ৰামধেনু (আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰামধেনু (আলোচনী)
সম্পাদক ইন্দ্ৰকমল বেজবৰুৱা
মহেশ্বৰ নেওগ
কীৰ্তিনাথ হাজৰিকা
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
ৰাধিকামোহন ভাগৱতী
নীলকমল বেজবৰুৱা
প্ৰকাৰ সাহিত্য আলোচনী
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰতিষ্ঠাপক ইন্দ্ৰকমল বেজবৰুৱা
প্ৰথম সংখ্যা এপ্ৰিল, ১৯৫০
দেশ ভাৰত
ভাষা অসমীয়া

ৰামধেনু (ইংৰাজী: Ramdhenu) আছিল ১৯৫০ চনৰ মাৰ্চ মাহৰ পৰা প্ৰকাশ পোৱা এখন অসমীয়া আলোচনী। ৰংঘৰ নামৰ শিশু আলোচনীখনৰ বিলোপ ঘটাই ইন্দ্ৰকমল বেজবৰুৱাৰ সম্পাদনাত ৰামধেনু আলোচনীখন প্ৰকাশ কৰা হয়। ছয়গৰাকী সম্পাদকৰ দ্বাৰা সম্পাদিত ৰামধেনু আলোচনীয়ে কুৰি বছৰকাল ধৰি অসমীয়া ভাষা-সাহিত্যলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। ১৯৬১ চনত নিয়মীয়া প্ৰকাশ বন্ধ হোৱা ৰামধেনুৰ অন্তিম সংখ্যাটো ১৯৯৬ চনত প্ৰকাশ পায়। অসমীয়া সাহিত্যলৈ ৰামধেনুৰ লিখনি সমূহে কঢ়িয়াই অনা পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ১৯৪০ চনৰ পৰা ১৯৭০ চনলৈকে সময়ছোৱাক ৰামধেনু যুগ বুলি কোৱা হয়।

ইতিহাস[সম্পাদনা কৰক]

ৰামধেনুৰ জন্মৰ আগত ১৯৪৮ চনত বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদনাত ৰংঘৰ নামৰ শিশু আলোচনী এখন প্ৰকাশ হয়। এই আলোচনীখনত জ্যোতিপ্ৰসাদ আগৰৱালা, দেৱকান্ত বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, ৰত্নকান্ত বৰকাকতী, মহেশ্বৰ নেওগ, নৱকান্ত বৰুৱা আদি লেখকৰ লিখনি প্ৰকাশ হৈছিল। ৰংঘৰ আলোচনীতে জ্যোতিপ্ৰসাদৰ ভূত পোৱালি, দেৱকান্ত বৰুৱাৰ আহা আমি দুৱাৰ মুকলি কৰোঁ আদি বিখ্যাত কবিতা প্ৰকাশ হৈছিল। কিন্তু দ্বিতীয় বছৰত ৰংঘৰৰ প্ৰকাশ বন্ধ কৰি তাৰ সলনি ৰামধেনু আলোচনীৰ প্ৰকাশ আৰম্ভ হয়। ৰামধেনুৰ প্ৰথম সংখ্যাতে এই বিষয়ে আমাৰ বিদায় শীৰ্ষক প্ৰবন্ধত লিখা হয়–

ইউৰোপৰ বিভিন্ন দেশৰ শিক্ষা আৰু সাহিত্য প্ৰচাৰৰ নানা অনুষ্ঠান চাই আহি তাৰে প্ৰেৰণাত অসমীয়া সাহিত্যৰ উন্নতি সাধিবলৈ ৰংঘৰৰ সম্পাদকৰো আকাংক্ষা জাগিছিল। সেই অৰ্থে ইউৰোপৰ পৰা উভতি আহিয়েই কেইবাজনো বিশিষ্ট বন্ধুৰ সহযোগিতাত ‘ৰামধেনু প্ৰকাশ ভৱন’ স্থাপন কৰা হয়। ৰামধেনু নামৰ ওখ খাপৰ আলোচনী, 'ৰংঘৰ' শিশু আলোচনী আৰু জ্ঞান বিজ্ঞানৰ পুথি প্ৰকাশেই আমাৰ মুখ্য উদ্দেশ্য আছিল। এই সংকল্পকে লৈ এই ভৱনৰ পৰা জয়জয়তে ৰংঘৰ শিশু আলোচনী ৰূপে প্ৰকাশ কৰা হৈছে। ওখ খাপৰ মাহেকীয়া আলোচনী এখনৰ প্ৰয়োজন বৰকৈ অনুভৱ কৰিছো। সেই কাৰণে সাত পাঁচ গুণি গাঁথি ২য় বছৰৰ পৰা ৰংঘৰ প্ৰকাশ বন্ধ কৰি তাৰ ঠাইত আকাৰত ডাঙৰকৈ ‘ৰামধেনু’ উলিয়াই ‘ৰামধেনু প্ৰকাশন লিমিটেড নামৰ সাৰ্থকতা সধা হৈছে।

