পাগলাদিয়া নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পাগলাদিয়াৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
স্থানাংক: 26°15′18.9″N 91°25′59.7″E / 26.25525°N 91.43325°E / 26.25525; 91.43325
পাগলাদিয়া নদী
নলবাৰী জিলাত পাগলাদিয়া নদী
দেশসমূহ ভূটান, ভাৰত
প্ৰদেশ অসম
চহৰ নলবাৰী
উৎস ভূটান পাহাৰ
 - অৱস্থান দেওথাং, ভূটান
 - স্থানাঙ্ক 26°51′24.5″N 91°24′54.2″E / 26.856806°N 91.415056°E / 26.856806; 91.415056
মোহনা ব্ৰহ্মপুত্ৰ নদ
 - স্থানাঙ্ক 26°15′18.9″N 91°25′59.7″E / 26.25525°N 91.43325°E / 26.25525; 91.43325

পাগলাদিয়া নদী (ইংৰাজী: Pagladiya River) বা পাগ্লাদিয়া নদী ভাৰতৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদৰ উত্তৰবাহিনী উপনদী।[1] পাগলাদিয়া নদীৰ উদ্গম স্থান হৈছে ভূটান পাহাৰৰ দেওথাং। ই ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হোৱাৰ আগতে অসমৰবাক্সা জিলা আৰু নলবাৰী জিলাৰ মাজেৰে বৈ গৈছে। পাগলাদিয়া নদী চিৰস্থায়ী আৰু তলি দাং খোৱাৰ বাবে গভীৰ নহয়। বিশেষভাৱে আকস্মিক বানপানী আৰু উচ্চ পানী বহনৰ হাৰৰ বাবে পাগলাদিয়া জনাজাত।[2]

গতিপথ[সম্পাদনা কৰক]

পাগলাদিয়া নদী ভূটান পাহাৰৰ দেওথাং নামৰ ঠাইত উৎপত্তি হৈছে। তাৰপিছত ই অসমৰ বাক্সা জিলাত প্ৰৱেশ কৰিছে। তাৰপিছত নলবাৰী জিলাৰ মাজেৰে পাৰ হৈ ব্ৰহ্মপুত্ৰত পৰিছে। বাৰিষা কালত ই প্ৰচুৰ পানী কঢ়িয়াই নিয়ে। নদীখনৰ বুকুত গেদ জমা হোৱাৰ বাবে বেছি গভীৰ নহয়। বাৰিষা কালত পানীৰে উপচি পৰা অৱবাহিকাটো সক্ৰিয়ভাৱে গতিপথ সলনি কৰা প্ৰকৃতিৰ দ্বাৰা বিকশিত হৈছে আৰু ইয়াৰ ফলত জটিল গতিপথৰ আৰ্হিৰ অৱবাহিকা গঢ় লৈ উঠিছে। মৰা পাগলাদিয়া নামেৰে জনাজাত পূৰ্বৰ পাগলাদিয়াৰ এৰাসুঁতিৰ অংশ এতিয়াও বাক্সা জিলাৰ খাগ্ৰাবাৰী আৰু বৰমাৰ মাজেৰে যোৱা পৰিত্যক্ত নলাৰ ৰূপত দেখা যায়।[2]

বৰ্তমান স্থিতি[সম্পাদনা কৰক]

শেহতীয়াকৈ নলবাৰী জিলাত পাগলাদিয়া নদীৰ পাৰত কৃষিবিপ্লৱ আৰু নদী পৰ্যটনৰ দৰে বিভিন্ন প্ৰকল্প গঢ় লৈ উঠিছে। নলবাৰী বালিতাৰাৰ জ্যোতি ফাৰ্মাৰ্চ ক্লাৱে নিৰ্মাণ কৰি উলিওৱা ‘কঁহুৱা ৰিজ’ৰ্ট’ আৰু ‘পাগলাদিয়া ৰিজ’ৰ্ট’এ নদীকেন্দ্ৰিক কৃষি পৰ্যটনত উদগনি যোগাইছে।[3]

জনপ্ৰিয় মাধ্যমত[সম্পাদনা কৰক]

পাগলাদিয়া নদীক বিষয় হিচাপে লৈ অসমীয়া সংগীত আৰু সাহিত্যক অলেখ সৃষ্টিয়ে সমৃদ্ধ কৰিছে৷ ভূপেন হাজৰিকাৰ এটি গীতত পাগলাদিয়া নদীক কেন্দ্ৰ কৰি ইয়াৰ স্থানীয় সমাজৰ এখন ছবি প্ৰতিফলিত হৈছে৷ ”আমাক সোধা যদি / (ক’ম) গাঁৱৰ আয়ুসৰেখা হ’ল পাগলাদিয়া নদী / এই নদীৰ পানীয়ে (আমাৰ) দেহা শীতলায়”- এই গীতটো পাগলাদিয়া নদীক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে৷ তেনেদৰে, নিৰুপমা বৰগোহাঞিৰ ‘সেই নদী নিৰৱধি’, ‘ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ’ আদি উপন্যাসত মূল উপজীব্য হিচাপে পাগলাদিয়া নদীয়ে স্থান লাভ কৰিছে৷ কবি হৰেকৃষ্ণ ডেকাৰ কবিতাতো পাগলাদিয়া নদীয়ে স্থান পাইছে৷[3]

তথ্য উৎস[সম্পাদনা কৰক]