সৰ্থেবাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


সৰ্থেবাৰী
—  নগৰ  —
সৰ্থেবাৰী
সৰ্থেবাৰীৰ অৱস্থান
অসম
স্থানাঙ্ক 26°21′N 91°13′E / 26.35°N 91.22°E / 26.35; 91.22
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বৰপেটা
জনসংখ্যা 7,545 (2001)
সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. +০৫:৩০)

সৰ্থেবাৰী বৰপেটা জিলাৰ পূৱপ্ৰান্তত অৱস্থিত এখন নগৰ। ই অসম তথা উত্তৰ পূৱ ভাৰতৰ হস্ত নিৰ্মিত কাঁহৰ বাচন-বৰ্তনৰ বাবে বিখ্যাত। ইং ১৯৫৫ চনৰ ৩১ ডিচেম্বৰ তাৰিখে সৰ্থেবাৰীক এখন নগৰ ঘোষণা কৰে আৰু নগৰীয়া কাম কাজবোৰ নগৰ পালিকাৰ জৰিয়তে পৰিচালিত হয়৷

ইয়াৰ উপৰি সৰ্থেবাৰী পাঁচ খেল গঞাগয়ৰহৰ পৰম্পৰা অনুযায়ী সৰ্থেবাৰীৰ ধৰ্মীয় সামাজিক উৎসৱ, সামাজিক উন্নয়ণৰ কাম কাজ আদি সৰ্থেবাৰীৰ সমাজ ব্যৱস্থাৰ ৰীতি-নীতিৰ ভিত্তিত আজিকোপতি পালন কৰি আছে৷

নামৰ উৎপত্তি[সম্পাদনা কৰক]

সৰ্থেবাৰী নামৰ উৎপত্তিঃ সৰ্থেবাৰী নামৰ উৎপত্তি সম্পৰ্কে থিৰাং কৈ কোৱাটো কঠিন৷ তথাপি কিছুমান জনশ্ৰুতি আৰু লোকপ্ৰবাদ সৰ্থেবাৰীৰ কিছুমান মানুহৰ মুখত শুনিৱলৈ পোৱা যায়৷ তাৰোপৰি কেইজন মান বিজ্যোৎসাহী লোকৰ লিখনিৰ পৰাই 'সৰ্থেবাৰী নামৰ উৎপত্ত' সম্পৰ্কে কিতাপ পত্ৰত পোৱা যায়৷ সেইবোৰৰ পৰাই সৰ্থেবাৰী নামৰ উৎপত্তি সম্পৰ্কে কেইটিমান মত উল্লেখ কৰা হ'ল৷ শ্ৰীকাশীনাথ ডেকা বি,এ,-বি,টি, দেৱৰ 'এই খন সৰ্থেবাৰী' নামৰ কিতাপত উল্লেখ কৰা আছে৷ যেনে—

১/ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাই কনৌজৰ ৰজা হৰ্ষবৰ্দ্ধনলৈ পটোৱা সুন্দৰ উপহাৰৰ ভিতৰত সৰ্থেবাৰীৰ কাঁহৰ সাজ-বাচনো আছিল বুলি ৰায়চাহাব কনকলাল বৰুৱাৰ কামৰূপৰ বুৰঞ্জীত উল্লেখ আছে৷ ভাস্কৰ বৰ্মাৰ দূত হংসবেগৰ লগত কামৰূপৰ পৰা বহুত শিল্পীও কনৌজলৈ গৈছিল৷ এই শিল্পীসকলৰ লগত সৰ্থেবাৰীৰ সতনাথ নামৰ এজন সুশ্ৰী আৰু সুঠাম দেহৰ কাঁহ শিল্পীও গৈছিল ৷ তেওঁ কনৌজত কিছু বছৰ থাকি বৌদ্ধধৰ্ম গ্ৰহণ কৰি বুঢ়া বয়সত নিজ গাওঁলৈ ঘুৰি আহে৷ তেওঁৰ লগত কেইজন মান শিষ্যও আহে৷ সতনাথে বৌদ্ধধৰ্ম গ্ৰহণ কৰি 'থেৰৰ' শাৰীত উটিছিল৷ যি সকল পুৰূষ-মহিলাৰ ধৰ্ম আচৰণৰ ফলত ইন্দ্ৰিয় স্থবিৰ বা স্থিৰ হৈছে, সেই সকলক 'থেৰ' বা 'থেৰী' বোলা হয়৷ সতনাথ আৰু তেওঁৰ লগত অহা শিষ্যসকলৰ উদ্দেশ্য আছিল- গাওঁখনৰ মানুহক বৌদ্ধ ধৰ্মত দীক্ষিত কৰা ৷ গাওঁৰ মানুহেও সতনাথ আৰু তেওঁৰ লগত অহা শিষ্য কেইজনক 'থেৰ' বুলিব ধৰিলে৷ সতনাথ আৰু তেওঁৰ লগত অহা 'থেৰ' সকল ইয়াত বাস কৰিবলৈ লোৱাৰ পিচৰ পৰাই গাঁৱ খনক মানুহে সত্ থেৰ বাৰী বুলি মাতিব ধৰিলে৷ এই সত্ থেৰ বাৰীয়েই কালক্ৰমত মানুহৰ মুখত পৰি সৰ্থেবাৰী হয়৷