স্বত্ব্বাধিকাৰী ইন্দ্ৰকমল বেজবৰুৱাৰ সম্পাদনাত ১৯৫০ চনৰ এপ্ৰিল মাহৰ পৰা ৰামধেনু আলোচনীৰ প্ৰকাশ আৰম্ভ হয়। | ছেপ্তেম্বৰ, ১৯৫০ৰ পৰা মহেশ্বৰ নেওগে ৰামধেনুৰ সম্পাদনাৰ দ্বায়িত্ব লয়। ইয়াৰ পিছত ১৯৫১ চনৰ অক্টোবৰ মাহৰ পৰা ১৯৫২ চনৰ মাৰ্চ মাহলৈ কীৰ্তিনাথ হাজৰিকাই ৰামধেনুৰ সম্পাদনাৰ কাম-কাজ আগবঢ়াই লৈ যায়। | ১৯৫২ চনৰ এপ্ৰিল মাহৰ পৰা ১৯৬৩ চনৰ মে' মাহলৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰামধেনুৰ সম্পাদনাৰ দায়িত্ব লয়। ১৯৬৭ চনত ইন্দ্ৰকমল বেজবৰুৱাৰ মৃত্যুৰ পিছত আলোচনীখনৰ প্ৰকাশ বন্ধ হয়। ১৯৭১চনত ৰাধিকামোহন ভাগৱতীৰ সম্পাদনাত আলোচনীখনৰ প্ৰকাশৰ চেষ্টা চলে। ১৯৯৫ চনৰ জানুৱাৰী মাহৰ পৰা ১৯৯৬ চনলৈ নীলকমল বেজবৰুৱাৰ সম্পাদনাত গল্প প্ৰধান আলোচনী হিচাপে ৰামধেনু প্ৰকাশ পায়। ১৯৯৬ চনৰ পিছত ৰামধেনুৰ কোনো সংখ্যা প্ৰকাশ পোৱা নাই।[1]

সম্পাদকসকল[সম্পাদনা কৰক]

সম্পাদক কাৰ্যকাল
ইন্দ্ৰকমল বেজবৰুৱা এপ্ৰিল, ১৯৫০ – ছেপ্তেম্বৰ, ১৯৫০
মহেশ্বৰ নেওগ ছেপ্তেম্বৰ, ১৯৫০-অক্টোবৰ,১৯৫১
কীৰ্তিনাথ হাজৰিকা অক্টোবৰ,১৯৫১- মাৰ্চ, ১৯৫২
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এপ্ৰিল, ১৯৫২ – মে’, ১৯৬৩
ৰাধিকামোহন ভাগৱতী ১৯৭১ - ১৯৭৩
নীলকমল বেজবৰুৱা জানুৱাৰী, ১৯৯৫ – আগষ্ট, ১৯৯৬

ৰামধেনু যুগ[সম্পাদনা কৰক]

ৰামধেনু আলোচনীয়ে প্ৰায় বিশ বছৰকাল যোৰা পৰিক্ৰমাত অসমীয়া সাহিত্যৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থৈ গৈছে। আধুনিক অসমীয়া সাহিত্যৰ লক্ষণবোৰ ৰামধেনু আলোচনীত প্ৰকাশ হোৱা লেখাবোৰত স্পষ্ট হৈ উঠে। ৰামধেনুক কেন্দ্ৰ কৰিয়েই পঞ্চম দশকৰ সাহিত্য গঢ় লৈ উঠে আৰু পৰৱৰ্তীকালত অসমীয়া সাহিত্যৰ দিক-নিৰ্ণয়কাৰী ভূমিকা গ্ৰহণ কৰা বহুকেইগৰাকী সাহিত্যিকৰ ৰামধেনুৰ পাততেই আত্মপ্ৰকাশ ঘটে। ছয়গৰাকী সম্পাদকৰ দ্বাৰা সম্পাদিত এই আলোচনীখনে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত অধিক সফল হোৱা দেখা যায়। ৰামধেনু আলোচনীত প্ৰকাশ হোৱা গল্প-কবিতা-প্ৰবন্ধ-উপন্যাসৰ শৈলী আৰু তাত ফুটি উঠা সমাজ-জীৱনৰ ছবিয়ে সেই সময়ছোৱাৰ সাধাৰণ সাহিত্যৰ শৈলী হিচাপে পৰিগণিত হৈছিল। সেয়েহে এই অসমীয়া সাহিত্যত এই সময়ছোৱাক ৰামধেনু যুগ বুলি কোৱা হয়। ইয়াক যুদ্ধোত্তৰ যুগ বুলিও কোৱা হয়। ৰামধেনু যুগৰ সাহিত্যৰ মাজেদি পাশ্চাত্যৰ বিভিন্ন দৰ্শন আৰু মতবাদ অসমীয়া সাহিত্যত প্ৰৱেশ কৰে।[1]

ৰামধেনুৰ লিখনি[সম্পাদনা কৰক]

ৰামধেনু আলোচনীক কেন্দ্ৰ কৰি অসমীয়া সাহিত্যই এক নৱচেতনা আৰু নতুন দৃষ্টিভংগী লাভ কৰে। গল্প, কবিতা, উপন্যাস, সমালোচনা আদি সকলো দিশতে পৃষ্ঠপোষকতা আগবঢ়াই ৰামধেনুৱে অসমীয়া সাহিত্যৰ বিবিধ ধাৰাক বলিষ্ঠ কৰি তোলে। জয়ন্তী, পছোৱা আদি আলোচনীত আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি ঘটে যদিও ৰামধেনুত এই আধুনিকতাই পূৰ্ণ ৰূপ পায়। দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা, কলিকতাৰ দুৰ্ভিক্ষ, অসমত বিদেশী সৈন্যৰ বিচৰণ, স্বাধীনতাই অনা আশা আদি ঘটনাৰ পটভূমিত ঘটা অসমীয়া কবিতাৰ পৰিৱৰ্তন ৰামধেনুৰ পৃষ্ঠাত দেখা যায়। ৰামধেনুৰ কবিসকলক প্ৰগতিবাদী আৰু অন্তৰ্মুখী দুটা ভাগত ভগোৱা হৈছে। প্ৰগতিবাদী কবিসকলৰ ভিতৰত হেম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ৰাম গগৈ, কেশৱ মহন্ত, চৈয়দ আব্দুল মালিক, নলিনীধৰ ভট্টাচাৰ্য, অমলেন্দু গুহ আদি আৰু অন্তৰ্মুখী কবিসকলৰ ভিতৰত নৱকান্ত বৰুৱা,হৰি বৰকাকতি, বীৰেশ্বৰ বৰুৱা, মহেন্দ্ৰ বৰা, দিনেশ চন্দ্ৰ গোস্বামী, প্ৰফুল্ল ভূঞা, হোমেন বৰগোহাঞি, নীলমণি ফুকন, সুশীল শৰ্মা, দিলীপ বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, হৰেকৃষ্ণ ডেকা আদি উল্লেখযোগ্য। ৰামধেনুত প্ৰকাশিত কবিতাবোৰৰ ভিতৰত হেম বৰুৱামমতাৰ চিঠি, জাৰৰ দিনৰ সপোন, তেজৰ চপৰা কাৰ? আদি,বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, নৱকান্ত বৰুৱাৰ এটি প্ৰেমৰ পদ্য, মহাকাব্যৰ পাণ্ডুলিপি, উভতি অহাৰ কবিতা আদি উল্লেখযোগ্য। ৰামধেনুৰ সংখ্যাবোৰ ৰংঘৰৰ বিলোপ সাধনৰ পিছৰ পৰাহে আৰম্ভ কৰা হৈছিল। গতিকে ৰামধেনু আলোচনীখন তৃতীয় বছৰ দ্বিতীয় সংখ্যাৰ পৰাহে আৰম্ভ হৈছিল। তৃতীয় বছৰৰ দ্বিতীয় সংখ্যাত অজিৎ বৰুৱা, মেদিনী চৌধুৰী, কুশৰাম দত্ত আৰু কমল গগৈৰ কবিতা প্ৰকাশ হৈছিল। দ্বিতীয় সংখ্যাত কবিতা প্ৰকাশ পোৱা কবিসকল আছিল সীমা দত্তউল্কাৰ চিঠি, হৰি বৰকাকতিবাৰিষাৰ বাটৰুৱাৰ স্বপ্ন আৰু মানসী বৰুৱাসপোন ভঙাৰ দিনা। তৃতীয় বছৰৰ ৰামধেনুত কবিতা প্ৰকাশ পোৱা কবিসকল আছিল যতীন্দ্ৰনাথ দুৱৰা, বিনন্দ চন্দ্ৰ বৰুৱা, অতুলচন্দ্ৰ হাজৰিকা,কমল গগৈ, প্ৰমোদ ভট্টাচাৰ্য, ঘনকান্ত চেতীয়া ফুকন, লক্ষহীৰা দাস, অৰুণকুমাৰ দাস, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, লক্ষেশ্বৰ বৰুৱা। চতুৰ্থ বছৰত ৰামধেনুত মহিম বৰা, হেম বৰুৱা, ৰত্নকান্ত বৰকাকতী, পূৰ্ণচন্দ্ৰ মজুমদাৰ, এম. আটাউৰ ৰহমান, মৃদুল ফুকন, মেদিনী চৌধুৰী আদি কবিৰ কবিতা প্ৰকাশ হয়। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰামধেনুত নতুন কবি-সাহিত্যিক সৃষ্টিত গুৰুত্ব দিয়ে। হোমেন বৰগোহাঞি, তৰুণ ভৰালী, দিনেশ গোস্বামী, ইমৰান শ্বাহ, কুল গগৈ, মামণি ৰয়ছম গোস্বামী,হীৰেণ ভট্টাচাৰ্য আদি কবি ৰামধেনু যুগৰ সৃষ্টি।

