সমললৈ যাওক

পুলক বেনাৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুলক বেনাৰ্জী

২০২৪ চনত শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত পুলক বেনাৰ্জী
পৃষ্ঠভূমি
জন্ম ১ অক্টোবৰ, ১৯৫০ (৭৫ বছৰ)
গুৱাহাটী, অসম
সংগীতৰ ধৰণ অসমীয়া আধুনিক গীত, চলচ্চিত্ৰীয় সংগীত,
পেচা সংগীতশিল্পী
বাদ্যযন্ত্ৰ কণ্ঠ
ৱেবছাইট www.pulakbanerjee.in

পুলক বেনাৰ্জী (ইংৰাজী: Pulak Banerjee) অসমৰ এগৰাকী কণ্ঠশিল্পী। শ্ৰব্য কেছেট 'সোঁৱৰণি'ৰ জৰিড়তে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছিল। তাৰাপিছত আৰু তেখেতে পিছলৈ উভতি চোৱা নাই। যোৱা পাঁচোটা দশকজুৰি তেখেতে অংসখ্য গীতত কণ্ঠদান কৰিছে। কেইবাখনো চলচ্চিত্ৰত নেপথ্য গায়কৰূপে তেখেতে কণ্ঠদান কৰিছে। ১৯৯৯-২০০০ চনত অসম চৰকাৰে পুলক বেনাৰ্জীক শ্ৰেষ্ঠ নেপথ্য গায়কৰ বঁটা প্ৰদান কৰে। ২০২২ চনত অসম চৰকাৰে তেখেতক শিল্পী বঁটা প্ৰদান কৰে।[1] ফুলৰে মেলাতে পখীয়ে গীত গায় বেনাৰ্জীৰ এটি জনপ্ৰিয় গীত।[2]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৫০ চনৰ ১ অক্টোবৰৰ দিনা পুলক বেনাৰ্জীয়ে গুৱাহাটীত জন্মগ্ৰহণ কৰে। তেখেতৰ দেউতাৰ নাম আছিল প্ৰভাত বেনাৰ্জী আৰু মাকৰ নাম দুৰ্গাৰাণী বেনাৰ্জী।[3]দেউতাক বৰপেটাৰ আৰু মাক কলিকতাৰ আছিল।[1] বেনাৰ্জীৰ ককাক বৰপেটা থানাৰ অ'চি আছিল। তেখেতৰ বায়েক দিপ্তী চক্ৰৱৰ্তীও এগৰাকী নাম কৰা গায়িকা আছিল। মাক আৰু বায়েকৰ গীত শুনি শুনিয়েই বেনাৰ্জী সংগীতৰ প্ৰতি আকৃষ্ট হৈছিল। বায়েকে নিজৰ গীতৰ অনুষ্ঠান সমূহলৈ ভায়েকক লৈ গৈছিল। এইদৰেই গীতৰ যাত্ৰা আৰম্ভ কৰি ১৯৬৯ চন মানত, প্ৰায় উনৈশ বছৰ বয়সৰপৰা বেনাৰ্জীয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰত স্বীকৃত গায়ক ৰূপে গীত পৰিৱেশন কৰিবলৈ লয়।[1] পল্টন বজাৰ বেংগলী স্কুলত বেনাৰ্জীয়ে পঢ়া-শুনা কৰিছিল। পিছত অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান বিষয় ৰূপে লৈ বি বৰুৱা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।[1] স্কুলত পঢ়ি থাকোঁতেই তেখেতে আন্তঃ জিলা সংগীত প্ৰতিযোগিতা সমূহত ভাগ লৈছিল আৰু বহুতো পুৰস্কাৰ লাভ কৰিছিল। স্নাতক পঢ়ি থকাৰ সময়তে তেখেত কলেজৰ চিনিয়ৰ সুবীৰ মুখাৰ্জী আৰু সতীশ গোস্বামীৰ সান্নিধ্যলৈ আহে আৰু বেনাৰ্জীৰ জীৱনত দুয়োগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লয়। সুবীৰ মুখাৰ্জীয়েই প্ৰথম তেখেতক ৰেডিঅ'ত গীত গাবলৈ বুলি নিজে প্ৰ-পত্ৰ পূৰাই আগবঢ়াই নিয়ে।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৭০ চনত বেনাৰ্জীয়ে বেংকৰ কামত যোগদান কৰে। এইখিনি সময়তে হিন্দুস্তান মিউজিকেল কোম্পানীৰপৰা তেখেতৰ প্ৰথমখন এছ পি ৰেকৰ্ড (চ'ৰ্ট প্লে ৰেকৰ্ড) ওলায়।[1] পুলক বেনাৰ্জীয়ে নিৰ্মলপ্ৰভা বৰদলৈ, শিৱপ্ৰসাদ বৰুৱা, নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্যৰ দৰে অসমৰ বিখ্যাত গীতিকাৰ সকলৰ গীতত কণ্ঠদান কৰিছে। নিৰ্মলপ্ৰভা বৰদলৈয়ে তেখেতৰ আত্মজীৱনী জীৱন-জীৱন বৰ অনুপমত বেনাৰ্জীৰ সৈতে কাম কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। বেনাৰ্জীয়ে দূৰণীৰ ৰঙ, শ্ৰীমতী মহিমাময়ী, কণিকাৰ ৰামধেনু, শেষ উপহাৰ আদি চলচ্চিত্ৰত কণ্ঠদান কৰিছে।[1] তেখেত ঘাইকৈ মে'লডি গীতৰ বাবে জনপ্ৰিয়।[3]

