অসমীয়া প্ৰতিদিন (ইংৰাজী: Asomiya Pratidin) হৈছে এখন অসমীয়া দৈনিক বাতৰি কাকত। ১৯৯৫ চনত প্ৰথম প্ৰকাশ পায়। প্ৰতিষ্ঠাপক সম্পাদক অজিত কুমাৰ ভূঞা। প্ৰথম কাৰ্য্যবাহী সম্পাদক পৰাগ কুমাৰ দাস। প্ৰাক্তন সম্পাদকসকল হ'ল অদীপ কুমাৰ ফুকন, মনজিত মহন্ত। বৰ্তমানৰ মুখ্য সম্পাদক নিত্য বৰা, মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী আৰু কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা। কাকতখনৰ গৰাকী জয়ন্ত বৰুৱাৰ হৈ যতীন চৌধুৰীয়ে প্ৰকাশ কৰে।[1] জয়ন্ত বৰুৱা মালিকানাধীন এই কাকত গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত আন আন কাকত আৰু আলোচনী হ'ল: সাদিন, সাতসৰী আৰু নন্দিনী। এই বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰ আৰু বঙাইগাঁওৰ পৰা একেসময়তে প্ৰকাশ পায়।
এই কাকতখনে অসমক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তঃৰাষ্ট্ৰীয় বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে ইণ্টাৰনেট সংস্কৰণো মুকলি কৰিছে। কাকতখনত সাধাৰণতে ১৬ পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰণতে আঞ্চলিক বাতৰি, সম্পাদনা মেজ, সাহিত্য, আন্তঃৰাষ্ট্ৰীয় বাতৰি, প্ৰতিদিনৰ খেলপথাৰ, ব্যৱস্যয়-বাণিজ্য আদিৰ দৰে ভাগত বিভক্ত থাকে।[1]
- ↑ 1.0 1.1 [১৯ মে',২০২২ সংখ্যা অসমীয়া প্ৰতিদিন বাতৰিকাকত]. ১৯ মে',২০২২ সংখ্যা.
|
---|
| বাতৰি কাকত | |
---|
| আলোচনী | |
---|
| শিশু আলোচনী | |
---|
|