সমললৈ যাওক

বিজু ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিজু ফুকন

বিজু ফুকন
জন্ম বিজয় ফুকন
১৮ ফেব্ৰুৱাৰী, ১৯৪৭
ডিব্ৰুগড়
মৃত্যু ২২ নৱেম্বৰ, ২০১৭ (৭০ বছৰ)
এপল' হস্পিটেল, গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়
পেচা অভিনেতা, চলচ্চিত্ৰ পৰিচালক
জনা যায় অসমীয়া চলচ্চিত্ৰ জগতৰ তাৰকা অভিনেতা
উল্লেখযোগ্য কৰ্ম বোৱাৰী
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী ৰাজশ্ৰী ফুকন
সন্তান সংঘমিত্ৰা ফুকন, অংশুমান ফুকন
আত্মীয়-স্বজন ৰেবা ফুকন ,পল ফুকন

বিজু ফুকন (ইংৰাজী: Biju Phukan; ১৮ ফেব্ৰুৱাৰী ১৯৪৭ - ২২ নৱেম্বৰ ২০১৭) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা আছিল। তেখেতে চলচ্চিত্ৰ পৰিচালক ৰূপেও অৱতীৰ্ণ হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন] ডাঃ বেজবৰুৱা চিনেমাত এটি সৰু চৰিত্ৰৰে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা বিজু ফুকনে বৰুৱাৰ সংসাৰ চলচ্চিত্ৰত নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। পাছলৈ তেওঁ অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় নায়কত পৰিণত হয়। আজলী নবৌ, বোৱাৰী আদি বিজু ফুকনৰ অভিনয় জীৱনৰ উল্লেখযোগ্য কীৰ্তি। ২০১৭ চনৰ ২২ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ এপল' হস্পিটেলত ৭০ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।[1]

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

বিজু ফুকনৰ জন্ম হয় ১৯৪৭ চনত ডিব্ৰুগড় জিলা[2]। বিজু ফুকনৰ জন্মগত নাম আছিল বিজয় ফুকন। চলচ্চিত্ৰজগতলৈ অহাৰ পাছত তেখেতে ঘৰত মতা নাম 'বিজু'-ৰে নিজৰ চিনাকি দিয়ে[2]। এখেতৰ পিতৃ অতুল চন্দ্ৰ ফুকন।[3] এগৰাকী সামৰিক বিষয়া আছিল[2] ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত এখেতে পঢ়া-শুনা কৰিছিল।

সাংস্কৃতিক জীৱন

[সম্পাদনা কৰক]

১৯৭০ চনত এখেতে প্ৰথমে ব্ৰজেন বৰুৱা পৰিচালিত ব্যৱসায়িকভাৱে সফল চলচ্চিত্ৰ ডাঃ বেজবৰুৱাত এটা গানৰ দৃশ্যত ভূমুকি মাৰে। একেটা বছৰতে নিপ বৰুৱাৰ পৰিচালিত চলচ্চিত্ৰ বৰুৱাৰ সংসাৰ[4] নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰে।[2] ইয়াৰ পাছতে তেখেতে কেবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি তাৰকা অভিনেতা ৰূপে চিহ্নিত হয়। ৭০ আৰু ৮০-ৰ দশকত তেখেতে প্ৰায় চল্লিছখন চলচ্চিত্ৰত নায়কৰ চলচ্চিত্ৰত অভিনয় কৰিছিল।

মূলতঃ ব্যৱসায়িক চলচ্চিত্ৰৰ জড়িত হ'লেও বিজু ফুকনে কেবাখনো সমান্তৰাল চলচ্চিত্ৰতো অভিনয় কৰিছে। ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও এখেতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰিছে। আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰত এখেতে অভিনয় কৰিছিল।[4]। দূৰদৰ্শনৰ বিভিন্ন ছিৰিয়েল, টেলি-নাটক আদিতো বিজু ফুকনে অভিনয় কৰিছে।

৮০-ৰ দশকতে বিজু ফুকনে চলচ্চিত্ৰ পৰিচালনাত হাত দিয়ে। তেখেতৰ দ্বাৰা পৰিচালিত 'ভাই-ভাই' ব্যৱসায়িক ভাৱে সফল চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছিল। তেখেতৰ দ্বাৰা পৰিচালিত শিশু চলচ্চিত্ৰ 'অতিক্ৰম' অদ্যাপি মুক্তি নাপালে।[2]

বিজু ফুকনে গুৱাহাটী দূৰদৰ্শনৰ কেন্দ্ৰৰ বাবে ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচনা কৰা গল্পৰ আধাৰত দেউতা নামে এখন ধাৰাবাহিক পৰিচালনা কৰিছিল।[2] এখেতে 'ঘাটক' নামে এখন ভিডিঅ' চলচ্চিত্ৰ প্ৰযোজনা কৰে।