২/ এই গাঁৱৰ এজন পৰম ধাৰ্মিক আৰু ঈশ্বৰ বিশ্বাসী লোক বাস কৰিছিল৷ তেওঁৰ বা গাওঁৰ আন পৰিয়ালৰ কিবা অপায় অমঙ্গঁল হ'লে এই লোক জনে ভগৱানৰ নামত ভাল বস্তু আগবঢ়াইছিল আৰু অপায় অমঙ্গঁল আঁতৰি যোৱাৰ পিচত ভগৱানৰ নামত অৰ্পিত দ্ৰব্যখিনি যোগাৰ কৰি আনি ণানুহ মাতি পূজা-সেৱা কৰিছিল৷ এই ধাৰ্মিক লোকজনক গাওঁৰ মামুহে 'সথা থোৱা' মাতিছিল৷ ওচৰৰ গাওঁৰ মানুহে গাওঁখনক 'সথা থোৱা থেৰবাৰী' বুলি মাতিবলৈ ধৰিলে৷ এই 'সথা থোৱাথেৰবাৰী'ৰ পৰাই সময়ত সৰ্থেবাৰী হোৱা বুলি বহুতে বিশ্বাস কৰে৷

৩/ পুৰনি কালত সৰ্থেবাৰী অঞ্চলটি বৰ দ' আৰু জলাতন ঠাই আছিল৷ ইয়াৰ চাৰিওফালে থকা দ' ঠাইবোৰত 'সথ' বুলি এবিধ খাৰ জাতীয় বন পানীত বৰ বেছিকৈ হৈছিল৷ 'সথ' বন মানুহে পানীৰ পৰা তুলি আনি ৰ'দত শুকাই জুইত পুৰি তাৰ ছাইৰ পৰা খাৰ তৈয়াৰ কৰিছিল৷ আগৰ কালত নিমখৰ সলনি এই খাৰ মানুহে ব্যৱহাৰ কৰিবলৈ লয়৷ সৰ্থেবাৰীৰ আশে পাশে থকা গাওঁবোৰৰ মানুহে এই গাওঁখনক 'সথৰ বড়ি' বুলি মাতিছিল৷এই 'সথৰ বড়ি'ৰ পৰাই সৰ্থেবাৰী বোৱা বুলি ইয়াৰ এচাম লোকে মত পোষণ কৰে৷

৪/ সেইদৰে ড° কৃষ্ণবল্লভ ডেকাৰ 'নৰকঃগণজীৱনৰ পৰা মৰাণ বিদ্ৰোহলৈ' নামৰ গ্ৰন্থত সৰ্থেবাৰী নাম সম্পৰ্কে এনেদৰে আছে সৰ্থেবাৰীৰ অৱস্হিতি আল্পাৰ পাৰত৷ এটি জনপ্ৰবাদ অনুসৰি সন্থাথেৰ নামৰ থেৰাবাদী বৌদ্ধ কাংস্যকাৰ এজনে উৎপাদন আৰু বিক্ৰীৰ উদ্দেশ্যে এই নদীৰ পাৰত শাল পাতিছিল৷ কাঁহ শিল্পৰ প্ৰাচীৰতাৰ বিষয়ে সন্দেহ কৰাৰ প্ৰয়োজন নাই৷ এই শিল্পৰ উল্লেখ ব্ৰাহ্মণ গ্ৰন্থতো আছে৷ সন্থাথেৰ শাল পতা বস্তিয়েই কালক্ৰমত সৰ্থেবাৰী নাম পৰিগ্ৰহণ কৰে৷ কাঁহ শিল্পৰ জনপ্ৰিয়তা অৰি প্ৰাচীন৷ বৌদ্ধ ধৰ্মত এই শিল্প অতি অপৰিহাৰ্য৷ তেতিয়াৰে পৰা এতিয়ালৈ বৌদ্ধ বেপাৰীয়ে সৰ্থেবাৰীলৈ আহি কাঁহৰ বাচন-বৰ্তন নিয়া অব্যাহত আছে৷

৫/ আনএটি জনশ্ৰুতামতে পুৰনি কালত এই আঞ্চলত দক্ষসিংহ নামেৰে এজন পুৰনি কালত এই অঞ্চলত দক্ষসিংহ নামেৰে এজন ৰজা আছিল৷ তেওঁৰ ৰাজ্যখনৰ নাম সাৰথপুৰ আছিল৷ বহু বছৰ তেওঁৰ কোনো সতি-সন্ততি নাছিল৷ পিচত যেনিবা এজনী কন্যাৰ মুখ দেখিবলৈ পালে৷ দৈৱজ্ঞৰ গননামতে কন্যাজনীৰ কাৰণে ৰজাৰ ছত্ৰ-ভঙ্গঁ যোগ হ'ব লাগে৷ গতিকে ৰজাই পাত্ৰ-মিত্ৰৰ উপদেশ নতে কন্যাজনী তামৰ পাত্ৰ এটাত ভৰাই আল্পা নদীৰে উটুৱাই দিলে৷ দৈবাৎ ফুলবাৰীত থকা 'মাইলেনী বুঢ়ী'য়ে নদীত গাধুবলৈ গৈ কন্যাজনী পাত্ৰ-সহ দেখা পাই ঘৰলৈ আনিলে৷ সন্তানহীনা মাইলেনী বুঢ়ীয়ে ঘটনাটো সন্ঢালনি হোৱাৰ ভয়ত কম্যাজনী গোপনে ডাঙৰ দীঘল কৰিবলৈ ধৰিলে৷

বৌদ্ধ ধৰ্মৰ প্ৰভাৱ পৰিলক্ষিত হোৱা সৰ্থেবাৰী গাওঁখন পূৰণি কালৰ পৰাই কঁহাৰ শিল্পীসকলৰ বাসভূমি৷ অতীজৰ পৰাই এই গাওঁখন পাঁচটা খেলত বিভক্ত৷ যেনে — ১)আতাথেৰ খেল ২)তালুকদাৰথেৰ খেল ৩)কাজিথেৰ খেল ৪)তামুলীথেৰ খেল ৫)শালাকাঠিয়াথেৰ খেল৷ জনসংখ্যা বৃদ্ধি হৈ এই খেলবোৰৰ পৰা কিছুমান চুপা বা চুবুৰীৰ সৃষ্টি হয়৷ সৰ্থেবাৰী গাওঁখনত আগতে থকা ১৬টা চুপা বা চুবুৰীৰ ঠাইত এতিয়া ২০টা লৈ বৃদ্ধি হয়৷ এই চুপা বা চুবুৰীৰবোৰ হ’ল — ক)আতাথেৰ খেলৰ — ১)পূৰণ আতাথেৰ চুপা ২)নতুন আতাথেৰ চুপা ৩)যোগীৰবড়ী চুপা আৰু কিছুমান ডাবোৰ চুপাত বসবাস কৰি আছে৷ খ)তালুকদাৰ খেলৰ — ১)পূৰণ তালুকদাৰ চুপা ২)নতুন তালুকদাৰ চুপা ৩)ডাবোৰ চুপা ৪)যোগদ চুপা ৫)ওজাথেৰ ছুপা৷ গ)কাজিথেৰ খেলৰ — ১)কাজিথেৰ চুপা ২)যমথেৰ চুপা আৰু কাতিয়াথেৰ চুপা৷ ঘ)তামুলী থেলৰ — ১)তামুলী চুপা (তামুলী চুপাৰ পৰা কিছুমান মানুহ উঠি গৈ যোগীৰবড়ি চুপাত বসবাস কৰি আছে)৷ ঙ)শালাকাঠিয়াথেৰ খেলৰ — ১) শালাকাঠিয়াথেৰ চুপা ২)চৌধুৰী চুপা আৰু ৩)পাটোৱাৰীথেৰ চুপা৷

এই চুপাবোৰৰ লগতে সৰ্থেবাৰীৰ পশ্চিম অংশত এটি মুছলিম চুপাও অতীতৰ পৰাই আছে৷ এওঁলোকে অতি প্ৰাচীন কালৰে পৰাই সৰ্থেবাৰীৰ হিন্দু সমাজৰ লগত ভাই-ককাইৰ দৰে মিলিজুলি আজিও আছে৷ সম্প্ৰতি সৰ্থেবাৰীৰ মানুহৰ বসবাসৰ ঠাইৰ অভাৱ হোৱা বাবে এই চুপাবোৰৰ পৰা মানুহ উঠি গৈ বাপুজী নগৰ, শান্তিপুৰ, জ্যোতিনগৰ আৰু মিলন নগৰ নামেৰে নতুন ৪খন চুপাৰ সৃষ্টি হৈছে৷

এতিয়া খেল আৰু চুপাবোৰৰ উৎপত্তিৰ কথা ১)আতাথেৰ খেল— আতাথেৰ খেলৰ মূল বুঢ়াটোৱেই সৰ্থেবাৰীৰ পুৰণি বুলি সেই খেলৰ কিছুমানলোকে ক’ব খোজে৷ এই খেলৰ মূল বুঢ়াটো সতানন্দ ভূঞা৷ এওঁৰ পুত্ৰ আতানন্দ ভূঞা৷ আতানন্দৰ দুই পুত্ৰ ক্ৰমে যথানন্দ ভূঞা আৰু সদানন্দ ভূঞা৷ বৰ্ত্তমানলৈ একাদশপিৰি চলি আছে৷ আতানন্দ ভূঞাৰ নামেৰে আতাথেৰ খেলৰ উৎপত্তি হোৱা বুলি কয় যদিও কিছুমানে সদানন্দ ভূঞাৰ পৰাই হোৱা বুলি ভাৱে৷ মূল বুঢ়াজন কনৌজ, দাক্ষিণাত্য নাইবা বিহাৰৰ নৱদ্বীপৰ পৰা অহা বুলি প্ৰবাদ আছে৷ নৱম পুৰুষ প্ৰানধন ভূঞা আৰু সুখৰাম ভূঞাৰ সময়ত আতাথেৰ খেল দুখন চুপা বা চুবুৰীত ভাগ হয়৷ যেনে— পুৰণ আতাথেৰ চুপা আৰু নতুন আতাথেৰ চুপা৷ আতাথেৰ খেলৰ বুঢ়াজনৰ দুই পত্নীৰ প্ৰথম পত্নীৰ ফালৰ পৰা পুৰণ আতাথেৰ চুপা আৰু দ্বিতীয় পত্নীৰ ফালৰ পৰা নতুন আতাথেৰ চুপাৰ সৃষ্টি হয়৷ এইদৰে আতাথেৰ খেল আৰু চুপা দুটাৰ উৎপত্তি হয়৷ আন এটি জনপ্ৰবাদ মতে আতাথেৰ খেলটো তিনিটা চুপাত বিভক্ত হৈছিল৷ আতাথেৰ খেলৰ বুঢ়াজনৰ দুজনী তিৰোতা আছিল৷ প্ৰথম তিৰোতাজনীৰ এজনী ছোৱালী আছিল৷ যোগীৰবড়ীৰ পথাৰত বহৰি গাওঁৰ পৰা অহা বুঢ়া এজনে খেতি বাতি কৰি আছিল৷ বহৰিৰ বুঢ়াজনৰ মাত্ৰ এজন ল’ৰা৷ সেই ল’ৰাজনৰ লগত আতাথেৰ বুঢ়াৰ ছোৱালীজনী বিয়া দি দুয়ো বুঢ়াই মিতিৰ পাতিলে৷ সেই মিতিৰ সূত্ৰে বহৰিৰ বুঢ়াৰ ল’ৰাজন ইয়াতেই থাকিবলৈ লয় আৰু পিছত এই ঠাইখিনিয়ে পুৰণ আতাথেৰ চুপা হয়৷ আতাথেৰ বুঢ়াৰ দ্বিতীয় পত্নীৰ ফালৰ ল’ৰা তিনিজন আছিল৷ তেওঁলোকে বিয়া বাৰু কৰাই অলপ আতৰত থাকিবলৈ ল’লে আৰু সেই ঠাইখিনি শেষত নতুন আতাথেৰ চুপা হ’ল৷ আকৌ কিছুবছৰ পিছত পুৰণ আতাথেৰ চুপাৰ মানুহৰ থকা ঠাইৰ নাটনি হোৱাত কেইঘৰমান মানুহ যোগীৰবড়িলৈ গৈ থাকিবলৈ লোৱাত যোগীৰবড়ি এটি চুপা হ’ল৷ অতীতত এজন যোগীয়ে এই ঠাইত যোগ সাধন কৰিছিল বাবে ঠাইখনক যোগীৰবড়ি বোলা হৈছিল৷ ২)তালুকদাৰ খেল— তালুকদাৰ খেলৰ প্ৰথম পুৰুষজন জগন্নাথ ভূঞা৷ ইয়াৰ তিনি পুৰুষৰ মনোহৰ আৰু মাধৱৰ সময়ত জনসংখ্যা বৃদ্ধিৰ ফলত ঠাইৰ নাটনি হোৱাত নতুন তালুকদাৰ চুপাৰ সৃষ্টি হয়৷ মাধৱ সৰ্থেবাৰীৰ পৰা বজালী অঞ্চললৈ গৈছিল৷ পিছত মাধৱৰ অৱস্থা বেয়া হোৱা বুলি জানি বৰ্ত্তমান ডাবোৰ চুপাত থাকিবলৈ লয়৷ সেই ঠাইখিনিত বৰ পিটনি আছিল, পানী জমা বোৱা ঠাই অৰ্থাৎ ডাব৷ সেইবাবে এই চুপাটো ডাবোৰ চুপা হয়৷ ভূঞা শব্দৰ অৰ্থ মাটিৰ গৰাকী৷ গতিকে জগন্নাথ ভূঞাৰ নামত যথেষ্ট মাটি আছিল৷ সেই মাটিখিনি মনোহৰৰ দুই ভাতৃৰ মাজত ভাগ হয়৷ নতুন তালুকদাৰ চুপাক যোগীৰবড়িৰ মাটিখিনি আৰু পুৰণ তালুকদাৰ চুপাক গোপাল বিগ্ৰহৰ নামত বৰ্ত্তমান সভাৰখোলাৰ এটি অংশ ভগাই লয়৷ তাৰ আগতে ভূঞাৰ পৰিৱৰ্ত্তে তালুদাৰ উপাধি হয়৷ খেলটোৰ মানুহখিনিয়ে তালুকদাৰ খিতাপ লাভ কৰাত এই খেলটো তালুকদাৰথেৰ খেল হয় আৰু চুপা তিনিটাও এইদৰে গঠন হয়৷ ৩)কাজিথেৰ খেল— জনশ্ৰুতিমতে কাজি (বিচাৰক) কোচ ৰজাৰ ৰাজ বিষয়া এজনৰ পৰিয়াল এই ঠাইলৈ কিবা কাৰণত আহি ইয়াত থাকিবলৈ লয়৷ তেওঁৰ নামেৰে এই খেলটোৰ নাম কাজিথেৰ খেল হয়৷ কাজিবুঢ়াৰ ভায়েক যম বুঢ়াই কিছু আতঁৰত গৈ কীৰ্ত্তনঘৰ আদি সাজি তাতে থাকিবলৈ লয় আৰু তেওঁৰ নামেৰে সেই চুপাটোৰ নাম যমথেৰ চুপা হয়৷ কাজিবুঢ়া থকা চুপাটো কাজিথেৰ চুপা আৰু কাজিথেৰ চুপাত কিবা কাৰণত মনমালিন্য ঘটি অলপ কাতি হৈ অৰ্থাৎ কাজিথেৰ চুপাৰ কাষতে কীৰ্ত্তন ঘৰ সাজি থাকিবলৈ লোৱা মানুহখিনিৰ ঠাইখনক ‘কাতিয়াথেৰ চুপা’ বোলা হ’ল৷ এইদৰে কাজিথেৰ খেল আৰু সেই খেলৰ চুপা তিনিটাৰ সৃষ্টি হয় বুলি মানুহৰ মুখত শুনা যায়৷ ৪)তামুলীথেৰ খেল— উজনিৰ পৰা ৰাজবড়ানন্দ নামৰ এজনলোক এই ঠাইলৈ কিবা কাৰণত আহিছিল৷ এওঁ তামুলী বংশৰ আদি পুৰুষ৷ এই খেলৰ নামেৰে চুপাটোৰ নামও তামুলী চুপা হয়৷ এই খেলৰ পৰা কেইঘৰমান যোগীৰবড়ি চুপাত বসবাস কৰি আছে৷ কিছুমানলোক বাপুজী নগৰ আৰু অন্য ঠাইলৈ গৈ বসবাস কৰি আছে৷ ৫)শালাকাঠিয়াথেৰ খেল— জনশ্ৰুতিমতে সৰ্থেবাৰী ৰাজহুৱা বৰ গোঁসাই ঘৰত বন্তী জ্বলোৱা সামগ্ৰী শলা, কাঠি যোগান ধৰিছিল বাবে এই বৰ গোঁসাই ঘৰৰ কাষৰ খেলটোক শালাকাঠিয়াথেৰ খেল বোলা হয়৷ আন এটা জনশ্ৰুতি মতে ৰাইজৰ মেলৰ জটিল বিচাৰবিলাক গনতন্ত্ৰৰ ভিত্তিত মীমাংসা কৰিবলৈ দুই তিনি বিধৰ ৰং কৰা শালাকাঠি কিছুমান যেগান ধৰিছিল৷ ৰাইজৰ মেলত দুই তিনিটা মতামত আহিলে এই শালাকাঠিৰ একোটা ৰং একোটা মতৰ বাবে ঘোষনা কৰি কাঠিতুলিবলৈ কয় মুখিয়ালজনে৷ যিটো ৰঙৰ কাঠি সংখ্যাত বেছি হ’ব সেই মতকে সিদ্ধান্ত কৰি মেল বা বিচাৰৰ ৰায় দিয়াৰ ব্যৱস্থা আছিল৷ এনেদৰে শালাকাঠি যোগান ধৰি মেল বিচাৰ কৰা মুখিয়াল জনৰ খেলটোক মানুহে শালাকাঠি যোগান ধৰাথেৰ খেল শেষত গৈ শালাকাঠিয়াথেৰ খেলত পৰিণত হৈছিল৷ এই মতটো সৰ্থেবাৰীৰ বিশিষ্ট শিক্ষাবিদ্, সাহিত্যিক প্ৰয়াত লোহিত ডেকা দেৱৰ পৰা জনা গৈছিল৷ শালাকাঠিয়াথেৰ খেলৰ মূল বুঢ়াজন হ’ল ‘বাহুৰাম’৷ দীনবন্ধু চৌধুৰীৰ সংকলিত ‘বাহুৰামৰ বংশাৱলী’ ত উল্লেখ কৰা আছে৷ আহোম ৰজা স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্ব কালত (১৭৭৪—১৭৪৪ খৃষ্টাব্দ) শালাকাঠিয়াথেৰ খেলৰ ‘বাহুৰামৰ’ বংশৰ সিন্ধুৰাম মাটি