কেন্সাৰ ৰোগী আৰু গৃহহীন সকলৰ বাবে কাম কৰা এটি অনুষ্ঠানৰ উদোক্তা ৰূপে পুলক বেনাৰ্জীয়ে বি বৰুৱা কেন্সাৰ ইন্‌ষ্টিটিউটততো গীত পৰিৱেশন কৰিছে।[1] পুলক বেনাৰ্জীৰ কণ্ঠৰ কেতবোৰ জনপ্ৰিয় গীত হ’ল-

  • ফুলৰে মেলাতে ( কথা:নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ-সুনীল দেৱ)
  • পাৰ হৈ গ‘ল এজাক ধুমুহা (কথা:কেশৱ মহন্ত,সুৰ-ৰমেন বৰুৱা)
  • তোমাৰ সতে মোৰ নিৰিবিলি অভিসাৰ( কথা:তফজ্জুল আলী,সুৰ-জে পি দাস)
  • কাৰ বাবে এই গীত গোৱা (কথা:প্ৰশান্ত বৰদলৈ,সুৰ-জে পি দাস)
  • মই আজি সংগীবিহীন (কথা: ৰুবী সিংহ, সুৰ-অজিত সিংহ, চলচ্চিত্ৰ-দূৰণিৰ ৰং)
  • মনৰ বিজুলী নহ’লে কিয়নো চকুৰ বিজুলী লাগে (কথা:নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ-সুনীল দেৱ)
  • তুমি অনেক কথাই (কথা:শিৱপ্ৰসাদ বৰুৱা, সুৰ-সুনীল দেৱ)
  • আকাশ যেতিয়া সন্ধ্যা তৰাই (কথা-সুৰ:হেমন্ত গোস্বামী)
  • সোঁৱৰণী যদি নাই, নাই যদি নাই
  • জীৱনে কি বিচাৰে মই নাজানো, মায়া মৰীচিকা খেদি মাথোঁ হাবাথুৰি খালো।
  • ব’হাগী লুইতত (কথা-সুৰ:উমেশ চন্দ্ৰ গোস্বামী)


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 অতনু ভট্টাচাৰ্য (২০১৯). "কাৰ বাবে এই গীত গোৱা, কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ সৈতে কথোপকথন". বাৰ্তালাপ ১. আঁক-বাক. পৃষ্ঠা. ৩৮-৫৫. ISBN ৯৩-৮২৭২৬-৯০-২.
  2. "Music of the spheres - Personality-Pulak Banerjee". Telegraph. 04.08.03. https://www.telegraphindia.com/north-east/music-of-the-spheres-personality/cid/1548778 আহৰণ কৰা হৈছে: 8 October 2024.
  3. 1 2 "Pulak Banerjee". www.pulakbanerjee.in. http://www.pulakbanerjee.in/ আহৰণ কৰা হৈছে: 17 October 2020.