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

বিজু ফুকনে ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ টিকটত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু এই নিৰ্বাচনত তেখেত পৰাজিত হৈছিল।[5]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

বিজু ফুকন গুৱাহাটীৰ আৰ.জি. বৰুৱা ৰোডৰ বাসিন্দা আছিল। তেওঁৰ পত্নী ৰাজশ্ৰী ফুকন[2]এগৰাকী চলচ্চিত্ৰ প্ৰযোজিকা আৰু জীয়ৰী সংঘমিত্ৰা ফুকন (ৰিশা) এগৰাকী সফল ফেছন ডিজাইনাৰ আৰু মডেল।[6] সংঘমিত্ৰা ফুকন ২০১১ চনৰ বাবে ৰিব'ক কোম্পানীৰ ব্ৰেণ্ড এম্বেছেডৰ।[7][8] এখেত ইউনাইটেড কালাৰ্‌ছ অৱ বেনিটন কোম্পানীৰ ব্ৰেণ্ড এম্বেছেডৰ আছিল।[9][10]

২০১৭ চনৰ ২২ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ এপল' হস্পিটেলত তেওঁ আবেলি ৬ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে।[11]

অভিনীত চলচ্চিত্ৰ

[সম্পাদনা কৰক]
অসমীয়া চলচ্চিত্ৰ
ছবি চন পৰিচালক
ডাঃ বেজবৰুৱা১৯৭০ব্ৰজেন বৰুৱা
বৰুৱাৰ সংসাৰ১৯৭০নিপ বৰুৱা
অৰণ্য১৯৭১সমৰেন্দ্ৰ নাৰায়ন দেৱ
ললিতা১৯৭২ব্ৰজেন বৰুৱা
ওপজা সোণৰ মাটি১৯৭২ব্ৰজেন বৰুৱা
বনৰীয়া ফুল১৯৭৩অতুল বৰদলৈ
অনুতাপ১৯৭৩অতুল বৰদলৈ
ৰশ্মি-ৰেখা১৯৭৩প্ৰফুল্ল বৰুৱা
মমতা১৯৭৩নলীন দুৱৰা
গণেশ১৯৭৩এ কে ফিল্মছ ইউনিট
বৃষ্টি১৯৭৪দেউতী বৰুৱা
আজলী নবৌ১৯৭৪নিপ বৰুৱা
ধৰ্মকাই১৯৭৭ভবেন দাস
নতুন আশা১৯৭৭প্ৰবীৰ মিত্ৰ
বিশেষ এৰাতি১৯৭৯উপেন কাকতি
মেঘমুক্তি১৯৭৯বন্ধু
উপপথ১৯৮০হেমন্ত দত্ত
ৰজনীগন্ধা১৯৮১প্ৰফুল্ল বৰুৱা
বোৱাৰী১৯৮২শিৱপ্ৰসাদ ঠাকুৰ
ৰাজা১৯৮২সমৰেন্দ্ৰ নাৰায়ন দেৱ
অপৰূপা১৯৮২জাহ্নু বৰুৱা
ঘৰ-সংসাৰ১৯৮৩শিৱপ্ৰসাদ ঠাকুৰ
দেৱী১৯৮৪শম্ভু গুপ্তা আৰু দাৰা আহমেদ
অগ্নিস্নান১৯৮৫ভবেন্দ্ৰ নাথ শইকীয়া
বহাগৰ দুপৰীয়া১৯৮৫জন্‌ছ মহলীয়া
মন-মন্দিৰ১৯৮৫শিৱপ্ৰসাদ ঠাকুৰ
এণ্টনী মোৰ নাম১৯৮৬নিপ বৰুৱা
মা১৯৮৬ভবেন দাস
পাপৰি১৯৮৬জাহ্নু বৰুৱা
এই দেশ মোৰ দেশ১৯৮৬শিৱপ্ৰসাদ ঠাকুৰ
জেতুকী১৯৮৭চন্দ্ৰ তালুকদাৰ
পিতা-পুত্ৰ১৯৮৮মুনিন বৰুৱা
পাহাৰী কন্যা১৯৯০মুনিন বৰুৱা
অভিমান১৯৯০মৃদুল গুপ্তা
যখিনী১৯৯১দাৰা আহমেদ
ৰঙানদী১৯৯১ব্ৰজেন বৰা
অশান্ত প্ৰহৰ১৯৯৪শিৱপ্ৰসাদ ঠাকুৰ
আই কিল্‌ড হিম, ছাৰ১৯৯৫প্ৰদীপ গগৈ
ইতিহাস১৯৯৬ভবেন্দ্ৰনাথ শইকীয়া
আছেনে কোনোবা হিয়াত২০০০বাহাৰুল ইছলাম
এই মৰম তোমাৰ বাবে২০০১তৌফিক ৰহমান
ইমান মৰম কিয় লাগে২০০২অলক নাথ
অগ্নিসাক্ষী২০০৩যদুমণি দত্ত
হেঁপাহ২০০৩শংকৰ বৰুৱা
বাৰুদ২০০৪মুনিন বৰুৱা
ৰং২০০৪মুনিন বৰুৱা
দেউতা দিয়া বিদায়২০০৬ৰমেশ মোডী
স্নেহবন্ধন২০০৬দেৱজিত মজুমদাৰ
অচিন চিনাকি২০১০মুন্না আহমেদ
ৰ’দ্‌২০১২গৌতম বৰুৱা
খাণ্ডব দাহ[12]২০১৫শংকৰ বৰুৱা
দূৰ[13]২০১৬কংকণ ৰাজখোৱা
দ্য আণ্ডাৰৱ'ৰ্ল্ড২০১৮ৰাজেশ যাশপাল
বঙালী চলচ্চিত্ৰ
  • হোটেল শ্বোফক্স
  • অপৰাজিত
  • দস্যু ৰত্নাকৰ
  • গজমুক্তা

