অণিমা চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনিমা চৌধুৰী
জন্ম নলবাৰী, অসম, ভাৰত
পেচা গায়িকা, প্ৰবক্তা,
ৰেকৰ্ড লেবেল বিভিন্ন


অনিমা চৌধুৰী (জন্ম- ২৮ ফেব্ৰুৱাৰী, ১৯৫৩-) (ইংৰাজী: Anima Choudhury) অসমীয়া সংগীত জগতৰ এগৰাকী জনপ্ৰিয় গায়িকা। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু এলবামত কেইবাটাও জনপ্ৰিয় গীত গাইছে। তেওঁ আধুনিক গীত, কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত, বিহুগীত, টোকাৰী গীত, বিয়ানাম, নামঘোষা, ৰাজস্থানী গীত, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত আদি বিভিন্নধৰণৰ গীতত কণ্ঠদান কৰিছে৷[1]

বংশ পৰিচয়[সম্পাদনা কৰক]

তেখেতৰ পিতৃৰ নাম দণ্ডীৰাম চৌধুৰী আৰু মাতৃৰ নাম হেমলতা চৌধুৰী৷ তেখেতলোক কায়স্থ বংশৰ আছিল।

শিক্ষা আৰু কৰ্মজীৱন[সম্পাদনা কৰক]

অণিমা চৌধুৰীৰ জন্ম হয় নলবাৰীৰ নিজ পকোৱা গাঁৱত ৷ কিন্তু নগাঁওতহে তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয়। পঞ্চম শ্ৰেণী পোৱাৰ পাছত তেওঁ মাক-দেউতাকৰ লগত গুৱাহাটীত থাকিবলৈ লয় আৰু তাতে পঢ়িবলৈ লয়। মেট্ৰিক পৰীক্ষা পাছ কৰে গুৱাহাটী পাণবজাৰ ছোৱালী হাইস্কুলৰ পৰা৷ স্কুলীয়া শিক্ষা সাং কৰি তেওঁ কটন কলেজত নাম লগায় আৰু বুৰঞ্জী বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৪ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৯ চনত তেওঁ Temples and Shrines in and around Guwahati: a Sociological and Folkloristic Exploration শীৰ্ষক গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা Ph.D. ডিগ্ৰী লাভ কৰে।[1] তেওঁ ছয়গাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগত শিক্ষকতা কৰে আৰু বিভাগীয় মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে।

সংগীত জীৱন[সম্পাদনা কৰক]

চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ নগাঁৱত অনুষ্ঠিত অসম সংগীত প্ৰতিযোগিতাত বিজয়ী হয়। গুৱাহাটীলৈ অহাৰ পাছত তেওঁ সংগীত শিক্ষক হীৰেণ শৰ্মাৰ ওচৰত শাস্ত্ৰীয় সংগীত শিকিবলৈ লয়। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত অকণিৰ মেল অনুষ্ঠানত গীত গাবলৈ তেওঁ অডিচন দিয়ে আৰু এইমাহৰ গীত অনুষ্ঠানতো নিয়মীয়াকৈ গাবলৈ লয়। এক-দুই বছৰৰ পাছত তেওঁ চেমনীয়াৰ চ'ৰা অনুষ্ঠানত একক কণ্ঠৰ গীত গাবলৈ লয়। কটন কলেজত তেওঁৰ প্ৰথম বৰ্ষত এক সংগীত প্ৰতিযোগিতাত তেওঁ কটন কলেজৰ শ্ৰেষ্ঠা গায়িকা হোৱাৰ সন্মান লাভ কৰে। ইয়াৰ ফলত তেওঁ সংগীত পৰিচালক ৰমেন বৰুৱাৰ দৃষ্টিত পৰে। সেই সূত্ৰে তেওঁ মুকুতা চলচ্চিত্ৰত গান গোৱাৰ সুবিধা পায় আৰু অ' প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা শীৰ্ষক এই গীতটি জনপ্ৰিয় হয়। ১৯৭৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠা গায়িকা হয় আৰু একেসময়তে তেওঁ পুতলা ঘৰ নামেৰে আন এখন চলচ্চিত্ৰত কণ্ঠদান কৰে। বৰ্তমানলৈ তেওঁ বহুকেইখন চলচ্চিত্ৰ আৰু এলবামত গান গাইছে।[1]

