পুৰণিগুদাম
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
পুৰণিগুদাম
Puranigudam | |
---|---|
Country | ভাৰত |
ৰাজ্য | অসম |
জিলা | নগাঁও |
অসমৰ নগাঁও জিলাৰ প্ৰধান চহৰখনৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ নিলগত পুৰণিগুদাম (ইংৰাজী: Puranigudam) অঞ্চলটো অৱস্থিত। কেইবাখনো জনবসতিপূৰ্ণ গাঁৱেৰে পৰিৱেষ্টিত পুৰণিগুদাম অঞ্চলটো নগাঁও জিলাৰ বাণিজ্যিক আৰু সাংস্কৃতিক প্ৰাণকেন্দ্ৰসমূহৰ ভিতৰত অন্যতম। অসমৰ জাতীয় জীৱনৰ কেইবাগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ জন্মস্থান পুৰণিগুদাম অঞ্চলত বিভিন্ন ধৰ্মাৱলম্বী লোকে বাস কৰে। সুদীৰ্ঘ কালজুৰি তেওঁলোকৰ মাজত বৰ্তি থকা সাংস্কৃতিক সম্প্ৰীতি আৰু সাম্প্ৰদায়িক ঐক্য আজিৰ তাৰিখতো স্পষ্ট ৰূপত প্ৰতিফলিত হয়। প্ৰায় এশ বছৰৰ পূৰ্বেই লেৰেলা খনিকৰে কাঠৰে নিৰ্মাণ কৰা দেৱী দুৰ্গাৰ প্ৰতিমাৰ বাবে পুৰণিগুদাম অঞ্চলৰ ভাৰতজোৰা খ্যাতি আছে। পুৰণিগুদামৰ বিৰল বৈশিষ্ট্য প্ৰত্যক্ষ কৰিবলৈ শাৰদীয় দুৰ্গোৎসৱৰ উৎসৱমুখৰ ক্ষণত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে বিভিন্ন ঠাইৰ পৰা অগণন ৰাইজৰ সমাৱেশ ঘটে।
ইতিহাস
[সম্পাদনা কৰক]ইষ্ট ইণ্ডিয়া কোম্পানীৰ আমোলত পুৰণিগুদাম নগাঁও জিলাৰ সদৰ ঠাই আছিল। ১৮৩৩ খ্ৰীষ্টাব্দৰ পিছত পুৰণিগুদামত পৰ্যাপ্ত পৰিমাণত ওখ মাটি নথকাত ১৮৩৫ চনত ৰঙাগড়ালৈ নিয়া হৈছিল। পিছে ৰঙাগড়া অস্বাস্থ্যকৰ ঠাই বুলি প্ৰমাণিত হোৱাত ১৮৩৯ চনত খাগৰিজানলৈ তুলি নিয়া হয়।
পুৰণিগুদামত সদৰ ঠাই থকাৰ সময়ত বৰ্তমানৰ কেঞাপট্টি আৰু গড়মূৰৰ মাজতে কলঙৰ পাৰতে গুদাম ঘৰ আছিল বুলি জনা যায়। এই গুদাম ঘাটকে পিছলৈ নগাঁৱলৈ সদৰ ঠাই নিয়াৰ পিছত “পুৰণিগুদাম” বুলি কোৱা হয়। এই অস্থায়ী ঘৰতে বিচাৰাদি কাৰ্য হৈছিল। কৰ্হালী গাঁৱৰ পৰিয়ালৰ স্বৰ্গীয় হাবিৰাম বৰুৱা ইয়াত প্ৰথম পেস্কাৰ আছিল বুলি জনা যায়। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত গোৱালপাৰাত ইষ্ট্ ইণ্ডিয়া কোম্পানীৰ তৰফৰ পৰা লোণৰ বেপাৰ কৰিছিল বুলি জনা যায় আৰু এই লোণ কলংসূঁতিয়েদি ওপৰত উল্লেখ কৰা গুদাম ঘৰৰ কাষত ৰখাই বিক্ৰী কৰিছিল আৰু গুদামত ৰাখিছিল। চাহ বাগিচাৰ যাবতীয় সা-সৰঞ্জামবিলাকো এই গুদাম ঘৰতে