লেশধৰ শৰ্ম্মা
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই প্ৰবন্ধত উপযুক্ত তথ্যতকৈ বিষয়টোত বিজ্ঞাপন যেন লগা পাঠ্য থকা যেন হে দেখা গৈছে। অনুগ্ৰহ কৰি এনে অসমৰ্থিত ভাষ্য পৰিহাৰ কৰক। |
ঊনবিংশ শতিকাৰ শেষ ভাগত পুৰণিগুদামত দুৰ্গাপূজা আয়োজনৰ পৰম্পৰা আৰম্ভ হৈছিল। চাহ বাগিছাৰ প্ৰতিপত্তিশালী ব্যৱসায়ী দেৱনাথ বৰুৱাৰ উদ্যোগত আৰম্ভ হোৱা পূজাভাগত পোনপ্ৰথমে খেৰৰ সোপাৰে দেৱী-প্ৰতিমা তৈয়াৰ কৰা হৈছিল। ১৯০১ চনত লেৰেলা খনিকৰ ওৰফে লেশধৰ শৰ্ম্মাই সৃজনীশীলতাৰ চমৎকাৰিতাৰে কাঠেৰে এটি দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিলে। কোনোধৰণৰ উচ্চশিক্ষা অথবা কাৰিকৰী শিক্ষাৰ আশ্ৰয় নোলোৱাকৈ কেৱল নিজ প্ৰতিভা আৰু নিষ্ঠাৰ জোৰত লেশধৰ শৰ্মাই নিৰ্মাণ কৰা কাঠৰ দুৰ্গা-প্ৰতিমাটি কেৱল অসমতে নহয়,সমগ্ৰ ভাৰততে বিৰল[উদ্ধৃতিৰ প্ৰয়োজন]। কাঠেৰে দুৰ্গা প্ৰতিমা সাজি উলিওৱা প্ৰথম ব্যক্তি হিচাপে চিহ্নিত লেশধৰ শৰ্মাৰ নামটো আজিও শ্ৰদ্ধা আৰু বিনম্ৰতাৰ স্মৰণ কৰা হয়। কুৰি শতিকাৰ চল্লিছৰ দশকত কাঠৰ মূৰ্তিভাগ গুৱাহাটীৰ যাদুঘৰলৈ নিয়াৰ যো-জা চলোৱা হৈছিল। কিন্তু পুৰণিগুদামৰ স্থানীয় ৰাইজে ঐতিহ্যমণ্ডিত এই ৰ্দুগাৰ্মূতিটিক সমূহীয়া প্ৰচেষ্টাৰে সংৰক্ষণ কৰি নিজ ঠাইতে ৰাখিবলৈ মনস্থ কৰিলে। লেশধৰ শৰ্ম্মাই নিৰ্মাণ কৰি থৈ যোৱা এই দুৰ্গামূৰ্তিটোৰেই পুৰণিগুদামৰ স্থানীয় পূজাঘৰত তেতিয়াৰ পৰা বৰ্তমানলৈকে পূজা কৰি থকা হৈছে[1]।
জন্মস্থান
[সম্পাদনা কৰক]নগাঁও জিলাৰ পুৰণিগুদামৰ মাজমজিয়া কেঞাপট্টিত এখেতৰ পূৰ্বপুৰুষৰ বাসস্থান বুলি জনা যায়। পূৰ্বতে এইখিনি ঠাইক ভকতৰ চুবুৰী বুলি কোৱা হৈছিল। নাতিদূৰৈত থকা গড়মূৰ সত্ৰলৈ সত্ৰাধিকাৰসকল ফুৰিবলৈ আহোঁতে একাধিক ভকত উভতি নোযোৱাকৈ ইয়াৰ ভকতসকলৰ লগতে বসবাস কৰি থাকি গৈছিল বুলি ভাবিব পাৰি।
শৈশৱ-কাল আৰু শিক্ষা-জীৱন
[সম্পাদনা কৰক]শৰ্ম্মাৰ শৈশৱৰ ঘটনাৱলী সম্পূৰ্ণকৈ নেজানিলেও এইখিনি জানিব পাৰি যে পাঠশালা ঊত্তীৰ্ণ হৈ তেখেতে স্থানীয় সংস্কৃত স্কুলত (বৰ্ত্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়) সংস্কৃত অধ্যয়ন কৰিছিল। তাৰপিছত শ্ৰাদ্ধবিধি বৈদিক কৰ্ম্মাদি কৰি জীৱিকাৰ বাট মোকলাইছিল। সৰুকালৰে পৰা শৰ্ম্মাদেৱে দা-কটাৰী,খৰি ফলা হাতোৱাহখনেৰেই পীৰা,তুল,গছা,চকী আদি সাজি খ্যাতি লাভ কৰিছিল। ক্ৰমান্বয়ে কাঠ শিল্পৰ প্ৰতি তেখেতৰ আগ্ৰহ আৰু আকৰ্ষণ বাঢ়িবলৈ ধৰিলে। সা-সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা আহিলা-পাতি বিচাৰি আনৰ ওচৰলৈ নগৈ তেখেতে নিজ হাতৰেই সেইসমূহ আহিলা তৈয়াৰ কৰি ল’লে।
ভাস্কৰ্যবিদ্যা আৰু কাঠৰ প্ৰতিমাৰ দুৰ্গা
