সমললৈ যাওক

খ্ৰীং খ্ৰীং বাইথ' পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ পৰা পুনঃনিৰ্দেশিত)
খ্ৰীং খ্ৰীং বাইথ’ পূজা
খ্ৰীং খ্ৰীং বাইথ’ পূজা
প্ৰকাৰ Asian
উদযাপন ১.দেও নমোৱা ২.মূল পূজা ৩.বিহু নমোৱা ৪.বাঘদেউ পূজা
সম্পৰ্কিত বড়ো-কছাৰী
অৱধি চাৰিদিনীয়া
সংঘটন বাৰ্ষিক

খ্ৰীং খ্ৰীং বাইথ' পূজা হৈছে সোণোৱাল কছাৰীৰ লোক-সমাজত প্ৰচলিত এক কৃষিভিত্তিক ধৰ্মীয় উৎসৱ তথা সোণোৱাল কছাৰী জনগোষ্ঠীৰ নৱবৰ্ষৰ আৰম্ভনি উৎসৱ।[1] এই উৎসৱ বাইথ' থান নামৰ পৰম্পৰাগত দেউশালত অনুষ্ঠিত কৰা হয় আৰু এই উৎসৱত লগত হাইদাং নামৰ এবিধ গীত গোৱা হয়।[2] মূলতঃ কৃষিভিত্তিক এই বাৰ্ষিক পৰম্পৰা প্ৰতিবছৰে শুক্লপক্ষৰ দ্বিতীয় দেওবাৰে দেও নমোৱা, সোমবাৰে মূল পূজা,মঙলবাৰে বিহু নমোৱা আৰু বুধবাৰে বাঘদেউ পূজা কৰি মুঠ চাৰিদিনীয়া পূজাৰ আয়োজনেৰে সামৰণি মৰা হয়।

পৌৰাণিক প্ৰথা

[সম্পাদনা কৰক]