জৰিপৰ কামত নিযুক্ত হৈছিল৷ তেতিয়াৰ পৰা তেওঁক পাটোৱাৰী বোলা হৈছিল৷ তেওঁৰ পাছত সিন্ধুৰামৰ সতি-সন্ততি সকলেও পাটোৱাৰী উপাধিৰে পৰিচিত হয় আৰু তেওঁলোকে বাস কৰা এলেকাটোক ‘পাটোৱাৰীথেৰ চুপা’ বোলা হৈছিল৷ সিন্ধুৰামৰ জৰিপৰ কামত দক্ষতাৰ স্বীকৃতি স্বৰূপে স্বৰ্গদেউ শিৱ সিংহৰ পৰা এটি নামঘৰ স্থাপন আৰু পৰিয়ালৰ বসতিৰ বাবে কৰ বিহীন মাটিও লাভ কৰিছিল৷ বৰ্ত্তমান সৰ্থেবাৰীৰ সভাৰখোলাৰ পশ্চিম সীমাত থকা নামঘৰটোক কেন্দ্ৰ কৰি সিন্ধুৰাম পাটোৱাৰীৰ সতি-সন্ততি সকল সেই মাটিতে বাস কৰি আছে আৰু তাৰ পূৰ্বে তেওঁলোক ‘পাটোৱাৰীথেৰ চুপা’ত বসবাস কৰি আছিল৷ শিৱ সিংহৰ পৰা মাটি লাভ কৰাৰ পাছত সিন্ধুৰাম পাটোৱাৰীৰ নাতি-পুতি সকলৰ বাসস্থান তালৈ স্থানান্তৰিত কৰিছিল৷ কিন্তু শান্তিৰাম পাটোৱাৰীয়ে (এইজন শান্তিৰাম পাটোৱাৰী কবিৰাজ শান্তিৰাম পাটোৱাৰী নহয়) পাটোৱাৰীথেৰ চুপাৰ পৰা স্থানান্তৰিত হোৱা নাছিল৷ তেওঁৰ নাতি পুতি সকল এতিয়াও পাটোৱাৰীথেৰ চুপাতে বাস কৰি আছে৷ বাহুৰামৰ বংশধৰ জীউৰাম কঁহাৰে কাঠেৰে নিৰ্মিত এটা বাঘৰ ভিতৰত তেওঁ নিজে কাঁহৰ এজোৰ ভোৰতাল এনে ভাৱে স্থান কৰা হৈছিল যে, সেই বাঘটো লৰাই দিলে আচল বাঘে গিৰ্জনি কৰা যেন শুনা গৈছিল৷ এনে অমূল্য সম্পদটি আহোম স্বৰ্গদেউ শিৱসিংহক প্ৰদান কৰা হৈছিল৷ কঁহাৰৰ সেই নৈপুন্যতাৰ স্বীকৃতি স্বৰূপে স্বৰ্গদেউ শিৱসিংহই জীউধন কঁহাৰক বৰমাৰ ওচৰৰ যমুনাট্টাৰীত ১০০ পুৰা নিস্পিখেৰাজ মাটি আৰু চৌধুৰী উপাধি প্ৰদান কৰিছিল৷ তেতিয়াৰ পৰা জীউধন চৌধুৰীৰ সতি-সন্ততি সকলে ‘চৌধুৰী’ বুলি পৰিচিত হোৱাৰ লগতে তেওলোকে বসবাস কৰা এলেকাটোক চৌধুৰী চুপা বোলা হয়৷ অতীজৰ পৰা এনেদৰে সৰ্থেবাৰীৰ পাচোটা খেল আৰু চুপা বা চুবুৰীবোৰৰ সৃষ্টি হৈছিল৷

সৰ্থেবাৰীৰ কাঁহ শিল্প[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]