অজিৎ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অজিৎ বৰুৱা
জন্ম ১৯ আগষ্ট, ১৯২৬
যোৰপুখুৰী, গুৱাহাটী, অসম
মৃত্যু ৩ এপ্ৰিল, ২০১৫
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা কবি, সাহিত্যিক
বঁটা, সন্মান, পুৰস্কাৰ আদি সাহিত্য অকাডেমি বঁটা (১৯৯১)
ভাৰতীয় ভাষা পৰিষদ বঁটা (১৯৮৮)

অজিৎ বৰুৱা (ইংৰাজী: Ajit Barua; ১৯ আগষ্ট ১৯২৬- ৩ এপ্ৰিল ২০১৫) অসমৰ এগৰাকী কবি-সাহিত্যিক, অনুবাদক আৰু প্ৰশাসনিক বিষয়া। "ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য" কবিতা পুথিৰ বাবে তেখেতক "১৯৮৯" চনত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল[1]। ১৯৬৩ চনত প্ৰকাশিত 'জেংৰাই' কবিতাৰে তেখেত জনপ্ৰিয় হৈ পৰে।[2] ইলিয়টৰ শৈলী পৰিগ্ৰহণ কৰি অসমীয়া কবিতালৈ তেখেতে একপ্ৰকাৰ বৌদ্ধিকতা ঘূৰাই আনিছিল।[3] ২০১৫ চনৰ ৩ এপ্ৰিলত ৮৯ বছৰ বয়সত তেখেতে মৃত্যুবৰণ কৰে।[2]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

অজিৎ বৰুৱাৰ জন্ম ১৯২৬ চনৰ ১৯ আগষ্টত অসমৰ গুৱাহাটীত অৱস্থিত উজানবজাৰৰ কাষৰ যোৰপুখুৰী নামে ঠাইত হৈছিল। তেখেতৰ পিতৃ চান্দকুছিৰ মল্ল বুজৰবৰুৱা বংশৰ প্ৰয়াত চিত্ৰমল্ল বৰুৱা। এই বংশৰ এটা ঠালৰ পৰাই "১৭৯৫" চনৰ দন্দুৱা দ্ৰোহৰ নায়ক হৰদত্ত আৰু বীৰদত্তৰ জন্ম হৈছিল। তেওঁলোক বৰুৱাৰ ৮ম পূৰ্বপুৰুষ কল্যাণমল্ল বৰুৱাৰ ভায়েক ছত্ৰপতি বৰুৱাৰ নাতি। চিত্ৰমল্ল বৰুৱা বিদ্যালয়সমূহৰ ডেপুটী ইন্সপেক্টৰ আছিল। মাতৃ আছিল উত্তৰ গুৱাহাটীৰ মজিন্দাৰ বৰুৱাৰ বংশৰ (পাছলৈ ডিব্ৰুগড়ৰ) পদ্মলতা বৰুৱা। তেখেত মহাপণ্ডিত আনন্দৰাম বৰুৱাৰ ভতিজা জীয়েক আছিল[4]

১৯৮৩ অজিৎ বৰুৱাই কলেজিয়েটৰ পৰা প্ৰৱেশিকা পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিছিল। তাৰ পাছত কটন কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক, কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ আৰু ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। তেখেতে ফৰাছী ভাষাও অধ্যয়ন কৰিছিল আৰু তেখেত পেৰিছৰ ইণ্টাৰনেছনেল ইন্‌ষ্টিটিউট অৱ পাব্লিক এড্‌মিনিষ্ট্ৰেছন (I.I.A.P.)ৰ ডিগ্ৰীধাৰী।[5]

কৰ্মজীৱন[সম্পাদনা কৰক]

অজিৎ বৰুৱাই ১৯৫০ চনত নগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তাৰূপে যোগদান কৰে। ১৯৫১ চনত কিছুসময়ৰ বাবে তেখেতে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় আৰু কটন কলেজতো ইংৰাজী বিভাগত অধ্যাপনা কৰে। ১৯৫২ চনত তেখেত অসম প্ৰশাসনিক সেৱাৰ আৰু কেন্দ্ৰৰ ৰাজহ সেৱাৰ চাকৰিৰ বাবে নিৰ্বাচিত হয়। সেইবছৰ তেখেতে চাকৰিত যোগ দিয়ে যদিও ১৯৫৮ চনত কেন্দ্ৰীয় চৰকাৰৰ চাকৰি বাদ দি পুনৰ অসম প্ৰশাসনিক সেৱাত যোগদান কৰে। ১৯৭১ চনত তেখেত ভাৰতীয় প্ৰশাসনিক সেৱালৈ (আই.এ.এছ) নিৰ্বাচিত হয়।[6] তাৰপিছত তেখেতে অসম উদ্যোগ বিভাগৰ নিৰ্দেশক, অসম ৰাজস্ব বিভাগৰ সচিব আৰু পিছলৈ আয়ুক্ত আৰু সচিব (১৯৮৩), আৰু সাময়িকভাৱে অসম ৰাজস্ব বোৰ্ডৰ অধ্যক্ষ (১৯৮৪) আদি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰে। ১৯৮৬ চনৰ ৩০ নৱেম্বৰত তেখেতে নামনি অসমৰ আয়ুক্ত ৰূপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।[5]


সাহিত্যিক অৱদান[সম্পাদনা কৰক]

