সমললৈ যাওক

জাঁজী নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


জাঁজী নদী
উৎস মোককচাং নগৰৰ উত্তৰ দিশ
 - অৱস্থান নাগালেণ্ড, ভাৰত
দৈৰ্ঘ্য ১০৭ কিমি (এক্সপ্ৰেছন ত্ৰুটী: round’ৰ বাবে অপাৰেণ্ড নাই। মাইল)
প্ৰবাহ
 - গড় ১,৩৫০ ঘনমিটাৰ/ছেকেণ্ড (এক্সপ্ৰেছন ত্ৰুটী: round’ৰ বাবে অপাৰেণ্ড নাই। ঘনফুট/ছেকেণ্ড)

জাঁজী নদী (ইংৰাজী: Jhanji River) হৈছ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ। এই নদীখনে অসমৰ যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণ কৰিছে। নাগালেণ্ডৰ মোককচাং নগৰৰ উত্তৰ দিশৰ কোনো এক ঠাইৰপৰা জাঁজী নদীৰ উৎপত্তি হৈছে। ১৯১৭ চনৰ মানচিত্ৰৰ মতে, জাঁজী নদী খনৰ দীঘ ১০৭ কি:মি: আৰু অৱবাহিকাৰ কালি ১৩৫০ বৰ্গ কি:মি:।

জাঁজী নদীখন নাগালেণ্ডৰ মোককচাং নগৰৰ কিছু উত্তৰ পৰা মেলেক নৈ নামেৰে ওলাই উত্তৰ-পশ্চিমমুৱা হৈ ১২ কি:মি: আহি উত্তৰ-পূৱমুৱা হয়। তাৰ পিচত মেলেক নৈ খনে ১৬ কি:মি: আহি মেনুং নামৰ এখন নৈৰ লগ লাগি মেলেক নৈখনে জাঁজী নাম লয়। জাঁজী নৈয়ে যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমাইদি বৈ আহি শিমলুগুৰিৰ পৰা উত্তৰমুৱা হৈ ৪ কি:মি: আহি আমগুৰি ৰেলপথ পাৰ হয়। আমগুৰিৰ পৰা উত্তৰ-পশ্চিমমুৱাহৈ বৈ আহি জাঁজী নামৰ ঠাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই-পথ পাৰ হয়। তাৰ পাচত বহুতো যান আৰু সৰু নৈ লগ লাগি ধনতোলা পায়। তাৰ পৰা ৫ কি:মি: ভটিয়াই বনাই পায়, বনাই পৰা ৭ কি:মি: ভটিয়াই চীনাতলিৰ ন-জাঁজী ওচৰত নৈখন ঠেক হৈ আৰু ৫ কি:মি: আহি কুমাৰ গাঁৱত মিটং-মৰি জাঁজী নৈ সৈতে লগ লাগি জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ লগ লাগে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]