অতনু ভট্টাচাৰ্য
| অতনু ভট্টাচাৰ্য | |
|---|---|
| জন্ম | ২৪ জানুৱাৰী, ১৯৬৮ |
| পেচা | লেখক, সম্পাদক, গল্পকথক |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| শিক্ষা | গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'Journalism and Mass Communication' বিভাগৰপৰা মাষ্টাৰ ডিগ্ৰী |
| মাতৃশিক্ষায়তন | কটন কলেজ |
| সাহিত্যিক বিপ্লৱ | গল্পকথা (মঞ্চত গল্পকথনৰ এক সাংগীতিক যাত্ৰা) |
অতনু ভট্টাচাৰ্য (ইংৰাজী: Atanu Bhattacharyya, জন্ম:২৪ জানুৱাৰী, ১৯৬৮) অসমৰ এগৰাকী কবি, গল্পকাৰ, সম্পাদক আৰু গল্পকথক। শিক্ষকতা বৃত্তিৰ পৰা স্বেচ্ছা-অৱসৰ লৈ সাংবাদিকতাৰ জগতখনৰৰ সৈতে জড়িত হোৱা ভট্টাচাৰ্য বৰ্তমান সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক হিচাপে কৰ্মৰত। ভট্টাচাৰ্য একবিংশ শতিকাৰ এগৰাকী উল্লেখযোগ্য কবি আৰু গল্পকাৰ। বৰ্তমানলৈকে তেখেতৰ ৪টি কবিতা সংকলন, ৫খন গল্প-সংগ্ৰহ, তিনিখন ভ্ৰমণ সাহিত্যমূলক গ্ৰন্থৰ উপৰি অন্যান্য সৃষ্টিশীল বিষয়ক প্ৰবন্ধ সংকলন, সাক্ষাৎকাৰমূলক গ্ৰন্থ প্ৰকাশ হৈছে।[1] ‘বাৰ্তালাপ’ শীৰ্ষক সাক্ষাৎকাৰসমূহৰ (সাতসৰী আলোচনীত প্ৰকাশিত) তিনিটা সংকলন তেওঁ যুগুতাই উলিয়াইছে ২০১৯ চনত।[2] ২০০৭ চনৰপৰা গল্প সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ অৰ্থে ভট্টাচাৰ্যই ‘গল্পকথা’ নামে এটি গল্পকথন (storytelling) অনুষ্ঠান পৰিৱেশন কৰি আহিছে৷ গল্পকথন আৰু গল্পপঠনৰ এই অনুষ্ঠানটোৰ সংগীত আৰু কথনত (২০১৪ চনৰপৰা) সহযোগ কৰে বিশিষ্ট কণ্ঠশিল্পী মিতালী দেই। ২০২৫ চনত ‘গল্পকথা’ শীৰ্ষক এই মঞ্চানুষ্ঠানটোৱে ১০০ সংখ্যক অনুষ্ঠান পৰিৱেশন কৰিছে। অসমৰ উপৰিও কলিকতা, নয়দা, মুম্বাই, ডেল হাউচি আৰু কলিকতাৰ শান্তিনিকেতনতো মঞ্চানুষ্ঠান পৰিৱেশন কৰা ভাৰতবৰ্ষৰ একমাত্ৰ গল্পকথক ৰূপে এই যুটীটোৱে ইতিমধ্যেই এক অভিলেখ স্থাপন কৰিছে।
জন্ম
[সম্পাদনা কৰক]১৯৬৮ চনৰ ২৪ জানুৱাৰীত শ্বিলঙত অতনু ভট্টাচাৰ্য্যৰ জন্ম হৈছিল। পিতৃৰ নাম শ্যামাবল্লভ ভট্টাচাৰ্য আৰু মাতৃ গীতা দেৱী।
শিক্ষা
[সম্পাদনা কৰক]গোৱালপাৰাৰ পৃথ্বিৰাম চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ভট্টাচাৰ্য্য গুৱাহাটীৰ কটন কলেজত (বৰ্তমান কটন বিশ্ববিদ্যালয়) ভৰ্তি হয় আৰু ইয়াৰপৰাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হয়। গণিত প্ৰধান বিষয় ৰূপে লৈ তেখেতে গোৱালপাৰা কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে। পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'Journalism and Mass Communication' বিভাগৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
