উৎসৱ

উৎসৱ বুলিলে সাধাৰণতে সামাজিক, ধৰ্মীয় আৰু ঐতিহ্যগত প্ৰেক্ষাপটত পালিত আনন্দ অনুষ্ঠানক বুজায়। উৎসৱ-অনুষ্ঠান হৈছে জাতি এটাৰ মাজত পৰম্পৰাগতভাৱে চলি অহা আচাৰ-অনুষ্ঠান। ইয়াক ধৰ্মীয় আৰু সামাজিক দুটা ভাগত ভগাব পাৰি। উৎসৱৰ মাধ্যমেৰে বিভিন্ন অঞ্চলৰ লোকৰ মাজত সমন্বয় গঢ়ি উঠে৷[1]
অসমত প্ৰচলিত কেইটামা প্ৰধান লোক উৎসৱ হৈছে বহাগ বিহু, মাঘ বিহু, কাতি বিহু, ঈদ ইত্যাদি। হিন্দু ধৰ্মাৱলম্বীসকলৰ বাৰ্ষিক উৎসৱৰ ভিতৰত কৃষ্ণ জন্মাষ্টমী, দুৰ্গা পূজা, সৰস্বতী পূজা। মুছলমান ধৰ্মাৱলম্বীসকলৰ ধৰ্মীয় উৎসৱৰ ভিতৰত আছে ঈদুল ফিতৰ আৰু ঈদুল আজহা আদি।
গুৰুত্বপূৰ্ণ সামৰিক বিজয় বা নতুন দেশ গঠনৰ দৰে ঐতিহাসিক তাত্পৰ্যপূৰ্ণ ঘটনাকো কেতিয়াবা উত্সৱ হিচাপে পালন কৰা হয়। এনে উৎসৱৰ প্ৰথম উদাহৰণ হৈছে প্ৰাচীন মিছৰৰ ফেৰাউন ৰামেছেছ তৃতীয় (Pharaoh Ramesses III)ই লিবিয়ান জয় কৰাৰ পিছত উৎসৱ উদযাপন কৰিছিল।[2] সেইদৰে অযোধ্যাৰ ৰজা ৰামচন্দ্ৰইও লংকা জয় কৰি দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল। প্ৰায়বোৰ উৎসৱেই বছৰেকৰ মূৰত পালন কৰা হয়।
ধৰ্মীয় উৎসৱ[সম্পাদনা কৰক]
- শিৱৰাত্ৰি
- দুৰ্গা পূজা
- সৰস্বতী পূজা
- বিশ্বকৰ্মা পূজা
- লক্ষ্মী পূজা
- ফাকুৱা
- ৰাস পূৰ্ণিমা
- ঈদ
- বুদ্ধ পূৰ্ণিমা
সামাজিক উৎসৱ[সম্পাদনা কৰক]
সামাজিক উৎসৱসমূহ সাধাৰণতে বিভিন্ন সমাজৰ মাজত কোনো এটা নিৰ্দিষ্ট দিনত উদযাপন কৰা হয়।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Caves, R. W. (2004). Encyclopedia of the City. Routledge. পৃষ্ঠা. 264.
- ↑ Berrett, LaMar C.; Ogden D. Kelly (1996). Discovering the world of the Bible (3rd ed., rev. সম্পাদনা). প্ৰকাশক Provo, Utah: Grandin Book Co.. পৃষ্ঠা. 289. ISBN 0-910523-52-5.