অন্যান্য সমগোত্ৰীয় সম্প্ৰদায়ৰ সমন্বিতে সোণোৱালসকলে প্ৰাচীন কালৰে পৰা পালন কৰি অহা ধৰ্মটোৰ নাম হৈছে ‘কিৰাত’ বা ‘কৈৰাত’। এওঁলোকৰ লোক-সমাজ জীৱন-প্ৰণালীৰ সাংস্কৃতিক ধাৰা আৰু লোকাচাৰসমূহ অধিকাংশই কিৰাত অৰ্থাৎ শিৱকেন্দ্ৰিক। এওঁলোকৰ জীৱন-পদ্ধতি ত্ৰি-মুখী, ত্ৰি-ধাৰা সমন্বিত - জাগতিক, মানসিক আৰু আধ্যাত্মিক (আধিভৌতিক-আধিদৈৱিক-আধ্যাত্মিক)। জনগোষ্ঠীটোৰ মূল উপাস্যদেৱতা হ'ল 'খ্ৰীং খ্ৰীং বাইথ'। ইয়াত 'খ্ৰীং' শব্দই পৃথিৱীৰ উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ - এই চাৰিশ্ৰেণী জীৱ অৰ্থাৎ খ - উৰণ + ৰ - বুৰণ + ঈ - গজন + ঙ - ভ্ৰমণক প্ৰতিনিধিত্ব কৰে আৰু এই চাৰিশ্ৰেণী জীৱৰ ত্ৰাণকৰ্তা 'বাইথ' দেৱতাৰ উদ্দেশ্যে সমস্ত জীৱকুলৰ কল্যাণাৰ্থে সম্পাদন কৰা উপাসনা পদ্ধতিটোক 'বাইথ' পূজা' বোলা হয়। সোণোৱালসকলৰ এই বাইথ' 'শিৱ' বা 'কিৰাত'ৰেই নামান্তৰ। এই ধৰ্মীয় আদৰ্শৰ প্ৰধান উপাস্য দেৱতা 'কিৰাত' বা 'শিৱ' হোৱাৰ বাবেই এওঁলোকৰ ধৰ্মটোৰো নাম হয় ‘কিৰাত’ বা ‘কৈৰাত’। কিৰাত দেৱতাক বড়ো ভাষাত 'বাথৌ' বুলি কোৱা হয় আৰু সেই বড়োমূলীয় জনগোষ্ঠীৰে অন্যতম ঠাল হোৱাৰ সূত্ৰে অপভ্ৰংশৰূপত সোণোৱালসকলে ইয়াক 'বাইথ' বুলি উচ্চাৰণ কৰে। এই বাইথ'উপাসনাত পৰিৱেশিত তেওঁলোকৰ প্ৰাচীনতম স্তুতিগীত ‘হায়দাং গীত’ত ‘হা ইয়হ নমো নাৰায়ণ’....বুলি নাৰায়ণৰূপী ব্ৰহ্মাক প্ৰণাম জনাই সৃষ্টিতত্ত্বৰ ৰহস্য ব্যাখ্যা কৰা হয়। তেওঁলোকে বিশ্বাস কৰে যে পৰমাত্মাৰ আদি ৰূপ হ’ল ‘নাৰায়ণ’। এই নাৰায়ণক আৰোপ কৰা হৈছে 'শিৱ'ত। শিৱ সৃষ্টিৰ দেৱতা, আৰু সেয়ে, সৃষ্টিৰ প্ৰতীক 'শিৱলিংগ'ক পৰমব্ৰহ্মৰ ৰূপ জ্ঞান কৰি তেওঁলোকে ইয়াক উপাসনা কৰে। এই উপাসনা শিৱৰাত্ৰিৰ পাছৰ দ্বিতীয় সোমবাৰক মুখ্য কৰি চাৰিদিনীয়াকৈ শিৱলিংগৰূপে প্ৰতিষ্ঠা কৰা ক'ল-ডিল আকাৰৰ গন্ধসৰৈ গছৰ খুটাবিশিষ্ট তেওঁলোকৰ মূল মন্দিৰ প্ৰাংগনত ব্যাপক মন্ত্ৰোচ্চাৰণ, বন্তি প্ৰজ্জ্বলন আৰু গীত-বাদ্য-নৃত্যৰ সমন্বয়ত মহাসমাৰোহেৰে সম্পাদিত হয়। ইয়াত তান্ত্ৰিক প্ৰথাৰে সৃষ্টি-তত্ত্বৰ 'পুৰুষ' আৰু 'প্ৰকৃতি'ক 'শিৱ' আৰু 'পাৰ্ৱতী' অৰ্থাৎ 'বাইথ' আৰু 'ভূৰুলী হাবুকী'ৰূপে উপাসনা কৰি তেওঁলোকে স্মৰণাতীত কালৰে পৰা ইয়াক 'বিহু নমোৱা' উৎসৱৰূপেও পালন কৰি আহিছে, য'ত প্ৰজননৰ প্ৰতীকৰূপে ময়ূৰ চৰাইৰ নৃত্যভংগিক প্ৰতীকীৰূপত উপস্থাপনেৰে ময়ূৰ পাখিৰ লয়লাস ভংগিমা আৰু মুদ্ৰাসমন্বিত 'হায়দাং গীত-নৃত্য'ৰ মাধ্যমেৰে সেই সৃষ্টিতত্ত্বক স্তুতি জনোৱা হয়। এই বাইথ'-স্তুতি পৰ্ব সমাপ্তিৰ পাছত "হাইঠা হেমেলু লেং ঠাই ঠাই, জামুকৰ খুটাতে দিছং ঠাই..." বুলি মন্ত্ৰোচ্চাৰণ কৰি পূজাৰীৰ বৰঘৰত প্ৰতিষ্ঠিত জামুগছৰ খুটাৰ কাষত হায়দাং সামৰা হয়। তাৰপাছত মাটিৰ উৰ্বৰতা কামনাৰে ডেকা-গাভৰুৰ স্বতঃস্ফূৰ্ট উল্লাসভৰা মাদকতাৰে বৰদৈচিলাক আমন্ত্ৰণ জনাই বিহু-নৃত্য আৰু বুঢ়া-মেথাৰ হুঁচৰিৰে বিহুনমোৱা পৰ্ব সম্পাদিত হয়। প্ৰথা অনুসৰি সেইদিনাখনৰ পৰাহে আগন্তুক ব'হাগ বিহুৰ আখৰা কৰিবলৈ বা ৰাতি-বিহু মাৰিবলৈ সামাজিকভাৱে বৈধতা লাভ কৰা হয়, যাক চ'তৰ বিহু বুলিও আখ্যা দিয়া হয়।