সামাজিক জীৱন
[সম্পাদনা কৰক]গোৱালপাৰাত প্ৰায় বিশ বছৰকাল চৰকাৰী হাইস্কুলত গণিত বিষয়ত শিক্ষকতা কৰি পৰৱৰ্তী সময়ত স্বেচ্ছা-অৱসৰ লৈ আলোচনী সম্পাদনাৰ সৈতে জড়িত হয়। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীৰ আছাম স্কুল অৱ জাৰ্ণেলিজিমত Academic Consultant হিচাপে সেৱা আগবঢ়ায়। এবছৰ আছাম স্কুল অৱ জাৰ্ণেলিজিমত সেই পদৱীত চাকৰি কৰাৰ পাছত ২০১৫ চনৰ পৰা তেওঁ সাদিন-প্ৰতিদিন গোষ্ঠীৰপৰা প্ৰকাশিত ‘সাতসৰী’ আলোচনীৰ কাৰ্যকৰী সম্পাদক হিচাপে কৰ্মৰত। এই সময়ছোৱাত কবিতা, গল্প, প্ৰৱন্ধ, সাক্ষাৎকাৰ, ভ্ৰমণ-সাহিত্য আদি বিভিন্ন বিষয়ক গ্ৰন্থ লিখি এগৰাকী বিশিষ্ট সাহিত্যিক ৰূপে প্ৰতিষ্ঠা লাভ কৰিছে।
সাহিত্যৰাজি
[সম্পাদনা কৰক]কবিতাৰ পুথি
[সম্পাদনা কৰক]- সহযোদ্ধা, ১৯৯১
- অশ্লীল ৰাতিৰ কবিতা, ১৯৯৫
- জীৱনৰ ভগ্নাংশ, ২০০১
- প্ৰাপ্তি-অপ্ৰাপ্তি, ২০০৮
গল্প সংকলন
[সম্পাদনা কৰক]- ওভতনি যাত্ৰা আৰু অন্যান্য গল্প, ২০০৪
- নীলাৰ কাৰণে অলপ ভালপোৱা, ২০০৬
- বৰষুণৰ চেতাৰ, ২০০৮
- চেঁকুৰ, ২০১৩
- ৰধুনাথ,কাপোৰ পিন্ধা,২০২১
ব্যক্তিগত ৰচনা
[সম্পাদনা কৰক]- জীৱন আজীৱন, ২০১০
প্ৰবন্ধ সংকলন
[সম্পাদনা কৰক]- সৃজনীমূলক সাহিত্য: প্ৰেৰণা আৰু আৰ্হি, প্ৰকাশ-২০১৫
সাক্ষাৎকাৰমূলক গ্ৰন্থ
[সম্পাদনা কৰক]- বাৰ্তালাপ-১, প্ৰকাশ- নৱেম্বৰ, ২০১৯
- বাৰ্তালাপ-২, প্ৰকাশ- নৱেম্বৰ, ২০১৯
- বাৰ্তালাপ-৩, (সহযোগী- মিতালী দে), প্ৰকাশ- নৱেম্বৰ, ২০১৯
ভ্ৰমণ গ্ৰন্থ
[সম্পাদনা কৰক]- সিংহল সমুদ্ৰ সৈকত, (প্ৰথম প্ৰকাশঃ ডিচেম্বৰ, ২০২১)
- ভিয়েটনামা, (প্ৰথম প্ৰকাশঃ মাৰ্চ, ২০২৪)
- আমুদৰিয়াৰ সিপাৰৰ ঘোঁৰাবোৰ, (প্ৰথম প্ৰকাশঃ আগষ্ট, ২০২৫)
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- অন্তৰ্লিপি সাহিত্য সন্মান, ২০১৩
- সামগ্ৰিক সাহিত্য কৃতীৰ বাবে ’সাহিত্য বঁটা’, ২০২৪ (সাহিত্য চৰ্চা কেন্দ্ৰ, অসম)
- শিক্ষাবিদ বকুল শইকীয়া সাহিত্য সম্পাদনা বঁটা, ২০২৫ (অসম লেখিকা সমাজ)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ অতনু ভট্টাচাৰ্য (২০১৫). সৃজনীমূলক সাহিত্য: প্ৰেৰণা আৰু আৰ্হি. প্ৰকাশক গুৱাহাটী: আঁক-বাক. পৃষ্ঠা. বেটুপাত.
- ↑ সৃজনীমূলক সাহিত্য: প্ৰেৰণা আৰু আৰ্হি, বেটুপাত, ২০১৫, প্ৰথম প্ৰকাশ
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিউদ্ধৃতিত অতনু ভট্টাচাৰ্য বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |