হৰেকৃষ্ণ ডেকা
হৰেকৃষ্ণ ডেকা | |
---|---|
![]() | |
জন্ম | ১৯৪৩ |
পেচা | আৰক্ষী বিষয়া, সাহিত্যিক |
বঁটা, সন্মান, পুৰস্কাৰ আদি | সাহিত্য অকাডেমি বঁটা (১৯৮৭) অসম উপত্যকা সাহিত্য বঁটা (২০১০) |
হৰেকৃষ্ণ ডেকা (১৯৪৩ -) এগৰাকী কবি, চুটি গল্প লেখক আৰু কবিতাৰ সমালোচক। ছাত্ৰাৱস্থাৰ পৰাই কবিতা আৰু গল্প লিখাত মনোনিবেশ কৰা ডেকাই ৰামধেনু যুগতে নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছিল।[1] ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰেকৃষ্ণ ডেকাই অসম আৰক্ষীৰ মহাপ্ৰধান (DGP) হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।[2] সাহিত্য বিষয়ক আলোচনী 'গৰীয়সী' আৰু ইংৰাজী দৈনিক কাকত 'দ্যা ছেণ্টিনেল'ৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। বৰ্তমানেও সাহিত্য জগতৰ লগত জড়িত হৈ আছে।[2]
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
হৰেকৃষ্ণ ডেকাৰ জন্ম হৈছিল ১৯৪৩ চনত। পৈতৃক ঘৰ আছিল বৰ্তমানৰ নলবাৰী জিলাৰ সৰ্থেবাৰী অঞ্চলত।[3] কিন্তু তেখেতৰ শৈশৱ অতিবাহিত হৈছিল তিনিচুকীয়াত। তাতেই তেখেতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।[2] উচ্চ শিক্ষাৰ বাবে প্ৰথমে কটন কলেজ আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা লয়। ১৯৬৫ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।[2]
কৰ্মজীৱন[সম্পাদনা কৰক]
১৯৬৫ চনৰ মাজভাগৰপৰা ১৯৬৮ চনলৈ গুৱাহাটীৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে।[2] ১৯৬৮ চনত 'ভাৰতীয় আৰক্ষী সেৱা'ৰ অসম-মেঘালয় কেডাৰত যোগ দিয়ে। আৰক্ষী সেৱাৰ পৰা অসম আৰক্ষীৰ মহাপ্ৰধান হিচাপে ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে।[2] ২০০৮ চনৰ ডিচেম্বৰ মাহৰপৰা ২০১০ চনৰ নৱেম্বৰ মাহলৈ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা সমিতিৰ (National Security Advisory Board) সদস্য ৰূপে কাৰ্য নিৰ্বাহ কৰে॥[2] চাকৰিৰ পৰা অৱসৰৰ পাছত ডেকাই 'The Sentinel' কাকতৰ সম্পাদক ৰূপে কম সময়ৰ বাবে যোগ দি পাছলৈ সাহিত্য আলোচনী 'গৰীয়সী'ৰ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰে।[2]
সাহিত্য কৰ্ম[2][সম্পাদনা কৰক]
- কবিতা পুথি
- সয়ম্বৰ (The Voices), ১৯৭২
- ৰাতিৰ শোভাযাত্ৰা (The Procession by Night), ১৯৭৮
- আন এজন (Another One), ১৯৮৬ (বঙালী আৰু উড়িয়া ভাষালৈ অনূদিত)
- কবিতা ১৯৬০-১৯৮০ (Poems 1960-1980), ২০০২
- ভালপোৱাৰ বাবে এষাৰ (A Word for Love), ২০০৩
- সানমিহলি বৰ্ণমালা (The Mixed Alphabets), ২০১০
- Sea-Scare (ইংৰাজীলৈ অনূদিত কবিতা), 2001
- চুটি-গল্প সংগ্ৰহ
- প্ৰাকৃতিক আৰু অন্যান্য (The Natural and Other Stories), ১৯৮৫
- মধূসূদনৰ দলং (Madhusudan's Bridge), ১৯৯২
- বন্দীয়াৰ (The Captive), ১৯৯৬ (উড়িয়া ভাষালৈ অনূদিত)
- পোষ্টমডাৰ্ণ অথবা গল্প (The Post-modern or Short Story), ২০০১
- মৃত্যুদণ্ড (The Death Sentence), ২০০৬
- গল্প আৰু কল্প (Story and Fiction), ২০০৯
- সাহিত্য সমালোচনা
- আধুনিকতাবাদ আৰু অন্যান্য প্ৰবন্ধ (Adhunikatabad and Other essays), ১৯৯৮
- বীক্ষণ আৰু সন্ধান (Insight and Investigation), ২০০০
- দৃষ্টি আৰু সৃষ্টি (The Look and the Creation), ২০০৬
- নীলমনি ফুকনঃ কবি আৰু কবিতা (Nilamani Phukan:the post and his poems), ২০১০
- উপন্যাস
- আগন্তুক (The Strangers), 2008
- সম্পাদিত কিতাপ
- তৰুণ প্ৰজন্মৰ কবিতা (The Poetry of the Young Generation), 2005
- অনুবাদঃ
- প্ৰতিসৰিত ৰশ্মি (The Reflected Lght), ১৯৯২ (ছেইণ্টজন পাৰ্ছি, য়ানিছ ৰিছট'ছ, ভাস্ক' পোপা আৰু জেৰোস্লাভ ছিফাৰ্টৰ কবিতাৰ অনুবাদ)
- সামাজিক বিশ্লেষণ
- প্ৰব্ৰজন আৰু অণুপ্ৰবেশ (Immigration and Infiltration), ২০১০
- সাৰ্বভৌমত্ব, সন্ত্ৰাসবাদ আৰু নাগৰিক সমাজ (Sovereignty, Terrorism and Civil Society), 2010
স্বীকৃতি আৰু সন্মান[সম্পাদনা কৰক]
- ১৯৮৭: সাহিত্য অকাডেমি বঁটা, (আন এজন কবিতা পুথিৰ বাবে)[4]
- ১৯৯৬: কথা পুৰস্কাৰ, বন্দীয়াৰ গল্প সংকলনৰ বাবে
- ২০১০: অসম উপত্যকা সাহিত্য বঁটা[2][1][3]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 http://indianreview.in/the-assam-valley-literary-award-harekrishna-deka-2010/ আহৰণ কৰা তাৰিখঃ ৫ জানুৱাৰী, ২০১২
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 2.9 হৰেকৃষ্ণ ডেকাৰ ৱেবছাইট, আহৰণ কৰা তাৰিখ: ৫ জানুৱাৰী, ২০১২
- ↑ 3.0 3.1 http://my-guwahati.blogspot.com/2006/03/interview-with-harekrishna-deka-poet.html আহৰণ কৰা তাৰিখঃ ৫ জানুৱাৰী, ২০১২
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- Indian Review: Harekrishna Deka Wins the Assam Valley Literary Award, 2010
- An Interview with the Poet: Harekrishna Deka
- An Introduction to Harekrisha Deka’s Poetry by Prabhat Bora
- Harekrishna Deka: In discussion with Uddipana Goswami
- INTERVIEW WITH HAREKRISHNA DEKA, POET AND RETIRED POLICE OFFICER, BY UDDIPANA GOSWAMI ON 20TH MARCH, 2006.
- Harekrishna Deka's Poems in Kavitayan
- The Prisoner - short story
- The Dawn (An Assamese Poem of Harekrishna Deka in Translation
|
|