱা চাক পিতল শৰাইৰ গঠন আৰু আকৃতি মতে কাঠৰ ফৰ্মাত বহুৱাই কোৱাই লোৱা হয়। ফৰ্মাত বহুওৱাৰ আগতে চাক পিতলৰ কাটি লোৱা অংশতো জুইত সুমোৱাই তাপ দি কোমল কৰি লোৱা হয়। এনে কৰিলে ফৰ্মাত বহুৱাই পিতাৰ পিছত ফাটি নাযায়। আগতে জুইশালত ছাগলীৰ ছালেৰে তৈয়াৰী ভাটিৰ সহায়ত বতাহ লগাই পেৰা হৈছিল কিন্তু বৰ্তমান যন্ত্ৰৰ সহায়ত সেই কাম সম্পন্ন কৰা হয়। শৰাই এখন প্ৰস্তুত কৰোঁতে প্ৰথমে বেলেগ বেলেগ অংশবোৰ বনাই লোৱা হয়। চাক পিতলৰ কটা অংশ জোৰা দিবলৈ দস্তা আৰু পিতলৰ ৩:১ অনুপাতত তৈয়াৰ কৰা মিশ্ৰণ “পায়েন” ব্যৱহাৰ কৰা হয়। পায়েন তৈয়াৰ কৰোঁতে পিতল আৰু দস্তাৰ মিশ্ৰণ বহল মুখৰ সৰু মাটিৰ পাত্ৰ ‘মুহী’ত দি জুইত গলাই লোৱা হয়। পিছত চেঁচা পায়েন গুড় কৰি লোহাৰ চাতুলী, ৰেতি আদি সঁজুলিৰে মিহি কৰি চাফা কৰা হয়। আগতে নিৰ্মাণ কৰি থোৱা অংশবোৰ লা লগাই সঠিক স্থানত সংযোগ কৰি এখন সম্পূৰ্ণ শৰাই নিৰ্মাণ কৰা হয়। এখন শৰাইৰ ঢাকনিখনৰ পাতি, গল আৰু চোলা আদি অংশবোৰ থাকে। শৰাইখনৰ তলৰ খণ্ডতোৰ অংশ কেইটা ক্ৰমে দাইলা, ঠগীধৰা, কলচি, কাচি আৰু পয়েৰা।[3]
ব্যৱহাৰ
[সম্পাদনা কৰক]অসমত শৰাইৰ প্ৰচলন কেতিয়াৰ পৰা হ’ল, সেই সম্পৰ্কে তথ্যৰ অভাৱ। বুৰঞ্জী সমূহত শৰাইৰ প্ৰথম উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়। ১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ শৰাই(টাই ভাষাত “ফুন” কোৱা হয়) শৰাই উপহাৰ দিছিল। চুহুংমুঙ ৰজাই চুতীয়া ৰাজধানী শদিয়া দখল কৰিও আন সামগ্ৰীৰ লগতে শৰাই লাভ কৰিছিল। ইয়াৰ উপৰিও ১৫২৪ত চুতীয়া ৰাজধানী শদিয়া দখল কৰি চুহুংমুঙে “মাইহাং” শৰাই পোৱা উল্লেখ আছে। [4] মধ্যযুগত সিংহাসনৰ সন্মুখত নৈৱেদ্য দিবলৈ আৰু সত্ৰাধিকাৰ সকলক সেই বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ সন্মানাৰ্থে শৰাইৰ ব্যৱহাৰ কৰা হৈছিল। অসমীয়া সমাজত বৰ্তমান সময়ত সামাজিক কৰ্মাদি যেনে নামঘৰৰ অনুষ্ঠান, পূজা-পাৰ্ৱন, সকাম, উৎসৱ আদিত নৈৱেদ্য বা প্ৰসাদ আদি সজাবৰ বাবে শৰাইৰ ব্যৱহাৰ বহুলভাৱে কৰা হয়। বাঁহ, বেত তথা কাঠেৰে সজা শৰাই উপহাৰ তথা গৃহ সজ্জাৰ বাবে ব্যৱহাৰ কৰা দেখা যায়।
আহোম ৰাজত্ব কালত ৰজা, ডা-ডাঙৰীয়া আৰু গুৰুজনাক অসমীয়া লোকে শৰাই আগবঢ়াই সন্মান যাঁচিছিল। ব’হাগ বিহুৰ সময়ত হুঁচৰি গাবলৈ অহা ৰাইজক ফুলাম গামোচা এখনেৰে তামোল-পাণ সহ টকা এটি শৰাইত আগবঢ়োৱাটো পুণ্যৰ কাম হিচাপে গণ্য কৰা হয়।
অতিথিসকলক আদৰণি জনাবলৈ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ তামোল–পান আগবঢ়োৱাৰ থাল হিচাপে শৰাই ব্যৱহাৰ কৰা হয়।
সম্বৰ্দ্ধনা অনুষ্ঠানত বিশেষ অতিথি বা সন্মানীয় ব্যক্তিক উপহাৰ হিচাপে শৰাই আগবঢ়োৱা হয়।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Assam General Knowledge. Bright Publications. পৃষ্ঠা. 20–. ISBN 978-81-7199-451-9. http://books.google.com/books?id=reuQbFK9Rz4C&pg=PA20। আহৰণ কৰা হৈছে: 21 November 2012.
- ↑ 2.0 2.1 "about xorai". xobdo.org. Archived from the original on July 18, 2015. https://web.archive.org/web/20150718023305/http://www.xobdo.org/asm/%E0%A6%B6%E0%A7%B0%E0%A6%BE%E0%A6%87। আহৰণ কৰা হৈছে: January 20, 2013.
- ↑ ডেকা, হেমন্ত (১৮ জুন ২০২০). "অসমৰ লোক সংস্কৃতিত শৰাই". দৈনন্দিন বাৰ্তা. https://www.dainandinbartagroup.in/the-people-of-assam-are-sarai-in-culture/। আহৰণ কৰা হৈছে: ২২ মে ২০২৫.
- ↑ "শৰাই: শৰাইৰ ব্যৱহাৰ". নতুন পোহৰ. মে ২০২৩. https://notunpohor.com/2023/05/শৰাই-শৰাইৰ-ব্যৱহাৰ/। আহৰণ কৰা হৈছে: ২২ মে ২০২৫.
| ||||||||||||||||||||||||||