ৰাখিছিল। সেই সময়ৰ পৰা এই ঠাইডোখৰ গুদামঘাট বুলি জনাজাত হৈ পৰিল। সদৰ ঠাই যেতিয়া খাগৰিজানলৈ নি কাৰ্যালয় আদি স্থায়ীভাৱে প্ৰতিষ্ঠা কৰিলে তেতিয়া নগাঁৱক জিলা বুলি কোৱা হ’ল আৰু এৰি থৈ যোৱা ঠাইক পুৰণিগুদাম বুলি কোৱা হ’ল। সেইসময়ত মানুহে গুদামঘাটলৈ যাওঁ বুলি কৈছিল আৰু আজিকোপতি গাঁৱৰ মানুহে সদৰলৈ যোৱাক জিলালৈ যোৱা বুলি কয়।
কলংঘাটত সদৰ ঠাই বহাৰ লগে লগে সুদূৰ ৰাজস্থানৰ ব্যৱসায়ীসকল কলঙৰ পাৰৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় পথৰ কাষত বহি ল’লে,যাৰ ফলশ্ৰুতিত ঠাইখিনিৰ নাম কেঞাঁপট্টি হ’ল। আগতে ঠাইখণ্ডক ৰাষ্ট্ৰীয় পথৰ দক্ষিণে ভকতৰ চুবুৰী,গড়মূৰৰ ৰাষ্ট্ৰীয়পথৰ দুয়ো কাষকে গড়মূৰ আৰু কলঙৰ কাষৰ দক্ষিণ খণ্ডক মাজগাঁও বোলা হৈছিল আৰু আজিকোপতি সেই নামেই চলি আহিছে। পশ্চিমে ন-আলিৰ মূৰ আৰু পূবে গড়মূৰৰ মাজখণ্ডক মাজগাঁও বুলি কোৱা হয়। মাজগাঁৱৰ মাজেদি কলঙৰ কাষেদি যোৱা পথছোৱা কলঙৰ গড়াখহনীয়াই গ্ৰাস কৰাত ন কৈ বৰ্তমান ৰাষ্ট্ৰীয় পথটো বন্ধা হ’ল আৰু য’ত পুৰণি পথটো লগ লাগিবগৈ সেই খণ্ডক ন আলিমূৰ বুলি কোৱা হ’ল।
কাঠৰ প্ৰতিমাৰ দুৰ্গা পূজা
[সম্পাদনা কৰক]ঊনবিংশ শতিকাৰ শেষ ভাগত পুৰণিগুদামত দুৰ্গাপূজা আয়োজনৰ পৰম্পৰা আৰম্ভ হৈছিল। চাহ বাগিছাৰ প্ৰতিপত্তিশালী ব্যৱসায়ী দেৱনাথ বৰুৱাৰ উদ্যোগত আৰম্ভ হোৱা পূজাভাগত পোনপ্ৰথমে খেৰৰ সোপাৰে দেৱী-প্ৰতিমা তৈয়াৰ কৰা হৈছিল। ১৯০১ চনত লেৰেলা খনিকৰ ওৰফে লেশধৰ শৰ্ম্মাই সৃজনীশীলতাৰ চমৎকাৰিতাৰে কাঠেৰে এটি দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিলে। কোনোধৰণৰ উচ্চশিক্ষা অথবা কাৰিকৰী শিক্ষাৰ আশ্ৰয় নোলোৱাকৈ কেৱল নিজ প্ৰতিভা আৰু নিষ্ঠাৰ জোৰত লেশধৰ শৰ্মাই নিৰ্মাণ কৰা কাঠৰ দুৰ্গা-প্ৰতিমাটি কেৱল অসমতে নহয়,সমগ্ৰ ভাৰততে বিৰল। কাঠেৰে দুৰ্গা প্ৰতিমা সাজি উলিওৱা প্ৰথম ব্যক্তি হিচাপে চিহ্নিত লেশধৰ শৰ্মাৰ নামটো আজিও শ্ৰদ্ধা আৰু বিনম্ৰতাৰে স্মৰণ কৰা হয়। কুৰি শতিকাৰ চল্লিছৰ দশকত কাঠৰ মূৰ্তিভাগ গুৱাহাটীৰ যাদুঘৰলৈ নিয়াৰ যো-জা চলোৱা হৈছিল। কিন্তু পুৰণিগুদামৰ স্থানীয় ৰাইজে ঐতিহ্যমণ্ডিত এই ৰ্দুগাৰ্মূতিটিক সমূহীয়া প্ৰচেষ্টাৰে সংৰক্ষণ কৰি নিজ ঠাইতে ৰাখিবলৈ মনস্থ কৰিলে। লেশধৰ শৰ্ম্মাই নিৰ্মাণ কৰি থৈ যোৱা এই দুৰ্গামূৰ্তিটোৰেই পুৰণিগুদামৰ স্থানীয় পূজাঘৰত তেতিয়াৰ পৰা বৰ্তমানলৈকে পূজা কৰি থকা হৈছে।
