বিজয় শংকৰ
অৱয়ব
| বিজয় শংকৰ | |
|---|---|
আমাৰ ঘৰ চলচ্চিত্ৰৰ এটা দৃশ্যত বিজয় শংকৰ | |
| স্থানীয় নাম | অকুদা |
| জন্ম | মাজুলী, অসম, ভাৰত |
| মৃত্যু | ২৪ মাৰ্চ, ১৯৯৬ |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনেতা |
বিজয় শংকৰ (ইংৰাজী: Bijay Sankar) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেতা আছিল। তেওঁৰ জনপ্ৰিয় নাম হৈছে অকুদা। পঞ্চাচ আৰু ষাঠিৰ দশক দুটা অসমীয়া চলচ্চিত্ৰত তাৰকা প্ৰথাৰ আৰম্ভণি হোৱাৰ প্ৰত্যক্ষদৰ্শী। সেই সময়চোৱাত অসমৰ চলচ্চিত্ৰ জগতত জ্ঞানদা কাকতি, বিদ্যা ৰাও, বিজু ফুকন, বিজয় শংকৰৰ দৰে প্ৰতিভাশালী তাৰকাৰ প্ৰবেশ ঘটিছিল। বিজয় শংকৰৰ প্ৰথম ছবি এৰা বাটৰ সুৰ, যিখন ছবি ভূপেন হাজৰিকাৰো প্ৰথম পৰিচালনা আছিল।[1]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]- এৰা বাটৰ সুৰ (১৯৫৬)
- আমাৰ ঘৰ (১৯৫৯)
- লটিঘটি (১৯৬৬)
- চিকমিক বিজুলী (১৯৬৯)
- মানৱ আৰু দানৱ (১৯৭১)
- উপগ্ৰহ(চলচ্চিত্ৰ) (১৯৭২)
- সন্তান (১৯৭৪)
- কাঁচঘৰ (১৯৭৫)
- বনহংস (১৯৭৭)
- ঘৰ সংসাৰ(১৯৮৩)
- সোণ মইনা(১৯৮৪)(অতিথি শিল্পী)
- মন মন্দিৰ (১৯৮৫)[2][3]
- পিতা-পুত্ৰ (চলচ্চিত্ৰ)(১৯৮৮)
- প্ৰেম জনমে জনমে(১৯৯১)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "How Assamese film found its mojo". scroll.in. https://scroll.in/article/675579/how-assamese-film-found-its-mojo। আহৰণ কৰা হৈছে: 13 January 2022.
- ↑ মঞ্চলেখা, পৃষ্ঠা , অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭.
- ↑ অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ). শশী শিশু প্ৰকাশন, গুৱাহাটী.