ৰামধেনুৰ প্ৰথম সংখ্যাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গল্প সি, জমজম আৰু জুইকুৰা প্ৰকাশ পায়। পৰৱৰ্তী সংখ্যাবোৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যোগেশ দাস, হোমেন বৰগোহাঞি, কুমাৰ কিশোৰ, সৌৰভ কুমাৰ চলিহা, ভবেন্দ্ৰ নাথ শইকীয়া, চন্দ্ৰপ্ৰসাদ শইকীয়া, লক্ষ্মীনন্দন বৰা, শীলভদ্ৰ, ৰোহিনী কুমাৰ কাকতি, সদা মৰল, নিৰুপমা বৰগোহাঞি, স্নেহ দেৱী, মামণি ৰয়ছম গোস্বামী , অপূৰ্ব শৰ্মা, মহিম বৰা আদি গল্পকাৰৰ গল্প প্ৰকাশ পায়।

ৰামধেনুৰ প্ৰবন্ধ লেখকসকলৰ ভিতৰত মহেশ্বৰ নেওগ, উপেন্দ্ৰনাথ গোস্বামী, প্ৰমোদ ভট্টাচাৰ্য, হেম বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা, ত্ৰৈলোক্য নাথ গোস্বামী, বাণীকান্ত কাকতি, প্ৰফুল্লদত্ত গোস্বামী, সত্যেন্দ্ৰনাথ শৰ্মা, নন্দ তালুকদাৰ আদি উল্লেখযোগ্য। জ্ঞানানন্দ শৰ্মা পাঠকে ৰামধেনুৰ পাতত নতুন কবিলৈ মুকলি চিঠি ৰচনাৰে কবিতা সমালোচনাৰ এক নতুন ধাৰাৰ সৃষ্টি কৰে। বুৰঞ্জীমূলক ৰচনা আৰু ৰম্যৰচনাৰ ক্ষেত্ৰতো ৰামধেনুৰ পাতত বহু গুৰুত্বপূৰ্ণ লিখনি প্ৰকাশ পায়।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 গোবিন্দপ্ৰসাদ শৰ্মা. "ৰামধেনু যুগ আৰু আধুনিক অসমীয়া সাহিত্য". অসমীয়া সাহিত্যৰ বুৰঞ্জী (আধুনিক যুগ্). দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান, গুৱাহাটী বিশ্ববিদ্যালয়. 
  2. প্ৰফুল্লদত্ত গোস্বামী, হোমেন বৰগোহাঞি সম্পাদিত, মনোৰমা বৰুৱা ৰচিত (১৯৯৩). "আলোচনী আৰু সাময়িক পত্ৰিকা (১৯৫০ - ৯০)". অসমীয়া সাহিত্যৰ বুৰঞ্জী(ষষ্ঠ খণ্ড). আনন্দ ৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা. 

লগত চাওক[সম্পাদনা কৰক]