কলং নদী
(কলংৰ পৰা পুনঃনিৰ্দেশিত)
কলং নদী নাইবা কৈলাং (ইংৰাজী: Kolong) হৈছে ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদী। এই নদীখন নগাঁও জিলাৰ জখলাবন্ধাৰ হাতীমূৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা আঁতৰি গৈছে আৰু গুৱাহাটীৰ কাষৰ কলংপাৰত সমাপ্ত হৈছে। উপনদীখন প্ৰায় ২৫০ কিলোমিটাৰ (১৬০ মিঃ) দীঘল আৰু নদীখন নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাসমূহৰ মাজেৰে প্ৰবাহিত হৈছে। দিজু, মিছা আৰু কেইখনমান সৰু জলস্ৰোত কলং নদীৰ গতিপথৰ সংস্পৰ্শলৈ আহে। নদীখন নগাঁৱৰ চহৰীয়া অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে আৰু চহৰখনক নগাঁও আৰু হয়বৰগাঁৱত বিভক্ত কৰিছে।[1]
চিত্ৰ-ভঁৰাল[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Environmental setting ofthe study area". Shodhganga. https://shodhganga.inflibnet.ac.in/bitstream/10603/114457/9/09_chapter%202.pdf। আহৰণ কৰা হৈছে: 27 October 2020.
|