অজিৎ বৰুৱাই ১৯৩৭ চনৰ পৰা কবিতা লিখিবলৈ লয়। ১৯৪২ চনৰ মে' মাহত ধৰণীধৰ দাস সম্পাদিত 'অভিযান' আলোচনীত তেখেতৰ 'তাজমহল' নামৰ এটা কবিতা প্ৰথম প্ৰকাশ পায়। তাৰপিছত জয়ন্তী, ৰামধেনু, সংলাপ আদি আলোচনীতো তেখেতৰ কবিতা প্ৰকাশ পায়। ১৯৮২ চনত তেখেতেৰ প্ৰথম কাব্য সংকলন 'কিছুমান পদ্য আৰু গান' নিজেই ছপাই উলিয়ায়। ১৯৯২ চনত প্ৰকাশিত 'এখন প্ৰেমৰ উপন্যাস' তেখেতৰ একমাত্ৰ উপন্যাস।

কবিতা পুথি[সম্পাদনা কৰক]

  • কিছুমান পদ্য আৰু গান (১৯৮২)[1]
  • "ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য" (১৯৯১)[1]
  • ব্ৰহ্মপুত্ৰ, ফ্ৰিৎজোফ্ৰেনয়া ইত্যাদি (১৯৯১, বাংলা ভাষাত)।

সমালোচনা[সম্পাদনা কৰক]

  • From the Assamese (১৯৯০, ইংৰাজী ভাষাত)।
  • সাহিত্যৰ বিষয়ে (১৯৯১)[1]
  • পদ্যৰ পাছত কাব্য
  • কাব্য আৰু অন্যান্য
  • Essays on T. S. Eliot

অনুবাদ[সম্পাদনা কৰক]

  • "প্লেগ" (মূল: ফৰাছী উপন্যাস)

উপন্যাস[সম্পাদনা কৰক]

  • এখন প্ৰেমৰ উপন্যাস (১৯৯২)

মৃত্যু[সম্পাদনা কৰক]

২০১৫ চনৰ ১২ মাৰ্চত নিউম'নিয়া ৰোগৰ বাবে অজিৎ বৰুৱাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এসপ্তাহৰ পিছত স্বাস্থ্যৰ কিছু উন্নতি হোৱাত তেখেত ঘৰলৈ যায়। কিন্তু ২ এপ্ৰিলৰ পৰা পুনৰ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ৩ এপ্ৰিলৰ নিশা গুৱাহাটীৰ যোৰপুখুৰীৰ নিজা বাসভৱনত তেখেতে মৃত্যুবৰণ কৰে।[7]

বঁটা/সন্মান[সম্পাদনা কৰক]

অজিৎ বৰুৱাৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল:-

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Satyendra Nath Sarma (1976). A History of Indian Literature: Modern Indo-Aryan literatures. Assamese literature. Otto Harrassowitz Verlag. পৃষ্ঠা. 104–. ISBN 978-3-447-01736-7. http://books.google.co.in/books?id=rTdnvQBPWIUC&pg=PA459&dq=Ajit+Barua&hl=en&sa=X&ei=WLezUNnEH4errAecoYD4Dw&ved=0CDQQ6AEwAg#v=onepage&q=Ajit%20Barua&f=false। আহৰণ কৰা হৈছে: 27 November 2012. 
  2. 2.0 2.1 "Ajit Barua passes away". The Assam Tribune. 3 এপ্ৰিল 2015. http://www.assamtribune.com/scripts/detailsnew.asp?id=apr0415/at056। আহৰণ কৰা হৈছে: 4 এপ্ৰিল 2015. 
  3. Subodh Kapoor (জানুৱাৰী 2002). "The Indian Encyclopaedia, Volume 1". Cosmo publications. https://books.google.co.in/books?id=rTdnvQBPWIUC&pg=PA459&lpg=PA459&dq=ajit+barua&source=bl&ots=81BbXAUh47&sig=_bTtq26tN0AEafLdEjKy3990OIU&hl=en&sa=X&ei=bfIeVb6_AuHJmAWy-4DIAQ&ved=0CCgQ6AEwAjgK#v=onepage&q=ajit%20barua&f=false। আহৰণ কৰা হৈছে: 4 এপ্ৰিল 2015. 
  4. সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া, লিখক: সমীন কলিতা (পৃষ্ঠা নং- ১৪৫)
  5. 5.0 5.1 সমীন কলিতা (২০০১). শতাধিক অসমীয়া সাহিত্যিক. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌. পৃষ্ঠা. ৩৭৭-৩৮১. 
  6. "জেংৰাইক অমৰ কৰি গুচি গ'ল কবি অজিৎ বৰুৱা". অসমীয়া প্ৰতিদিন. 4 এপ্ৰিল 2015. পৃষ্ঠা ১, ১৪. 
  7. "Sahitya Akademi award winning Assamese poet Ajit Barua dead". Business Standard. 3 এপ্ৰিল 2015. http://www.business-standard.com/article/pti-stories/sahitya-akademi-award-winning-assamese-poet-ajit-barua-dead-115040300858_1.html। আহৰণ কৰা হৈছে: 4 এপ্ৰিল 2015. 
  8. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  9. "Award to Ajit Baruah". http://www.assamtimes.org/social/732.html। আহৰণ কৰা হৈছে: December 27, 2011. 
  10. "Award for poet Ajit Barua". The Sentinel. March 10. 2011. http://www.sentinelassam.com/ghy_city/story.php?sec=1&subsec=0&id=67386&dtP=2011-12-19&ppr=1। আহৰণ কৰা হৈছে: December 29, 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]