মুনিন বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মুনিন বৰুৱা

মুনিন বৰুৱাৰ প্ৰতিচ্ছবি
জন্ম ১৯৪৭ চন
খুমটাই, গোলাঘাট জিলা, অসম
মৃত্যু ৭ এপ্ৰিল ২০১৮
গুৱাহাটী
বাসগৃহ গুৱাহাটী
অন্য নাম ভাইমন দা[1]
পেচা চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ
সক্ৰিয় হৈ থকা সময় সত্তৰ দশকৰ মাজভাগ
উল্লেখযোগ্য কৰ্ম হিয়া দিয়া নিয়া, বোৱাৰী, নায়ক, বিধাতা
গৃহস্থান খুমটাই, গোলাঘাট জিলা
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী মঞ্জুলা বৰুৱা
সন্তান মানস (ৰিজু) আৰু পূজা
পিতৃ-মাতৃ হেমেন্দ্ৰ নাথ বৰুৱা (পিতৃ)
লতিকা বৰুৱা (মাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ পৰিচালক নায়কৰ বাবে (২০০১-০২)


মুনিন বৰুৱা (ইংৰাজী: Munin Barua) এগৰাকী জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ পৰিচালক হিচাবে অসমীয়া সাংস্কৃতিক জগতত এক পৰিচিত নাম। প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, নায়ক, দাগ আদি চলচ্চিত্ৰৰে দৰ্শকৰ মন জয় কৰা পৰিচালক মুনিন বৰুৱাৰ জন্ম হৈছিল ১৯৪৮ চনত। পোনপ্ৰথমে এগৰাকী চিত্ৰনাট্যকাৰ হিচাবে কথাছবি জগতত ভৰি দিয়া মুনিন বৰুৱাই বোৱাৰী, ঘৰ-সংসাৰ, সোণমইনা আদি কথাছবি সমূহৰ চিত্ৰনাট্যকাৰ হিচাবে চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৮৭ চনত অভিনেতা নিপন গোস্বামীৰ সৈতে যুটীয়া ভাবে প্ৰতিমা কথাছবি খন পৰিচালনা কৰি পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰে। পিতা-পুত্ৰ (১৯৮৮), পাহাৰী কন্যা (১৯৯০), প্ৰভাতী পখীৰ গান (১৯৯২) আদি সুস্থ বিনোদনধৰ্মী ছবিৰে দৰ্শকৰ মন জয় কৰে।

অসমৰ মৃতপ্ৰায় কথাছবি জগতখনক পুনৰ ঠন ধৰি উঠাত মুনিন বৰুৱাৰ অৱদান অপৰিসীম। ২০০০ চনত তেখেতৰ হিয়া দিয়া নিয়া কথাছবি খনৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগত খন পুনৰায় ঠন ধৰি উঠিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] এই চলচ্চিত্ৰ খন অসমীয়া কথাছবি জগতৰ সৰ্বকালৰ এখন জনপ্ৰিয় কথাছবি হিচাবে পৰিচিত। তাৰ পাছতে দাগ, নায়ক, কন্যাদান, বিধাতা, বাৰুদ, ৰং, দীনবন্ধু, ৰামধেনু আদি কথাছবিৰে জনপ্ৰিয়তা অৰ্জন কৰে। উল্লেখযোগ্য যে, দীনবন্ধু কথাছবি খন ২০০৫ চনৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ কথাছবিৰ সন্মান অৰ্জা বোলছবি। তেওঁক সকলোৱে ভাইমন দা নামেৰেহে চিনি পায়।[1] দুটা দশকত তেওঁ প্ৰায় ৯০খন জনপ্ৰিয় নাটক ৰচনা কৰিছে। তেওঁ অসমীয়া চি ডি ছবিৰ অটাইতকৈ নিৰ্ভৰযোগ্য চিত্ৰনাট্য লেখক।

২০১৮ চনৰ ৭ এপ্ৰিল তাৰিখে নিশা ১:৫৫ মিনিটত চলচিত্ৰ পৰিচালক মুনিন বৰুৱাই নিজ বাসভৱনত ইহ-সংসাৰ ত্যাগ কৰে।

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

১৯৪৭ চনত গোলাঘাট জিলাখুমটাইত মুনিন বৰুৱাৰ জন্ম হয়।[1] তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত হেমেন্দ্ৰ নাথ বৰুৱা আৰু মাতৃৰ নাম আছিল লতিকা বৰুৱা। তেওঁৰ পিতৃ খুমটাই মৌজাৰ মৌজাদাৰ আছিল। পিতৃ-মাতৃৰ তিনিটা সন্তানৰ ভিতৰত তেওঁ কণিষ্ঠ আছিল।[1] মূল ঘৰ খুমটাইত যদিও পৰিয়ালটো গোলাঘাটৰ বেঙেনাখোৱাত নিগাজিকৈ থিতাপি লৈছিল। তেখেতৰ দুয়োগৰাকী জ্যেষ্ঠ ভগ্নীয়েই এসময়ত কলেজত অধ্যাপনা কৰিছিল। ডাঙৰগৰাকী উৎপলা বৰুৱাই এছৰাজ বজাইছিল আৰু সৰুগৰাকী মঞ্জুলা বুজৰবৰুৱাই ভায়’লিন বজাইছিল। তেখেতৰ ডাঙৰ ভিনিহিয়েক হ’ল লেখক গৌতম প্ৰসাদ বৰুৱা।[1] সৰু ভিনিহিয়েক হ’ল জীৱেন্দ্ৰমল বুজৰবৰুৱা। তেখেত বঙাইগাঁও ৰিফাইনেৰি এণ্ড পেট্ৰ’কেমিকেলছ লিমিটেড (বি আৰ পি এল)ৰ অধ্যক্ষ পৰিচালন সঞ্চালক আছিল।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৭৪ চনৰ ডিচেম্বৰত যোৰহাটৰ তৰাজানৰ মঞ্জুলা বৰুৱাৰ সৈতে মুনিন বৰুৱা বিবাহপাশত আৱদ্ধ হয়। মঞ্জুলা বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ উল্লেখযোগ্য অভিনেত্ৰী আৰু কষ্টিউম ডিজাইনাৰ। কামৰ তাগিদাত তেখেতৰ পৰিয়ালটো গোলাঘাটৰ ঘৰ এৰি ১৯৮৮ চনৰ পৰা গুৱাহাটীত থাকিবলৈ লয়। তেওঁলোকৰ সন্তান দুটা: মানস (ৰিজু) আৰু পূজা।

