সোৱণশিৰি নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সোৱণশিৰি নদী
দেশসমূহ তিব্বত,  ভাৰত
উৎস হিমালয়
দৈৰ্ঘ্য ৪৪২ কিমি (২৭৪.৬৫ মাইল)
প্ৰবাহ
 - গড় ৪২,৬৪০ ঘনমিটাৰ/ছেকেণ্ড (১৫,০৫,৮১৭.৩৯ ঘনফুট/ছেকেণ্ড)

সোৱণশিৰি নদী (ইংৰাজী: Subansiri River) হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ। ই ভাৰতৰ ৰাজ্য অসম আৰু অৰুণাচল প্ৰদেশ আৰু চীনৰ অধীনত থকা তিব্বতৰ মাজেদি বৈ গৈছে। ইয়াৰ দৈৰ্ঘ্য হৈছে ২৭৫ মাইল (৪৪২ কিঃমিঃ) আৰু অৱবাহিকাৰ কালি ১২,৬০০ বৰ্গ মাইল (৩২,৬৪০ বৰ্গ কিঃমিঃ)।[1] সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। ই ব্ৰহ্মপুত্ৰৰ মুঠ জলৰাশিৰ ৭.৯২% যোগান ধৰে।[2]

উৎপত্তি[সম্পাদনা কৰক]

চীন দেশত অৱস্থিত হিমালয়ৰ পৰা সোৱণশিৰি নদীৰ উৎপত্তি হৈছে।

গতিপথ[সম্পাদনা কৰক]

সোৱণশিৰি নদী প্ৰথমতে পূব আৰু দক্ষিণ-পূবলৈ বৈ গৈ ভাৰতত প্ৰৱেশ কৰিছে। তাৰ পিছত অসমৰ উপত্যকাত দক্ষিণ দিশে বৈ গৈছে। ই অসমলক্ষীমপুৰ জিলাব্ৰহ্মপুত্ৰ নদীৰ লগত লগ লাগিছে।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Rao, K.L. (1979). India's Water Wealth. Orient Blackswan. পৃষ্ঠা. 78. ISBN 978-81-250-0704-3. http://books.google.com/books?id=DZNrXuA2y3MC&pg=PA78। আহৰণ কৰা হৈছে: 1 May 2011. 
  2. Singh, Vijay P.; Sharma, Nayan; Ojha, C. Shekhar P. (2004). The Brahmaputra basin water resources. Springer. পৃষ্ঠা. 82. ISBN 978-1-4020-1737-7. http://books.google.com/books?id=HUXrVyUk0RAC&pg=PA82। আহৰণ কৰা হৈছে: 1 May 2011. 

স্থানাংক: 26°53′24″N 93°54′47″E / 26.89°N 93.91306°E / 26.89; 93.91306