পানীতোলা সবাহ
[সম্পাদনা কৰক]আজিৰ পৰা প্ৰায় ২০০ বছৰ আগতে অৰ্থাৎ ১৮২৮ চনতেই পুৰণিগুদাম গায়ন বৈৰাগী গাঁও বৰ নামঘৰ প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰ পৰা অবিৰত ভাৱে প্ৰজন্মৰ পাছত প্ৰজন্মই বাৰ্ষিক পানীতোলা সবাহ অনুষ্ঠিত কৰি আহিছে। এই সবাহ মূলত জেঠ আৰু আহাৰ মাহত অনুষ্ঠিত হয়। পানীতোলা সবাহত তিনি গৰাকী কুমাৰী ছোৱালীয়ে তিনি দিন গায়ন বায়নেৰে শোভা যাত্ৰা কৰি তিনিটা ঘাতৰ পৰা পানী তোলে। তেওঁলোকক দৈয়কী বুলি কোৱা হয়। দৈয়কীৰ হাতত ঘট আৰু ঘটত আমৰ ডাল আৰু হাতত তুলসীৰ ঠালি থাকে। শেষৰ দিনা কলং নৈৰ পৰা পানী সংগ্ৰহ কৰি বিষ্ণু বা বৰুণ দেৱতাৰ পূজা কৰে আৰু সমান্তৰালকৈ নামঘৰত নাম প্ৰসংগ চলে। নিশা ভাওনা অনুষ্ঠিত হয়। পূৰ্বতে তিনিৰ পৰা চাৰি দিন পৰ্যন্ত ভাওনা অনুষ্ঠিত হৈছিল বুলিও জনা যায়। এই সবাহত প্ৰচলিত গীত মাত, কাপোৰ পৰিধান তথা চুলি কৰাৰ শৈলী, পানী তোলাৰ সময়ৰ নীতি নিয়ম আদিৰ সুকীয়া বৈশিষ্ট্য আছে। উল্লেখযোগ্য যে বহুতেই এই সবাহৰ জন্ম ১৮২২ বুলিও ক'ব খোজে যদিও এই সবাহৰ সঠিক আৰম্ভণিৰ কোনো তথ্য নোপোৱাৰ বাবে বৰ নামঘৰ প্ৰতিষ্ঠাৰ দিনটোকে এই সবাহৰ আৰম্ভণি বুলি ধৰা হয় আৰু সেই অনুসৰি আগন্তুক ২০২৭-২৮ বৰ্ষত এই সবাহে ২০০ বছৰ অতিক্ৰম কৰিব।
শিক্ষা
[সম্পাদনা কৰক]পুৰণিগুদাম এটা বৃহৎ অঞ্চল হোৱা হেতুকে অঞ্চলত থকা শিক্ষানুষ্ঠানৰ সংখ্যাও তাকৰ নহয়। কেইবাখনো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ে শিক্ষাৰ উজ্জ্বল আভাৰে অঞ্চলটো আলোকিত কৰি ৰাখিছে। পুৰণিগুদামৰ ভিতৰুৱা গাঁওসমূহতো একাধিক শিক্ষানুষ্ঠানে শিক্ষাদান কৰি আছে। প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় পৰ্যন্ত শিক্ষাগ্ৰহণৰ বাবে পুৰণিগুদামত সুবিধা আৰু ব্যৱস্থা আছে। উল্লেখনীয় যে, পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে আদি কৰি একাধিক শিক্ষানুষ্ঠানে এক সুদীৰ্ঘ সময়ৰ পৰা পুৰণিগুদাম অঞ্চলত শিক্ষাদান কৰি আহিছে।
- প্ৰাথমিক বিদ্যালয়
- ২২৫ নং পুৰণিগুদাম নিম্ন বুনিয়াদী বিদ্যালয়
- সাউদ ভোলানাথ নিম্ন বুনিয়াদী বিদ্যালয়
