নগাঁও
নগাঁও | |
---|---|
— চহৰ — | |
ভৌগোলিক স্থানাংক: 26°21′01″N 92°40′47″E / 26.3503828°N 92.6795912°Eস্থানাংক: 26°21′01″N 92°40′47″E / 26.3503828°N 92.6795912°E | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | নগাঁও |
সময় অঞ্চল | ভা মা স (গ্ৰী.মা.স.+5:30) |
পিন | ৭৮২০০১ ৰ পৰা ৭৮২০০৩ লৈ |
দূৰভাষ সংকেত | ৯১-৩৬৭২ |
যানবাহনৰ নম্বৰ | AS 02 - |
ৱেবছাইট | nagaon |
নগাঁও (ইংৰাজী: Nagaon) মধ্য অসমৰ উল্লেখযোগ্য চহৰ। প্ৰাচীনকালত নল-খাগৰিৰে ভৰা এই ঠাইডোখৰক খাগৰিজান বুলি জনাজাত আছিল। গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্বিভাৱৰ স্থান "বৰদোৱা" দৰে পবিত্ৰ স্থানেৰে গৰ্বিত নগাঁৱত, অসমীয়া কলা-সংস্কৃতিৰ কেইবাগৰাকী নমস্য ব্যক্তিৰ জন্ম হৈছে।
নগাঁও জিলা দুটা মহকুমা নগাঁও সদৰ আৰু কলিয়াবৰ ৰে গঠিত।
ভূগোল[সম্পাদনা কৰক]
ব্ৰহ্মপুত্ৰ নদীৰ উপনদী কলং নগাঁৱৰ মাজেদি বৈ গৈছে আৰু নগৰ খনক দুটা অংশত বিভক্ত কৰিছে: নগাঁও আৰু হয়বৰগাঁও।[1]
পৰিবহণ[সম্পাদনা কৰক]
- পথ
নগাঁও নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱস্থা ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৩৬ এ অসমৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ লগত যাতায়ত সংযোগ কৰিছে। বাছ পৰিবহণে নগৰখনক অসমৰ অন্যান্য অঞ্চল সমূহৰ লগত সংযুক্ত কৰিছে।
- ৰেলপথ
নগাঁও নগৰত দুটা ৰেল ষ্টেচন আছে; এটা নগাঁও চহৰত আৰু আনটো হয়বৰগাঁৱত। আনহাতে নিকটৱৰ্ত্তী জংচনটো হৈছে চাপৰমুখ ৰেল জংচন। চাপৰমুখ জংচনটো নগাঁও চহৰৰ পৰা প্ৰায় ২৮ কি:মি: দূৰৈত অৱস্থিত। এই জংচনৰ মাজেদি বহুতো দূৰণিবতীয়া ৰেল চলাচল কৰে।
- বিমানবন্দৰ
তেজপুৰ বিমানবন্দৰ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে নগাঁৱৰ ক্ৰমে নিকটতম দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।
ৰাজনীতি[সম্পাদনা কৰক]
নগাঁও নগৰ নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্গত।
শিক্ষা[সম্পাদনা কৰক]
আধুনিক শিক্ষা ব্যৱস্থা নগাঁও জিলাত উনবিংশ শতিকাতে আমেৰিকান বেপ্টিষ্ট মিশ্যনাৰী মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউনৰ নেতৃত্বত সূচনা হয়। অসমীয়া সাহিত্যৰ এজন বিশিষ্ট ব্যক্তি আনন্দৰাম ঢেকিয়াল ফুকনে জীৱনৰ অধিকাংশ সময় নগাঁৱত অতিবাহিত কৰিছিল। আনহাতে অসমীয়া বুদ্ধিজীৱী গুণাভিৰাম বৰুৱাই প্ৰায় দুই দশক ধৰি নগাঁৱত অসমীয়া সাহিত্যৰ বিকাশত কৰ্মৰত আছিল।
- বিদ্যালয়
অসমৰ প্ৰাচীনতম বিদ্যালয় নগাঁও মিশ্যন উচ্চ বিদ্যালয় ১৮৪৬ চনত মাইলচ ব্ৰনছনে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰোপৰি ইয়াত অসমৰ তৃতীয় প্ৰাচীন বিদ্যালয় ১৮৬৫ চনত প্ৰতিষ্ঠিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় অৱস্থিত। নগাঁৱৰ অন্য এক প্ৰাচীন বিদ্যালয় হৈছে ড'চন উচ্চ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়।
- প্ৰখ্যাত ইংৰাজী মাধ্যমৰ বিদ্যালয়
- কেন্দ্ৰীয় বিদ্যালয়, নগাঁও
- খ্ৰীষ্ট জ্যোতি বিদ্যালয়
- নগাঁও মিশ্যন উচ্চ বিদ্যালয়
- লিটল ফ্লাওৱাৰ স্কুল
- নগাঁও ইংলিছ একাডেমী
- মহাবিদ্যালয়
নগাঁৱৰ প্ৰসিদ্ধ মহাবিদ্যালয় হৈছে নগাঁও মহাবিদ্যালয়। এই মহাবিদ্যালয় নগৰৰ মাজমজিয়াত অৱস্থিত। আন মহাবিদ্যালয় সমূহৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, খাগৰিজান মহাবিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়, নগাঁও আইন মহাবিদ্যালয়, অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় আদি উল্লেখযোগ্য।
ক্ৰীড়া[সম্পাদনা কৰক]
নগাঁৱৰ মূল ক্ৰীড়া স্থলী নুৰুল আমিন ষ্টেডিয়াম প্ৰয়াত খেলুৱৈ নুৰুল আমিনৰ নামত নামকৰণ কৰা হৈছে। এই ষ্টেডিয়ামত প্ৰতি বছৰে সন্মানজনক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা আয়োজিত হয়। প্ৰতিযোগিতাখনত দেশৰ বহুতো আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰে।
বিশিষ্ট ব্যক্তি[সম্পাদনা কৰক]
- শ্ৰীমন্ত শংকৰদেৱ, ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক
- ড˚ভবেন্দ্ৰ নাথ শইকীয়া ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ
- যতীন বৰা, অভিনেতা
- খগেন মহন্ত, গায়ক
- লক্ষ্মীনাথ বেজবৰুৱা, কবি, লেখক, ঔপন্যাসিক
- মহিম বৰা, লেখক
- প্ৰফুল্ল কুমাৰ মহন্ত, ৰাজনীতিবিদ
- পাপন, গায়ক
- ভোগেশ্বৰী ফুকননী,স্বাধীনতা সংগ্ৰামী
- ৰত্নকান্ত বৰকাকতী, কবি
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Article by Raghavendra Dixit titled 'Kolong ke Kinare (Hindi: कोलोंग के किनारे)' published in Jansatta, a Hindi daily - http://epaper.jansatta.com/229630/Jansatta.com/Jansatta-Hindi-15022014#page/6/2
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|