পৌৰাণিক আখ্যান

[সম্পাদনা কৰক]

এসময়ত ভগৱান শিৱই 'মাধপুৰুষ' আৰু পত্নী পাৰ্বতীয়ে 'সুৰেশ্বৰী' নাম লৈ এখন পৰ্বতৰ দাঁতিত এটা পঁজা সাজি বসবাস কৰি আছিল। এদিন মাধপুৰুষে ওজা গৰখীয়া ৰূপ ধৰি আন গৰখীয়াসকলৰ কাষত উপস্থিত হ'ল আৰু জামু গছৰ গুৰিত বহি গৰখীয়াসকলক গৰু-গাইসমূহ নিৰাপদে থাকিবলৈ গন্ধসৰৈ গছৰ গুৰিত ফৰিং বলি দি পূজা কৰিবলৈ উপদেশ দিয়ে। সেইমতে গৰখীয়াহঁতে পাল পাতি দৈনিক একোজনে ফৰিং বিচাৰি আনে আৰু ওজাৰ উপদেশমতে উলুখেৰৰ পাতেৰে সেই ফৰিং বলি দি পূজা কৰিবলৈ আৰম্ভ কৰাত গৰু-গাইসমূহ নিৰাপদ অৱস্থালৈ আহিল। এনেদৰে দৈনিক গৰখীয়াহঁতে গন্ধসৰৈ গছৰ গুৰিত গীত-বাদ্য-নৃত্যৰে পূূজা সমাপন কৰাৰ অন্তত বাদ্য সমন্বিতে পূজাৰ সা-সঁজুলিবোৰ জামু গছৰ গুৰিত বহি থকা ওজা গৰখীয়াা মাধপুৰুষৰ কাষত থয়হি। এদিন হুগ্ৰাল বংশৰ ডেকাৰী পৰিয়ালৰ গৰখীয়া এজনে ফৰিং যোগাৰ কৰিব নোৱৰাত উপায়ন্তৰ হৈ নিজৰ ডিঙিটোকে বলি দিবলৈ পূজাৰীৰ ওচৰত আগবঢ়াই দিলে। সেইমতে পূূজাৰীয়ে গৰখীয়াজনৰ ডিঙিত উলুখেৰৰ পাতেৰে ৰেপ দিবলৈ ধৰাৰ মুহূৰ্ততে গৰখীয়াজনৰ মূৰটো বিচ্ছিন্ন হৈ গ'ল। এই ঘটনা সংঘটিত হোৱাৰ ফলশ্ৰুতিত পূজাৰ মাহাত্ম্যৰ প্ৰতি লক্ষ্য ৰাখি এই পূজা পৌৰাণিক কালৰ পৰা আজিৰ পৰ্যন্ত প্ৰতি বছৰে সমাপন কৰা হৈ আহিছে। সেইকালত গন্ধসৰৈ গছৰ ত'ল পূজা কৰাৰ স্থান হোৱা হেতু আজিও মন্দিৰৰ মূল খুটাটো গন্ধসৰৈ গছৰ পৰা লোৱা হয়, যাৰ কাষত বিধিগত নিয়মানুসৰি সমস্ত উপাসনা কাৰ্য সম্পাদন কৰা হয়। অন্যদিশে, জামু গছৰ ত'ল ওজা গৰখীয়া মাধপুৰুষে বহাৰ স্থান হোৱা হেতুকে পূজাৰীৰ বৰঘৰৰ খুটাটো জামু গছৰ হয়, য'ত পূজাৰ গীত-বাদ্যৰ সঁজুলিসমূহ সমৰ্পণ কৰা হয়।