- বিদ্যানিকেতন,পুৰণিগুদাম
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়
- পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- পাৰঘাট মজলীয়া বিদ্যালয়
- পুৰণিগুদাম ছোৱালী হাইস্কুল
- বিদ্যানিকেতন,পুৰণিগুদাম
- মহাবিদ্যালয়
- ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়
স্বাস্থ্য
[সম্পাদনা কৰক]প্ৰাথমিক ৰোগৰ বিধান দিয়াৰ হেতু পুৰণিগুদামৰ মাজ-মজিয়াত এখন প্ৰাথমিক স্বাস্থ্য-কেন্দ্ৰও আছে। প্ৰয়োজনীও দৰৱ-পাতি কিনিবলৈ পুৰণিগুদামত ফাৰ্মাচীও কেইবাখনো আছে।
প্ৰধান বাণিজ্য-স্থলসমূহ
[সম্পাদনা কৰক]পুৰণিগুদামৰ গুৰুত্বপূৰ্ণ ঠাইসমূহত বহা দৈনিক বজাৰ কেইবাখনো আছে। ন-আলিমূৰ, গড়মূৰ আৰু কেঞাপট্টিত বহা দৈনিক বজাৰৰ পৰা স্থানীয় ৰাইজে দৈনিক খাদ্য-সামগ্ৰী ক্ৰয় কৰে। তদুপৰি,বস্ত্ৰ ক্ৰয় কৰিবৰ হেতু পুৰণিগুদামত ঠায়ে-ঠায়ে একাধিক বস্ত্ৰ-বিপণীও আছে। উৎসৱৰ সময়ত দোকানসমূহত ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হয়।
পৰিবহণ
[সম্পাদনা কৰক]পুৰণিগুদামৰ পৰা নগাঁও চহৰলৈ নিয়মীয়াকৈ টেম্প' আদি বাহনৰ চলাচল হয়। শিলঘাটৰ পৰা অহা গুৱাহাটী অভিমুখী শিলঘাট যাত্ৰীবাহী ৰে'লখন দৈনিক পুৰণিগুদামৰ ৰে'লৱে প্লেটফৰ্মটোক ছুই যায়।
অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠান
[সম্পাদনা কৰক]পুৰণিগুদাম অঞ্চলৰ মাজ-মজিয়াত ইউনাইটেড্ বেংক অৱ ইণ্ডিয়াৰ এটা শাখা আৰু এটা ডাকঘৰ আছে। উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে পুৰণিগুদামৰ একাধিক ঠাইত ব্যক্তিগত শিক্ষা-কেন্দ্ৰ গঢ় লৈ উঠিছে। বাপুজী ভৱন আৰু পুথিভঁৰাল পুৰণিগুদামৰ অন্য এক সামাজিক অনুষ্ঠান। ইয়াৰোপৰি বিভিন্ন সাংস্কৃতিক তথা সামাজিক অনুষ্ঠান সমূহৰ ভিতৰত অবিনশ্বৰ গোষ্ঠী(নাট্যদল), কলং কলা কেন্দ্ৰ(সংগ্ৰহালয়), অনিৰ্বাণ গোষ্ঠী, ৰঙ্গালয় উল্লেখযোগ্য।
উল্লেখযোগ্য ব্যক্তি
[সম্পাদনা কৰক]- লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা (স্বনামধন্য সংগীতশিল্পী)
- কলংপৰীয়া কবি দেৱকান্ত বৰুৱা
- বিৰিঞ্চি কুমাৰ বৰুৱা
- লেশধৰ শৰ্ম্মা (লেৰেলা খনিকৰ)
- সাউদ ভোলানাথ
সহায়ক গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী, ধৰণীধৰ মজিন্দাৰ, প্ৰথম প্ৰকাশ, ১ মাৰ্চ ২০০০