[সম্পাদনা কৰক]শঙ্খ ঘণ্টা ধ্বনিৰ সমান্তৰালকৈ হাতুৰি বটালিৰ কোবেও শৰ্ম্মাৰ ঘৰখনক এক সুকীয়া গাম্ভীৰ্য প্ৰদান কৰিলে। ক্ৰমাৎ শৰ্ম্মাৰ হাতত হেঙুল-হাইতালৰো বোল লাগিল। অতদিনৰ পৰা পুৰণিগুদামত চলি অহা দুৰ্গাপূজাৰ খেৰৰ প্ৰতিমাক আঁতৰাই লেৰেলা খনিকাৰে তাৰ ঠাইত কাঠৰ প্ৰতিমা সংস্থাপন কৰিলে। আৰু স্বাভাৱিকতেই শৰ্ম্মাদেৱৰ এই অসাধাৰণ কৃতিত্বৰ কথা চৌদিশে বিয়পি পৰিল। এই প্ৰতিমাখনিয়ে অসমৰ ভিতৰত শ্ৰেষ্ঠ স্থান লাভ কৰিলে। কাঠৰ প্ৰতিমা সজীৱ হৈ উঠিল।
বিশ্বকৰ্মা উপাধি
[সম্পাদনা কৰক]লেৰেলা খনিকৰ আছিল স্বাৱলম্বী,স্ব-নিৰ্ভৰশীল মানুহ। তেখেতে নিজৰ প্ৰয়োজনীয় দা,কুঠাৰ আদি হাথিয়াৰবোৰ কমাৰৰ হতুৱাই কৰাই আনি নিজেই ঘৰতে পাক্ ধৰি উপযুক্ত কৰি লৈছিল। পূজাত বজোৱা কাঁহ,পিতলৰ ঘণ্টাটি তেওঁ নিজেই গঢ় দি লৈছিল। নিজৰ লগুণত থকা সোণৰ আঙুঠিটোও নিজেই গঢ়ি লৈছিল। সোণৰ আঙুঠি গঢ়োৱা খবৰটো অহুকাণে-পহুকাণে গৈ স্থানীয় আউনীআটী সত্ৰত চহৰ ফুৰিবলৈ আহি থকা শ্ৰীশ্ৰী কমলদেৱ সত্ৰাধিকাৰৰ কাণ চুলেগৈ। কথাৰ উৱাদিহ লোৱাৰ মানসেৰে সত্ৰাধিকাৰ প্ৰভুৱে এদিন খনিকৰক মাতি পঠিয়ালে। খনিকৰ আশ্চৰ্যান্বিত হ’ল। পিছে পিছমুহূৰ্ততে তেওঁ এটা বুদ্ধি পাঙিলে। গমাৰী কাঠৰ এযোৰ খৰম হাঁতী দাঁতৰ চুলা লগাই সুন্দৰকৈ নতুন গামোছাৰে বান্ধি সত্ৰাধিকাৰ প্ৰভুৰ ওচৰলৈ গ’ল। খনিকৰৰ বিষয়ে গোঁসায়ে কি মত দিয়ে,তাকে শুনিবলৈ লগৰীয়া ব্ৰাহ্মণসকলে সেইদিনা ক্ষণ গণি আছিল। সত্ৰাধিকাৰে খনিকৰক সন্মানসহকাৰে উচ্চাসনত বহুৱালে আৰু বিশিষ্ট প্ৰসাদ খাবলৈ দি অভিযোগৰ খতিয়ান ল'লে। তেতিয়া স্পষ্টবাদী শিল্পীগৰাকীয়ে জনাই দিলে যে তেওঁ নিজৰ প্ৰয়োজনীয় আহিলা পাতি নিজে তৈয়াৰ কৰি লয়। তেওঁৰ এই স্বাৱলম্বিতা গুণক যদি কোনোবাই গুণ নুবুলি দোষ বুলি কয়, তেন্তে তেওঁ দোষী। এইবুলি স্বীকাৰোক্তি দি তেওঁ লগুণৰ সোণৰ আঙুঠিটো গোঁসাইক দেখুৱালে। গুণীৰ মূল বুজি পোৱা সত্ৰাধিকাৰ প্ৰভুৱে খনিকৰৰ প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰিলে। তেওঁক নিৰ্দ্দোষী বুলি জনালে আৰু খনিকৰৰ শিৰত ধৰি আৰ্শীব্বাদ দিলে। অকল সেয়াই নহয়, অনন্য আৰু অসাধাৰণ প্ৰতিভাসম্পন্ন লেৰেলা খনিকৰক তেওঁ “বিশ্বকৰ্মা” উপাধিৰে বিভূষিত কৰিলে।
প্ৰণিধানযোগ্য যে, লেৰেলা খনিকৰৰ সুযোগ্য নাতি বেণুধৰ শৰ্ম্মাই ককাদেউতাকৰ শিল্পবিদ্যা জীয়াই ৰখাৰ উপৰিও প্ৰতিমাখনিক সযত্নে ৰাখি থৈছে। পুৰণিগুদামৰ দুৰ্গাপূজা সেই প্ৰতিমাৰেই সম্পন্ন হৈ আহিছে।
সহায়ক গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- ↑ পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী, ধৰণীধৰ মজিন্দাৰ, প্ৰথম প্ৰকাশ ১ মাৰ্চ, ২০০০