আধ্যাত্মিকতাভিত্তিক এই লেক-পৰম্পৰা তিনিচুকীয়া জিলাৰ ডাঙৰিৰ বৰপথাৰ-নপথাৰ গাঁৱত অৱস্থিত তেওঁলোকৰ স্থায়ী মন্দিৰ প্ৰাঙ্গণত প্ৰতি বছৰে মহা-সমাৰোহেৰে অনুষ্ঠিত হয়। সম্প্ৰতি, অন্য সোণোৱাল অধ্যুষিত অঞ্চলত ইয়াক এদিনীয়াকৈ সমাপন কৰা হয়। এই উৎসৱ শিৱ সম্বন্ধিত তন্ত্ৰস্বভাৱসম্পন্ন আধ্যাত্মিক আচাৰ-আচৰণেৰে সমৃদ্ধ। ইয়াত তেওঁলোকে তেওঁলোকৰ প্ৰাচীন স্তুতিগীত হায়দাং-গীত আৰু হাইদাং-নৃত্য পৰিৱেশনেৰে পূজা-অৰ্চনা কৰাৰ লগতে মাটিৰ উৰ্বৰতা কামনাৰে ৰদৈচিলাক আমন্ত্ৰণ জনাই স্বতঃস্ফূৰ্ট উন্মাদনা আৰু উল্লাস-আনন্দৰে বিহু মাৰি ব'হাগ বিহুৰ আগমনি বা বিহু নমোৱা পৰ্ব সম্পাদন কৰে। এই পূজা/উৎসৱ মৌখিকভাৱে বাগৰি অহা বিভিন্ন কিংবদন্তি, প্ৰবাদ, প্ৰৱচন, লোক-কথা, আখ্যান ইত্যাদিৰ আধাৰতেই পালিত হৈ আহিছে যদিও মূলতঃ ই সৃষ্টিতত্ত্বৰ সৈতে সংপৃক্ত এটি কৃষিভিত্তিক সামাজিক-আধ্যাত্মিক উৎসৱ। কেতবোৰ নিদিষ্ট মুদ্ৰাৰে সৃষ্টিতত্ত্বৰ সাংগীতিক প্ৰকাশ আৰু ময়ূৰ পাখিৰ লয়লাস ভংগীমাৰে আত্মস্থ হৈ পৰিৱেশন কৰা হাইদাং গীত, হাইদাং নৃত্য, বিহু আৰু হুঁচৰিৰ জৰিয়তে শব্দচৈতন্য, ভাৱতৰংগ প্ৰভৃতিৰ সুষম সমন্বয়ত স্বতঃস্ফূৰ্ট ভাৱোন্মাদনাৰ দ্বাৰা ইয়াত শিৱ আৰু পাৰ্বতীক কিৰাত আৰু কিৰাতীৰূপে প্ৰকৃতাৰ্থত পুৰুষ আৰু প্ৰকৃতিক উপাসনা কৰা হয। বিশ্বাস যে এই বিশেষ তান্ত্ৰিক পদ্ধতিৰ প্ৰভাৱত পুৰুষে প্ৰকৃতিৰূপত সক্ৰিয় হৈ বৰদৈচিলাৰূপে ধৰাৰ বুকুলৈ নামি আহে, বসুমতী সেউজ-সুন্দৰ হয়, ধৰণী উৰ্বৰ হয়, সৃষ্টিৰ বীজ অংকুৰিত হয়। উল্লেখনীয় যে ইয়াত প্ৰজননৰ প্ৰতীকৰূপে ময়ূৰ পাখিৰ লয়লাস ভংগীমা আৰু কেতবোৰ নিৰ্দিষ্ট মুদ্ৰাৰে হায়দাং গীত-নৃত্য পৰিবেশন কৰি 'বাইথ' অৰ্থাৎ 'কিৰাত' দেৱতাক স্তুতি জনোৱা হয়। তাৰপাছত পূজাৰীৰ চোতালত যৌৱনোন্মত্ত উৎসাহীসকলৰ দ্বাৰা জীৱৰ স্বভাৱগত প্ৰৱণতা, সেইসমূহৰ দ্বাৰা নিঃসৃত স্বৰধ্বনি আৰু মেঘৰ গাজনি-ঢেৰেকনিৰ সৈতে সামঞ্জস্য ৰাখি পৰিৱেশন কৰা বিহুৰে পৰিৱেশ উত্তাল কৰি তোলা হয়, য’ত ঢোল, তাল, পেঁপা, বাঁহী, সুতুলি, গগনা, টকা ইত্যাদিৰ সমাহাৰ ঘটোৱা হৈছে আৰু সেইসমূহৰ ঐক্যতানৰ সু-সমন্বিত শব্দ তৰংগৰ দ্বাৰা প্ৰকৃতিক জগাই তোলাৰ পৰম্পৰা চলি আহিছে। বিহু সম্পাদনৰ পাছত একেখন চোতালতে হুঁচৰি টকা সহ কেতবোৰ নিয়মবদ্ধ মুদ্ৰা আৰু অংগচালনাৰে উল্লসিত স্বৰত বুঢ়া-মেথাৰ দ্বাৰা হুঁচৰি সম্পাদিত হয়, যি অধ্যাত্ম-বিজ্ঞানৰ গভীৰ ৰহস্য আৰু তাৎপৰ্য বহন কৰাৰ লগতে কলা-সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰে। সেয়ে, বাইথ’ পূজা আৰু ব’হাগ বিহুৰ সম্বন্ধ ওতঃপ্ৰোত।

সোণোৱালসকলৰ হুঁচৰি

[সম্পাদনা কৰক]
সোণোৱাল কছাৰী হুঁচৰি

সোণোৱালসকলে হুঁচৰি গাওঁতে কোনোকোনো ঠাইত ন-টা আৰু কোনোকোনো ঠাইত তেৰটা গাঁঠি থকা একোডাল বাঁহ চাকবাঁহেৰে (তিনিটা খুটিৰ সমষ্টিগত এটি খুটি) নিৰ্মিত খুটিৰ ওপৰত স্থাপন কৰি হুঁচৰি গায়। এই হুঁচৰিত কেতবোৰ স্বকীয় নিয়মবদ্ধ প্ৰথাৰে নিৰ্দিষ্ট মুদ্ৰাশৈলী আৰু অংগচালনাৰে উল্লসিত স্বৰে ঘৰে ঘৰে গীত পৰিৱেশন কৰি, মন-শৰীৰ-আত্মাৰ একত্ৰীকৰণৰ জৰিয়তে গৃহস্থৰ মঙ্গলাৰ্থে আশীৰ্বাদ বৰিষণ কৰা হয়। ব'হাগ বিহুৰ সৈতে সম্পৃক্ত এই হুঁচৰিৰ সৈতে সোণোৱালসকলৰ মাজত পুৰাণখ্যাত এটি আখ্যান জড়িত আছে, যি আখ্যানমতে বলি ৰজাই বিষ্ণুৰ চলনাত পৰি বামনক ত্ৰি-পদ মাটি দান কৰিবলৈ গৈ পাতালবাসী হ'বলগীয়া হৈছিল। বলি ৰজাক কছাৰীসকলে তেওঁলোকৰ পূৰ্বপুৰুষ বুলি গণ্য কৰে। তেওঁলোকৰ মতে এই পাতালত থকা বলি ৰজাই প্ৰতি 'বিষুৱ' সংক্ৰান্তিত তেওঁৰ সন্তানসকলৰ উদ্দেশ্যে এবাৰ মৰ্ত্য-ভ্ৰমণৰ বাবে আহে। সেয়ে আদিতে এই বিষুব সংক্ৰান্তিতে বিহু উৎসৱ অনুষ্ঠিত হৈছিল বুলি কিছুমানে অনুমান কৰে আৰু এই 'বিষুৱ'ৰ পৰাই 'বিহু' শব্দৰ উৎপত্তি হোৱা বুলি কেনোকোনোৱে ক'ব খোঁজে। "তিনি শ তিনি কুৰি তিনিদিনৰ মূৰত বলি ৰজাৰ বিহু, তাকেহে আমি যুগৰ নিয়তি কৰোঁ.." বুলি বলিৰ সন্তান কছাৰীসকলে বছৰত এবাৰ ঘৰে ঘৰে সূচাই ফুৰে। হুঁচৰি গীতৰ মাংগলিক চৰণ 'বাৰেমন্ত্ৰ'ৰ জৰিয়তে বলিৰ এই আগমনৰ বতৰা গীত-নৃত্যৰ মাধ্যমেৰে এই সূচাই ফুৰা (জাননি দি ফুৰা)-ৰ পৰাই 'হুঁচৰি' শব্দৰ উৎপত্তি হোৱা বুলি সোণোৱালসকলে ভাৱে। হুঁচৰি টকা সহ ঘৰে ঘৰে সূচাই ফুৰা এই হুঁচৰি ব্ৰহ্মাৰ মানসকন্যা সুৱচনী কুঁৱৰীৰ জৰিয়তে মানুহে পোৱা বুলি জনশ্ৰুতি আছে-