অভিনীত নাটক

[সম্পাদনা কৰক]
  • সময় (নাট্যকাৰ তথা পৰিচালক- প্ৰফুল্ল বৰা)
  • নেতা (নাট্যকাৰ তথা পৰিচালক- প্ৰফুল্ল বৰা)
  • কেপ্টেইন গগৈ
  • ফল্গু
  • হিয়া ধুৱাই নিলে[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Noted Assamese actor Biju Phukan no more". The News Mill. 22 November 2017. https://thenewsmill.com/noted-assamese-actor-biju-phukan-no.
  2. 1 2 3 4 5 6 7 "Fifty Five Not Out: Biju Phukan | Assam Portal". Assam.org. http://www.assam.org/news/fifty-five-not-out-biju-phukan আহৰণ কৰা হৈছে: 2013-03-24.
  3. "Biju Phukan". Rupaliparda.com. http://www.rupaliparda.com/english/who's-who/bijuphukan.htm আহৰণ কৰা হৈছে: 2013-03-24.
  4. 1 2 "History of Assamese Cinema". Rupaliparda.com. http://www.rupaliparda.com/english/history/History-list.htm আহৰণ কৰা হৈছে: 2013-03-24. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অবৈধ নাম, যেনে- বহুসংখ্যক
  5. "Dibrugarh constituency, Assam, indian elections, indian elections 1999, forthcoming indian elections, elections in india". Indian-elections.com. Archived from the original on 2011-01-03. https://web.archive.org/web/20110103030157/http://www.indian-elections.com/assam/dibrugarh-results-1999.html আহৰণ কৰা হৈছে: 2013-03-24.
  6. TI Trade. "Assam Tribune online". Assamtribune.com. Archived from the original on 2009-10-24. https://web.archive.org/web/20091024185814/http://www.assamtribune.com/oct1609/rv.html আহৰণ কৰা হৈছে: 2013-03-24.
  7. Log in om een reactie te plaatsen.. "EasyTone Women - Sanghamitra Phukan". YouTube. http://www.youtube.com/watch?v=ZBkuE4WOQzw আহৰণ কৰা হৈছে: 2013-03-24.
  8. Saanya Rallan (2011-06-10). "Reebok peeks at Easytone Reeflections". Indiaprwire.com. Archived from the original on 2011-09-03. https://web.archive.org/web/20110903131749/http://www.indiaprwire.com/pressrelease/sports/2011061089005.htm আহৰণ কৰা হৈছে: 2013-03-24.
  9. "This way runway". Thiswayrunway.tumblr.com. Archived from the original on 2011-09-09. https://web.archive.org/web/20110909015847/http://thiswayrunway.tumblr.com/ আহৰণ কৰা হৈছে: 2013-03-24.
  10. "Stories from London... let's meet Sanghamitra! | United Blogs of Benetton". Blog.benetton.com. Archived from the original on 2012-07-20. https://web.archive.org/web/20120720080933/http://blog.benetton.com/blog/stories-from-london-lets-meet-sanghamitra/ আহৰণ কৰা হৈছে: 2013-03-24.
  11. "Noted Assamese actor Biju Phukan no more" (en-US ভাষাত). The News Mill. 2017-11-22. https://thenewsmill.com/noted-assamese-actor-biju-phukan-no/.
  12. "Shankar Borua Announces Assamese Film ‘Khandob Daah’ (Grief on a Sunday Morning)". Kothasobi.com. 20 July 2015. Archived from the original on 1 December 2017. https://web.archive.org/web/20171201033441/http://www.kothasobi.com/movie/shankar-borua-announces-assamese-film-khandob-daah-grief-on-a-sunday-morning/ আহৰণ কৰা হৈছে: 29 November 2017.
  13. "Assamese Film "Dur" in Post-Production Stage". Kothasobi.com. 11 December 2015. Archived from the original on 28 November 2017. https://web.archive.org/web/20171128064315/http://www.kothasobi.com/movie/assamese-film-dur-post-production-stage/ আহৰণ কৰা হৈছে: 29 November 2017.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]