দেৱী (চলচ্চিত্ৰ)
অৱয়ব
| দেৱী | |
|---|---|
দেৱীৰ এটা গীতৰ দৃশ্যত জৰ্জ বেকাৰ আৰু ডলী গুপ্তা | |
| পৰিচালক | শম্ভু গুপ্তা, দাৰা আহমেদ |
| চিত্ৰনাট্য | শম্ভু গুপ্তা, দাৰা আহমেদ |
| কাহিনী | শম্ভু গুপ্তা |
| প্ৰযোজক | আৰ এন ফিল্মছ্ |
| অভিনয়ত | জৰ্জ বেকাৰ ডলী গুপ্তা |
| চিত্ৰগ্ৰহণকাৰী | দীনদয়াল বাজৰীয়া |
| সম্পাদনা | জন্ছ মহলীয়া, নাজু ৰহমান |
| সংগীত পৰিচালক | ভূপেন উজীৰ |
মুক্তি |
২৪ জুলাই ১৯৮৪ |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
দেৱী (ইংৰাজী: Devi) ১৯৮৪ চনত মুক্তি পোৱা শম্ভু গুপ্তা আৰু দাৰা আহমেদ পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। পৰিচালকদ্বয়ে দেৱীৰ যোগেদি প্ৰথম পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। পৰিচালকদ্বয়ে নিজেই ছবিখনৰ সংলাপ আৰু চিত্ৰনাট্য ৰচনা কৰিছে। প্ৰযোজনা আৰ এন ফিল্মছৰ। মূল ভূমিকাত অভিনয় কৰিছে জৰ্জ বেকাৰ, ডলী গুপ্তা, বিজু ফুকন আদিয়ে। সংগীত ভূপেন উজীৰৰ।[1]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- জৰ্জ বেকাৰ
- ডলী গুপ্তা
- বিজু ফুকন
- ডাঃ হাদি আলম বৰা
- অমূল্য কাকতি
- পূৰবী দাস
- প্ৰতীষা শইকীয়া
- পল্লবী ঠাকুৰীয়
- ডাঃ দিপালী দত্ত
- নিলয় (শিশুশিল্পী)
- পূবালী (শিশুশিল্পী)[1]
সংগীত
[সম্পাদনা কৰক]দেৱীৰ সংগীত পৰিচালনা কৰিছে ভূপেন উজীৰে। গীত লিখিছে এলি আহমেদ আৰু আমিনুল হকে। কণ্ঠদান কৰিছে সমৰ হাজৰিকা, অশোক শইকীয়া আৰু মালবিকা বৰাই। মুঠ গীত চাৰিটা।[2]
| গীতৰ শীৰ্ষ | ||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
| নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
| 1. | "জোনাক ভৰা নিশা ঠুনুকা মোৰ হিয়া" | এলি আহমেদ | মালবিকা বৰা | |||||||
| 2. | "লিহিৰি বনৰে উতলা লহৰে কি যে মন মধুৰ কৰে" | আমিনুল হক | সমৰ হাজৰিকা, মালবিকা বৰা | |||||||
| 3. | "হে ৰভাতলী বহিছে যে সেইজনী কোন, ইমানকৈ সাজিছে মেনকা দেখোন" | এলি আহমেদ | অশোক শইকীয়া | |||||||
| 4. | "তুমি নিঃসংগ নোহোৱা কাহানিও, মই তোমাৰ পূৰ্ণতা" | আমিনুল হক | মালবিকা বৰা | |||||||
তথ্য উৎস
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||