"কৈলাসৰ শংকৰে. হুঁচৰি সৰজিলে পাৰ্ৱতীয়ে সৰজিলে নাম, সুৱচনী কুৱঁৰীয়ে শদিয়া ৰাজ্যতে মুনিচক দি গ'ল দান.."

পূৰ্বতে এই শদিয়াতেই কছাৰীসকলে হালালী ৰাজ্য পাতি বসবাস কৰিছিল। সেয়ে, তেওঁলোকে তেওঁলোকৰ হুঁচৰিত গায় - "হালালী ঐ লালৌ, লালৌ, লালৌ হয়া, হালালী ৰাজ্যতে কৰিছং ধেমালি, ধেমালিৰ বতৰে যায় কি না..। " হুঁচৰিত ব্যৱহৃত সোণোৱালসকলৰ টকাডাল দক্ষ-যজ্ঞত প্ৰাণাহূতি দিয়া মহাদেৱৰ পত্নী পাৰ্ৱতীৰ ৰাজহাড়ৰূপে গণ্য কৰা হয়, যাক নন্দী-ভৃংগীয়ে মহাদেৱৰ পৰা প্ৰাপ্ত বীজমন্ত্ৰৰে শোধন কৰি মানুহক দিয়া বুলি প্ৰবাদ আছে। হুঁচৰিৰ পন্থা দুটা - ঢোলীয়াল আৰু ভোগপৰীয়া। ঢোলীয়ালসকলে হুঁচৰি টকাৰ দুয়োটা মূৰ চাকবাঁহৰ খুটিৰ ওপৰত ৰাখি হুঁচৰি গায় আৰু ভোগপৰীয়াসকলে হুঁচৰি টকাডালৰ এটা মূৰ মাটিত আৰু আনটো মূৰ চাকবাঁহৰ খুটিৰ ওপৰত ৰাখি হুঁচৰি গায়। আকৌ এই হুঁচৰিত গোৱা গীতসমূহক চাৰিটা ভাগত ভাগ কৰা হয়। (১) বাৰেমন্ত্ৰৰ গীত - বাৰেমন্ত্ৰত সৰ্বমংগল কামনা কৰি তেওঁলোক যে বলিৰ সন্তান সেইটো প্ৰকাশ কৰি ঘৰে ঘৰে সূচনা দি ফুৰা হয়। (২) পোহাৰী গীত - পোহাৰী গীতত হুঁচৰি সৃষ্টিৰ কাহিনী উল্লেখ কৰাৰ লগতে বিনন্দীয়া পৃথিৱীৰ বিভিন্ন নীতিসূচক কথা ফকৰা-যোজনাৰ মাধ্যমেৰে ব্যক্ত কৰা হয়। (৩) থিয় গীত - হুঁচৰিৰ থিয় গীতত জন-জীৱনৰ কাহিনী প্ৰতিফলিত হয়, যাক কাহিনী গীত বুলিও আখ্যা দিয়া হয়। (৪) বৰগীত - হুঁচৰিৰ বৰগীতত সোণোৱালসকলৰ অতীত বুৰঞ্জী, সাহিত্য, দৰ্শন, কলা-সংস্কৃতি আৰু জন-জীৱনৰ হা-হুতাহৰ কথা বৰ্ণনা কৰা হয়। মানুহ বিহুৰ দিনাখন সমূহীয়া উপাসনা থলিত হুঁচৰি শুভাৰম্ভ কৰি প্ৰথমে সমাজৰ মুখিয়ালজনৰ ঘৰত পদাৰ্পণেৰে ঘৰে ঘৰে হুঁচৰিৰ দল আগবঢ়াই নিয়া হয় আৰু এই হুঁচৰি অন্ত নপৰালৈকে পূৰ্ণোদ্যমে বিহুমৰা কাৰ্য অব্যাহত থাকে। হুঁচৰি অন্ত পৰাৰ পাছত বিহুৰ যাৱতীয় কাৰ্যাৱলী সম্পাদেনেৰে ব'হাগ মাহৰ ভিতৰতেই বছৰটোৰ বাবে বিহুক আনুষ্ঠানিকভাৱে বিদায় সন্মান জনোৱা হয়। সেইদিনা উপাসনা থলিৰ পৰা হুঁচৰি টকাডাল স-সন্মানেৰে কোনো এক জনবসতিহীন ঠাইলৈ কঢ়িয়াই নি ৰোগ-ব্যাধি, অপায়-অমংগল বিসৰ্জন দিয়া বুলি গণ্য কৰি তাক নিয়মসংগত প্ৰথাৰে বিসৰ্জন দিয়া হয় আৰু সেইদিনাৰ পৰাই এবছৰৰ বাবে বিহু-বাদ্য বজোৱা কাৰ্য সামাজিকভাৱে বাৰণ কৰা হয়। অগত্যা কেতিয়াবা বজাবলগীয়া হ'লে আৰাধ্যদেৱতাৰ উদ্দেশ্যে পাণ-তামোলৰ টোপোলাৰে সেৱা জনাইহে তেওঁলোকে সেই কাৰ্য সম্পাদন কৰে।