কলা সংস্কৃতিৰ লগত জড়িত[সম্পাদনা কৰক]

মুনিন বৰুৱাই সত্তৰ দশকৰ মাজভাগত চিত্ৰনাট্যকাৰ আৰু সহকাৰী পৰিচালক হিচাপে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।[2]

বৰ্তমানলৈকে মুনিন বৰুৱাই ২১ খন চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখিছে। ইয়াৰ ভিতৰত বোৱাৰী, ঘৰ-সংসাৰ, সোণ-মইনা, মন-মন্দিৰ, শেৱালী, দাগ, বাৰুদ, ৰং, মায়া, বিধাতা, দীনবন্ধু ইত্যাদি উল্লেখযোগ্য।[2] শিৱপ্ৰসাদ ঠাকুৰৰ বোলছবি বোৱাৰী, ঘৰ-সংসাৰ আৰু সোণমইনাত তেওঁ সহকাৰী পৰিচালক ৰূপে কাম কৰিছিল। বৰুৱাদেৱে মুখ্য চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে ১৯৮৭ চনত প্ৰতিমা চলচ্চিত্ৰখনৰ জৰিয়তে। এই চলচ্চিত্ৰখন তেওঁ নিপন গোস্বামীৰ সৈতে যৌথভাৱে পৰিচালনা কৰিছিল।

চিত্ৰনাট্যকাৰ হিচাপে তেওঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ৯০ খনৰো অধিক নাটকৰ চিত্ৰনাট্য লিখিছে। ইয়াৰ ভিতৰত আঘাট, কাল শংখ, সদাগৰ, শ্ৰীমান শ্ৰী মতী, চিৰিয়াখানা, জয় পৰাজয়, সূৰ্য্য পুত্ৰ কৰ্ণ, ৰুদ্ৰ ইত্যাদি উল্লেখযোগ্য।[2]

চলচ্চিত্ৰৰ বাহিৰেও তেওঁ ধাৰাবহিকো পৰিচালনা কৰিছে: পাপু নিকু সংবাদ আৰু ৰুদ্ৰ (টেলিফিল্ম)।

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

পৰিচালক হিচাপে[সম্পাদনা কৰক]

নাম বৰ্ষ প্ৰযোজক
প্ৰতিমা ১৯৮৭ পৰেশ দাস
পিতা-পুত্ৰ ১৯৮৮ অমৰ নাথ তিৱাৰী, বিজয় নাৰায়ণ তিৱাৰী
পাহাৰী কন্যা ১৯৯০ হিলছ চিনে এছচিয়েশ্যন, ডিফু
প্ৰভাতী পখীৰ গান ১৯৯২ অমৰ নাথ তিৱাৰী, বিজয় নাৰায়ণ তিৱাৰী
হিয়া দিয়া নিয়া ২০০০ মেৰী লস্কৰ
দাগ ২০০১ নিলোৎপল চৌধুৰী
নায়ক ২০০১ মেৰী লস্কৰ
কন্যাদান ২০০২ চি এছ নাৰায়ণ, স্বৰাজ দাস
বিধাতা ২০০৩ চি এছ নাৰায়ণ, স্বৰাজ দাস
বাৰুদ ২০০৩ মেৰী লস্কৰ
ৰং ২০০৪ চি এছ নাৰায়ণ, স্বৰাজ দাস
দীনবন্ধু ২০০৪ কৃষ্ণ ৰয়, গোপাল জালান[1]
ৰামধেনু ২০১১ প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড
প্ৰিয়াৰ প্ৰিয় ২০১৭ আব্দুল মান্নান ফাৰুক

বঁটা[সম্পাদনা কৰক]

চলচ্চিত্ৰ বৰ্ষ শিতান
নায়ক ২০০১-০২ শ্ৰেষ্ঠ পৰিচালক
দীনবন্ধু শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ
বাৰুদ ২০০৩-০৪ শ্ৰেষ্ঠ চলচ্চিত্ৰ[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 শান্তনু পূজাৰী (২৬ এপ্ৰিল ২০০৯). "অসমীয়া বাণিজ্যিক ছবিৰ অন্যতম সফল পৰিচালকজন". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা: পৃষ্ঠা: ৮, ৯, ১০, ১১, ১২. 
  2. 2.0 2.1 2.2 2.3 "মুনিনি বৰুৱাৰ বিষয়ে ৰূপালী পৰ্দাত". http://www.rupaliparda.com/english/who's-who/muninbarua.htm। আহৰণ কৰা হৈছে: December 14, 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]