তেওঁ আকাশবাণী আৰু দূৰদৰ্শনৰো A-গ্ৰেড শিল্পী। কটন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ট গায়িকা আছিল৷ ১৯৮৯ চনত কটকত অনুষ্ঠিত উত্তৰ-পূব ভাৰতৰ সংস্কৃতি সম্বন্ধীয় দূৰদৰ্শনৰ এক অনুষ্ঠানত তেওঁ অসমক প্ৰতিনিধিত্ব কৰে। তেওঁ ঊৰিয়া দূৰদৰ্শন কেন্দ্ৰত ঊৰিয়া গান গোৱাৰো সুবিধা পায়। তেওঁ শাস্ত্ৰীয় সংগীতৰ বিশাৰদ আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত নিয়মীয়াকৈ তেওঁৰ ভজন আৰু গজল সম্প্ৰচাৰিত হয়। তেওঁ অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ঠাই যেনে কলকাতা, দিল্লী, পাটনা, কটক, টাৱাং আদি ঠাইৰ মঞ্চত গীত পৰিৱেশন কৰিছে। ১৯৯১ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰফিলাডেলফিয়াত অনুষ্ঠিত অসমীয়া-আমেৰিকান অভিৱৰ্তনত (Assamese-American Conference) অংশগ্ৰহণ কৰিবৰ বাবে যায় আৰু ফিলাডেলফিয়াৰ উপৰিও আমেৰিকাৰ বেলেগ বেলেগ ঠাইত গীত গায়। তেওঁ চিকাগো টিভিৰ এটা অনুষ্ঠানতো অংশ লয়।[1]

কণ্ঠদান কৰা চলচ্চিত্ৰ[সম্পাদনা কৰক]

কণ্ঠদান কৰা এলবাম[সম্পাদনা কৰক]

  • প্ৰীতিৰ স্মৃতি (vol-১ আৰু vol-২)
  • আঁচলৰ বা
  • স্মৃতি অনুপম
  • আইৰ পূজাৰ বেদী
  • তেজীমলা সাৰে আছে
  • চুপহি
  • এই ব'হাগতে
  • জান
  • মাজনী
  • চেনেহী
  • লাজুকী মেঘালী
  • ৰামধেনু
  • সুবাস
  • মাণিকী মধুৰি
  • সুৰৰ জিঞ্জিৰি
  • আমোলমোল
  • অ' বন্ধু ৰে'
  • মধুৰ মূৰুতি
  • জীয়ৰী
  • পুৱা গধূলি
  • পাট গাভৰু ৯৩
  • বিয়ানাম
  • সুকইনা
  • প্ৰভাতী কন্যা
  • জ্যোতিৰ গান
  • ফুল কুঁৱৰী
  • ন কিনা
  • কাঁচলি
  • হিয়াজুই
  • মাধৈ মালতী[1]

বঁটা-সন্মান[সম্পাদনা কৰক]

অনিমা চৌধুৰীয়ে উপেন কাকতি সোঁৱৰণি বঁটা, লুইত কুঁৱৰী সন্মান, জান দি মালী বঁটা, তুনু বৰুৱা সোঁৱৰণি শিল্পী বঁটা, ভবেন বৰুৱা আৰু মহানন্দ শৰ্মা সোঁৱৰণি বঁটা, সুৰধ্বনি শিল্পী বঁটা, সংগীত মুকুতা সন্মান, লুইতপৰীয়া বঁটা, ৰামধেনু বঁটা, অসম সূৰ্য বঁটা, সংগীত সূৰ্য বঁটা, মহিয়সী বঁটা, অসম গৌৰৱ বঁটা আদিৰে সন্মানিত হয়৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰবাসী অসমীয়াসকলে আয়োজন কৰা ’অসম দিৱস’লৈ তেওঁক পাঁচবাৰকৈ আমন্ত্ৰণ কৰিছে৷ ২০০৭ চনত অসম চৰকাৰে ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱত তেওঁক ’বিশেষ বঁটা’ প্ৰদান কৰে৷ উত্ত লক্ষীমপুুৰৰ ’সংস্কাৰ’ আৰু গুৱাহাটীৰ ’ডেউকা’ নামৰ অনুষ্ঠান দুটিয়ে বিগত কেইবছৰমানৰ পৰা অনিমা চৌধুৰীৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আছে৷[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "Anima Choudhury". Rupali Parda. http://www.rupaliparda.com/english/who%27s-who/anima.htm। আহৰণ কৰা হৈছে: ৬ ফেব্ৰুৱাৰী ২০১৫. 
  2. দৈনিক অসম, দেওবৰীয়া চ’ৰা, ৬ জুন, ২০২১