এইকথা সকলোৰে জ্ঞাত যে পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে ইয়াৰ গতিশীল পৰ্য্যায়ত ঋতুৰ পৰিৱৰ্তন ঘটে আৰু এই ঋতু পৰিৱৰ্তনৰ প্ৰভাৱে মানুহৰ মনতো ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। বসন্ত ঋতুত প্ৰকৃতিয়ে মানুহৰ সমন্বিতে জীৱৰ মাজত যৌৱনোচিত উন্মাদনাৰ জোৱাৰ তুলি এক প্ৰাকৃতিক মহোৎসৱৰ বাতাবৰণ সৃষ্টি কৰে, যাৰ সৈতে সামঞ্জস্য ৰাখি কেতবোৰ বিধিৱদ্ধ প্ৰথাৰে সোণোৱালসকলে দূৰ অতীতৰ পৰা বাইথ'পূজাৰে বিহু উৎসৱ পালন কৰি আহিছে।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

উৎস প্ৰসংগ

[সম্পাদনা কৰক]

অধিক পঢ়ক

[সম্পাদনা কৰক]
  1. সোণোৱাল কছাৰী সংস্কৃতি - লভিত কুমাৰ শইকীয়া।
  2. SONOWAL KACHARI SAMAJ ARU SANSKRITI - Published by Sonowal Kachari Sahitya Prakashan Parishad, Dibrugarh.
  3. সোণোৱাল কছাৰীসকলৰ পূজা- পাৰ্বণ আৰু সকাম-নিকাম সমূহৰ বিৱৰণ - প্ৰমোদ সোণোৱাল।