খুমটাই
গোলাঘাট নগৰৰ পৰা প্ৰায় ১৮ কি মি উত্তৰ পশ্চিমত “খুমটাই” অৱস্থিত। ইয়াৰ পূবে ঢেকিয়াল মৌজা , পশ্চিমত মহুৰা মৌজা , উত্তৰে ৰঙা মাটি মৌজা আৰু দক্ষিণ দিশত মৰঙী মৌজা। খুমটাইৰ মাজেৰেই পাৰ হৈ গৈছে ইতিহাস প্ৰসিদ্ধ ধোদৰ আলি। সাহিত্যিক ড° লীলা গগৈ দেৱৰ মতে খুম মানে পুখুৰী আৰু তাই মানে আহোম সকলক বুজোৱা হৈছে। অৰ্থাৎ খুমটাই মানে আহোমৰ পুখুৰী। আন এগৰাকী ইতিহাস বিদ পদ্মেশ্বৰ ফুকনৰ অসম বুৰঞ্জী ৰ মতে খুনটাই হৈছে মানুহৰ নামেৰে এক খেলৰ নাম। তাই ভাষাত খুন মানে থুপ খোৱা আৰু তাই মানে আহোম সকলক বুজোৱা হৈছে। এই অঞ্চলটোক জনসাধাৰণৰ মাজত পাতপৰা খুমটাই বুলিও জনা যায়। জনগাথনি: বিভিন্ন জাতি জনজাতিৰ মিলনভূমি এই খুমটাই। প্ৰধানত: আহোম ,বড়ো , কলিতা , চুতীয়া, নেপালী সম্প্ৰদায়ৰ আৰু ইছলাম ধৰ্মাৱলম্বী লোক আছে যদিও গৰিষ্ঠ সংখ্যক লোক আহোম সম্প্ৰদায়ৰ ৷ ইংৰাজ সকলে খুমটাই চাহ বাগিচা স্থাপন কৰাৰ লগে লগে ভাৰতৰ অন্যান্য ঠাই যেনে উৰিষ্যা , অন্ধ্ৰপ্ৰদেশ, বংগ আদি ৰাজ্যৰ পৰা ইয়ালৈ চাহ শ্ৰমিকৰ আগমন ঘটে।