সমললৈ যাওক

জাঁজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাঁজী
গাঁও, অৰ্ধ-নগৰীয় অঞ্চল
জাঁজী is located in অসম
জাঁজী
জাঁজী
মানচিত্ৰত জাঁজীৰ অৱস্থান
জাঁজী is located in ভাৰত
জাঁজী
জাঁজী
জাঁজী (ভাৰত)
স্থানাংক: 26°50′52″N 94°29′30″E / 26.8479°N 94.4916°E / 26.8479; 94.4916স্থানাংক: 26°50′52″N 94°29′30″E / 26.8479°N 94.4916°E / 26.8479; 94.4916
দেশ ভাৰত
ৰাজ্য অসম
জিলা শিৱসাগৰ জিলা
চৰকাৰ
 • পৰিচালনা ম'ৰাবজাৰ গাঁও পঞ্চায়ত, জকাইচুক গাঁও পঞ্চায়ত

জাঁজী (ইংৰাজী: Jhanji) শিৱসাগৰ জিলাজাঁজী নদীৰ পাৰত অৱস্থিত এখন গাঁও আৰু এটা সৰু অৰ্ধ-নগৰীয় অঞ্চল। জাঁজী নদীয়ে শিৱসাগৰ আৰু যোৰহাট জিলাক বিভক্ত কৰিছে।

জাঁজী নদী অসমৰ আহোম ৰাজত্ব কালৰ পৰাই বিখ্যাত। ই অসমৰ যোৰহাট আৰু শিৱসাগৰ জিলাক ভৌগলিকভাবে বিভক্ত কৰে।

জাঁজী শব্দটো এটা অসমীয়া যৌগিক শব্দ। অসমীয়া ভাষাত ইয়াৰ অৰ্থ হৈছে "জাঁজৰী কঢ়িওৱা নদী", যিখন নদীয়ে বানপানীৰ বৰ্জনীয় সামগ্ৰী প্ৰবাহিত কৰে। বানপানীৰ সময়ত ই গছ, বোকা আদি কঢ়িয়াই লৈ যায়; সেয়েহে ইয়াক জাঁজী বুলি নামকৰণ কৰা হৈছিল।

জীৱন জাঁজী নৈ, জাঁজী নৈ এৰিব নোৱাৰো আদিৰ দৰে পুৰণি বিহু গীতত জাঁজী নৈৰ কথা উল্লেখ কৰা হৈছে।

জাঁজী ২৬.৮৯৪ উত্তৰ অক্ষাংশ আৰু ৯৪.৪২০ পূব দ্ৰাঘিমাংশত অৱস্থিত।

ৰাজনীতি

[সম্পাদনা কৰক]

জাঁজী ১০৩ নং আমগুৰি বিধানসভাৰ অংশ আছিল। বৰ্তমান ই গৌৰীসাগৰ বিধানসভাৰ অন্তৰ্গত। জাঁজী যোৰহাট (লোকসভা সমষ্টি)ৰ ভিতৰত পৰে।[1]

শিক্ষা প্ৰতিষ্ঠানসমূহ

[সম্পাদনা কৰক]

মহাবিদ্যালয়সমূহ

[সম্পাদনা কৰক]
  • জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়, জাঁজী জামুগুৰি
  • ঘানকান্ত বৰা মহাবিদ্যালয়, তামুলীচিগা
  • হাঁহচৰা জুনিয়ৰ কলেজ, জাঁজী হাঁহচৰা

বিদ্যালয়সমূহ

[সম্পাদনা কৰক]
  • জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • চন্দ্ৰধৰ গগৈ শংকৰদেৱ শিশু বিদ্যা নিকেতন, জাঁজী, শিৱসাগৰ
  • জাঁজী ছোৱালী হাইস্কুল, শিৱসাগৰ
  • জৰাবাৰী হাইস্কুল, শিৱসাগৰ

উল্লেখযোগ্য ব্যক্তিত্ব

[সম্পাদনা কৰক]
  • তীৰ্থনাথ শৰ্মা, অসমৰ প্ৰখ্যাত সাহিত্যিক, অসম সাহিত্য সভাৰ মাকুম অধিবেশনৰ সভাপতি।
  • সত্যেন্দ্ৰনাথ শৰ্মা, বিখ্যাত অসমীয়া সাহিত্যিক, অসম সাহিত্য সভাৰ তিতাবৰ অধিবেশনৰ সভাপতি।
  • চন্দ্ৰ প্ৰসাদ শইকীয়া, প্ৰখ্যাত অসমীয়া লেখক।
  • কপিল ঠাকুৰ, অসমীয়া গীতিকাৰ, তেওঁ 'মায়া মাথো মায়া' আদিৰ দৰে কিছুমান বিখ্যাত অসমীয়া গীত লিখিছিল। জুবিন গাৰ্গৰ পিতৃ।
  • জুবিন গাৰ্গ, তেওঁৰ পৈতৃক ঘৰ জাঁজী তামুলীচিগাত আছে।
  • ধ্বনিকবি নামেৰে পৰিচিত বিনন্দ চন্দ্ৰ বৰুৱাৰ কৰ্মক্ষেত্ৰ আছিল জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়। তেওঁ জাঁজী জামুগুৰিৰ এজন আহোম সৈনিক "ৰঙামুৱা"ৰ স্মৃতিত বিখ্যাত কবিতা "ৰাঙলী বুঢ়ীৰ দান" লিখিছিল।
  • জগন্নাথ মহন্ত, উল্লেখযোগ্য সত্ৰীয় নৃত্যশিল্পী, গৱেষক পণ্ডিত।
  • চিত্ৰলতা ফুকন, প্ৰখ্যাত অসমীয়া লেখিকা।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.