বিৰিঞ্চি কুমাৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড: বিৰিঞ্চি কুমাৰ বৰুৱা
জন্ম ১৬ অক্টোবৰ, ১৯০৮ চন
নগাঁও জিলাৰ পুৰণিগুদাম
মৃত্যু ৩০ মাৰ্চ, ১৯৬৪ চন
গুৱাহাটী
পেচা শিক্ষাবিদ, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ , পি.এইচ.ডি.
উল্লেখনীয় কৰ্মৰাজী জীৱনৰ বাটত
অসমৰ লোক-সংস্কৃতি
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা

বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক৷ অসমৰ লোক-সংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল৷ বিৰিঞ্চি কুমাৰ বৰুৱাই গুৱাহাটী জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল৷ সেয়ে পিছলৈ তেওঁৰ নামেৰে গুৱাহাটী বিশ্ববিদ্যালয়ত "বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ"ৰ নিৰ্মাণ কৰা হয়৷ তেওঁ "Indian Film Censor Board"-ৰ সদস্য আছিল৷ ইয়াৰ লগতে তেওঁ "Indian Language Commission"-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল৷ তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "Assam Academy for Cultural Relations"-ৰ প্ৰতিষ্ঠাপক আছিল,যাৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা৷

জন্ম[সম্পাদনা কৰক]

১৬ অক্টোবৰ ১৯০৮ চনত নগাঁও জিলাৰ পুৰণিগুদামত জন্ম হয়৷ তেওঁৰ দেউতাকৰ নাম আছিল বিজয় কুমাৰ বৰুৱা৷

শিক্ষা[সম্পাদনা কৰক]

নগাঁও চৰকাৰী বিদ্যালয়ৰ পৰা ১৯২৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষাৰ বাবে কলিকতালৈ ৰাওনা হয়৷ তেওঁ কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰিছিল আৰু ১৯৩২ চনত Ishan শিক্ষাবৃত্তি লাভ কৰে৷ Ishan শিক্ষাবৃত্তি লাভ কৰা তেওঁ অসমৰ প্ৰথমজন ছাত্ৰ আছিল৷ ইয়াৰ পিছত তেওঁ প্ৰেচিডেন্সি কলেজৰ পৰাই ১৯৩৪ চনত পালি ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম.এ পাছ কৰে৷ ১৯৪৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যায় আৰু তেওঁ ১৯৪৮ চনত অসমৰ সাংস্কৃতিক ইতিহাসৰ বিষয়ত গৱেষণা কৰি লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ পিছলৈ তেওঁৰ গৱেষণা গ্ৰন্থখনক "A Cultural History of Assam" নামেৰে প্ৰকাশ কৰা হয়৷

মৃত্যু[সম্পাদনা কৰক]

৩০ মাৰ্চ ১৯৬৪ চন, গুৱাহাটীত তেখেতৰ মৃত্যু হয়।

কৰ্ম-জীৱন[সম্পাদনা কৰক]

১৯৩৮ চনত বিৰিঞ্চি কুমাৰ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ত কিছুকাল অসমীয়া ভাষাৰ শিক্ষকতা কৰে আৰু সেই সময়তে বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ বাবে কেইবাখনো কিতাপ ৰচনা কৰে৷ ইয়াৰ পিছতে তেওঁ অসমলৈ আহে আৰু কটন কলেজত অসমীয়া ভাষাৰ অধ্যাপক হিচাপে যোগদান কৰে৷ ১৯৪৮ চনৰ আশে-পাশে অসমত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰস্তুতি চলোৱা হয়৷ সেই প্ৰস্তুতিক পূৰ্ণতা দিবলৈ গোপীনাথ বৰদলৈক সম্পাদক আৰু বিৰিঞ্চি কুমাৰ বৰুৱাক সহ-সম্পাদক হিচাপে এখন কমিটি গঠন কৰা হৈছিল৷ ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় আৰু নতুনকৈ প্ৰতিষ্ঠা হোৱা অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে তেওঁ যোগদান কৰে৷ ইয়াৰ পিচত ১৯৫০ চনৰ ১ ফেব্ৰুৱাৰীত 'বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব' হিচাপে যোগদান কৰে৷ তেওঁৰ প্ৰচেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয় জাকত-জিলিকা হৈ উঠে আৰু শেষলৈ তেওঁ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক আৰু শেষত কলাগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰে৷[1]

সাহিত্যকৃতি[সম্পাদনা কৰক]

১. জীৱনৰ বাটত (বীণা বৰুৱা ছদ্ম নামত).[2]

২. সেউজী পাতৰ কাহিনী (ৰাস্না বৰুৱা ছদ্ম নামত).[2]

৩. জাতকৰ মালা.[2]

৪. অসমৰ লোক-সংস্কৃতি.[2]

৫. পুৰণি অসমীয়া কথা সাহিত্য.[2]

৬. চুইজাৰলেণ্ড ভ্ৰমণ.[2]

৭. এবেলাৰ নাট.[2]

৮. বৈষ্ণৱ গুৰু শংকৰদেৱ.[2]

৯. প্ৰফেচৰ বৰুৱাৰ চিঠি.[2]

১০. ভাৰত বুৰঞ্জী.[2]

১১. পট পৰিৱৰ্ত্তন.[2]

১২. আঘোনী বাই.[2]

১৩. বৌদ্ধ ধৰ্ম আৰু সাহিত্য.[2]

১৪. দেশ বিদেশৰ সাধু.[2]

১৫. অসমৰ সংস্কৃতিৰ ইতিহাস.[2]



বঁটা[সম্পাদনা কৰক]


তথ্য-সংগ্ৰহ[সম্পাদনা কৰক]

  1. [http://www.bipuljyoti.in/authors/birinchi.html
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী,ধৰণীধৰ মজিন্দাৰ,প্ৰথম প্ৰকাশ, ১ মাৰ্চ ২০০০
  3. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.